শ্ৰীমন্ত শংকৰ হৰি ভকতৰ

জানা যেন কল্পতৰু ।

তাহান্ত বিনায় নাহি নাহি নাহি

আমাৰ পৰম গুৰু ।।

গুৰু শংকৰদেৱৰ প্ৰিয় শিষ্য “বঢ়াৰ পো” মাধৱদেৱে শংকৰদেৱক কল্পতৰু বুলিকৈ তেৰাৰ বাহিৰে আন গুৰু নাই বুলি ঘোষাত লিখিছে। কোঁচ ৰজা নৰনাৰায়নে গুৰুজনাৰ দুগৰাকী শিষ্য ক্ৰমে ঠাকুৰ আতা আৰু গকুল চান্দক ধৰাই নি নিয্যাতন কৰাৰ পিচত গুৰুজনাই তেওঁৰ আধ্যাত্মিক গুনেৰে ৰজা নৰনাৰায়নৰ হৃদয় জয় কৰিছিল।চিলাৰায়ে গুৰুজনাত শৰণ লোৱাৰ পাচত গুৰুজনাৰ মহত্ব বুজিবলৈ সক্ষম হয়।তাৰপিচত ৰজা নৰনাৰায়নে শংকৰদেৱক তেওঁৰ ৰাজসভালৈ নিমন্ত্ৰন কৰি নিয়ে আৰু ৰাজকীয় আতিথ্য প্ৰদান কৰি হৰিনামৰ মূল বুজিবলৈ চেষ্টা কৰে।

দ্বিতীয়বাৰ কোঁচবিহাৰলৈ যাওঁতে শংকৰগুৰুৰ পৰা শ্ৰীকৃষ্ণই বৃন্দাবনত কৰা খেল সমূহ আৰু ঘটনাৱলীৰ কথা শুনি সেই বোৰ স্বচক্ষে দেখাৰ হাবিয়াস জন্মে মহাৰাজ নৰনাৰায়নৰ। সেয়ে তেওঁৰ নিজৰ মনোভাৱ গুৰুজনাৰ আগত প্ৰকাশ কৰে আৰু বৃন্দাবনৰ সমস্ত চিত্ৰ সম্বলিত বস্ত্ৰ এখন বোৱাই তেখেতক দেখুৱাবলৈ অনুৰোধ কৰে। নৰনাৰায়নৰ কৃষ্ণপ্ৰেম দেখি গুৰুজনা আপ্লুত হয় আৰু অতীজৰে পৰা মনত পুহি ৰখা সপোন সাৰ্থক কৰাৰ মানসেৰে বৰপেটালৈ ঘুৰি আহে।

বৰপেটালৈ আহি গুৰুজনাই শ্ৰীকৃষ্ণৰ জন্মৰ পৰা কংসবধলৈকে সমস্ত ঘটনা ৰাজিৰ চিত্ৰ প্ৰস্তত কৰে।সেই চিত্ৰ সমূহ বস্ত্ৰত অংকন কৰি তাত বলাবলৈ ৰংৰ সন্ধানত লাগে। সেয়ে বৰপেটাৰ আশে পাশে থকা বনাঞ্চল সমূহৰ পৰা প্ৰাকৃতিক উপাদান, যেনে, গছৰ ছাল, ফুল, ফল, গুটি, পাত, মূল আদিৰ পৰা নানাবিধ ৰং প্ৰস্তুত কৰি সূতাবোৰত বুলাই সাজু কৰিছিল।গুৰুজনাই কাপোৰখন ছকুৰি হাত দীঘল আৰু তিনিকুৰি হাত বহল কৰাৰ পৰিকল্পনা কৰিছিল।গুৰুজনাই কাপোৰ বোৱা তাঁতী সকলক চোৱাৰ দায়িত্ব মাধৱদেৱক দিছিল।

বস্ত্ৰখনৰ প্ৰথমতে কৃষ্ণ জন্ম হোৱা সুতিকা গৃহটোৰ ছবি চানেকীৰ আকাৰে উঠাইছিল। তাৰ পিচত একাদিক্ৰমে বাসুদেৱে যমুনা নদী পাৰ হোৱা, নন্দৰ গৃহ পোৱা, কৃষ্ণই পুতনাৰ স্তনপান কৰি বধ কৰা আদি চিত্ৰ চিত্ৰায়িত কৰা হৈছিল। ঘটনাৰ বৰ্ণনা কাপোৰখনত চানেকী আকাৰেও লিখা হৈছিল। এই পবিত্ৰ আশ্বৰ্য্যকৰ বস্ত্ৰ ভাগি বৈ উলিয়াবলৈ সময় লাগিছিল ছমাহ।

চৰিতকাৰ সকলে কোৱা মতে বস্ত্ৰভাগ তৈয়াৰ হোৱাৰ পাছত গুৰুজনাই বস্তভাগ শালৰ পৰা কাটি জাপি-কুছি বাকছত থৈ দিয়ে।কিন্তু বস্ত্ৰ বৈ থকাৰ সম্ভেদ পাই থকা বৰপেটা অঞ্চলৰ তাতিকুছি, গনককুছি, বাউসী, সুন্দৰীদিয়া, বাৰাদি, বামুনা, দতকুচি আদি ঠাইৰ লোকসকলে আহি বস্ত্ৰ ভাগ চায় আৰু বিস্ময়াভূত হৈ পৰে।

এবছৰৰ পিছতহে গুৰুজনাই বস্ত্ৰভাগ নৰনাৰায়নক দিবলৈ গৈছিল।অৱশ্যে নৰনাৰায়নক দেখুৱাৰ আগতে তেৰাই চিলাৰায় আৰু ভাৰ্য্যা সকলক দেখুৱাই । গুৰুজনাৰ আগমনৰ বাৰ্তা পাই নৰনাৰায়নে তেখেতক আগবঢ়াই নিবলৈ কটকী পঠিয়ালে। নৰনাৰায়নে গুৰুজনাই নিয়া বস্ত্ৰভাগি চাবলৈ উদগ্ৰীৱ হৈ উঠিল। ৰাজআজ্ঞা পাই গুৰুজনাই উলিয়াই দেখুৱালে। বস্ত্ৰখনৰ ৰং, ৰূপ, বয়ন কৌশল আৰু চিত্ৰবোৰ দেখি অভিভূত হৈ পৰিল। নৰনাৰায়ন ৰজাই গুৰুজনাক ৰাজকীয় সন্মান জনালে আৰু গুৰুজনাইও বস্ত্ৰখন জাঁপি-কুছি ৰজাৰ হাতত গতাই ভেলালৈ উভটিল।

বৃন্দাবনী বস্ত্ৰৰ সূতাত ব্যবহাৰ কৰা ৰং সম্পৰ্কে মৃনাল চন্দ্ৰ কলিতাৰ কিতাপ পঢ়িছিলো।

লেখিকা: মধুমিতা শইকীয়া।