উপকৰণ ৰৌ মাছ- ২-৩ টুকুৰা, ক’লা তিল – ৩ টেবুল চামুচ, গোটা জিৰা, গোটা ধনিয়া, গোটা জালুক – ২ চাহ চামুচ (মিহলাই ল’ব), পাঁচফোৰণ – ১ চাহ চামুচ, পিঁয়াজ – ১ টা সৰু (কাটি ল’ব), আদা-নহৰু মিশ্ৰণ – ১ চাহ চামুচ, শুকান জলকীয়া – ১ টা, তেজপাত – ১-২ খন, নিমখ – সোৱাদ অনুসৰি, জালুক গুড়ি – ১/২ চাহ চামুচ, সৰিয়হৰ তেল – ১ টেবুল চামুচ তৰকাৰিৰ বাবে, ৩-৪ টেবুল চামুচ মাছ ভাজিবলৈ, হালধি গুড়ি – ১/২ চাহ চামুচ, ধনিয়া পাত – প্ৰয়োজন অনুসৰি সজাবলৈ আৰু আঞ্জাত দিবলৈ প্ৰস্তুত প্ৰণালী মাছকেইটুকুৰা ভালদৰে ধুই নিমখ, হালধি আৰু জালুক গুড়িৰে সানি লৈ পাঁচ মিনিটমান থৈ গৰম তেলত ভাজি ল’ব। এটা কেৰাহিত শুকানকৈ তিল, গোটা জিৰা, গোটা ধনিয়া, জালুক অলপ ভাজি ল’ব। এতিয়া ঠাণ্ডা কৰি মিক্সিত দি লগত পিঁয়াজ, আদা-নহৰু, অলপ ধনিয়া পাত, শুকান জলকীয়া আৰু অলপ পানী দি এটা থুপথুপীয়া মিশ্ৰণ বনাই ল’ব। কেৰাহিত তেল গৰম কৰি পাঁচফোৰণ আৰু তেজপাত দি ফুটাই ল’ব। এতিয়া ইয়াত তিলৰ মিশ্ৰণখিনি ঢালি দিব। ঘনাই লৰাই থাকিব মধ্যম জুইত। ১-২ মিনিটমান লৰাই থকাৰ পাছত আধা কাপমান পানী ঢালি দিব। ঢাকোন লগাই অলপ সময় উতলিবলৈ দিব। এতিয়া ইয়াত ভাজি থোৱা মাছ কেইটুকুৰা দি দিয়ক। দুই মিনিটমানৰ পিছত পুনৰ উতল আহিলে জুইৰপৰা নমাই থ’ব। আপোনাৰ তিল আৰু মাছৰ আঞ্জা তৈয়াৰ হৈ গ’ল। গৰমে গৰমে ভাতৰ লগত উপভোগ কৰক। প্ৰস্তুতি: সুৰংগনা বড়া, প্ৰিয় সখী