উপকৰণ বুটৰ দাইল মগু দাইল ৰহৰ দাইল মচুৰ দাইল আৰু খেচাৰী দাইল প্ৰত্যেকৰে এমুঠিকৈ এটা ডাঙৰ পিয়াজ এচামুচ আদা নহৰু বটা এচামুচ জিৰাগুৰি আধা চামুচ ৰঙা জলকীয়া গুৰি আধা চামুচ গৰম মছলা গুৰি এটা নেমুটেঙা, নিমখ হালধি আৰু মিঠাতেল জোখমতে। পদ্ধতি আটাইবোৰ দাইল ধুই এঘন্টা সময় পানীত তিয়াই থৈ দিয়ক। নেমুটেঙাটো চেপি ৰস উলিয়াই থৈ দিয়ক আৰু পিয়াজটো মিহিকৈ কাটি লওক। দাইলখিনি প্ৰেছাৰত দি পিয়াজ, আদা-নহৰু, গৰম মছলা আৰু নেমুটেঙা বাদ দি বাকী আটাইবোৰ মছলা প্ৰেছাৰত ঢালি দিয়ক। পানী আৰু নিমখ দি দহ-পোন্ধৰ মিনিট সময় সিজাওক। দাইল সিদ্ধ হ’লে নমাই থৈ জুইত এটা কেৰাহী বহাই তেল দিয়ক। তেল গৰম হ’লে পিয়াজ কটা আৰু আদা নহৰু বটাখিনি কম জুইত ভাজি লওক। ভজা হ’লে জুই বঢ়াই দি লগে লগে দাইলখিনি ঢালি দিয়ক। অলপ উতল অহাৰ পিছত দাইল নমাই গৰম মছলাৰ গুৰি আৰু নেমুৰ ৰসখিনি ঢালি ভালদৰে লৰাই পৰিৱেশন কৰক। লেখিকা: ধনদা বৰুৱা।