উপকৰণ মিঠা কঠাল এটা, চেনি-আধা কিলোগ্ৰাম বা ৰস অনুপাতে, ইলাচিৰ গুৰি-এক চামুচ, গাখীৰ-এক লিটাৰ। প্ৰণালী কঠালৰ ৰসখিনি উলিয়াই লওক। ৰসৰ লগতে চেনি, গাখীৰ, ইলাচি গুড়ি দি উতলাওক। যেতিয়া ৰসৰ লগত চেনি, গাখীৰ মিলি যাব, গোটা আৰু ঘন হ’ব, তেতিয়া জুইৰ পৰা নমাই ঠাল এখনত ঘি অলপ ঘঁহি তাত বহলকৈ মেলি দিয়ক। ঠাণ্ডা হ’লে বৰফিৰ আকাৰত কাটি লওক। ৰোকা নাৰিকল অলপ তাত দিব পাৰে। লেখিকা: চৈয়দা চফিকা বেগম, নন্দিনী।