উপকৰণ বিলাহী এক কেজি, চেনি ৭০০ গ্ৰাম। ভিনেগাৰ একাপ। পিয়াজ এটা। নহৰু ৪/৫ ফুটামান। জলকীয়া গুড়ি এচামুচ। প্ৰণালী বিলাহীখিনি ভালদৰে ধুই এটা বিলাহী চাৰি টুকুৰাকৈ কাটি ল’ব। পিয়াঁজ, নহৰু মিহিকৈ বটি ল’ব। এতিয়া কেৰাহী গৰম কৰি তাত বিলাহী, চেনি, ভিনেগাৰ, পিয়াঁজ নহৰু বঁটা আৰু জলকীয়া গুড়ি দি সিজাব। বিলাহী সিজি চেনি গলি ডাঠ হ’লে নমাই ঠাণ্ডা হ’বলৈ দিব। এই চাটনি বহু দিনলৈ খাব পাৰি। লেখিকা: মীনা বৰুৱা।