অসমীয়া সাহিত্যৰ চমু পৰিচয় অসমীয়া সাহিত্য বুলিলে অসমীয়া ভাষাত ৰচিত সাহিত্যৰাজিক সামৰি লোৱা হয়৷ বিশ্বৰ আন সাহিত্যৰাজি দৰে অসমীয়া সাহিত্যৰ আৰম্ভণি মৌখিক তথা লোকসাহিত্যৰ মাজেৰে আৰম্ভ হৈছিল৷ অসমীয়া সাহিত্যৰ পটভূমিক লিখিত পৰম্পৰা আৰু পৰিৱৰ্তনলৈ লক্ষ্য কৰি কেইটামান প্ৰধান ভাগত ভাগ কৰিছে৷ সেইবোৰ হ’ল- চৰ্যাপদ, প্ৰাক্ শংকৰী যুগৰ সাহিত্য, শংকৰী যুগৰ সাহিত্য, শংকৰোত্তৰ যুগৰ সাহিত্য, আধুনিক যুগৰ সাহিত্য৷ অসমীয়া সাহিত্যৰ প্ৰথম লিখিত নিৰ্দশন চৰ্যাপদবোৰতে পোৱা যায়৷ চৰ্যাপদৰ পাছতে অসমীয়া সাহিত্যৰ পূৰ্ণাংগ ৰূপত লিখিত সাহিত্যৰ আৰ্দশ স্থাপন হৈছিল প্ৰাক্ শংকৰী যুগত৷ এই যুগত হেম সৰস্বতী, হৰিবৰ বিপ্ৰ, মাধৱ কন্দলী, ৰুদ্ৰ কন্দলিৰ আদি কবিৰ হাতত অসমীয়া সাহিত্যই বিকাশ লাভ কৰিছিল৷ হেম সৰস্বতীয়ে এশটা পদেৰে ‘প্ৰহ্লাদ চৰিত’ আৰু আঠশ নিৰানবৈটা পদৰে ‘হৰগৌৰি সংবাদ’ৰচনা কৰে৷ এই যুগৰ শ্ৰেষ্ঠ কবিৰূপে পৰিচিত মাধৱ কন্দলীয়ে বাল্মিকীৰ ৰামায়ণখন অসমীয়া অনুবাদ কৰিছিল৷ কন্দলীয়ে ‘সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলো’বুলি কৈ গৈছে যদিও তেওঁৰ ৰামায়ণৰ আদি আৰু শেষ খণ্ড দুটা আজিলৈকে উদ্ধাৰ হোৱা নাই৷ মাধৱ কন্দলীৰ পাছত পৰৱৰ্তী যুগত গীত, পদ, নাট, তত্ত্বমূলক ৰচনা, অনুবাদ পুথি ইত্যাদিৰে অসমীয়া সাহিত্যৰ স্বর্ণযুগৰ সূচনা হ'ল। শংকৰী যুগত অসমীয়া সাহিত্যলৈ শংকৰদেৱ, মাধৱদেৱ, অনন্ত কন্দলী আদি কবিয়ে অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে৷শংকৰদেৱে ৰচনা কৰা সাহিত্যৰাজিক শংকৰদেৱৰ ৰচনাৱলীক কাব্য বা উপাখ্যান, অনুবাদ গ্রন্থ, ভক্তিমূলক ৰচনা, নাম প্ৰসংগমূলক পুথি, গীত আৰু নাটক ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল টানকিয়াল কৰিছিল৷ শংকৰদেৱৰ লগতে এই যুগত মাধৱদেৱে আৰু অনন্ত কন্দলীয়েও অসমীয়া সাহিত্য জগতলৈ ভালেখিনি অৰিহণা আগবঢ়ায়। বৈষ্ণৱ আন্দোলনে অসমৰ আকাশ বতাহ ছানি পেলোৱাৰ সময়তে শংকৰদেৱৰ সমসাময়িক ভাৱে কেইজনমান কবিয়ে বৈষ্ণৱ ভাৱধাৰাৰপৰা পৃথক ধাৰাৰ কাব্য সৃষ্টি কৰিছিল। এই কাব্যধাৰাকে একেলগে পাঁচালী সাহিত্য বুলি কোৱা হয়। এইবিধ সাহিত্যৰো বিষয়বস্তু মহাভাৰত, পুৰাণ, ৰামায়ণ আদিৰ কাহিনী আধাৰিত। মনকৰ, দুর্গাবৰ, পীতাম্বৰ, সুকবি নাৰায়ণদেৱ আৰু ষষ্ঠীবৰে পাচাঁলী সাহিত্যক প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ অসমীয়া সাহিত্যৰ ভঁৰাল টানকিয়াল কৰা ক্ষেত্ৰত বুৰঞ্জী সাহিত্য অৱদান অতুলনীয়৷ অসমীয়া বুৰঞ্জী সাহিত্য আহোমসকলৰ অৱদান। আহোম স্বৰ্গদেউ চুকাফাই অসমত প্ৰৱেশ কৰাৰে পৰা বুৰঞ্জী লিখা প্ৰথা আৰম্ভ হয়। আহোমসকলে প্রথমতে টাই ভাষাত সাহিত্য ৰচনা কৰিছিল যদিও পিছত অসমীয়া ভাষাত লিখিবলৈ লয়। বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি অসমীয়া বুৰঞ্জী সাহিত্যক এইকেইটা ভাগত ভাগ কৰিব পাৰি—প্ৰাক আহোম যুগৰ বুৰঞ্জী, আহোম ৰজাৰ বুৰঞ্জী (পুৰণি অসমীয়া বুৰঞ্জী, বাঁহগড়ীয়া বুৰঞ্জী, দেওধাই অসম বুৰঞ্জী ইত্যাদি), দাঁতিঅলীয়া বুৰঞ্জী (ত্ৰিপুৰা বুৰঞ্জী, পাদশ্যাহ বুৰঞ্জী আদি), কটকী বুৰঞ্জী, চকীয়ালৰ বুৰঞ্জী, চাংৰুং ফুকনৰ বুৰঞ্জী। ৰজাঘৰীয়া সাহিত্য বুৰঞ্জীবোৰৰ ভাষাত কৃত্রিমতা কম। ঘৰুৱা প্ৰৱচন আদিয়ে ইয়াৰ সাহিত্যক সৌন্দর্য বৃদ্ধি কৰিছে। অসমীয়া বুৰঞ্জী সাহিত্য সমগ্ৰ ভাৰতৰ আধুনিক ভাৰতীয় ভাষাবোৰৰ ভিতৰতে অতুলনীয়। আধুনিক অসমীয়া সাহিত্যৰ আৰম্ভণি হয় অৰুণোদয় যুগৰে পৰা৷অষ্টাদশ শতিকাৰ শেষৰপিনে অসমত আমেৰিকান বেপ্তিষ্ট মিছনেৰীসকলৰ প্ৰৱেশ ঘটে। ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ ফলত অসম মানৰ হাতৰ পৰা ইংৰাজৰ হাতলৈ যায়। এই দুয়োটা ঘটনাৰে এক সুদূৰ প্ৰসাৰী প্ৰভাৱ অসমৰ ভাষা সাহিত্যত পৰিছে। ধৰ্ম প্ৰচাৰৰ বাবে অসমলৈ অহা মিছনেৰীসকলে প্ৰচাৰৰ মাধ্যম হিচাপে অসমীয়া ভাষাক গ্ৰহণ কৰে। ১৮১৩ চনত ড° উইলিয়াম কেৰিয়ে ১ম অসমীয়া ছপাপুথি ধর্মপুস্তক প্রকাশ কৰে। ১৮৩৩ চনত প্ৰকাশ পায় আত্মাৰাম শৰ্মা অনূদিত বাইবেল। ১৮৩৬ চনৰ পৰা ১৮৭২ লৈকে অসমৰ চৰকাৰী ভাষাৰ আসনত বাংলা ভাষা বহাত অসমীয়া ভাষা সাহিত্যৰ এক অপূৰণীয় ক্ষতি হ'ল। তাৰ মাজতো অসমীয়া সাহিত্যৰ চৰ্চা চলি থাকিল। ১৮৩৯ চনত উইলিয়াম ৰবিনচনে অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ ৰচনা কৰি প্ৰকাশ কৰে। ড° মাইলছ ব্ৰন্সনে ৰচনা কৰা অসমীয়া সাহিত্যৰ প্ৰথমখন অভিধান ১৮৬৭ চনত প্রকাশিত হয়। ১৮৪৬ চনত প্রকাশ পায় প্রথম অসমীয়া পত্ৰিকা অৰুনোদই। অৰুনোদই যুগৰ কেইখনমান উল্লেখযোগ্য সাহিত্যকৃতি হ'ল—অসমীয়া উপন্যাস সাহিত্যৰ বীজ অংকুৰিত হোৱা এ.কে. গাৰ্ণিৰ কামিনীকান্ত আৰু শ্ৰীমতী গাৰ্ণিৰ ফুলমণি আৰু কৰুণা, পদ্মাৱতী দেৱী ফুকননীৰ সুধৰ্মাৰ উপাখ্যান; নিধিলিবাই ফাৰৱেলৰ ৰচনা; আনন্দৰাম ঢেকিয়াল ফুকনৰ অসমীয়া ল’ৰাৰ মিত্ৰ, ‘A Few Remarks on Assamese Language' ইত্যাদি। ১৮৮০ চনলৈকে অৰুনোদই প্ৰকাশ হৈ আছিল। ইয়াৰ পিছত ১৮৭১ চনত ‘আসাম বিলাসিনী' কাকত প্ৰকাশ পায়। অৰুনোদইৰ পাতত সাহিত্য চৰ্চা আৰম্ভ কৰা হেমচন্দ্ৰ বৰুৱাৰ ‘কানীয়াৰ কীৰ্তন' এক হাস্যমধুৰ চুটি নাটক। বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী, অসমীয়া ল'ৰাৰ ব্যাকৰণ, হেমচন্দ্র বৰুৱাৰ পঢ়াশলীয়া অভিধান ইত্যাদি বৰুৱাৰ আন আন ৰচনা। ১৮৮২-৮৫ চনৰ সময়ছোৱাত তেওঁৰ সম্পাদনাত ‘আসাম নিউচ’ কাকত প্রকাশ পায়। প্রথম আধুনিক অসমীয়া নাটক ‘ৰাম নৱমী’ৰ ৰচক গুণাভিৰাম বৰুৱা। আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত তেওঁৰ আন এক উল্লেখযোগ্য ৰচনা। তেওঁৰ সম্পাদনাত ১৮৮৫ চনত আসাম বন্ধু পত্রিকা প্রকাশিত হৈছিল। জোনাকীয়ে কাটি দিয়া বাটেৰে বাট বুলি এদল ডেকা সাহিত্যিকে তৈয়াৰ কৰিলে উত্তৰ জোনাকী যুগৰ সাহিত্য। এই যুগৰ উল্লেখযোগ্য কাব্য পুথি হ'ল— মেঘনাদ বধ কাব্য (চন্দ্ৰধৰ বৰুৱা); মালচ আৰু চকুলো (হিতেশ্বৰ বৰবৰুৱা), সাদৰী, কেতেকী, কাৰবালা, দহিকতৰা, নৱমল্লিকা (ৰঘুনাথ চৌধাৰী), তুমি, বীণা (অম্বিকাগিৰি ৰায়চৌধুৰী), অঞ্জলি, নিবেদন (দুৰ্গেশ্বৰ শৰ্মা), আপোন সুৰ, বনফুল (যতীন্দ্ৰনাথ দুৱৰা), শেৱালি (ৰত্নকান্ত বৰকাকতি), গুটিমালী (নীলমণি ফুকন), নিজৰা (শৈলধৰ ৰাজখোৱা), প্রতিধ্বনি, শংখধ্বনি (বিনন্দ চন্দ্ৰ বৰুৱা), নলিনীবালা দেৱীৰ সন্ধিয়াৰ সুৰ, সপোনৰ সুৰ, পৰশমণি, যুগদেৱতা, পাপৰি (গণেশ গগৈ), সাগৰ দেখিছা, আমি দুৱাৰ মুকলি কৰো (দেৱকান্ত বৰুৱা) ইত্যাদি। এই সময়ৰ উল্লেখযোগ্য নাট ‘দক্ষযজ্ঞ, লখিমী তিৰোতা (বেণুধৰ ৰাজখোৱা), জয়মতী, লাচিল বৰফুকন (পদ্মনাথ গোহাঞি বৰুৱা), চক্ৰধ্বজ সিংহ, জয়মতী কুঁৱৰী, বেলিমাৰ, পাচনি (লক্ষ্মীনাথ বেজবৰুৱা), নবীনচন্দ্ৰ বৰদলৈৰ ‘গৃহলক্ষ্মী' ঘৰুৱা সমস্যাৰ প্ৰথম সামাজিক নাটক, অতুলচন্দ্ৰ হাজৰিকাৰ নৰকাসুৰ, টিকেন্দ্ৰজিত, জ্যোতিপ্ৰসাদ আগৰৱালাৰ শোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰী, ৰূপালীম আদি। এইছোৱা সময়ত ৰচিত ৰজনীকান্ত বৰদলৈৰ বুৰঞ্জীমূলক উপন্যাসৰাজিয়ে (মিৰি জীয়ৰী, মনোমতী, ৰহদৈ, লিগিৰী আদি) অসমীয়া বুৰঞ্জীমূলক উপন্যাসক এক বিশেষ মর্যাদা প্ৰদান কৰে। সদৰামীনৰ আত্মজীৱনীৰে আৰম্ভ হোৱা অসমীয়া আত্মজীৱনী চৰিতে বেজবৰুৱাৰ ‘মোৰ জীৱন সোঁৱৰণত এক বিশেষ মাত্রা লাভ কৰিলে। বেণধৰ শৰ্মা, বাণীকান্ত কাকতি, কৃষ্ণকান্ত সন্দিকৈ, সর্যকমাৰ ভঞা, ডিম্বেশ্বৰ নেওগ, বিৰিঞ্চি কুমাৰ বৰুৱা আদিৰ প্ৰৱন্ধৰে অসমীয়া প্ৰৱন্ধ সাহিত্য এই যুগতে প্রতিষ্ঠা লাভ কৰিলে। এই যুগত আৱাহন, বাঁহী, জয়ন্তী, সুৰভি ইত্যাদি পত্ৰিকাৰ প্ৰকাশে অসমীয়া সাহিত্যৰ গতি অধিক ত্বৰান্বিত কৰি ৰাখিলে। জোনাকীয়ে কাটি দিয়া বাটেৰে বাট বুলি এদল ডেকা সাহিত্যিকে তৈয়াৰ কৰিলে উত্তৰ জোনাকী যুগৰ সাহিত্য। এই যুগৰ উল্লেখযোগ্য কাব্য পুথি হ'ল—মেঘনাদ বধ কাব্য (চন্দ্ৰধৰ বৰুৱা); মালচ আৰু চকুলো (হিতেশ্বৰ বৰবৰুৱা), সাদৰী, কেতেকী, কাৰবালা, দহিকতৰা, নৱমল্লিকা (ৰঘুনাথ চৌধাৰী), তুমি, বীণা (অম্বিকাগিৰি ৰায়চৌধুৰী), অঞ্জলি, নিবেদন (দুৰ্গেশ্বৰ শৰ্মা), আপোন সুৰ, বনফুল (যতীন্দ্ৰনাথ দুৱৰা), শেৱালি (ৰত্নকান্ত বৰকাকতি), গুটিমালী (নীলমণি ফুকন), নিজৰা (শৈলধৰ ৰাজখোৱা), প্রতিধ্বনি, শংখধ্বনি (বিনন্দ চন্দ্ৰ বৰুৱা), নলিনীবালা দেৱীৰ সন্ধিয়াৰ সুৰ, সপোনৰ সুৰ, পৰশমণি, যুগদেৱতা, পাপৰি (গণেশ গগৈ), সাগৰ দেখিছা, আমি দুৱাৰ মুকলি কৰো (দেৱকান্ত বৰুৱা) ইত্যাদি। এই সময়ৰ উল্লেখযোগ্য নাট ‘দক্ষযজ্ঞ, লখিমী তিৰোতা (বেণুধৰ ৰাজখোৱা), জয়মতী, লাচিল বৰফুকন (পদ্মনাথ গোহাঞি বৰুৱা), চক্ৰধ্বজ সিংহ, জয়মতী কুঁৱৰী, বেলিমাৰ, পাচনি (লক্ষ্মীনাথ বেজবৰুৱা), নবীনচন্দ্ৰ বৰদলৈৰ ‘গৃহলক্ষ্মী' ঘৰুৱা সমস্যাৰ প্ৰথম সামাজিক নাটক, অতুলচন্দ্ৰ হাজৰিকাৰ নৰকাসুৰ, টিকেন্দ্ৰজিত, জ্যোতিপ্ৰসাদ আগৰৱালাৰ শোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰী, ৰূপালীম আদি। এইছোৱা সময়ত ৰচিত ৰজনীকান্ত বৰদলৈৰ বুৰঞ্জীমূলক উপন্যাসৰাজিয়ে (মিৰি জীয়ৰী, মনোমতী, ৰহদৈ, লিগিৰী আদি) অসমীয়া বুৰঞ্জীমূলক উপন্যাসক এক বিশেষ মর্যাদা প্ৰদান কৰে। সদৰামীনৰ আত্মজীৱনীৰে আৰম্ভ হোৱা অসমীয়া আত্মজীৱনী চৰিতে বেজবৰুৱাৰ ‘মোৰ জীৱন সোঁৱৰণত এক বিশেষ মাত্রা লাভ কৰিলে। বেণধৰ শৰ্মা, বাণীকান্ত কাকতি, কৃষ্ণকান্ত সন্দিকৈ, সর্যকমাৰ ভঞা, ডিম্বেশ্বৰ নেওগ, বিৰিঞ্চি কুমাৰ বৰুৱা আদিৰ প্ৰৱন্ধৰে অসমীয়া প্ৰৱন্ধ সাহিত্য এই যুগতে প্রতিষ্ঠা লাভ কৰিলে। এই যুগত আৱাহন, বাঁহী, জয়ন্তী, সুৰভি ইত্যাদি পত্ৰিকাৰ প্ৰকাশে অসমীয়া সাহিত্যৰ গতি অধিক ত্বৰান্বিত কৰি ৰাখিলে। জোনাকী যুগৰ পাছতেই অসমীয়া সাহিত্যৰ আধুনিক যুগৰ আৰম্ভণি হয়৷এই যুগত নতুন ধাৰাৰে অসমীয়া সাহিত্যই চৰ্চা লাভ কৰিবলৈ সক্ষম হয়৷ এই যুগত ভবানন্দ দত্ত, অমূল্য বৰুৱা, হেম বৰুৱা, কেশৱ মহন্ত আদিৰ কলমত নতুন কাব্য ৰীতিৰে আধুনিক অসমীয়া কবিতাৰ জন্ম হ'ল। ফণী শৰ্মা, প্ৰৱীণ ফুকন, সাৰদাকান্ত বৰদলৈ, সত্যপ্ৰসাদ বৰুৱা, অৰুণ শৰ্মা, মহেন্দ্ৰ বৰঠাকুৰ, হিমেন বৰঠাকুৰ আদিয়ে নতুন নাট্য ৰীতি প্ৰয়োগ কৰি নাটক ৰচনা কৰে৷ বীণা বৰুৱাৰ ‘জীৱনৰ বাটত' উপন্যাসে অসমীয়া আধুনিক উপন্যাসৰ শুভাৰম্ভ ঘটায়। ৰাস্না (বীণা) বৰুৱাৰ ‘সেউজী পাতৰ কাহিনী', মহম্মদ পিয়াৰৰ ‘প্রীতি উপহাৰ', প্রফুল্ল দত্ত গোস্বামীৰ ‘কেঁচা পাতৰ কঁপনি’, হিতেশ ডেকাৰ ‘আজিৰ মানুহ, ৰাধিকামোহন গোস্বামীৰ ‘চাকনৈয়া’, চৈয়দ আব্দুল মালিকৰ ‘সুৰুযমুখীৰ স্বপ্ন’, যোগেশ দাসৰ ‘ডাৱৰ আৰু নাই’, দীননাথ শৰ্মাৰ ‘মাটি আৰু মানুহ’, হোমেন বৰগোহাঞিৰ ‘সুবলা, তান্ত্রিক, হালধীয়া চৰায়ে বাওধান খায়, পিতাপুত্র আদি, নৱকান্ত বৰুৱাৰ ‘কপিলীপৰীয়া সাধু’, ‘ককাদেউতাৰ হাড়’, নিৰুপমা বৰগোহাঞিৰ ‘সেই নদী নিৰৱধি’, বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যৰ ‘ৰাজপথে ৰিঙিয়ায়’, ‘আই’, ‘ইয়াৰুইংগম’, ‘মৃত্যুঞ্জয়’ (জ্ঞানপীঠ বঁটা প্ৰাপ্ত), ইত্যাদি। আধুনিক অসমীয়া সাহিত্যত ত্ৰৈলোক্যনাথ গোস্বামী, চৈয়দ আব্দুল মালিক, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, হোমেন বৰগোহাঞি, সৌৰভ চলিহা, চন্দ্ৰপ্ৰসাদ শইকীয়া, ভৱেন্দ্ৰনাথ শইকীয়া, লক্ষ্মীনন্দন বৰা, স্নেহ দেৱী, ইমৰাণ শ্বাহ, মহিম বৰা, অনিমা ভৰালী, অৰূপা পটংগীয়া আদিয়ে অসমীয়া চুটিগল্পৰ ভঁৰাল সমৃদ্ধি কৰিছিল৷ সাম্প্ৰতিক কালত গল্প, উপন্যাস, নাটক, প্ৰৱন্ধ ইত্যাদি সকলো দিশতে অসমীয়া ফলে-ফুলে জাতিষ্কাৰ হৈ পৰিছে। মন কৰিবলগীয়া কথাটো হ'ল সাহিত্য জীয়াই থাকিবৰ বাবে পাঠক সমাজৰ সঁহাৰি অপৰিহাৰ্য ।