অভিমন্যুৰ বিলাপ গীত দিহা- কান্দে বীৰ অভিমন্যুহে। আজিহে কৌৰৱে মোৰ ভৈলা যমকাল।। ৰে পদ- শিথিৰে খুজিছিল শৰ নিশিথিলু আগে বেহু ভেদি ভেদি আহিবা নিশিখিলু বাপে।। ৰে কোথা ধৰ্ম্ম যুধিষ্ঠিৰ বীৰ বৃকোদৰ। কিমতে কৰিম মই যুদ্ধ নাহি ধনু-শৰ।। ৰে কোথা নকুল সহদেৱ পিতা ধনঞ্জয়। কিমতে কৰিম মই যুদ্ধ নাহিকে সহায়।। ৰে কোথায় সুভদ্ৰা সতী যাদৱী মোৰ আই। মোৰ পৰ আই তোৰ পুত্ৰকে নাই।। ৰে প্ৰাণৰ অধিক মোৰ উত্তৰা কুঁৱৰী। তোহোক বিধৱা কৰি গৈলু যমপুৰী। ৰে কোথায় মাতুল শ্ৰীগোৱিন্দ অৰ্জ্জুন মোৰ বাপ মৃত্যু কালে নাদেখিলু এই মনস্তাপ।। ৰে ৰণে পৰি অভিমন্যু কৰে হায়ৰে হায়। আজি কেনে দেখা নেদা মাতুল সহায়।। ৰে কহয় মাধৱদাসে এহি বাৰে বাৰ। ৰণেপৰি অভিমন্যু গৈল যমঘৰ।। ৰে শ্ৰীৰাধিকাৰ নিগূঢ় বিলাপ গীত দিহা- সখীহে এত দুঃখ কব কাৰ ঠাই। আসিল মাধৱী মাস নাসিল কানাই।। পদ- মুনিভি ত্ৰিগুণ কৰি বেদত মিশ্ৰিত কৰি দেখ সখী একত্ৰ কৰিয়া। হামু অভাগিনী ৰামা বিধি মোৰ ভৈলা বামা গ্ৰাসি বুলি বাণ গুচাইয়া। সুৰ অৰি ৰিপু মিতা তাহান সেৱক পিতা বাহনক দেখি লাগে মন্যু। তিনি অক্ষৰ ধৰি শেষাক্ষৰ পৰিহৰি তান সূত দহে মোৰ তনু।। বাণ গণিয়া লৌ বেদ দূৰ কৰি থৌ তাকে লাগি ত্যাজিব পৰাণ। ত্ৰয়োদশ সম কৰি বাণ বসু পৰিহৰি ললাটত তাহাৰি সমান।। ৰাম সাগৰে পূৰি নিশাপতি ঊণ কৰি তাকে ভক্ষি ত্যাজিব পৰাণ। কহে কবি কালিদাসে ভাঙ্গিয়া পণ্ডিতৰ ভাষা কেনে গোপী কৰা অপমান। আই গোসাঁনীৰ গীত। (বিধবাৰ কাহিনী গীত) দিহা- ৰাম প্ৰভু, ৰাম ৰাম হে ৰাম। হায়, ৰাম প্ৰভু, হৰিহে ৰাম।। পদ- স্বামীৰ শোকত শৰীৰ শুখাইল খহি পৰে হেম-হাৰ। স্বামী অবিহনে কিমতে বহিবো ইটো বিধৱাৰ ভাৰ।। শিথেৰ সিন্দুৰ খণ্ডিল অপাৰ আৰো দিব্য অলঙ্কাৰ। স্বামী অবিহনে কিমতে বঞ্চিবো দিনতে দেখোঁ আন্ধাৰ।। ৰমানন্দে ভৈলা গলৰে গলহাৰি(গলত পিন্ধা হাৰ) পুৰুষ উত্তম জাৰি।। স্বামীৰ লগত যাইবাক নপাইলে বৈকুণ্ঠ পয়াণ কৰি।। সোণৰ খাটত কোনো শুতিৰেক চামৰ ঢুলাইব কোনে। হৰি হৰি হৰি ই দুঃখ সুমৰি আতিকে মিলাইবা দুঃখ। গুৰুৰ চৰণ হৃদয়ে ধৰিবা কহয় মাধৱ দাস।। ৰামায়ণৰ গীত (১) দিহা- মুনি বোলে ওহে শ্ৰীৰাম নিমন্ত্ৰণ কৰিছে। মিথিলাতে জনক ৰাজাই স্বয়ম্বৰ পাতিছে।। পদ- অহল্যাক উদ্ধাৰিলা প্ৰভু ৰাম হৰি। অহল্যাক উদ্ধাৰিলা প্ৰভু ৰাম হৰি। গৈলা তাৰ পাছে ৰামে মিথিলা নগৰী।। আগে চলে বিশ্চামিত্ৰ পাছত লক্ষ্মণ। মধ্যতে গম্ভীৰ ৰাম কৰিলা গমন।। জগতৰ যতলোকে বেঢ়ি বেঢ়ি চায়। কিনো অপৰুপ ধৰে কাহাৰ তনয়।। হাঁসি হাঁসি বিশ্বামিত্ৰ বুলিলা বচন। দশৰথ পুত্ৰ জানা ৰাম যে লক্ষ্মণ।। সীতাই দেখিলন্ত পাছে তনু সুকোমল। চিন্তিলা মনতে দেৱী চৰণ যুগল।। নালাগে ভাঙিব ধনু এৰা পিতা পণ।। জনক ৰাজাক সীতাই বুলিলা বচন।। জগতৰ ৰাজাগণে তুলিলন্ত হাঁসি। জানকীক লাগি সবে বৰ হাবিলাসি।। দশৰথ পুত্ৰ ৰাম লক্ষ্মণ ধনুৰ্ধৰ। নিশ্চয় জানিবা পিতা জগত ঈশ্বৰ।। বাঘৱে ৰান্ধিলা পীত বস্ত্ৰ কঁকালতে। আগবাঢ়ি যায় ৰামে ধৰিলা ধনুতে।। বাম হাতে ধনু তুলি ভাঙিলা মধ্যতে। চমকিত ভৈলা যত ৰাজা সমাজতে।। সীতা আয়ে ৰামৰ দিলা মালা। হৰষিত দেৱগণে পুষ্প বৰষিলা।। ৰামায়ণৰ গীত (২) দিহা- মইও বনে যাওঁ স্বামীহে, অ’ স্বামী নকৰা নৈৰাশ। তোমাৰ লগত স্বামী খাতিম বনবাস।। পদ- উপৰে সূৰুযৰ ছাতি তলে তপ্ত বালি। কেনমতে যাবা সীতা সুকোমল নাৰী।। দণ্ডুকা বনতে আছে বাঘ সিংহ হাতী। কেনমতে যাবা সীতা তুমি নাৰী জাতি। থাকক বাঘ সিংহ হাতী নকৰো মই ভয়। আমাৰ লগত যাব লক্ষ্মণ সহায়।। আগে চলে ৰামচন্দ্ৰ মধ্যত জানকী। তাৰ পাছে চলি গৈলা লক্ষ্মণ সাৰথি।। হাতত সাৰঙ্গ ধনু পিঠিত তৃণ-বাণ। দণ্ডুকা বনক ৰাম কৰিলা গমন।। কুসুমে বিন্ধিলা পাৱ ৰক্ত ৰৈ যায়। আননি-বিননি কান্দে সীতা দেৱী আই।। ৰামে কাটে বৃক্ষ ডালি লক্ষ্ণণে ধৰে শিৰে। তাৰ ছায়াই সীতা দেৱী চলে ধীৰে ধীৰে।। কুশ কাটি লক্ষ্ণণ বীৰে শস্যাক সাজিলা।। তাৰ উপৰ সীতা দেৱী শয়ন কৰিলা।। কহয় মাধৱ দাসে সীতা ভাগ্যৱতী। জনমে জনমে হৌক ৰামত ভকতি।। ৰামায়ণৰ গীত (৩) দিহা- ঐ আৰে মই বনে যাওঁ স্বামীহে স্বামী নকৰা নৈৰাশ-হৈ ৰাম ৰাম তোমাৰ লগত স্বামী খাটিম বনবাস। পদ- দণ্ডুকা অৰণ্যে আছে সিংহ ব্যাঘ্ৰ হস্তী। কেনমতে যাবা তুমি শিশু মতি অতি।। থাক থাক সিংহ ব্যাঘ্ৰ নকৰোঁ মই ভয়। তোমাৰ লগত মোৰ লক্ষ্মণ সহায়।। উপৰে সূৰুয চাটা তলে তপ্ত বালি। কেনমতে যাবা তুমি সুকোমল নাৰী।। আগে চলে ৰামচন্দ্ৰ মধ্যতে জানকী। পাচে পাচে চলি যায় লক্ষ্ণণ ধানুকী।। ৰামে ৰোৱা বৃক্ষ ডালি লক্ষ্মণে লয়ে শিৰে। তাৰ তলে সীতা দেৱী চলে ধীৰে ধীৰে।। ৰামে ৰোৱা তুলসী ডালি লক্ষ্ণণে ঢালে পানী। চান গোবৰ দিয়া মোচে সীতা ঠাকুৰাণী।। কহয় মাধৱ দাসে সীতা ভাগ্যৱতী। জনমে জনমে হৌক ৰামত ভকতি।। লিখকঃ ফণীন্দ্ৰ্নাথ কলিতা