উপকৰণ ১) উখুৱা চাউল : ৩ কাপ ২) বাকলি নথকা মাটি দাইল : ১ কাপ ৩) নিমখ : ১১/২ চাহ চামুচ ৪) পানী : ৬ কাপ ৰন্ধন প্ৰণালী ১) চাউল আৰু দাইল খিনি বেলেগ বেলেগ কৰি দুটা পাত্ৰত ৬-৮ ঘণ্টা সময় তিয়াব লাগে। ২) চাউল আৰু দাইল খিনি পানীৰ পৰা উঠাই থব লাগে। ৩) দাইল খিনি একাপ পানী দি ভালদৰে মিক্সিত মিহিকৈ পিচি ল’ব লাগে। ৪) চাউল খিনিও ভালদৰে মিক্সিত মিহিকৈ একাপ পানী দি পিচি ল’ব লাগে। ৫) চাউলৰ পেষ্ট আৰু দাইলৰ পেষ্ট খিনি একেলগে মিলাই লৈ তাত নিমখ দিব লাগে। ৬) মিশ্ৰণ খিনি ১২ ঘণ্টামান সময় ধাকি থৈ দিব লাগে। ৭) ইড্লি ষ্টেনৰ ভিতৰ খন ঘি বা ৰিফাইন তেলেৰে মচি ল’ব লাগে। ৮) মিশ্ৰণ খিনি ইড্লি ষ্টেনত দি, চচপেনত কম জুইত ১০ মিনিট সময় ভাপত থব লাগে। ৯) ইড্লি ষ্টেনটোৰ পৰা ইড্লি কেইটা আলপ ঠাণ্ডা হ’লে কটাৰীৰে উঠাই আনি পৰিবেশন কৰক। উৎস : কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁও