চিৰা অসমীয়া মানুহে খোৱা এবিধ লঘু আহাৰ হৈছে— জলপান। জলপান কেইবাবিধো আছে। যেনে- কোমল চাউল, বৰা চাউল, সান্দহ গুৰি, পিঠাগুৰি, চিৰা-মুৰি, আখৈ, হুৰুম, ভজা চাউল আদি। অসমীয়া সমাজৰ সামাজিক অনুষ্ঠান বিয়া-বাৰু, সকাম-শ্ৰাদ্ধ আদিত চিৰা জলপান ভকত-আয়তীসকলক আপ্যায়ন কৰা হয়। বিহু সংক্ৰান্তি বা এনেও ঘৰত পূৱাৰ আহাৰ হিচাপে চিৰা জলপান খোৱা হয়। চিৰাক লৈ অসমীয়া ভাষাত ফকৰা-যোজনা প্ৰচলিত আছে— সান্দহ খুন্দি দিয়া খাওঁ পানেশ্বৰী চিৰা খুন্দি দিয়া খাওঁ। ৰাতিৰ ভিতৰতে কাপোৰ বৈ দিয়া বঙাল মাৰিবলৈ যাওঁ। অসমীয়া সংস্কৃতিত চিৰাৰ আসন সুকীয়া। চিৰাৰ সৈতে উৰল আৰু ঢেঁকীশালৰ সম্পৰ্ক নিবিড়। প্ৰস্তুত প্ৰণালী ১. বিভিন্ন ধানৰ চিৰা খুন্দিলেও, জহা, বৰা, মাণিকী মধুৰী, বকুল বৰা, মালভোগ প্রভৃতি ধানৰ চিৰা খাবলৈ সোৱাদ যুক্ত। ২. ধান পানীত তিয়াই উধান পাৰি থালীত থৈ তলত জুই দি পাচিত সিবোৰ তৰিয়াই লৈ পানীবোৰ নিগৰি যাবলৈ দিয়া হয়। ৩. পানী নিগৰি যোৱাৰ পিছত ঢেঁকীশালত খোলা পাতি মাটিৰ চৰুত এঅনা-এঅনাকৈ ভাজি দুই এটা ধান ফুটাৰ লগে লগে খোলাৰ পৰা নমাই খুবলিত দি ঢেঁকীৰে খুন্দা প্রয়োজন। কোনো কোনোৱে ঢেঁকীৰ সলনি উৰলো ব্যৱহাৰ কৰে। ৪. চিৰাৰ ঢঁকী দিয়া নিয়ম আছে। লাহে লাহে বা বৰ খৰকৈ দিলে নহ’ব। ঘনাই চিপ চিপকৈ চিৰা ঢেঁকী দিয়া হয়। ৫. ঢেঁকীৰ চাবৰ তালে তালে বঢ়াই উখনিয়াই দিব লাগে। ৬. কেইমিনিটমান পাছতে চিৰা খুবলিৰপৰা তুলিবৰ হয়। ৭. তোলাৰ পাছত সিবোৰ ডলাৰে জাৰি তুহবোৰ আঁতৰালে খোৱাৰ উপযোগী চিৰা প্ৰস্তুত হয়। খোৱা উপযোগী খোৱাৰ পৰত পানীৰে ধুই দৈ- গুড়েৰে তাক পৰিৱেশন কৰাটো পৰিচিত ছবি। অসমীয়া সংস্কৃতিৰ অন্যতম সম্পদ চিৰাই অসমীয়া প্ৰৱাদ-প্রবচনৰ মাজেদি আত্ম প্ৰকাশৰ সুযোগ লৈছে— (ক) বহিব জানিলে মাটিয়ে পীৰা, খাব জানিলে চাউলে চিৰা, (খ) ধিন্ন্দৌ ৰঙাই এদোণ ধানৰ চিৰা খুন্দি দেশখনকে জনায়, (গ) একমুখে ধানৰ চিৰা, এক মুখে চাউল চিৰা, (ঘ) শ্রীকৃষ্ণৰ নাতি আগেয়ে খায় চাউল চিৰা পিছত সোধে জাতি, (ঙ) গা ধোওঁতে লাগিল ভোক চিৰাৰ জলপান দে মোক। অসমীয়া জলপান হৈছে সাধাৰণতে পুৱাৰ আহাৰ। এই জলপান সুকিয়াকৈ ৰন্ধাৰ প্ৰয়োজন নহয় আৰু কম সময়ৰ ভিতৰতে প্ৰস্তুত কৰিব পৰা যায়। এই জলপান বিহু উৎসৱৰ সময়ত বিশেষভাৱে অতিথিসকলকো পৰিৱেশন কৰা হয়। ইয়াৰ উপৰি অসমীয়া সমাজত মৃতকৰ দহা-কাজ, আদি আচাৰ অনুষ্ঠানতো দৈ-চিৰা জলপানেৰে অতিথি আপ্যায়নৰ কৰা হয়।