উপকৰণ বৰা চাউল তিনি কাপ লাহি চাউল পাঁচ কাপ গাখীৰ ডেৰ কাপ নাৰিকল এটা(ৰুকি ল’ব) চেনি দুকাপ ৰিফাইন তেল আধা লিটাৰ ইলাচি দুই বা তিনিটা(মিহিকৈ কুটি ল’ব) প্ৰণালী প্ৰথমতে দুয়োবিধ চাউল একেলগ কৰি খুন্দি লওক। এতিয়া কেৰাহী এটা গৰম হ’বলৈ দি আগতে ৰুকি থোৱা নাৰিকলত চেনি দি ইলাচিৰ সৈতে ভাজি লওক। খুন্দি থোৱা পিঠা গুড়িখিনি গাখীৰেৰে মথি লৈ ঘিলা পিঠাৰ আকাৰত প্ৰস্তুত কৰি পিঠাৰ মাজভাগৰ দ অংশত নাৰিকলৰ পুৰখিনি দি মুখখন বন্ধ কৰি ৰিফাইনত ভাজি লওক। লেখিকাঃ মধুস্মিতা চক্ৰৱৰ্তী।