উপকৰণ পটল ২৫০ গ্ৰাম। কিচমিচ ১০-১২ টা। চেনি চাহ চামুচৰ ১ চামুচ। দৈ ১ কাপ। নহৰু বটা চাহ চামুচৰ আধা চামুচ। পিঁয়াজ ২ টা। লং-ইলাচি-ডালচেনিৰ গুড়ি চাহ চামুচৰ আধা চামুচ। মিঠাতেল ৭৫ গ্ৰাম। শুকান জলকীয়া ২ টা। আন্দাজমতে নিমখ-হালধি। প্ৰণালী পটলৰ বাকলি চুঁচি পটলকেইটা দুই-তিনি ডোখৰকৈ কাটি ল’ব। পিঁয়াজকেইটা পিহনাত মাৰি ল’ব। এতিয়া কেৰাহিত তেল গৰম কৰি পটলখনি নিমখ-হালধি সানি আধা ভজা কৰি ল’ব। কেৰাহীত তেল গৰম কৰি পিঁয়াজ-নহৰু বটা দিয়ক। অলপ ভজা হ’লে কিচমিচ দিয়ক দৈকণো ফেটি তাতে দিব। শুকান জলকীয়া দুটাও দুডোখৰকৈ ছিঙি দিয়ক। মচলাৰ পৰা তেল বিৰিঙিবলৈ ধৰিলে নিমখ-হালধি আৰু চেনি দিয়ক। উতলিবলৈ ধৰিলে পটলকেইডোখৰ দি পুনৰ ঢাকোন মাৰিব। মাজে মাজে লৰাই দিব। পটল ভালকৈ সিজিলে লং-ইলাচি-ডালচেনিকণ খুন্দি তাতে দিব। প্ৰয়োজন যেন লাগিলে পুনৰ আধা কাপমান পানী দি উতলাই নমাব। পটলৰ কালিয়াত ইচ্ছা কৰিলে আলুও দিব পাৰে। উৎস: নিয়মীয়া বাৰ্তা।