উপকৰণ কণী – ১-২ টা বাবৰি শাক – ৩-৪ মুঠি নিমখ, হালধি, তেল আন্দাজমতে পিঁয়াজ – ১ টা (মিহিকৈ কুটা) প্ৰস্তুতি প্ৰথমে বাবৰি শাককেইমুঠি ভালকৈ বাছি-ধুই মিহিকৈ কুটি ল’ব। জুইত কেৰাহি বহুৱাই দি গৰম হ’বলৈ দিব। কেৰাহি গৰম হ’লে তেল গৰম কৰি লৈ কুটা পিঁয়াজখিনি দি অলপ ভাজি বাবৰি শাকখিনি দি দিব। নিমখ, হালধি দি শাকখিনি ভালকৈ ভাজিব। কণীকেইটা বাটি এটাত ভালদৰে ফেটি লৈ এই শাকখিনিৰ লগত মিহলাই দি ভাজিব। ভজা ভজা গোন্ধ যেতিয়া ওলাব নমাই থ’ব। বাবৰি শাকৰ গোন্ধ এটা আছে। সেই কাৰণে এনেয়ে খাবলৈ সকলোৱে ভাল নাপায়, কিন্তু এনেকৈ কণী দি ৰান্ধি খাই চাবচোন। প্ৰস্তুতি: কল্পনা দাস, প্ৰিয় সখী