বৰ্তমান পৰ্যন্ত আহোম ৰজাদিনীয়া যিমানবোৰ বুৰঞ্জী উদ্ধাৰ হৈছে সেইবোৰৰ ভিতৰত বিভিন্ন স্থাপত্যৰ নিৰ্মাণৰ সৈতে জড়িত বুৰঞ্জীসমূহক কাৰিকৰী বুৰঞ্জী আখ্যা দিয়া হৈছে৷ অন্যান্য বুৰঞ্জীৰ তুলনাত এই শ্ৰেণীৰ বুৰঞ্জীৰ প্ৰকৃতি কিছু ভিন্ন৷

ইয়াত আহোম ৰাজত্ব কালৰ বিবিধ স্থাপত্যৰ নিৰ্মাণ-কাৰ্যৰ পুংখানুপুংখ বিৱৰণেৰে সুসমৃদ্ধ এই প্ৰকাৰৰ বুৰঞ্জী চাং ৰুং ফুকনৰ বুৰঞ্জী হিচাপে জনাজাত৷ অন্যান্য বুৰঞ্জীত সত্য ঘটনাৰ লগে লগে নানান প্ৰকাৰৰ অতি লৌকিক কথাৰো সমাৱেশ লক্ষ্য কৰিব পাৰি৷

এই বিধ বুৰঞ্জীত কিন্তু তথ্যৰ বাহিৰে আন একোৰে উল্লেখ পাবলৈ নাই৷ আহোম ৰাজত্ব কালৰ বিভিন্ন স্থাপত্যত ব্যৱহাৰ হোৱা বিবিধ সামগ্ৰী, নিৰ্মাণ কৌশল, জোখ-মাখ আদিৰ তন্ন তন্ন হিচাপৰ সংৰক্ষণ এই বুৰঞ্জীৰ ঘাই প্ৰতিপাদ্য বিষয়৷

সাহিত্য হিচাপে ইয়াৰ তেনে কোনো মূল্য নাথাকিলেও কাৰিকৰী দিশত ইয়াৰ মূল্য অপৰিসীম৷ কোৱা বাহুল্য যে, আহোম ৰাজ-প্ৰশাসনৰ পোনপটীয়া নিৰীক্ষণত নিৰ্মিত মঠ-মন্দিৰ, শিলৰ সাঁকো, পানীৰ ধোন্দ, কাৰেংঘৰ, ৰংঘৰ, তলাতল ঘৰ আদি প্ৰায়বোৰ স্থাপত্য বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলা, নানান প্ৰকৃতিক দুৰ্যোগ ইত্যাদি সত্ত্বেও প্ৰায় অক্ষত অৱস্থাৰে আজিও সগৌৰৱে মূৰ তুলি থিয় দি আছে বা থাকিব পাৰিছে৷

ইয়াৰ মুখ্য কাৰণ সিবোৰৰ বিজ্ঞানসন্মত নিখুঁত নিৰ্মাণ-পদ্ধতি আৰু নিৰ্ভেজাল সামগ্ৰীৰ ব্যৱহাৰ৷ আজিকালিৰ দৰে ৬০৪০ ব্যৱস্থাত কাম হোৱা হ’লে সেইবোৰ কাহানিবাই নিশ্চিন্ন হ’লহেঁতেন৷

চাংৰুং ফুকন আছিল আহোম ৰজাৰ মুখ্য স্থপতি বা আজিকালিৰ ভাষাত মুখ্য অভিযন্তা (Chief architect engineer)৷

আহোম ভাষাত ‘চান্’ (চাং) মানে কোনো বিদ্যাত কুশলী, সুদক্ষ বা পাৰ্গত লোক (যেনে—চাংমাই=ৰন্ধন বিদ্যাত পাৰ্গত)৷

আনহাতে ‘ৰেন্’ মানে ঘৰ৷ অৰ্থাৎ গৃহ নিৰ্মাণত যি পাৰ্গত, তেওঁ হ’ল ‘চানৰেন্’ বা ‘চাংৰেন্’৷ পাছলৈ শব্দটো পৰিৱৰ্তিত হৈ ‘চাংৰুং’ হয়গৈ আৰু অৰ্থ-বিস্তাৰৰ ফলত সি সকলো প্ৰকাৰৰ নিৰ্মাণ-কাৰ্যৰ ওজা-পুৰুষক (Expert) বুজাবলৈ লয়৷

আহোম ৰজাৰ দিনত বিবিধ নিৰ্মাণৰ তদাৰক যিটো পদবীৰ অধীনত হৈছিল সেই পদবীৰ নাম আছিল চাং ৰুং ফুকন৷

আহোম-প্ৰশাসনৰ পৰম্পৰা অনুসাৰে এইগৰাকী বিষয়াই সকলো নিৰ্মাণ কাৰ্যৰ হিচাপৰ খতিয়ান তন্ন তন্নকৈ লিপিবদ্ধ কৰি ৰাখিব লাগিছিল৷

ৰাজকাৰেং, মৈদাম, পানীৰ ধোন্দ আদিৰ দীঘ, প্ৰস্থ, উচ্চতা, বেৰ আদিৰ শুদ্ধ জোখ-মাখৰ উপৰি নিৰ্মাণত লগা ইটা, শিল আৰু কৰালৰ পুংখানুপুংখ হিচাপ লিখি ৰখাটো আছিল এইজনা বিষয়াৰ কাম৷

এতিয়া পৰ্যন্ত এই শ্ৰেণীৰ দুখন বুৰঞ্জী পোৱা গৈছে৷ এখন ভুবন চন্দ্ৰ সন্দিকৈৰ সম্পাদনাত প্ৰকাশিত হৈছে আৰু আনখন অধ্যাপক ভীমকান্ত বৰুৱাৰ সম্পাদনাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগে ১৯৯২ চনত প্ৰকাশ কৰিছে৷

প্ৰথমখন এতিয়া দুষ্প্ৰাপ্য৷ দ্বিতীয়খনৰ মূল পাঠ শিৱসাগৰৰ মাদুৰীৰ লাইথেপনা বৰগোহাঁইৰ পৰিয়ালৰ ৰুষেশ্বৰ বৰগোহাঁইৰ ঘৰৰ পৰা সংগ্ৰহ কৰা হৈছে৷ অধ্যাপক বৰুৱাই উল্লেখ কৰা মতে, প্ৰাপ্ত পুথিখনৰ মুঠ পাত সাতাৱন্নটা৷

তাৰে তেত্ৰিশটা সাঁচিপতীয়া আৰু বাকী চৌব্বিশটা তুলাপতীয়া৷ সম্ভৱতঃ মূল পুথিৰ কিছু পাত নষ্ট হোৱাত সেইখিনি তুলাপাতত নকল কৰি ৰখা হৈছিল৷

দীঘলে ১৯ চেঃমিঃ আৰু বহলে ৫ চেঃমিঃ আকাৰৰ গড়গঞা লিপিত ৰচিত পুথিখনিত পুথিৰ নাম, ৰচকৰ নাম, ৰচনাৰ সময় আদি একোৰেই উল্লেখ নাই৷ পুথিখনক সম্পূৰ্ণ বুলিবও নোৱাৰি৷

সেয়ে হ’লেও, আহোম ৰজাদিনীয়া স্থাপত্যৰ নিৰ্মাণ-কৌশল বুজিবৰ বাবে ই এক আপুৰুগীয়া সম্পদ৷ ইয়াত ৰংপুৰ (শিৱসাগৰ) নগৰৰ কাৰেংঘৰ, গড়গাঁৱৰ তলাতল ঘৰ, কেইগৰাকীমান স্বৰ্গদেৱ আৰু ৰাজমাওৰ মৈদাম, পানীৰ ধোন্দ, শিলৰ সাঁকো, দৌল আদি কেইবা প্ৰকাৰৰ স্থাপত্যৰ নিৰ্মাণৰ পুংখানুপুংখ বিৱৰণ পোৱা যায়৷

সেই কালত দীঘ-প্ৰস্থৰ একক হিচাপে বেঞো (১ বেঞো = ৪ গজ), হাত, মুঠি, বেগেত, আঙুল আদিৰ ব্যৱহাৰ হৈছিল৷

(মন কৰিবলগীয়া যে, অসমৰ গ্ৰামাঞ্চলত ঠায়ে ঠায়ে এনে জোখ-মাখ আজিও চলি আছে৷) তেনেদৰে বস্তুৰ পৰিমাণ আৰু ওজন বুজাবলৈ ঢোল, কলহ, কম, ফেৰিয়া, গণ্ডা, দাং, সেৰ আদিৰ প্ৰয়োগ হৈছিল৷

পকী নিৰ্মাণত বিভিন্ন আকৃতিৰ শিল, পোৰা মাটিৰ চেপেটা ইটাৰ প্ৰয়োজন হৈছিল৷ আৱশ্যকবোধে কেতবোৰ নিৰ্মাণত তেলত ভজা ইটাও ব্যৱহাৰ কৰা হৈছিল৷ তলৰ কথাখিনিয়ে তাৰে প্ৰমাণ দাঙি ধৰে

ইটা তেলেৰে ভজা ২৩৯খন, নভজা ইটা ২০০খন৷ ইটা ভজা তেল ৩ফেৰিয়া, তঞো ১টা, দহাতি ১খন—ওপৰ ঝকাত ইটা ভাজিব লোহাৰ হাতলিডাল ধৰি৷

সেই সময়ৰ ইটাবোৰ আছিল ডাঠত কম, বহল তথা চেপেটা৷ ভাল আৰু ভগা দুয়োবিধ ইটা প্ৰয়োজন অনুসাৰে কামত লগাইছিল৷ শিলবোৰৰ আকাৰ আছিল বিভিন্ন ধৰণৰ৷ সেই অনুসাৰে সিবোৰৰ নামো আছিল ভিন ভিন—

*লঠিয়া শিল (ডাঙৰ শিল),

*পাটশিল (চেপেটা আকৃতিৰ শিল),

*তলচা শিল, ফলা শিল ইত্যাদি৷

ইটাবোৰ সম্ভৱতঃ নিৰ্মাণ কাৰ্যৰ ওচৰতে স্থানীয়ভাৱে তৈয়াৰ কৰি লোৱা হৈছিল৷ আনহাতে শিলবোৰ নগা পাহাৰৰ পৰা নদী পথেৰে অনা হৈছিল৷

তিৰুৰ ফলা শিল বাক্যাংশই তেনে ধাৰণাকে দঢ় কৰে৷ তলত উল্লেখ কৰা স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ মৈদামত লগা শিল আৰু ইটাৰ হিচাপটোৱে কথাখিনি স্পষ্ট হোৱাত সহায় কৰিব

আতে লাগিচে তিৰুৰ-

*ফলাসিল ৪৬২০,

*লঠিয়াসিল ২০০০১৫ টা,

*জালিগাতত ফলাসিল ৩০০০ চলা,

*লঠিয়াসিল ১০০০০,

*ইটা ভাল ৫৬৯৩৪০ খন,

*ভগা ইটা ১৮২৯০ ঢোল৷

নখত পৰা গৈছে

*সিল ১ পাটি লেখত ১৬২৬৪৯ টা,

*ইটা ৩ পাটিত ৫৮৭৩৪৭ খন,

*চৌচালি ঘৰটিত ইটা ৬১২০০০ খন,

*তলচা সিল ফলা ৩ পাটিত ৩০০ খন,

*গঢ়ত লাগিল লঠিয়াসিল ২০৮০০০ টা,

*ইটা ৮১১৬২৭ খন৷

স্থাপত্যৰ স্থায়িত্ব নিৰ্ভৰ কৰে ঘাইকৈ কৰালৰ ওপৰত৷ আহোম ৰজাদিনীয়া স্থাপত্যৰ নিৰ্মাণত ইটা বা শিল শাৰী শাৰীকৈ গাঁথিবৰ বাবে স্থানীয়ভাৱে প্ৰস্তুত কৰি লোৱা যি কৰাল বা আঠা জাতীয় বস্তু (এতিয়াৰ চিমেণ্টৰ দৰে) ব্যৱহাৰ কৰা হৈছিল সিয়ে এইবোৰ জহি-খহি নোযোৱাকৈ ৰাখিছে৷

কাৰণ এইবোৰত লোহা জাতীয় সামগ্ৰীৰ ব্যৱহাৰ হোৱা নাছিল৷ তেতিয়াৰ দিনত একোটাহঁত নিৰ্মাণত ব্যৱহৃত দ্ৰব্য আৰু কৰ্ম-পদ্ধতিলৈ লক্ষ্য কৰিলে সিবোৰত যে যথেষ্ট শ্ৰম-শক্তিৰ প্ৰয়োজন হৈছিল, তাক অনুমান কৰিবলৈ টান নহয়৷

নিৰ্মাণ-কাৰ্যত ইটা আৰু শিল গাঁথিবৰ বাবে ব্যৱহাৰ কৰা কৰাল বিভিন্ন দ্ৰব্যৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হৈছিল৷ বুৰঞ্জীখনত উল্লেখ থকা মতে, এই মিশ্ৰণত ব্যৱহাৰ হোৱা সামগ্ৰীবোৰ হ’ল—

*গুড়,

*তেল,

*মাটিমাহ,

*সন (শণ),

*চূণৰ গুড়ি,

*চকাচূণ,

*শামুকচূণ,

*ধূনা,

*হাঁহকণী,

*বৰালী মাছ,

*বেল-আঠা,

*গাখীৰ ইত্যাদি৷

এইবোৰ দ্ৰব্য নিৰ্দিষ্ট অনুপাতত মিহলাই গাঁত খান্দি কেইবাদিনলৈ পচাই ৰখা হৈছিল আৰু উপযুক্ত হোৱাৰ পাছত কামত লগোৱা হৈছিল৷

সাধাৰণতে মাহ আৰু সনৰ পৰিমাণ আছিল সমান সমান৷ বৰালী মাছ, হাঁহকণী, বেল-আঠা আৰু গাখীৰ কেতবোৰ বিশেষ নিৰ্মাণতহে ব্যৱহাৰ কৰা হৈছিল৷ তলৰ কথাখিনিয়ে কৰাল প্ৰস্তুতিৰ ধাৰণা স্পষ্ট হোৱাত সহায় কৰিব

আতে বস্তুৰ জোখা-

*গুড় ৬ কম,

*মাহ ২ ঢোল,

*সন ২ ঢোল,

*চূণ গুড়ি ৬৬ ঢোল,

*চকাচূণ ৪৬ কলহ,

*তেল ৪১ ফেৰিয়া,

*ধুনা ২ সেৰ,

*ইটাগুড়ি…ঢোল,

*হাহকণী ১০ গণ্ডা,

*বেল আঠা ১ কলহ,

*চকাচূণ ২ কলহ,

*গাখীৰ ৪ টা৷

আতে কৰাল গাত ৫৮ টা, গুড় ২৪৪০ কম, মাহ ২৩০ ঢোল, সন ২৩০ ঢোল, গুড়ি চূণ ৫৪২০ ঢোল, চকাচূণ ৫৩২০ কম, মাছ ২২৬ দাঙ্গ, তেল ২২ ঢোল, ধুনা ২৫২ সেৰ৷

বস্তুৰ পৰিমাণ অনুসাৰে কৰাল প্ৰস্তুতৰ বাবে খান্দি লোৱা গাঁতবোৰৰ আকাৰো আছিল ভিন ভিন; যেনে—

*গুড়কুৰীয়া,

*ডেৰকুৰীয়া,

*দুকুৰীয়া,

*দুকুৰীয়া খঁৱাৰ,

*দুকুৰীয়া পনাৰ,

*ঝপাই ইত্যাদি৷ উদাহৰণ স্বৰূপে, ৰংপুৰৰ ন দুৱাৰমুখৰ সাঁকো সাজোঁতে লগা কৰাল-গাঁতবোৰ এনে ধৰণৰ

কৰাল গাত গুড়কুৰিয়া ৩১ টা, ডেৰকুৰিয়া ১০টা, দুকুৰিয়া খঁৱাৰ ৩ টা, পনাৰ ২টা মুঠ ৪৬টা গাত৷

প্ৰতিটো নিৰ্মাণৰ দীঘ, প্ৰস্থ, উচ্চতা আৰু ঘনত্বৰ তন্ন তন্ন হিচাপো বুৰঞ্জীখনত অলপো হেৰ-ফেৰ নোহোৱাকৈ লিপিবদ্ধ কৰা আছে৷ উদাহৰণ হিচাপে স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ মৈদামটোৰ জোখ-মাখৰ কথা উনুকিয়াব পাৰি

ভিতৰ দ’লটিৰ পয়াৰ দিঘে ১১ হাত, বলে ৯ হাত, ওখকে পয়াৰ ১২ হাত, ডাঠে চাৰিওমেৰে ৮ হাতকৈ, মুধে ৯ হাত, তলি দিঘে ২৭ হাত, পথালি ২৫ হাত, ঝাকে দ’লটি ওখকে ২১ হাত৷ …মৈদামৰ নখৰ পৰা গঢ়লৈ ২ বেঞোঁ অন্তৰ, তাৰ পৰা বাঁহ গঢ়লৈ ২৷ ৷ বেঞোঁ৷ ইটাৰ গঢ়ৰ ওখকে ৪৷ ৷ হাত৷ বেঢ়ে ১০৫ বেঞোঁ৷ গঢ়ৰ ৮ চুক দ’ল ৮ টা৷ ওখকে মৈদাম ৪০ হাত ১ বেগত, চৌচালি ১২ হাত৷ মুঠত ৫২ হাত ১ বেগত৷ বেঢ়ে ৮৯ বেঞোঁ৷ জোখৰ মাটি ১৷ ৷ √° ১৮ পুৰা৷

গড়গাঁৱৰ তলাতল ঘৰৰ ভিতৰৰ ‘গোসাঞি ঘৰ’-ৰ জোখ এনেদৰে দিয়া আছে

গোসাঞি ঘৰৰ লেখা দিৰ্ঘে প্ৰস্থে ২১ হাত ১২ আঙ্গুল৷ বাৰ ডাঠে ১ হাত ১২ আঙ্গুল৷ কোখৰ ঘৰৰ চাৰিমেৰে গন্তৰ ৩ হাতকৈ৷ সুন্য ৪ হাত ১২ আঙ্গুলকৈ৷ মাঝৰ বাৰ ডাঠে ১ হাত ১৮ আঙ্গুলকৈ৷

মাঝৰটো ঘৰৰ গন্তৰ ৯ হাত সুন্য ৬ হাত৷

ওপৰৰ তলৰ মাঝৰটোৰ সুন্য ১০ হাত৷ আৰে ওপৰৰ তলাৰ দ’লটিৰ গন্তৰ ১ হাত ৬ আঙ্গুল৷ বাৰ ডাঠে ১৮ আঙ্গুল, সুন্য ৩ হাত ১৬ আঙ্গুল৷ পূবে পশ্চিমে দখিনে মিচাঙ্গ বলে ৩ হাত ৬ আঙ্গুলকৈ৷ মথৰি ওখকে ২ হাতকৈ৷ চুকৰ দ’ল চাৰিটি একে জোখা৷ গন্তৰ…আঙ্গুল, বাৰ ডাঠে…আঙ্গুল, সুন্য…হাত৷

ওপৰৰ মিচাঙ্গ দিৰ্ঘে ৬ হাত, বলে ২ হাত ১৪ আঙ্গুল৷ মথৰি ওখ ১ হাত ১২ আঙ্গুল৷ কটাৰ পৰা চহটিলৈ ৮ হাত৷ আৰে পৰা চহটিলৈ ৬ হাত৷ আৰে পৰা দ’লৰ চুলালৈ ১২ হাত৷ মুঠত ডাঠ সতে ২৬ হাত ওখ৷

এইবোৰৰ উপৰি নিৰ্মাণকৰ্তাই প্ৰতিটো নিৰ্মাণ-কাৰ্যৰ আৰম্ভণি আৰু পৰিসমাপ্তিৰ চন-তাৰিখো লিপিবদ্ধ কৰি থৈ গৈছে৷ বুৰঞ্জীখনত থকা মতে, ৰাজমাও এজনাৰ মৈদামৰ নিৰ্মাণৰ আৰম্ভ আৰু সমাপনৰ চন-তাৰিখ এনে ধৰণৰ–

১৬৫৯ শকৰ আঘোনৰ ১৫ দিন জাঞোঁতে বুধবাৰে ৰাজমাওদেৱ সৰগি হৈছে৷ সেইদিনে ৰাতি তিনি পৰ মৰাত পৰ্ব্বত পালেগৈ৷

১৯ দিন জাঞোঁতে দেৱবাৰে উসাযাত্ৰাতে মৈদামৰ চাব ধৰিচে৷ সংক্ৰান্তি দিনা বিৰচতিবাৰে গাতত সিল পৰিচে৷ পুহৰ ২ দিন জাঞোঁতে শনিবাৰে ইটা পৰিচে৷ ৮ দিন জাঞোঁতে দ’লটি সাং হ’ল৷ ১০ দিন জাঞোঁতে গোৰ কৰিচে৷

আনহাতে ৰুদ্ৰসিংহ মহাৰাজৰ মৈদাম বন্ধাৰ সময় এনেদৰে উল্লেখ কৰা হৈছে –

১৬৩৬ শকৰ ভাদৰ তেৰ দিন জাঞোঁতে দেৱবাৰে কৃষ্ণা দুতীয়া ৰুদ্ৰসিংহ মহাৰাজদেৱ সৰগি হৈচে৷ মৈদামৰ গাত ধৰিচে আহিনৰ ৮ দিন জাঞোঁতে সুক্ৰবাৰে৷ গাতত সিল পেলোৱা হৈচে ১০ দিন জাঞোঁতে দেৱবাৰে৷ …দেৱক গোৰ কৰা হৈচে কাতিৰ ৮ দিন জাঞোঁতে দেৱবাৰৰ দিনা৷

ওপৰৰ কথাখিনিৰ পৰা এই কথা নিশ্চিত হ’ব পৰা যায় যে, ৰজা বা কোনো অভিজাত লোকৰ মৃত্যু ঘটিলে, মৃত্যুৰ পৰা মৈদাম দিয়াৰ পৰলৈকে ভালেমান দিন লাগিছিল৷

উদাহৰণ স্বৰূপে, স্বৰ্গদেৱ ৰুদ্ৰসিংহ ‘সৰগী’ হৈছিল ১৬৩৬ শকৰ ভাদ মাহৰ ১৩ তাৰিখে আৰু তেওঁৰ মৃতদেহ মৈদামত ‘গোৰ কৰা’ হৈছিল সেই শকৰ কাতি মাহৰ ৮ তাৰিখে, প্ৰায় দুমাহৰ পাছত৷

ইমান দিন মৃতদেহ গেলি-পচি নোযোৱাকৈ কেনেকৈ ৰাখিছিল সেয়া নিশ্চয়কৈ ৰহস্যৰ বিষয়৷ বুৰঞ্জীবোৰ এই সম্পৰ্কে সমূলি নিমাত৷

কাৰো কাৰো মতে শৱদেহ মৌজোল, ‘ৰহ’ আদিত ডুবাই থোৱা হৈছিল; আন কাৰোবাৰ মতে ধপাতৰ পাত মেৰিয়াই ৰখা হৈছিল৷ মুঠতে, এই বিষয়ে বিস্তৃত গৱেষণাৰ আৱশ্যক৷ হয়তো মিছৰৰ পিৰামিডৰ মামীৰ সংৰক্ষণৰ দৰে আহোমসকলৰো শৱদেহ সংৰক্ষণৰ কিবা এক বিশেষ বিজ্ঞানসন্মত পদ্ধতি আছিল, যি আজি অজ্ঞাত৷

অৱশ্যে তৎকালীনভাৱে এটা কথা নিশ্চয়কৈ জ্ঞাত আছিল যে, মৃতদেহ সদায় পেটৰ পৰা গেলে৷ বুৰঞ্জীৰ তথ্য অনুসাৰে স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ মৃত্যু হৈছিল উত্তৰ গুৱাহাটীত৷

কিন্তু ৰংপুৰলৈ নিয়াৰ প্ৰস্তুতি চলাওঁতেই লগত দিয়া তিনিগৰাকী গাভৰুৰ এজনী বিধুতি অৱস্থাৰ বাবে যাত্ৰা তিনি দিনলৈ স্থগিত ৰাখিবলগীয়া হয়৷

তেতিয়া উপায়হীন হৈ শৱৰ পেট ফালি নাড়ী-ভুৰুবোৰ উলিয়াই এঠাইত পুতি থয়৷ তাৰ পাছত তৃতীয় দিনা তিনিওগৰাকী ছোৱালীৰ ডিঙি চেপি মাৰি ৰজাৰ ‘ঠেঙ্গতলে’ সুমুৱাই ৰংপুৰলৈ লুইতৰ বুকুৱেদি লৈ যোৱা হয়৷ ৰুদ্ৰসিংহৰ নাড়ী-ভুৰু যি ঠাইত পুতি থৈছিল তাত পৰৱৰ্তী সময়ত ৰুদ্ৰেশ্বৰ দেৱালয় প্ৰতিষ্ঠিত হৈছিল৷

(শিল-সাঁকোকে ধৰি আহোম ৰজাদিনীয়া অনেক তথ্যৰ ভঁড়াল উত্তৰ গুৱাহাটী সম্বন্ধে বিস্তৃত গৱেষণাৰ আৱশ্যক৷) যিসকলৰ বিমানত মৃতদেহ অনাৰ অভিজ্ঞতা আছে তেওঁলোকে এই কথা ভালকৈ অৱগত যে, বিমানত তোলাৰ পূৰ্বেই মৃতদেহৰ পৰা নাড়ী-ভুৰু উলিয়াই পেলাব লাগে৷ আহোমসকলে সেই বিজ্ঞান তাহানি দিনতে জানিছিল৷

বৰ্তমান কাৰিকৰী বিদ্যাত যি গাণিতিক ভাষা ব্যৱহাৰ কৰা হয়, চাং ৰুং ফুকনৰ বুৰঞ্জীত তেনে এক ভাষাৰ ঠাঁচ লক্ষ্য কৰিব পাৰি৷ ইয়াত ক’তো এটাও বাহুল্য শব্দ পাবলৈ নাই৷ নিতান্তই অনাড়ম্বৰ তথা গাণিতিক ভাষাৰে ইয়াত মূল তথ্যৰ বিৱৰণ মাত্ৰ দাঙি ধৰা হৈছে৷

নিৰ্মাণত ব্যৱহৃত বস্তুৰ নাম আৰু সিবোৰৰ কাৰ্য বুজোৱা শব্দবোৰ তৎকালীন লোক-জীৱনৰ পৰা আহৰণ কৰা হৈছিল যেন অনুভৱ হয়৷

হলিকামী, হৰাহকামী, ৰুৱা, কুকুৰ আদি গৃহ-নিৰ্মাণৰ আহিলাৰ নাম অলপ ইফাল-সিফালকৈ অসমৰ গ্ৰামাঞ্চলত আজিও প্ৰচলিত৷

তেনেদৰে গাঁত খন্দা বুজাবলৈ ‘চাব ধৰিলে’, ঘৰৰ চাল চোওৱা বুজাবলৈ ‘বেচা ধৰিলে’, শৱ সমাধিস্থ কৰা বুজাবলৈ ‘গোৰ কৰিলে’ আদি বাক্যাংশও লোক-জীৱনৰ পৰাই আহৰিত৷ কামৰূপত বাঁহ, তামোল আদি ভালে থাকিবলৈ পানীত বহুদিনলৈ তিয়াই থোৱা কাৰ্যক ‘গোৰাই থোৱা’ বুলি কয়৷

অৱশ্যে বেঁত বা সৌকাৰ ক্ষেত্ৰত এই নিয়ম নাখাটে এই দুবিধ সামগ্ৰী ডুবাই থৈ অহাৰ পৰা দুভৰি শুকোৱাৰ পৰলৈকে মাত্ৰ পানীত ৰাখিব লাগে৷ নহ’লে নষ্ট হয়৷ বুৰঞ্জীখনত ব্যৱহৃত ‘গোৰ কৰিলে’ শব্দগুচ্ছত লোকভাষাৰ এই ঠাঁচ অনুভূত হয়৷

লেখক: খগেশ সেন ডেকা