উপকৰণ পুঠি-শিঙৰাজাতীয় সৰু মাছ অলপ পুলি লাই শাক এমুঠি বৰ টেঙেচি শাক এমুঠি কেঁচা জলকীয়া মিথিগুটি ১০টা নিমখ-হালধি প্ৰস্তুত প্ৰণালী মাছকেইটা তেলত অলপ ভাজি ল’ব। টেঙেচি আৰু লাই পুলি একেলগে মিহিকৈ কুটি ল’ব। টেঙেচি আৰু লাই পুলি একেলগে মিহিকৈ কুটি ল’ব। গৰম তেলত মিথিকেইটা ফুটাই তাতে কুটা শাকখিনি দি লৰাই দিব। জোখমতে নিমখ হালধি দি ভালদৰে লৰাই গৰম পানী দি দিব। উতল আহিলে ভজা মাছকেইটা জোলত দি দিব। কেইমিনিটমানতে জোলখিনি পাগ লৈ আহিলে তাত ফলা জলকীয়া আৰু ধনিয়া পাত দি জুই বন্ধ কৰিব। মাছৰ টেঙা আঞ্জা বেছি ডাঠ কৰিব নালাগে। উৎস: অসমীয়া প্ৰতিদিন।