উপকৰণ আৰি, বৰালি বা আন তেনেকুৱা বাকলি নথকা মাছ- ৫০০ গ্ৰাম অমিতা এটাৰ ১/৪ অংশ শুকান কুঁজী থেকেৰা- ৬-৭ টুকুৰা নিমখ, হালধি- আন্দাজমতে মিথিগুটি- ১০ টা মিঠাতেল, নিমখ, হালধি প্ৰস্তুত প্ৰণালী মাছকেইটুকুৰা তেলত আধাভজা কৰি ল’ব। থেকেৰাকেইটুকুৰা অলপমান পানীত তিয়াই থ’ব। অমিতাডোখৰ পিহনাত পিহি ল’ব। কেৰাহীত তেল ভালকৈ গৰম কৰি মিথিগুটিকেইটা ফুটাই দিয়ক। অমিতাখিনি তাতে ঢালি দি ভালদৰে লৰাই দিয়ক। নিমখ হালধি দি লৰাই ঢোকোন দি অমিতা সিজিবলৈ দিব। মাজে মাজে লৰাই থাকিব। অমিতা সিজিলে গৰম পানী দি উতল আহিবলৈ দিব। উতল আহিলে মাছকেইটুকুৰা জোলত দিব। থেকেৰা খচি পানীখিনি মিহলাই দিব। সামান্য চেনী মিহলাব পাৰে। ভালদৰে উতলি পাগ উঠিলে জুই বন্ধ কৰিব। গৰমৰ দিনত এই আঞ্জা বৰ উপাদেয় হয়। উৎস: অসমীয়া প্ৰতিদিন।