উপকৰণ যিকোনো কাঠমাছ- ৫০০ গ্ৰাম পূৰঠ কিন্তু নপকা অমৰা- ১০ টা মান অমৰাটোৰ সমানেই সৰু আলু এটা পাঁচফোৰণ- ১/৪ চামুচ শুকান জলকীয়া- এটা বা দুটা মিঠাতেল, নিমখ, হালধি প্ৰস্তুত প্ৰণালী অমৰাকেইটা আলুটোৰ সৈতে প্ৰেছাৰ কুকাৰত ২ কাপ পানীৰে সৈতে ২ মিনিট সিজাই ল’ব। মাছখিনি ভাজি ল’ব। কুকাৰটো ঠাণ্ডা হ’লে অমৰাকেইটা হাতেৰে পিটিকি গুটিকেইটা পেলাই দিব। আলুটোও একেলগে পিটিকি ল’ব। আলু আৰু অমৰাৰ মণ্ডখিনি আৰু দুকাপ পানীৰে সৈতে কুকাৰটোত ভৰাই উতলাই ল’ব। কেৰাহীত তেল গৰম কৰি পাঁচফোৰণ দি শুকান জলকীয়া দিব। হালধিও দিব। উতলি থকা জোলখিনি ঢালি দিব। মাছ দিব। নিমখ মিহলাব জোখমতে। সামান্য চেনিও দিব পাৰে। ভালদৰে এবাৰ উতল আহিলেই জুই বন্ধ কৰিব। গৰমৰ দিনত ভাতৰ সৈতে এই সুস্বাদু অমৰাৰ সোৱাদ লওক। উৎস: অসমীয়া প্ৰতিদিন।