উপকৰণ মিল্ক মেইড: এশ পঁচিশ মিলিলিটাৰ, চিৰা: এশ গ্ৰাম, গাখীৰ: আধালিটাৰ, গুৰ: ৫০ গ্ৰাম, ইলাচি গুৰি: আধা চামুচ, কিচমিচ: অলপমান। প্ৰণালী চিৰাখিনি পানীত পাঁচ মিনিটমান তিয়াই থওক। গাখীৰ উতলাই তাতে চিৰাখিনি দি দুই তিনি মিনিটমান সিজাওক। মিল্ক-মেইড আৰু কিচমিচ মিলাই পাঁচ মিনিটৰ বাবে সিজাওক। গলাই লোৱা গুৰখিনি তাতে ঢালক। জুইৰ পৰা নমাই ইলাচিৰ গুৰি ছটিয়াই পৰিৱেশন কৰক। যুগুতালে: বিৰিঞ্চি মোহন শৰ্মা।