চুকাফাৰ অসম আগমনঃ ১২১৫ খ্রীঃত চুকাফাই নিজ আদি বাসস্থান মাওলুং ত্যাগ কৰি পশ্চিম দিশলৈ নতুন ৰাজ্য প্ৰতিষ্ঠাৰ উদ্দেশ্যেৰে আগবাঢ়ি আহে। তেওঁ ন হেজাৰ সৈনিক, তিনিগৰাকী পত্নী, বুঢ়াগোঁহাই আৰু বৰগোঁহাইকে ধৰি ১৫ জন সম্ভ্রান্ত বংশীয় লোক, এহাল হাতী, এজন হাতীৰ মাউত আৰু তিনিশ ঘোঁৰা লগত আনিছিল। বাটতে তেওঁ মুংকং বা নৰাৰাজ্যত কিছুদিন থাকি নৰা ৰাজ্যৰপৰা 'শান' ৰাজবংশৰ উপাস্য দেৱতা চোমদেৱৰ মূৰ্তি হাত কৰে আৰু হুকং উপত্যকাৰ ফাললৈ অগ্ৰসৰ হয়। ৪৪ সুদীর্ঘ ১৩ বছৰ কাল তেওঁ পাটকাই পৰ্বতৰ (ডই-কাউ-ৰঙ্গ) সিপাৰৰ নগাজাতিসকলৰ লগত যুঁজ-বাগৰ কৰি ১২২৮ খ্ৰীঃত খাজাং নদী পাৰ হৈ নাংয়াং হ্ৰদৰ কাষত উপস্থিত হ'ল। সেই অঞ্চলত তেওঁ পুনৰ নগাসকলৰ এক প্ৰবল প্ৰতিৰোধৰ সন্মুখীন হ'ল। যুদ্ধত চুকাফাই জয়লাভ কৰিলে আৰু খামজাং অঞ্চলৰ নগাসকলৰ মাজত সন্ত্রাসৰ সৃষ্টি কৰিবৰ বাবে সিহঁতৰ ওপৰত অবর্ণনীয় অত্যাচাৰ কৰিব ধৰিলে। চুকাফাৰ এনে অমানুষিক অত্যাচাৰ দেখি সেই অঞ্চলৰ নগাসকল আতংকিত হৈ পৰিল আৰু তেওঁলোকৰ নেতাসকলে আহি চুকাফাৰ ওচৰত আত্মসমর্পণ কৰিলেহি আৰু কৰ সোধাই থাকিবলৈ সন্মত হ'ল। চুকাফায়ো এতিয়া খামজাং অঞ্চলক লৈ এখন সৰু ৰাজ্য সৃষ্টি কৰি নিজ ৰাজ্য স্থাপন প্ৰক্ৰিয়া আৰম্ভ কৰিলে আৰু তেওঁৰ লগত অহা সম্ভ্রান্ত বংশীয় বিষয়া এজনক "খামজঙ্গীয়া গোহাঁই” উপাধি দি এই অঞ্চলটো শাসন কৰিবলৈ দিলে। ইয়াৰ পিছত চুকাফাই পাটকাই পর্বত (তেতিয়াৰ ডই-কাউ-ৰঙ্গ) পাৰ হৈ নামৰূপ আৰু তিপামৰ ফালে আগবাঢ়ে। ভৈয়ামত উপস্থিত হৈ চুকাফাই ৰাজধানী স্থাপনৰ বাবে এক সুচল ঠাইৰ অনুসন্ধান কৰিবলৈ ধৰিলে। কিন্তু বানপানীৰ উপদ্ৰৱৰ বাবে তেওঁ নামৰূপ, তিপাম, হাবুং, শিমলুগুৰি আদি নদীপৰীয়া ঠাইবোৰত ৰাজধানী স্থাপন কৰিব নোৱাৰিলে। অৱশ্যে এই অঞ্চলসমূহত ঘূৰি ফুৰা কালছোৱাত চুকাফাই স্থায়ী বাসিন্দাসকলৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি সম্পর্কে বহু গুৰুত্বপূৰ্ণ প্রয়োজনীয় জ্ঞান আহৰণ কৰিলে। অৱশেষত তেওঁ কিছু ওখ অঞ্চলত অৱস্থিত চৰাইদেউত উপস্থিত হয় আৰু বানপানীৰপৰা মুক্ত এই ঠাইতে ১২৫৩ খ্রীঃত নিজ ৰাজ্যৰ ৰাজধানী স্থাপন কৰে। চৰাইদেউত ৰাজধানী স্থাপনৰ কিছু পিছতেই চুকাফাই দিখৌ আৰু দিচাং নৈৰ মাজত থকা মৰাণ আৰু বৰাহী নামৰ জনজাতি দুটাৰ লগত সংঘর্ষত লিপ্ত হ'ব লগা হয়। সেই সময়ত মৰাণসকলৰ ৰজাৰ নাম আছিল 'বদৌচা' আৰু বৰাহী ৰজাৰ নাম 'থাকুম্স্থা'। মৰাণ আৰু বৰাহীসকলৰ ৰাজ্যৰ সীমাতে চুকাফাৰ নেতৃত্বত এক তুলনামূলকভাৱে শক্তিশালী ৰাজ্যৰ প্ৰতিষ্ঠাত খুব সম্ভৱ এই দুটা জনজাতি অসন্তুষ্ট হৈ পৰিছিল। যি নহওক, চুকাফাই নিজৰ উচ্চ সামৰিক বল থকা সত্ত্বেও এই দুটা স্থানীয় জনজাতিৰ লগত দীর্ঘদিনীয়া যুঁজ-বাগৰ কৰাৰ পৰিৱৰ্তে মিত্ৰতা তথা সুসম্পৰ্কহে কৰিব বিচাৰিলে। সেই উদ্দেশ্যেৰে তেওঁ মৰাণৰাজ বদৌচা আৰু বৰাহীৰাজ থাকুমথাক নিমন্ত্ৰণ কৰি আনি যথেষ্ট আদৰ-সাদৰ কৰি মিত্ৰ ভাৱেৰেই বশ কৰি পেলালে। এই দুটা স্থানীয় জনজাতিক অধিক নিজৰ ওচৰলৈ চপাই আনিবৰ বাবে চুকাফাই আনকি মৰাণ আৰু বৰাহী ৰাজবংশৰ কুঁৱৰীৰে পাণিগ্ৰহণ কৰিলে। চুকাফাৰ এনে সুব্যৱহাৰত মৰাণ আৰু বৰাহীসকল ভোল গ'ল আৰু পৰৱৰ্তী কালত তেওঁলোকে আনকি নিজকে আহোম বুলি চিনাকি দিও গার্ব অনুভৱ কৰিবলৈ ধৰিলে। এনেদৰে মিত্ৰভাবেৰে স্থানীয় বাসিন্দাসকলৰ লগত মিলি গৈ চুকাফাই নিজ ৰাজনৈতিক দূৰদৰ্শিতাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল। ৪৭ বৈদেশিক নীতিৰ ক্ষেত্ৰতো চুকাফাই উত্তৰ ব্ৰহ্মদেশ আৰু 'শান' বংশোদ্ভৱ ৰাজ্যসমূহৰ ৰজাসকলৰ লগত সুসম্পর্ক স্থাপন কৰিব বিচাৰিছিল আৰু সেই উদ্দেশ্যেৰে এই ৰাজ্যসমূহলৈ কটকী আৰু উপহাৰ প্ৰেৰণ কৰিছিল। সুদীর্ঘ ছশ বছৰীয়া আহোম ৰাজত্বৰ প্ৰতিষ্ঠাপক চুকাফা এক অতুলনীয় ব্যক্তিত্বৰ অধিকাৰী আছিল। অসীম সাহস, অদম্য আকাংক্ষা আৰু অপৰাজেয় মনোবল লৈ তেওঁ পর্বত-পাহাৰ অতিক্রম কৰি এক সম্পূর্ণ অচিনাকি ঠাইত এক শক্তিশালী ৰাজ্যৰ ভেটি প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। মৰাণ আৰু বৰাহীসকলৰ প্ৰতি লোৱা তেওঁৰ সম্প্ৰীতিৰ নীতি চুকাফাৰ ৰাজনৈতিক দূৰদৰ্শিতা তথা প্ৰখৰ কূটনৈতিক প্রতিভাৰ পৰিচায়ক। দূৰদৰ্শী চুকাফাই এই কথা ভালদৰে উপলব্ধি কৰিছিল যে মৰাণ, বৰাহী আদি স্থানীয় জনগণৰ সহযোগিতা আৰু সদিচ্ছাৰ অবিহনে এক স্থায়ী ৰাজ্য স্থাপন কেতিয়াও সম্ভৱ নহয়। সেয়েহে তেওঁ স্থানীয় লোকসকলৰ লগত যুঁজ-বাগৰ কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ সংস্কৃতি, ভাষা, ধৰ্ম আদিক আদৰ-সাদৰ কৰি তেওঁলোকৰ মাজৰে এজন হৈ পৰে। সেয়েহে এগৰাকী ঐতিহাসিকে মন্তব্য কৰিছে যে- “চুকাফা জনজাতিসকলৰ মাজে মাজে ঘূৰি ফুৰিছিল, তেওঁলোকৰ ভাষা শিকিছিল, তেওঁলোকৰ ধৰ্মবিশ্বাসক সমান আদৰ কৰিছিল, তেওঁলোকৰ কন্যাৰ পাণিগ্রহণ কৰিছিল, তেওঁলোকৰ দৰে সহজ-সৰল জীৱন-যাপন কৰিছিল আৰু তেওঁ নিজে নাঙল ধৰি খেতি কৰিছিল। তেওঁ স্থানীয় জনজাতিসকলক নিজৰ সমাজৰ ভিতৰুৱা কৰি লৈছিল আৰু তেওঁলোকক আপোন মানুহৰ দৰে সমান ব্যৱহাৰ কৰিছিল।" চুকাফাৰ এনে সংমিশ্রণ নীতিৰ দ্বাৰা প্ৰভাৱিত হৈ স্বাভাৱিকতেই স্থানীয় বাসিন্দাসকলে আহোমসকলৰ লগত সহযোগিতা কৰিবলৈ আগবাঢ়ি আহিছিল। চুকাফা কেৱল এজন দুর্ধর্ষ বীৰ আৰু দূৰদৰ্শী ৰাজনীতিজ্ঞই নহয়, এজন দক্ষ প্রশাসকো আছিল। কোনো এক অঞ্চল জয় কৰাৰ পাছতেই তেওঁ সেই অঞ্চলটোত নিখুঁত শাসনৰ ব্যৱস্থা কৰিছিল। ১২৫৩ খ্ৰীঃত চৰাইদেউত ৰাজধানী স্থাপনৰ পিছতে তেওঁ পশ্চিমে নামদাং নদী পর্যন্ত বিস্তৃত সমগ্ৰ আহোম ৰাজ্যখনতে এক স্থায়ী প্ৰকৃতিৰ শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰে।৪৯ নিজ আদি বাসস্থান মাওলুঙৰ আৰ্হিত চুকাফাই তেওঁৰ লগত অহা সম্ভ্রান্ত বংশীয় ব্যক্তিক বুঢ়াগোহাঁই আৰু বৰগোহাঁইক ডাঙৰীয়া বা মন্ত্ৰী হিচাপে নিযুক্তি দি ৰাজ্য পৰিচালনাৰ বহুখিনি ভাৰ তেওঁলোকৰ হাতত গতাই দিছিল। এনেদৰে অসীম ধৈর্য, দুর্জয় সাহস, প্ৰখৰ ৰাজনৈতিক দূৰদৰ্শিতা আৰু প্ৰশাসনিক দক্ষতাৰে চুকাফাই এনে এক মজবুত ৰাজ্যৰ ভেটি প্রতিষ্ঠা কৰি থৈ গ'ল যি ভেটিৰ ওপৰত সুদীর্ঘ ছশ বছৰ কাল আহোমসকলে একেৰাহে ৰাজত্ব কৰি থাকিবলৈ সক্ষম হৈছিল। প্ৰায় ৪০ বছৰ ৰাজত্ব কৰাৰ পিছত চুকাফাদেৱৰ ১২৬৮ খ্রীঃত মৃত্যু হয়। উৎসঃ ড० তচদ্দুক আমানুল হুছেইন : অসমৰ সংক্ষিপ্ত ইতিহাস