লোক-সাহিত্যৰ অন্যতম গুৰুত্বপূৰ্ণ বিভাগ-“লোকগাথা”। লোক মানে সাধাৰণ জনগন। গাথা মানে হৈছে-কবিতা, গীত বা কাহিনী প্ৰধান কবিতা। অৰ্থাৎ সাধাৰণ লোকৰ জীৱনৰ দুখ-সুখ, শোক-তাপ আদিলৈ ৰচিত কাহিনী গীতেই হ’ল ‘লোক-গাথা’। এই দীঘলীয়া কাহিনীমূলক গীত বিলাকক মালিতা বা বেলাড (Ballad) বুলিও ক’ব পাৰি। অসমীয়া মালিতা শব্দটো মালা শব্দৰ পৰাই সৃষ্টি হৈছে। ফুলৰ মালাৰ দৰে ধাৰাবাহিকভাৱে গাঁথি থোৱা গীতিব্যঞ্জক কাহিনীয়েই হ’ল মালিতা। সাহিত্যৰ প্ৰকৃতিৰ সম্বন্ধ অঙ্গাঙ্গী। লোক-সাহিত্যৰ বেলিকা এই সম্বন্ধ আৰু প্ৰকট। ‘চটাই পৰবতে চিৰি লুইতকে’ লৈ জান-জুৰি, বিবিধ-বিৰিখ, বাৰেবৰণীয়া চৰাই-চিৰিকটি, সেউজীয়া পথাৰ, সোণ বৰণীয়া ধাননী, বগী ঢকে ঢকে বালিচটাবোৰে অসমৰ ৰূপত ৰহণ চৰাই দেৱৰো দুৰ্লভ কৰি ৰাখিছে। লোক-গাথাৰ ব্যৱহাৰ অসমত যিমান প্ৰকট হৈ ৰৈ আছে আন ঠাইত হয়তো তেনে নহয়। ওপৰতে চালে এই অবৈজ্ঞানিক প্ৰকৃতি আণৱিক যুগত উপলুঙাৰ হে বিষয়। কিন্তু ডাকৰ বচনসমূহ অসমীয়া চহা জীৱনত ‘বেদৰ বাণী’ হৈ থাকি আমাৰ সমাজখনক সহজ-সৰল নিৰিবিলিকৈ ৰাখি সুখ-সন্তোষৰ সঁফুৰা দি থকা নাই বুলি কেনেকৈ ক’ব? জন্ম-প্ৰকৰণত প্ৰসূতিৰ পালনীয় এই বচনফাকি কোন ডাক্তৰে নুই কৰিব? “কলীয়া তুলসী বেলৰ পাত।মুঠাৰ সহিতে বাটি পটাত।।তপত কৰিয়া জননী খায়।তেবেসে নাড়ী দৃঢ়ক পায়।।” যোজনা-ফকৰা-পটন্তৰবোৰে যিখিনি মূল সত্যৰ সন্ধান দিয়ে সেইবোৰ বিশ্ববিশ্ৰুত সাহিত্যিকৰ ৰচনাতো দুৰূহ। আজিৰ বাকযুদ্ধময় গণতন্ত্ৰৰ দিনত যেই কোনো সংসদতে আমাৰ এই বোপাককাহঁতে দিয়া যুক্তি কোনে কাটে? সাগৰত থাকে শঙ্খ,নেগুৰীয়া শামুকে বোলে, মইয়ো তাৰে বংশ।বাপোকলগা বিড়ালী ওপৰ চাঙত শোৱে,খৰে খোৱা গাটো নেমু টেঙাৰে ধোৱে।। লোক-গাথা লোক বিশ্বাসৰ প্ৰতিচ্ছবি। লোক-জীৱনৰ পৰম্পৰা আৰু অভিজ্ঞতাই লোক-বিশ্বাস সৃষ্টি কৰে। লোক-বিশ্বাসে যুক্তি-তৰ্ক স্বীকাৰ নকৰে; কিন্তু পৰম্পৰা স্বীকাৰ কৰে। ভেকুলীৰ লগত ইন্দ্ৰ দেৱতাৰ সম্পৰ্ক কেনেকৈ হ’ল, এই প্ৰশ্নটোৰ যথাৰ্থ উত্তৰ পোৱাৰ আগতে লোক-বিশ্বাসে এইটো কথা কয় যে, ভেকুলী বিয়াৰ নাম গালেই বৰষুণ দিয়ে। ই এক পৰম্পৰা জড়িত লোক-বিশ্বাস। এনে লোক-বিশ্বাসৰ ফলতেই ভেকুলী বিয়াৰ নাম, অপেচৰা সবাহৰ নাম, আইনাম, মহো-হো গীত আদিৰ জন্ম হৈছে। এইকেইবিধ লোক-সাহিত্যৰ বুকুত লোক-জীৱনৰ মনস্তাত্ত্বিক দিশটো দেখিবলৈ পোৱা যায়। মানুহৰ জীৱনৰ চৰম লক্ষ্য আনন্দ লাভ। জীৱনৰ যি কোনো বতৰতে মানুহে আনন্দ বিচাৰে। আনন্দৰ পাৰ বাগৰি গ’লে মানুহৰ মনত আৱেগৰ জোৱাৰ উঠে। তেতিয়া কথাবোৰ কবিতা হয়, কবিতাবোৰ মৌ-সনা গীত হয়। এইদৰেই বিহু আৰু বিয়াৰ গীতবোৰৰ জন্ম হয়। লোক-সাহিত্যৰ আটাইতকৈ চিত্ৰধৰ্মী আৰু সুৰধৰ্মী অংশটো বিয়ানাম আৰু বিহুনামত পোৱা যায়। এই গীতিধৰ্মী ৰচনাসমূহ মৌখিকভাৱে দিন দিন চলি আহোতে অনেক যোগ-বিয়োগ হৈছে; কিন্তু স্বাভাৱিক ৰূপটোৰ কোনো বিকৃতি ঘটা নাই। ইয়াত লোক-গাঁথাৰ সংক্ষেপে কিছু আভাস দিয়াৰ প্ৰচেষ্টা- ১) সাঁথৰ- সাঁথৰ পৃথিৱীৰ সকলো ভাষাতে আছে আৰু ইয়াৰ জন্মলগ্ন অতি পুৰণি। ভাৰতবৰ্ষৰ বৈদিক সাহিত্যতেই সাঁথৰৰ সঁচ পোৱা যায়। গ্ৰীক সাহিত্যৰ প্ৰশ্ন আৰু ইডিপাছৰ উত্তৰ এটি অন্যতম প্ৰাচীন সাঁথৰ। সাঁথৰ অন্যান্য লোক-সাহিত্যৰ শাখাৰ দৰেই মুখে মুখে চলি আহিছিল আৰু সেই বাবেই যুগৰ বিৱৰ্তনত পৰি নতুবা পাহৰণিৰ পৰশত অনেক সাঁথৰ চিৰদিনৰ বাবে লুপ্ত হ’বলগীয়া হয়। মহাভাৰতত ধৰ্মই যুধিষ্ঠিৰক সোধা প্ৰশ্নকেইটাও সাঁথৰেই। অসমীয়া অভিধানত সাঁথৰ শব্দৰ বুৎপত্তিগত অৰ্থ দিবলৈ গৈ কৈছে- “প্ৰশ্ন শুনি য’ত সাঁতুৰি অৰ্থ বিচাৰিব লাগে, সেয়ে সাঁথৰ।” অসমীয়া ভাষাতো কিছুমান পুৰণি সাঁথৰ আছিল। কাইথেলী অঙ্কৰ অনেক অঙ্ক-সাঁথৰ সংজ্ঞাৰে সামৰিব পাৰি। বিশেষকৈ সংখ্যাবিলাক সাঁথৰজাতীয় শব্দৰে বুজাবলৈ চেষ্টা কৰিছিল। গগন, আকাশ, শূণ মানে শূণ্য, চন্দ্ৰ, সূৰ্য্য, ঈশ্বৰ মানে এক, কাণ, চকু, পাখী, ভৰি, হাত মানে, দুই, জগতলোক মানে তিনি, বাদ মানে চাৰি, বাণ মানে পাঁচ, ৰস মানে ছয়, মুনি মানে সাত, বসু ঐশ্বৰ্য মানে আঠ, গ্ৰহ মানে ন, দিশ মানে দহ, ৰুদ্ৰ মানে এঘাৰ ইত্যাদি। অঙ্কৰ সাঁথৰো অৱশ্যে নোহোৱা নহয়। গিৰিয়েকৰ নাম ক’বলৈ অমান্তি হোৱা তিৰোতা এগৰাকীয়ে গিৰিয়েকৰ নাম বুজাবলৈ কৈছে- তিনি তেৰমধ্যে বাৰন দি যোগ কৰ,তাৰপিছত লগাই ৰামপাৰ কৰি দিয়াঘৰলৈ যাম। (উত্তৰ- ষাঠীৰাম) ২) ডাকৰ বচন- ‘ডাকৰ বচন বেদৰ বাণী’- ভাৰতীয় মানুহৰ দৃষ্টিত বেদ-বাক্যৰ যি মূল্য অসমীয়া জন-জীৱনতো ডাকৰ বচনৰ মূল্যও সমানেই। ডাকৰ বচন সঁচাকৈয়ে ব্যৱহাৰিক জ্ঞানৰ ভঁড়াল। ডাকৰ বচন বিলাক বহুতো ভাগত ভাগ কৰিব পাৰি। তাৰে এটা ভাগত ঘৰ এখনৰ বিষয়ে বৰ্ণনা কৰা থাকে। ঘৰখনৰ ক’ত কি ৰুব লাগে, ক’ত কি সাজিব লাগে তাৰ সকলো দিহা ডাকৰ বচনৰ পৰা পাব পাৰি। ঘৰৰ ভেটি আৰু বাৰী সম্পৰ্কীয় সকলো কথা শুনাৰ পিছত এখন পুৰণি ঘৰৰ চিত্ৰ মনলৈ আহে। ধ্বজৰ উত্তৰ গজৰ পূব।সিংহৰ পশ্চিম অতি শুভ।।বৃষৰ দক্ষিণ পায় যেবে।সৰ্ব্বসিদ্ধি হোৱয় তেবে।।নৱে-তেৰয় সাজিবা ঘৰ।যিমান লাগে তিমান কৰ।। এয়া হ’ল ঘৰৰ ভেটি। ঘৰৰ জোখ সম্পৰ্কে আকৌ কৈছে- ৰুৱা লবা যতেক ততেক।মাৰলি লবা তিনি ততেক।।পূবা পশ্চিমাকৈ সাজিবা ঘৰ।অকালমৃত্যুক নাহিকে ডৰ।। ঘৰৰ লগত বাৰীখনত থাকিবলগীয়া বস্তুৰ বিষয়ে কৈছে- পূবে ভঁৰাল পশ্চিমে গঁৰাল।উত্তৰে চৰু দক্ষিণে গৰু-উত্তৰে বাঁহ, দক্ষিণে হাঁহ।।দাঁতিত কঁঠাল, মাজত আম।তেবে জানিবা বাৰীৰ কাম।।পূবে ভানু পশ্চিমে ছায়া।তেবে জানিবা বাৰীৰ কায়া।। ৩) ফকৰা- ফকৰা মানে এফাকি কথা; কিন্তু কথা নহয়, পাৰমাৰ্থিক অৰ্থবোধক কথাহে। ফকৰাবোৰ সাধাৰণতে ভকতৰ সম্পত্তি। সেইবাবে ভকতৰ কৰ্তব্য, নিয়ম-কাৰণ, আদৰ্শ আদি নিৰ্ণয় কৰি ৰচনা কৰা ভালেমান ফকৰা আছে। সেইদৰে ভকতিৰ বিষয়েও উল্লেখ কৰিছে। ভকত সৰু ভকত ডাঙৰ ভকত মাজখিলা।চাঙৰ তলত ভকত আছিল দেখিও নেদেখিলা।।ভকত সুলভ ভকতি দুৰ্লভবিচাৰি পাবলৈ নাই;থবা সি থানত থবা পথাৰতযেন হাত মেলি পায়।ভকতি ভোমাই-মাই;গুৰু কপটীয়া, শিচ আশাধাৰীজীৱৰো তৰণি নাই। অসমৰ বৈষ্ণৱ আদৰ্শত বেদান্তৰ প্ৰভাৱ অনস্বীকাৰ্য। গতিকে সাংখ্য, বেদান্ত, উপনিষদ আদিৰ দুই-চাৰিটা তত্ত্ব ফকৰাৰ বুকুত সাঁথৰৰ সাঁচত সোমাই আছে। এক জুপি বৃক্ষ আছে জগতক জুৰি।তলে আছে ডাল-পাত ওপৰে আছে গুৰি।। কেইটামান ফকৰাত বৈষ্ণৱ ধৰ্মৰ জনচেৰেক ভকতক সামৰি লৈছে। এনে ফকৰাৰ অৰ্থ পৰম্পৰাগতভাৱে বাগৰি আহিছে আৰু তেনেকৈ নেজানিলে অন্য উপায়ে জানিব নোৱাৰি। সভাত আহিব লাগে বৰালি ভকত।মিৰিকা নাৰিয়া দুয়ো আহক লগত।। ইয়াত বৰালি হৈছে বদুলা পদ্ম আতা; মিৰিকা-পৰমানন্দ আতৈ; নাবিয়া হৈছে নাৰায়ণ ঠাকুৰ আতা। ৪) যোজনা-পটন্তৰঃ- প্ৰবচন বা যোজনা-পটন্তৰ লোক-সাহিত্যৰ এটি অমূল্য সম্পদ। মানুহে বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ পটভূমিত যি জ্ঞান আৰ্জিছিল, সেই জ্ঞানৰ একোটি মণি-মুকুতাই হ’ল প্ৰবচন বা যোজনা-পটন্তৰ। পটন্তৰত সাধাৰণতে দুফাকি কথা থাকে আৰু দুয়োফাকি কথাৰ বিষয়বস্তুৰ স্বভাৱৰ মিল থাকে আৰু সিটোৰ লগত ইটোক ৰিজাবলৈ ব্যৱহাৰ কৰা হয়। ঔটো পৰি কপৌটো মৰিলবগে নিৰামহি খায়;সখীয়তি চৰায়ে ছমাহলৈ বিনালেসম্বন্ধত একোডাল নাই।* মাকে শলাগে জী,বাপেকে শলাগে জী,চা-চুবুৰীয়াই যাক শলাগিবসেয়েহে মাকৰ জী।* সোণাৰীয়ে সোণ চিনে বৰাই চিনে কচু,কথাচহকীয়ে কথা চিনে হাঁহে চিনে কেঁচু।* লাগনী নহ’লে জুই নজ্বলে,টুটকীয়া ন’হলে গাওঁ নবহে।* ৫) ধাই নামঃ-শিশুৰ আমনি ভাঙি টোপনিৰ বাণ মাৰিবলৈ প্ৰয়াস কৰোঁতেই ধাইনামৰ জন্ম হৈছিল। এই নামবোৰৰ মাতত মোহলগা, সুৰত মৌবৰষা এটি সন্মোহনী শক্তি আছে। ধাইনাম বা মাকে শিশুক নিচুকাবলৈ এই গীত ব্যৱহাৰ কৰাৰ বাবে ধাইনাম বা নিচুকনি গীত বোলে। গীত শব্দটো লোক-সাহিত্যত বিশেষ ক্ষেত্ৰতহে ব্যৱহাৰ হয়; সাধাৰণতে নাম শব্দই গীতকো বুজাই। সেয়েহে ধাইনামত নাম শব্দই ঠাই পাইছে। শিশুৱে আমনি কৰে সাধাৰণতে দুটা কাৰণত- এটা টোপনি বিচাৰি আৰি আনটো কিবা বস্তু বিচাৰি। আকাশত জোন দেখি কেঁচুৱাই ৰ লাগি চাই থাকে। কেতিয়াবা সৰু কোমল হাতৰ ঠাৰি দুটি মেলি জোনবাইক মাতে। লগতে শিশু-মনৰ লগত তাল ৰাখি মাকেও কল্পনাৰ পখিলাৰ পাখিত উৰি জোনবাইৰ ওচৰত বেজী এটি বিচাৰি হাত পাতে। জোনবাই এ, বেজী এটি দিয়া,বেজীনো কেলেই-মোনা সীবলৈমোনানো কেলেই-ধন ভৰাবলৈধননো কেলেই – হাতী কিনিবলৈহাতীনো কেলেই-উঠি ফুৰিবলৈহাতীত উঠি পানীৰাম ঘৰলৈ যায়,আলিবাটৰ মানুহে ঘূৰি ঘূৰি চায়। মানুহ আশাত জীয়াই থাকে। সেয়ে কেতিয়াবা শিশুক টোপনি যোৱাবলৈ মাকে শিশুৰ মূৰত সেই আশা সুমুৱাই দি গায়- আমাৰে মইনা শুব এবাৰীতে বগৰী ৰুব এবাৰীৰে বগৰী পকি সৰি যাবআমাৰে মইনাই বুটলি খাব। কেতিয়াবা আশা সেমেকি যায়। শিশুৱে আশাত ঠেহ নেৰে। তেতিয়া উপায় নাপাই শিশুক ভয়ৰ গুটি সিঁচিব লগা হয়। তেহে শিশুৱে কান্দোন সামৰি চুপ মাৰি থাকে। শিশুৱে বাঘ-সিংহ দেখা নাই। সিহঁতৰ ভয়াবহতা শিশুক কথাৰে বুজাব নোৱাৰি; গতিকে এক কাল্পনিক, কাণখোৱা আৰু নিতৌ চুৱা-পাতনিত ‘হোৱা হোৱা’ কৰি ফুৰা ‘শিয়ালী’কহে মাতে। শিয়ালী এ নাহিবি ৰাতিতোৰে কাণ কাটি লগামে বাতিই বোলে কাণখোৱা, সি বোলে কাণখোৱাকাণখোৱাই কি কাম কৰে,হাতত দা-যাঠি, কামত ৰঙা ছাতিল’ৰাৰ কাণ খাই ফুৰে। শিশুৱে সঙ্গীতৰ মধুৰ ধ্বনিত ভোল যায়। সেই বাবে ওমলি থাকিবৰ বাবে ভাত খুৱাওঁতে, গা ধোৱাওঁতে আৰু মুৰ ধোৱাওঁতেও কিছুমান নাম গোৱা হয়।৬) ল’ৰা-ধেমালিৰ গীতঃ-শিশু-মন চঞ্চল। লৰি-ঢাপৰি, জঁপিয়াই-ডেউ-দি সিহঁতে ভাল পায়। শিশুৱে মাকৰ কোলাৰ পৰা বাহিৰলৈ ওলাব পৰা হোৱাৰ পিছত ল’ৰা-ধেমালিৰ গীত গোৱা আৰম্ভ হয়। – আগুৰ গুৰ মাগুৰ জালিঘোঁড়াৰ আগত দিলো পানী,ঘোঁড়াই বোলে নেখাওঁ পানী।বিৰিণাৰ আগ ঐ, বনমালা ঘাটৈআতিৰাম কাটিৰাম দলনিতে লাগি যাম।দলৌ কেৰেকেৰায়, গুটি ধৰে ফৰায়,গুটি ঔ মালি ভুবন পোৱালিহাতত তৰোৱাল লৈ যাওঁ খেদা মাৰি। হৈ গুডু খেলোতে গোৱা এই গীতটোত নিৰ্দিষ্ট বিষয়বস্তু নাই; কিন্তু বঢ়িয়া ছন্দ আৰু ছন্দস্পন্দন আছে। তেনেদৰে আৰু কেইটামান ল’ৰা ধেমালীৰ গীত হৈছে- অলৌ গুটি টলৌ গুটিকচুগুটি ঘাই;এইখন হাতৰ গুটিটোএইখন হাতত পায়।* শালিকি এ লঠৌ ঠৌভাল হ’ল শাক হ’ল,শালিকি ক’লৈ গ’ল?এইখিনিতে আছিলে গোৱৰ খুঁচৰিকোনোবাই লৈ গ’ল ডিঙি মুচৰি।* উকুলি মুকুলি দুকুলি কাঁহীআদৌ দৌ ডামৰ ডাঁহী।আম পাত চাম চেলায়পদুম পাতে হৰ হৰায়,কি কি চৰাই কি কি নাও,সোণা চৰাইৰ কথা কওঁউদি মুদি কঁঠাল পাত,ইখন এৰি সিখন কাট।* ল’ৰা ধেমালীৰ গীতবোৰ শিশু-মনৰ পৰা স্বতঃস্ফূৰ্তভাৱে ওলাই আহে বাবেই এই গীতবোৰ লোক-সাহিত্যৰ এক বহুমূলীয়া সম্পত্তি।৭) ভেকুলী-বিয়াৰ নামঃ- লোক বিশ্বাসৰ গইনা লৈ সৃষ্টি হোৱা আন এটি লোক সাহিত্যৰ ঠাল হ’ল ভেকুলী বিয়াৰ নাম। বৰষুণ দিলে ভেকুলিয়ে টোৰটোৰায়। চুক ভেকুলীৰ টোৰটোৰণি বতৰৰ আগলি বতৰা বুলি মানুহৰ মনত এটা বিশ্বাস সোমাল। ভেকুলীৰ লগত বৰষুণৰ সম্পৰ্কটো ইমান গাঢ় কেনেকৈ হ’ল বুজা টান; কিন্তু এই সম্পৰ্কই লোক-বিশ্বাসৰ ভেটিটো শকত কৰি এটা উৎসৱৰ জন্ম দিলে- সেয়ে ভেকুলীৰ বিয়া। খেতিৰ বতৰত বৰকৈ খৰাং হ’লে মানুহে ভেকুলী বিয়া পাতে। এহাল চুক-ভেকুলী ধৰি এজনীক কইনা আৰু এটাক দৰা পাতি দুঘৰ মানুহৰ ঘৰত থয়। তাৰ পিছত যথা নিয়মত পানী তুলি, নোৱাই-ধুৱাই, নাম গাই বিয়া পাতে। ভেকুলী বিয়াৰ লগত সাঙোৰ খাই আছে ইন্দ্ৰ দেৱতা। ইন্দ্ৰ দেৱতাই বৰষুণ দিয়ে। অথৰ্ব বেদত বৰষুণ কামনা কৰি ভেকুলীক এনেদৰে প্ৰাৰ্থনাও জনাইছে- ভেকুলীৰ বিয়ালৈআহে ইন্দ্ৰদেৱেবতাহ বৰষুণত তিতি;স্বৰ্গৰ অপেচৰীনামি আহিছেভেকুলীৰ বিয়া শুনি।* ভেকুলীৰ মূৰৰে জলঙা পাগুৰিভেকুলীৰ হাতৰে খাৰু;ভেকুলীক বিচাৰি ইন্দ্ৰ আহিলেদেখুৱাই নিদিবা কেৱে। ভেকুলীৰ বিয়া নামত এটা প্ৰাৰ্থনাৰ সুৰো আছে- মেঘে কৰে এগা গুমাভেকুলীৰ বিয়া;আজি প্ৰভু ৰক্ষা কৰাসূৰুযমুখে বাকা।* উজনি ৰাজতে বজায় ঢাকে-ঢোলবজায় দেৱীদ’লত ডবা;আপোনাৰ ৰাজ্যলৈ যোৱাগৈ ভেকুলীৰাইজক পানী কৰি দিয়া।* ভেকুলী বিয়াৰ নামৰ পৰিমাণ তাকৰীয়া হ’লেও লোক-বিশ্বাস ঐতিহ্যজড়িত কৃষিজীৱী সমাজৰ গীত হিচাপে লোক-সাহিত্যত ইয়াৰ মূল্য বৈশিষ্ট্যপূৰ্ণ। উল্লেখিত গীত সমুহৰ উপৰিও আৰু বহুতো গীত অসমীয়া লোক-সাহিত্যত আছে। সেই সকলোবোৰৰ বিষয়ে ইমান সংক্ষেপে লিখা কোনো গুণে সম্ভৱ নহয়। উদহৰণস্বৰূপে বিয়ানাম, টোকাৰিনাম, অপেচৰা সবাহৰ নাম, নাওখেলৰ গীত, সদাশিৱৰ নাম, বৃন্দাবনী নাম, মহো-হো-মহখেদা গীত, জুনা, বাৰমাহী গীত এই সকলো অসমীয়া লোকগাথাৰ অন্তৰ্গত। আমি যদি এই বিষয়ৰ সমূহ গীত-মাত বিলাক জন-গণৰ মাজৰ পৰা বুটলি আনিব পাৰোঁ তেন্তে নিসন্দেহে অসমীয়া সাহিত্যৰ এটা আপুৰুগীয়া দিশ টনকিয়াল হৈ পৰিব। (সংগ্ৰহ- ড° লীলা গগৈ দেৱৰ অসমীয়া লোক-সাহিত্যৰ ৰূপৰেখা) অঞ্জনা তামুলী