উপকৰণ খুতৰা শাক – ১ মুঠি আলু – ২ টা বা ৩ টা যিকোনো জীয়া মাছ – আন্দাজমতে সৰুকৈ কটা ঔ টেঙা – ৩ বা ৪ টুকুৰা নিমখ, হালধি, পাঁচফোৰণ, মিঠাতেল – আন্দাজমতে প্ৰস্তুতি খুতৰা শাকমুঠি ভালদৰে বাছি- ধুই মিহিকৈ কুটি ল’ব। আলুকেইটা সিজাই পিটিকি ল’ব(নিসিজাকৈ মিহিকৈ কাটি ল’বও পাৰে)। সৰু মাছখিনিও বাছি- ধুই নিমখ-হালধি সানি ল’ব। কেৰাহিত তেল গৰম হ’লে প্ৰথমে মাছখিনি ভালদৰে ভাজি কাঢ়ি থ’ব। সেই তেলতে পাঁচফোৰণ কেইটামান ফুটাই দি শাকখিনি, আলু আৰু ঔ টেঙা কেইটুকুৰা দি নিমখ হালধি দি দিব। অলপ ভাজি ঢাকোন মাৰি সিজিবলৈ দিব। শাক সিজিলে পানী দি উতলিবলৈ দিব। ভালদৰে উতলিলে মাছকেইটা দি আকৌ উতলাব। ঔ টেঙা কেইটুকুৰা হেতাৰে অলপ থেতালি দিব। (আঞ্জাত দিয়াৰ আগতে ঔ টেঙা কেইটুকুৰা পটাত অলপ থেতালি ল’বও পাৰে)। অলপমান জোলেৰে সৈতে আঞ্জাখন নমাই থ’ব। প্ৰস্তুতি: কল্পনা দাস, প্ৰিয় সখী