উপকৰণ পটল-চাৰিটা, আদা-নহৰু বটা আন্দাজমতে, জিৰা, ধনিয়াৰ গুড়ি-আন্দাজমতে, সিজোৱা বুটৰ দাইল-পঞ্চাশ গ্ৰাম, কণী-দুটা, পিঁয়াজ বটা- আন্দাজমতে, কেঁচা জলকীয়া-আন্দাজমতে, মগু দাইল-আন্দাজমতে, নিমখ-আন্দাজমতে। প্ৰণালী প্ৰথমে পটলকেইটাৰ পৰা গুটিখিনি উলিয়াই লওক। কেৰাহী এটাত দুই চামুচ ৰিফাইন তেল দি গৰম হ’লে ইয়াত পিঁয়াজ, আদা, নহৰু, জিৰা, ধনীয়া, জলকীয়া গোটেইখিনি দি ভাজি লওক। সিজোৱা বুটৰ দাইলখিনি বটি লৈ তাতে কণী দুটা ভাঙি দি অলপ সময় ভাজি আন্দাজমতে নিমখ দিয়ক। এতিয়া এইখিনি আধা সিজোৱা পটলকেইটাৰ ভিতৰত সুমুৱাই লৈ মগু দাইল বটাও লেতিয়াই ৰিফাইন তেলত ৰঙাকৈ ভাজি গৰমে গৰমে পৰিৱেশন কৰক। লেখিকা: বিভা ডেকা।