উপকৰণ পদিনাৰ পাত ২ মুঠি কেঁচা আম সৰু এটা আদা সৰু এটুকুৰা কেঁচা জলকীয়া ৪/৫ টা নিমখ সোৱাদ অনুযায়ী প্ৰণালী প্ৰথমতে পদিনা পাতখিনি ভালদৰে পানীত ধুই ল’ব। আমটো সৰু সৰুকৈ কাটি ল’ব। পদিনাখিনি, আম কেইটুকুৰা, আদা, জলকীয়া আৰু নিমখ আন্দাজমতে দি মিক্সিত ভৰাই দিয়ক। তাৰ পিছত চাটনিখিনি মিক্সিৰ পৰা উলিয়াই দাইল-ভাত নহ’লে ৰুটিৰ লগত পৰিৱেশন কৰক। গীতাশ্ৰী।