উপকৰণ বন্ধা কবি আধা কিলোগ্ৰাম। ময়দা- আধা কিলোগ্ৰাম। ঘি- আধা কিলোগ্ৰাম। বেকিং পাউদাৰ-আধা চামুচ। কালাজিৰা-অলপমান, নিমখ-আন্দাজমতে। প্ৰণালী বন্ধাকবিৰ পাত এটা এটাকৈ এৰুৱাই লওক। ময়দাখিনিত ঘি, কালজিৰা, বেকিং পাউদাৰ দি গৰম পানীৰে সানি লওক। সানি লোৱা ময়দাখিনিৰে লাড়ু কৰক। এটা লাড়ুৰে দুটা ভাগ কৰি দুখন ৰুটি বেলক। এই দুয়োখনৰ মাজত বন্ধাকবিৰ পাতটো সুমুৱাই ৰুটি দুখন লগ লগাই দিয়ক। কেৰাহীত ঘি গৰম কৰি ৰুটিখন ভাজক। গৰমে গৰমে চাহৰ লগত পৰিৱেশন কৰক। লেখিকা: চৈয়দা চফিকা বেগম, নন্দিনী।