উপকৰণ তৰমুজ-এটা চেনি-১ কাপ বা সোৱাদ অনুসৰি ক’লা নিমখ-১ চামুচ ছাট মছলা-পছন্দ অনুযায়ী প্ৰস্তুত প্ৰণালী তৰমুজটো ধুই বাকলি গুটি গুচাই টুকুৰা-টুকুৰকৈ কাটি ল’ব। মিক্সিত টুকুৰাসমূহ ভৰাই চেনিৰে সৈতে একেলগে মিহলাই ৰস কৰি ল’ব। ক’লা নিমখো দিব। চাৰিটা গিলাচত এই ৰসখিনি সমানে বাকি ওপৰত বৰফৰ টুকুৰা ঢালি দিব। পৰিৱেশনৰ আগে আগে ছাট মছলা ছটিয়াই দিব। উৎস: সম্ভাৰ।