আহোমসকল বিৰাট মঙ্গোলীয় গোষ্ঠীৰ এটা ঠাল । খৃঃ পূঃ কেইবা শতিকাৰো আগতেই এওঁবিলাকৰ প্ৰবজন আৰম্ভ হয় । চীনদেশৰ সাৰুৱা উপত্যকা অঞ্চলেই যদিও টাই সকলৰ আদি বাসস্থান, তথাপি ভাষা আৰু সংস্কৃতি উভয় বিষয়তে আহোমসকলৰ ওপৰত চীনা সংস্কৃতিৰ প্ৰভাৱৰ মাত্ৰা নিচেই তাকৰ। চীনদেশত বিভিন্ন বংশৰ ৰজাসকলে সাম্ৰাজ্য স্থাপনৰ প্ৰচেষ্টা চলোৱাৰ লগে লগে টাই সকলৰ প্ৰবজন আৰম্ভ হয় । তথাপি দক্ষিণ চীনৰ য়ুনান প্ৰদেশত খৃষ্টীয় পঞ্চম-ষষ্ঠ শতিকামানলৈকে এওঁবিলাকে সুকীয়া ভাষা, সংস্কৃতি আৰু ৰাজ্য শাসনৰ প্ৰণালীৰে বসবাস কৰে । এই সময়তে টাই জাতিটো কেইবাটাও শাখাত ভাগ হৈ দক্ষিণ-পূব এচিয়াত বিয়পি পৰে ( Linguistic Survey Of India Vol. II, pp. 59-60)। তাৰে এটা শাখাই উত্তৰ ব্ৰহ্মত ছ্শ বছৰমান ৰাজত্ব কৰাৰ পিছত চুকাফাৰ নেতৃত্বত পাটকাই পৰ্ব্বত পাৰ হৈ আহি ব্ৰহ্মপুত্ৰ উপত্যকাত ৰাজ্য স্থাপন কৰেহি । এই ঠালটোৱেই কালক্ৰমত ‘আহোম’ নামেৰে জনাজাত হৈ পৰে আহোমসকলে নিজকে কিন্তু ‘খাম-টাই’ নামেৰেহে চিনাকী দিছিল । আহোমসকলে অসমত ৰাজ্য শাসন কৰিছিল যদিও তেওঁ বিলাকৰ ভাষা প্ৰজাৰ ওপৰত জাপি দিবলৈ চেষ্টা নকৰিছিল। তাৰ সলনি নিজেই অসমীয়া ভাষা গ্ৰহণ কৰি তাৰ উন্নতিৰ অৰ্থেহে পাৰেমানে চেষ্টা কৰিছিল । আহোমভাষা পঞ্চদশ শতিকামানলৈকে আহোমসকলৰ মাজত চলি থকা যেন লাগে কিন্তু বুৰঞ্জী লিখা আৰু ধৰ্ম সম্পৰ্কীয় কামত আহোম ৰাজত্বৰ বেলি মাৰ যোৱাৰ পিছতো আহোমভাষা চলি আছিল । সাধাৰণ কথোপকথনত বিনিময় হোৱা ভালেকিছুমান আহোম ভাষাৰ শব্দ অসমীয়া ভাষাত সোমাই পৰে । তাৰে কিছুমান শব্দ একেবাৰে জীণ গ’ল, কিছুমান শব্দৰ মাথোন আঁতি-গুৰি খুচৰিব পৰা হৈ আছে । জান, কাৰেং, ফেটা, পাং, ফাও, বুৰঞ্জী, ডাং, আদি শব্দ অসমীয়া ভাষাত মিলি গ’ল কিন্তু কিছুমান শব্দৰ ভাষাতাত্বিক আলোচনাৰ থল আছে । ভাষাতত্ববিদসকলৰ আলোচনাৰ বাবেই আমি কিছুমান শব্দ উল্লেখ কৰিব খুজিছোঁ । ইয়াৰে কিছুমান শব্দ পোনপতীয়াকৈ অসমীয়া ভাষাত সোমাইছে আৰু কিছুমান অপভ্ৰংশ হৈ নতুবা যুক্ত হৈ সোমাইছে ; যেনে- পাং-পাত,ফাং-কাট, লাং-খাই পৰ ইত্যাদি। আহোম শব্দ অসমীয়া শব্দ টুপ টুপ, ঘৰৰ আগ ভাগ ৰাপ ৰাপ, অনুৰাগ চুট চুট ডয়ৰিক ডৰিক চৰাই লপ লপলপা লম ওলম, ওলমি পৰা চাং চাং হুক হুক, হুক-হুককৈ কন্দা ডাক ডাক, দংশন কৰা ডুঙ ডোং, খাল ডোং মিট মিট, মিট দা ফাক ফাক, দা থোৱা সঁজুলি অক অক, উকলিওৱা ছপ চপ, চপচপীয়া লিনকাই লিংকাই, আলজিভা লা লা জাপ জাপ, ভাঁজ কৰা বেঙ বেঙা, অঁকৰা বে-বে বেবা, চিঞঁৰা বান বান, বানবাটি, বানকাঁহী বাক লিখ, আঁক-বাক ফাট ফাট, বেপাৰ কৰা আৰু কৰ দিয়া ঠাই পম পম, পমি যা টিপ টিপ, টিপ খা, খাঁজ খা নুই নুই, নুইকৰা,উলাই কৰা খট খট-বান্ধ, বান্ধ কন কণ, অঙ্কুৰ, গজালি কেপ কেপ-কেপাই থকা কিট কিট কেট কেট, কেটকেটা ফেঞ ফেনা জী জী, জীয়েক টঙ টং-কৰা, গমি চোৱা লিকচৌ লিকচৌ পিং পিং,শূল, কাঁইট পুং পুং, খনি ফুট ফুট ধৰা বাং বাং-বাংকৈ, বাৰে-বাংকৰা চাক বিহুৰ গৰুগা ধোওৱা চাক থাপ থাপ, থাপ মাৰি নিয়া লিন লীণ, মিলি যোৱা হিত হিত, উপকাৰ হাই হাই, দন্দ, কাজিয়া খিন ক্ষীণ খাং খাং, হোৰা, পাচি কাট কাট জান জান, জুৰি বক বক, বলকা জাঙ জাঙ, সেজ ফাই (জুই) ফাঁই (খং) লাঙ-খা লিঙ-খি লাঙ-খা লিঙ-খি লিং-লাং লিং-লাং, অথালি-পথালি লাং-থাং লাং-থাং, খেলি-মেলি এই শব্দবোৰ আহোম আৰু অসমীয়া ভাষাত সমানে পোৱা হয় ।তদুপৰি এই শব্দবোৰৰ গঢ়লৈ চাই শব্দবোৰ আহোম ভাষাৰপৰাই অসমীয়া ভাষালৈ অহাটো স্বাভাৱিক । ছাক জাক, জুম ছিপ চীপ, ফাঁচ ডেট ধেট উন উম ৰি-খাপ ৰিহা চুপ চোহ, শুহি নিয়া বেঙ বেঙা বু বোবা, মূৰ্খ ফুট ভূত খেট খেদ, পিছে পিছে যা কেঞৰ কেঁৰু কাপ কাপ-খাই পৰ খাক খেক, খেক-খেকাই থকা চক চুক খু-টা-ৰা খুতৰা শাক মি-চা-নি বিছনি ছিক জেক, জেকা চং চেং, চুলি-চেং ছক চোক, সোৱাদ চয় চই, কৰ ছাম চাম, বহ(হাতীত) আও আওতোৱা, নিকা কৰ এই শব্দবোৰৰ গুৰিতে আহোম শব্দ ; কিন্তু উচ্চাৰণগত অপভ্ৰংশ হৈ অসমীয়া ভাষাত সোমাইছে । তদুপৰি ৰাজকাৰ্য্যত ব্যৱহাৰ হোৱা কিছুমান আহোম শব্দ একেবাৰেই অসমীয়া হৈ গ’ল । যেনে : ফুকন (ফু= বগা, ধুনীয়া ; ক’ন= মানুহ) চাওডাং (চাও= ডাঙৰীয়া, ডাং= দণ্ড ) ম’হুং = মোহন লিকচন= (লিক-চো-আন); লিগিৰা লৰাৰ খেল কাৰেং (কা= নাচনী, ৰেণ= ঘৰ) ৰজাৰ আমোদৰ ঘৰ কিছুমান আহোম শব্দ বুৰঞ্জী সমূহৰ যোগেদি অসমীয়া ভাষাত সোমায় ।এই শব্দবোৰ উপযুক্ত ভাৱ প্ৰকাশৰ বাবে পোনপতীয়াকৈ ব্যৱহাৰ হৈছে ।বুৰঞ্জী, চকলং আদি শব্দবোৰ অসমীয়া ভাষালৈ আহোমভাষাৰ অনন্য সাধাৰণ অৱদান । বুৰঞ্জীবোৰত পোৱা আহোম শব্দৰ ভিতৰত পুলিন, পুথাৱ, থেম-কৰা, চৌখাম, স্লেদাম-স্লেফু, ৰিকখন-মুংখন, কাঁৰফাই, চৌতাং,ওল, মিচাং, কাইচেঙ্গমুং, হুহি-মাৰ, ত্যৌখাম ইত্যাদি উল্লেখযোগ্য। আহোমসকলৰ এটা বিশেষত্বপূৰ্ণ পৰম্পৰা আছে যে তেওঁবিলাকৰ বংশৰ ডাঙৰ-সৰু পুৰুষানুক্ৰমে চলি থাকে । ডাঙৰ ঘৰ সদায় ডাঙৰ, সৰু ঘৰ সদায় সৰু, বয়সৰ ওপৰত নিৰ্ভৰ নকৰে । অসমলৈ আহি আহোমসকলে ভাষা, সংস্কৃতি সকলো পাহৰিলেও সমন্ধবাচক শব্দবোৰ কিন্তু নাপাহৰিলে; সেয়েহে তেওঁবিলাকৰ নিচাদেউ, এপাদেউ, এনাইদেউ, পুথাও, আথাও, পুলিন, কাই, আপুটি আদি শব্দবোৰ আজিও চলি আছে । নিচাদেউ = মাক-বাপেকৰ ককায়েক এপাদেউ = নিচাদেৱেকৰ ঘৈণীয়েক, মাক বা বাপেকৰ বায়েক এনাইদেউ = মাকৰ মাক পুথাও = মাক বাপেকৰ দেউতাক, বুঢ়াদেউতাক, ককাক আথাও = বুঢ়ীমাক কাই = ককাই আপুটি = বোপাই, বোপা, বাপু ইত্যাদি স্বৰ্গদেউ চুকাফাই অসমত ৰাজ্য পাতোঁতে বা-বিষয়াৰ সংখ্যা তেনেই তাকৰীয়া আছিল । স্বৰ্গদেউ প্ৰতাপসিংহৰ দিনত(১৬০৩-৪১চন) বিষয় আৰু বিষয়া উভয়েৰে সংখ্যা বৃদ্ধি পায় । ডা-ডাঙৰীয়া সকলক আহোম পৰম্পৰা অনুযায়ী শপতগ্ৰহণ কৰোৱা হৈছিল । অসমীয়া ভাষাৰ বুৰঞ্জীত এই বিষয়াসকলক অসমীয়া উপাধিৰেই উল্লেখ কৰা হৈছে কিন্তু আহোম ভাষাৰ বুৰঞ্জীত আহোম ভাষাৰেহে দিয়া হৈছে ৰজাঘৰৰ ভিতৰুৱা কাৰ্য্যত গাম্ভীৰ্য্য ৰক্ষাৰ বাবেই আহোম শব্দটোহে ব্যৱহাৰ কৰা হৈছিল । এইখিনিতে এই শব্দখিনিও উল্লেখ কৰিব খুজিছোঁ : ৰজা = চাও-ফা বুঢ়াগোহাঁই = চাও-ফ্ৰঙ-মুং বৰগোঁহাই = চাও-থাও-লুং বৰপাত্ৰগোহাঁই = চাও-ছেঙ-লুং বৰবৰুৱা = ফু-কেন-লুং বৰফুকন = ফু-কন-লুং শদিয়াখোৱা গোহাঁই = চাও-ব-ঙেন মৰঙীখোৱা গোহাঁই = চাও-মা-ৰাঙ-কি ন্যায়সোধা ফুকন = ফু-কন-ছন-ঙিন কলীয়াবৰীয়া ফুকন = ফু-কন-টুন-ৰুঙ-ডাম খাৰ্ঘৰীয়া ফুকন = ফু-কন-খাৰী খোৱাং ফুকন = ফু-কন-খু-আঙ জালভাৰী ফুকন = ফু-কন-খে ঢেকীয়াল ফুকন = ফু-কন-ফা-কুট ডেকা ফুকন = ফু-কন-বাও বাইলুং ফুকন = ফু-কন-বাই-লুঙ তামুলী ফুকন = ফু-কন-মা-মূ দেওধাই ফুকন = ফু-কন-ম’-ছাই ন-ফুকন = ফু-কন-মৌ চোলাধৰা ফুকন = ফু-কন-জাম-ছু নাওশলীয়া ফুকন = ফু-কন-ৰু ৰাইডঙীয়া ফুকন = ফু-কন-ৰাই-ডাং চিৰিং ফুকন = ফু-কন-ছি-ৰিঙ পৰ্বতীয়া ফুকন = ফু-কন-ডয় দোলাকাষৰীয়াবৰুৱা = ফু-কে-কান-ৰাম বেজবৰুৱা = ফু-কে-চাঙ-ছা-ৰি দিহিঙ্গীয়া ৰাজখোৱা = ফু-কিন-মুঙ-টাই-মুং হাতীমূৰীয়া = চাও-ৰু-চাং বৰচেটিয়া = চাও-চিঙ-লুং বৰভঁৰালী = চাও-জি মহঙৰ গোঁহাই = চাও-ব-ক্লঙ কুকুৰাচোৱা = চাও-কাই বানৰুকীয়া গোহাঁই = চাও-কান-বান-ৰুক ফুকন = ফু-কন বৰুৱা = ফু-কে হাজৰিকা = ৰু-ৰিঙ শইকীয়া = ৰু-পাক বৰা = ৰু-ছাও সন্দিকৈ = লা-টাই-মুং দিহিঙ্গীয়া হিলৈদাৰী = লান-চঙ-ক্লঙ আহোম ভাষাটো সম্প্ৰতি এটা লুপ্ত ভাষা ।কেইখনমান ছপা পুথি আৰু কিছুমান সাঁচিপতীয়া পুথিৰ বাহিৰে আহোম ভাষাৰ আজি অস্তিত্বই নোহোৱাৰ নিচিনা। আহোমভাষাৰ ব্যাকৰণ সম্পৰ্কে ভাষাতত্ববিদ ডঃ গ্ৰীয়েৰ্চন আৰু স্বৰ্গীয় গোপাল চন্দ্ৰ বৰুৱাই মাথোন সামান্যভাৱে বৈজ্ঞানিক দৃষ্টিকোণেৰে আলোচনা কৰিছিল। এই ভাষাটোৰ শব্দতত্ব আৰু উচ্চাৰণ-বিজ্ঞান সম্পৰ্কে যথেষ্ট আলোচনাৰ থল আছে। আমি মাত্ৰ সামান্য আলোচনাৰে ভাষাতত্ববিদৰ আগলৈ এইখিনি আগবঢ়াই দিলোঁ । লিখক; ডঃ লীলা গগৈ, আগবঢ়ালে; বৰ্ণালী হাজৰিকা