উপকৰণ

দুটা কণী

কুটি লোৱা পিঁয়াজ দুচামুচ

সিজাই হাড় গুচোৱা মাংস আধা কাপ

দুচামুচ ক্ৰীম,

পাপৰিকা আধা চামুচ

নিমখ জোখ মতে।

প্ৰণালী

প্ৰথমে মাংসখিনি সিজাই লৈ হাড়ৰ পৰা এৰুৱাই সৰু সৰু কৰি ল’ব। এটা পাত্ৰত নিমখ, পিঁয়াজ, পাপৰিকা, ক্ৰীম আৰু মাংস মিহলাই ভালদৰে সানি ল’ব। এতিয়া আন এটা পাত্ৰত এটা কণী ফেটি লৈ তাত নিমখ দিব। এখন ফ্ৰাইপেনত তেল গৰম কৰিব। প্ৰথমে তাত মাজতে আনটো কণী পচ্ছ্ কৰাৰ দৰে ফ্ৰাইপেনৰ মাজত দিব। জুই একেবাৰে কমাই থ’ব। এতিয়া ফেটি থোৱা কণীটো চাৰিওফালে দি দিব আৰু কাষে কাষে মাংসৰ মিশ্ৰণটো দিব। মন কৰিব যাতে পচ্ছ্ কৰা কণীটোৰ কুহুমত মাংসৰ মিশ্ৰণ নপৰে। এতিয়া পাঁচ মিনিটমানৰ কাৰণে ঢাকোণ মাৰি থ’ব। ইচ্ছা গলে ওপৰত চীজ্ দিব পাৰে।

উৎস: অসম বাণী।