উপকৰণ সৰু কোমল ভেণ্ডি-৫০০ গ্ৰাম। কুটা পিয়াজ-১ টা। নহৰু বটা-৪ টা চেনি-১ চাহ চামুচ নেমুৰ ৰস- ২ টেবুল চামুচ তেল-৪ টেবুল চামুচ নিমখ আৰু জালুক স্বাদ অনুসৰি। প্ৰস্তুতি প্ৰথমেই ভেণ্ডিখিনি পৰিষ্কাৰ কৰি ধুই সৰু সৰু কাটি ল’ব। এটা পাত্ৰত অলপমান পানীত এই টুকুৰাখিনি দি সিজাই ল’ব। সিজিলে পানীৰ পৰা তুলি খৰাহি বা তেনে ফুটা থকা পাত্ৰত পানী যাবৰ বাবে থৈ দিব। পিছত ভেণ্ডিৰ টুকুৰা, কুটা পিয়াজ এটা পাত্ৰত লৈ নেমুৰ ৰস, তেল, নহৰু বটা, চেনি, নিমখ আৰু জালুকৰ গুড়ি দি দিব। ভাল কৰি মিহলাই খাই চাব। উৎস: বিকাশপেডিয়া।