উপকৰণ ভেণ্ডী আঠটা, পিঁয়াজ দুটা, নহৰু চাৰি ফুটা, চয়া চ’চ এক চাহ চামুচ, টমেটো চ’চ দুই ডাঙৰ চামুচ, নিমখ ৰুচি মতে, তেল অলপ, কেঁচা জলকীয়া চাৰিটা, ধনিয়া পাত অলপ। প্ৰণালী ভেণ্ডী ধুই ডাঙৰ টুকুৰাকৈ কাটি ল’ব। পিঁয়াজ-নহৰু বটি ল’ব। ভেণ্ডীত নিমখ আৰু অলপ নেমুৰ ৰস সানি কিছু সময় ৰাখি থ’ব। পেনত অলপ তেল দি ভেণ্ডীখিনি সামান্য ভাজি উঠাই ৰাখিব। সেই তেলতে আৰু অলপ তেল দি পিঁয়াজ-নহৰু বটাখিনি দি ভাজিব। ভজাৰ গোন্ধ ওলালে ভেণ্ডীখিনি দি ভাজিব কম জুইত চয়া চ’চ। টমেতো চ’চত অলপ পানী মিহলাই দি ভেণ্ডীত ঢালি দিব। কিছু সময় জুইত ৰাখি লৰাই দিব। ভেণ্ডীত মছলাখিনি লাগি ধৰিলে জলকীয়া ফালি দি ধনিয়া পাত কুটাৰে লৰাই নমাই ল’ব। উৎস: অসম বাণী।