অসমৰ বাৰেবৰণীয়া লোক সংস্কৄতিৰ ভিতৰত নামনি অসমৰ “মহোহো” সংস্কৃতিও বিশেষ ভাৱে উল্লেখনীয় |মহোহো ঠাই বিশেষে মহখুন্দা বা গোৱালপাৰা জিলাৰ কিছু অংশত এউৰি/ওৰি মাগা বুলিও জনাজাত |আঘোন মাহৰ পূৰ্ণিমাৰ ৰাতি গাঁৱৰ ডেকা সবে ঘৰে ঘৰে হাতত একোডাল টাঙোন লৈ মোহোহো গান গোৱাটোৱে ইয়াৰ মূল আকৰ্ষন |আঘোন মাহৰ পুৰ্ণিমাত মহোহো গোৱা কথাটো তলৰ গানটোত স্পষ্ট হৈ উঠে | “আঘোন হ’ল, পুন্নী হ’ল (পুৰ্ণিমা হ’ল)মহ খেদবা (খেদিব)হুকুম হ’ল…” প্ৰবাদ আছে-উক্ত বিশেষ দিনটোত মোহোহো গান গালে গাঁৱত বিভিন্ন মহামাৰী ৰোগ সৃষ্টি কৰা বিষাক্ত মহৰ নিৰ্মুল ঘটে |মোহোহো অৰ্থাৎ মহ খেদা পৰ্ব |গোৱালপাৰাৰ পিনে গোৱা নিম্ন লিখিত গানটোত বানপানীৰ পিছত মহে সৃষ্টি কৰা বেমাৰৰ কথা প্ৰকাশ পাইছে| “আহাৰ (ইহতৰ) ঘৰত তুহৰ ধোৱা |কেউচাই(কেচুৱাই)কান্দে উৱা উৱা |ভাড়ালোত(ভড়ালত)পকা ধান |গাৱে-ভূঞে আহে বান |বান গেলি (গলে)মহ হয় |মানুহ গিলাৰ (বোৰৰ) জ্বৰ হয় |বাঁহৰ পাত | বতাহত সৰে |টাঙোনৰ কোবত মহ বোৰ মৰে |” মোহোহো মাগিব (খুজিব/গাব) যোৱা গাঁৱৰ দলটিত এজন দলপতিৰ দৰে ব্যক্তি থাকে |তেওঁ মোহোহো গানৰ প্ৰথম শাৰীটো গাই দিয়ে আৰু লগে লগে বাকী সদস্য কেইজনে তাৰ পিছৰ শাৰী গান সমবেত হৈ গায় |শেষত গৃহস্থক আশীৰ্বাদ দি সামৰ্থ্য অনুযায়ী দিয়া চাউল/টকা লৈ দ্বিতীয় গৃহস্থলৈ যোৱাটো এটা পৰম্পৰা | নামনি অসমৰ বিশেষকৈ কামৰূপ, গোৱালপাৰা, নলবাৰী, বৰপেটা ,দৰং জিলাত ইয়াৰ প্ৰচলন দেখা যায়। কামৰূপী মোহোহো গীত……………(চোতাল গৈ পাইয়েই টাঙোনেৰে মাটিত খুন্দিয়াই খুন্দিয়াই এইদৰে গাই) “অ হৰি গিৰিঘৰীয়া (গৃহস্থ),আমি আহিছো পুখুৰীপৰীয়া (পুখুৰীপৰা-গাওখনৰ নাম)|পুখুৰীপাৰাৰ নামে, বাৰ বাতি জ্বলে |বাৰ মাহৰ তেৰ কান,বছৰে বছৰে মাগি আন |বছৰৰে খেলা, নকৰিবি হেলা |হেলা কৰিলে বেলা হয়চা-চোলি (লৰাবোৰ) নেখেলা হয় |” শেষত দলপতি জনে আশীৰ্বাদ দিয়ে এনেদৰে, “দলপতি- কুশল | বাকীবোৰে- হওক |দলপতি- কল্যান | বাকীবোৰে- হওক |দলপতি- টকাৰ টেকেলি | বাকীবোৰে- হওক |একেলগে- দুই চাৰি আনা পইচা দি বিদায় দিয়ক |” গাওঁত দুই এঘৰৰ ঘৰত টিঙৰ ঘৰ দেখিলে এনেদৰে গান জুৰা হয় | “আঠিয়া কলৰ বৰ পানীএই মানুহঘৰ মস্ত ধনীএই মানুহঘৰৰ টিঙৰ ঘৰপাচটকা ওলাই পৰ ”তাৰ পিছত ওপৰক্ত আশীৰ্বাদ ফাকিকে জুৰি গান সামৰা হয় | “কান কান কান কুকুৰৰ কানছাগলী বন্ধা ৰছী আনছাগলী নিলে শিয়ালেবুঢ়ী কান্দে বিহানে (ৰাতিপুৱা)অ বুঢ়ী তই নাকান্দিবি, ছাগলী আনি দিম তোক |কুশল হওক, কল্যান হওকদুই চাৰি অনা দি বিদায় দিয়ক |” বৰপেটাৰ ফালে গোৱা এটা গান “মোহোহো মোহোহো, মহ খেদবা (খেদিব)জাং জো (যাও ব’ল)মহে বোলে মোল্লোং দে (মৰিলো দে)টেপল পুৰা খাং দে (খাও দে)টেপে বোলে ৰুন জুন, চাউল লাগে এক দোন |বাহৰ পাত জিকিমিকিআমাক লাগে বগা সিকি |” “অ হৰি লাফায়া, চোতালখন ছাফায়াচোতালৰ ধুলি মাটিহাহে মৰে বুকু ফাটিহাহৰ তেল, বাৰ বাজি গেল (গল)বাৰ বাজি তেৰ হলগৰখীয়া ল’ৰা নেখেলা হল |” নলবাৰীয়া গান দুটামান , যেনে “অ হোহো মহোহোমহ খেদবা (খেদিব)টাকান (টাঙোন) লো (ল)মহে বোলে মোল্লু দে (মৰিলো দে)টেপল পুৰা খালু (খালো) দেটেপলত নহল নুন (লিমখ)চাউল লাগে দুন দুন (দোন দোন)বাহৰ পাত চিকি মিকি ,আমাক নাংগে(নালাগে) আধলি সিকি (৫০ পইছা খুচুৰা পইচা)|বাহৰ পাত পকা ,আমাক লাগে টকা |অ‘ হৰি, অ ৰাম, গৄহস্থৰ কুশলাৰ্থে হৰি…………..” “অ হোহো মহোহো মহ মাৰ্বা(মাৰিব) যাং যো(যাও বোল) মহ মাল্লু সাতুটা (মহ মাৰিলো সাতটা) গিৰি পোতি একুটা (প্ৰতি ঘৰে এটা এটা) বাঁহৰ পাত চিকিমিকি, আমাক লাগে আধলি সিকি |” চাউল/টকা দিওতে অকনমান পলম হলে বা গৄহস্থ কিবা কামত ব্যস্ত থাকিলে ডেকা সবৰ টাঙোনৰ কোব বাঢ়ি য়ায় আৰু আগত্কৈ চিঞৰি চিঞৰি গায় | “আইচু ভকত মাৰছু খুটি নেদা মেনি নাযাং গুচি (আহিছো ভকত মাৰিছো খুটি, নিদিয়ালৈকে নাযাও গুচি)” বিঃদ্ৰঃ-ওপৰক্ত লেখনিটো মোৰ সীমিত জ্ঞানেৰে লিখা |কোনো কিতাপ আলোচনীৰ সহায় লোৱা হোৱা নাই |কিছুমান মুখপ্ৰচলিত শব্দ সময়ৰ লগে লগে ভাঙি গৈ গৈ বেলেগ ৰূপ লৈছেহি বুলি মোৰ ধাৰণা|সেয়ে অৰ্থপুৰ্ণ মুল শব্দটো বিচাৰি উলিয়াবলৈ অসুবিধা হৈছে |কেইটামানৰ অৰ্থ মইও নাজানো |আমি তেনেকেই আনক শুনি গাইছিলো মাথোঁ |যি হওঁক, অনিচ্ছাকৃত ভুলৰ মাৰ্জনা বিচাৰি লেখনিটোত পাঠক ৰাইজৰ পৰা আৰু সমল আশা কৰিলো | লিখক: ধীৰাজ কলিতা