অসমীয়া কাহিনীগীত -

অসমীয়া লোক-গাথাসমূহৰ ভিতৰত মালিতা বা কাহিনীগীতসমূহ অন্যতম। সমগ্ৰ বিশ্বতে বিভিন্ন ভাষাৰ কাহিনীগীত যুগ যুগ ধৰি মানুহৰ মাজত প্ৰচলিত হৈ আছে। এনেবোৰ গীতক ইংৰাজীত বেলাড (Ballad) বোলা হয়। ফ্ৰান্স ভাষাৰ “বেলাৰে” (Ballare) শব্দৰ পৰা এই শব্দৰ উদ্ভৱ হৈছে। ইয়াৰ অৰ্থ হ’ল “নৃত্য”।

অসমীয়া ভাষাত এনে গীতক “মালিতা” বা “আখ্যান গীত” বুলি কোৱা হয়। মালিতাসমূহ বুৰঞ্জী, কিম্বদন্তি বা জনশ্ৰুতি আৰু কাল্পনিক কাহিনীৰ ওপৰত নিৰ্ভৰ কৰে। সেয়ে ইয়াৰ বিষয়ে অধ্যয়ন বা আলোচনা কৰিবলৈ গৱেষণামূলক অধ্যয়নৰ অতীৱ প্ৰয়োজন।

কিন্তু সম্প্ৰতি আমাৰ এই আলোচনাত পূৰ্বসূৰী লেখকসকলৰ আলোচনাৰ ভিত্তিতে এই প্ৰবন্ধটো প্ৰস্তুত কৰা হৈছে।

এই ক্ষেত্ৰত শ্ৰীসত্যেন্দ্ৰনাথ শৰ্মাৰ “অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত” গ্ৰন্থখনৰ পৰা অসমীয়া সাহিত্যৰ মালিতাৰ মূল কথাখিনি সংগ্ৰহ কৰা হৈছে। ইয়াত এই লেখকৰ অৱদান নাই বুলিয়েই ক’ব পাৰি।

মালিতাসমূহ বিভিন্ন সময়ত বিভিন্ন অনামী স্বভাৱ কবিয়ে কিছুমান বুৰঞ্জীমূলক, কিম্বদন্তিমূলক অথবা কল্পনাপ্ৰসূত কাহিনীৰ আধাৰত ৰচনা কৰিছিল। অক্সফ’ৰ্ড অভিধানৰ মতে ইয়াৰ সংজ্ঞা হ’ল “a poem or song narrating a story in short stanzas.” সেয়ে ইয়াক “বৰ্ণনাত্মক কবিতা” বুলিও ক’ব পাৰি।

এনেবোৰ কবিতাই একোটা কাহিনী বৰ্ণনা কৰে। কবিতাসমূহ কিছুমান ছন্দত ৰচিত। এনে ছন্দোৱদ্ধ কবিতাকে বিভিন্ন সুৰাৰোপণ কৰি গীত ৰূপে গোৱা হয়। কিন্তু পৰৱৰ্তী কালত বিভিন্ন কবিয়ে পুৰণি কাহিনীৰ আলমত নিজস্বভাৱেও মালিতা ৰচনা কৰিবলৈ ধৰে।

অসমীয়া সাহিত্যত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ “ধনবৰ আৰু ৰতনী”, চন্দ্ৰকুমাৰ আগৰৱালাৰ “জলকুঁৱৰী”, আনন্দচন্দ্ৰ আগৰৱালাৰ “পানেচৈ” ইত্যাদি কবিতাও মালিতাৰ শ্ৰেণীত ধৰিব পাৰি।

ইংৰাজী সাহিত্যতো কবি কীটছৰ “লা বেলে ডেম চান্স মাৰ্চি” কলেৰিজৰ “দি এনচিয়েণ্ট মেৰিনাৰ”ৰ দৰে বিখ্যাত বেলাড পোৱা যায় (উত্সঃ ৱিকিপিডিয়া)।

অসমীয়া আখ্যানমূলক জনগীতসমূহক প্ৰধানকৈ তিনিটা ভাগত ভগাব পাৰি -

(১) বুৰঞ্জীমূলক

(২) কিম্বদন্তি বা জনশ্ৰুতিমূলক আৰু

(৩) কাল্পনিক।

বুৰঞ্জীমূলক গীতবোৰ প্ৰায়ে কৰুণ-ৰসাত্মক। ইতিহাস প্ৰসিদ্ধ চৰিত্ৰবিশেষৰ কৰুণ পৰিণতি দেখুওৱাই এইবোৰ গীতৰ উদ্দেশ্য।

এতিয়ালৈকে প্ৰকাশ হোৱা বুৰঞ্জীমূলক জনগীতৰ ভিতৰত বৰফুকনৰ গীত, হৰদত্ত-বীৰদত্তৰ গীত, মণিৰাম দেৱানৰ গীত, জয়মতী কুঁৱৰীৰ গীত, গৌৰীনাথ সিংহৰ গীত, পদুম কুঁৱৰীৰ গীত, বাখৰ বৰাৰ গীত, নাহৰ চেনামুৱাৰ গীত, চিকন সৰিয়হৰ গীত ইত্যাদি অন্যতম।

ইয়াৰে কিছুমান সম্পূৰ্ণ আৰু কিছুমান অসম্পূৰ্ণ ৰূপত পোৱা গৈছে। এই গীতবোৰৰ ভিতৰত সম্ভৱ নাহৰৰ গীতটোৱেই সৰ্বপ্ৰাচীন আৰু মণিৰাম দেৱানৰ গীতটোৱেই অতি অৰ্বাচীন।

চিকণ সৰিয়হ জয়ধ্বজ সিংহৰ (খ্ৰীঃ ১৬৫০-১৬৬৩) শহুৰেক ৰজাশহুৰ নাও বৈচাফুকনৰ পুতেক। সি সৰিয়হৰ ফুল যেন চিকণ বা শুৱনী আছিল।

তাৰ সাত ককাই ভায়ে ষড়যন্ত্ৰ কৰি ৰাজপাত ল’বলৈ উপক্ৰম কৰা বুলি ৰজাই গম পাই তাক সবংশে বধ কৰে। চিকন সৰিয়হৰ গীতত এই কাহিনীটো বৰ্ণনা কৰা হৈছে।

গৌৰীনাথ সিংহৰ গীতত ৰজাৰ গুপ্ত প্ৰণয়ৰ এটা কাহিনী লুকাই আছে। বুৰঞ্জীপ্ৰসিদ্ধ চৰিত্ৰ ঘিণাই বৰফুকন বা বদন বৰফুকনে মানদেশৰ লগত মিতিৰালি কৰি কিদৰে অসমলৈ মান আনিছিল সেই কথা তেওঁক লৈ লিখা গীতসমূহত বৰ্ণিত আছে।

বৰ্তমানলৈ বৰফুকনৰ গীতেই সম্পূৰ্ণৰূপত পোৱা গৈছে। সেইদৰে জয়মতী কুঁৱৰীৰ আত্মবলিদানৰ কৰুণ কাহিনী জয়মতী কুঁৱৰীৰ গীতত ছন্দোৱদ্ধভাৱে লিখা হৈছে।

পৰাধীন অসমৰ সম্ভ্ৰান্ত লোক মণিৰাম বৰভাণ্ডাৰ বৰুৱা বা মণিৰাম দেৱানে ইংৰাজৰ বিৰুদ্ধে সুৰ তুলি কিদৰে ফাঁচীকাঠত ওলমিছিল তাৰ কৰুণ বৰ্ণনা মণিৰাম দেৱানৰ গীতত পোৱা যায়।

হৰদত্ত-বীৰদত্ত গীতত অষ্টাদশ শতিকাৰ শেষৰ দুটা দশকৰ দন্দুৱাদ্ৰোহৰ নায়ক হৰদত্ত আৰু তেওঁৰ ভ্ৰাতৃ বীৰদত্তৰ লগতে জীয়েক পদুমকুঁৱৰীৰ কৰুণ গাথা পোৱা যায়।

সেইদৰে বাখৰ বৰাৰ গীতৰ মূল নায়ক বাখৰ বৰা এজন ৰাজবিষয়া আছিল। স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দিনৰ ৰাজদ্ৰোহৰ অপৰাধত নগাঁৱৰ পুৰণিগুদামৰ ওচৰত তেওঁক বধ কৰা হৈছিল। নাহৰ আছিল উজনিৰ এজন চফল ডেকা।

তেওঁ বিয়া কৰাবলৈ লোৱা কাঞ্চনী নামৰ গাভৰুজনী কাৰেঙৰ লিগিৰীৰ পৰা ৰাণী হৈছিলগৈ। কালক্ৰমত নাহৰ চেনামুৱা ৰজাৰ ৰোষৰ বলি হৈ মৃত্যুক সাৱটি ল’বলৈ বাধ্য হয়। নাহৰৰ কৰুণ কাহিনীক লৈ নাহৰ-চেনামুৱাৰ গীত ৰচিত হ’ল।

অসমীয়া সমাজত প্ৰচলিত ফুলকোঁৱৰৰ গীত, জনাগাভৰুৰ গীত, কমলা কুঁৱৰীৰ গীত, ৰাধিকা-শান্তিৰ গীত, দুবলা শান্তিৰ গীত কিম্বদন্তী বা জনশ্ৰুতিমূলক মালিতা।

জনশ্ৰুতিমূলক গীতৰ ৰচনাকাল নিৰ্ণয় কৰা টান যদিও জনাগাভৰুৰ গীতেই সম্ভৱ প্ৰাচীন। ফুলকোঁৱৰ আৰু মণিকোঁৱৰ গীত দুটাত সম্পূৰ্ণ আহোম ৰাজত্বৰ পৰিৱেশ পোৱা যায়।

শঙ্কৰদেৱ ৰজাৰ পুতেক মণিকোঁৱৰে নৈত গা ধোঁওতে জলকোঁৱৰে হৰণ কৰি লৈ যায়। তেওঁৰ পত্নী কাঁচন কুঁৱৰীয়ে পুতেক ফুলকোঁৱৰক ককাকৰ তত্ত্বাৱধানত ডাঙৰ দীঘল কৰে। ডাঙৰ হৈ ফুলকোঁৱৰে কাঠৰ পখীঘোঁৰাত উঠি বাপেকক বিচাৰি ওলাল। এইদৰে বাপেকক বিচাৰি কিদৰে বিভিন্ন ঠাই ভ্ৰমণ কৰিছিল সেই কথা ফুলকোঁৱৰৰ গীতত পোৱা যায়।

জনাগাভৰুৰ গীতৰ নায়ক গোপীচন কোঁৱৰ। এই গীতৰ নায়িকা এগৰাকী মহিলা হৈয়ো গৰুচৰ ৰাজ্যৰ ৰাজপাট খাইছিল। তেওঁৰ জীৱনগাথাৰ আধাৰত জনা গাভৰুৰ গীতসমূহ ৰচিত হৈছিল। এইবোৰত জনা গাভৰুৰ বীৰত্ব বৰ্ণনা কৰা হৈছে।

কাল্পনিক গীতসমূহৰ ভিতৰত কন্যা বাৰমাহীৰ গীত, মধুমতীৰ গীত, দুবলা শান্তিৰ গীত, লীলাৱতীৰ গীত, জয়ধন বণিয়াৰ গীত প্ৰায় একে পৰ্যায়ৰ গীত। এই কেইটা গীতত বিদেশত থকা পতিৰ বিচ্ছেদত প্ৰোষিতভৰ্তৃকাৰ বিৰহ-বেদনা আৰু সেই অৱস্থাত মনৰ ওপৰত নৈসৰ্গিক পাৰিপাৰ্শ্বিকতাৰ প্ৰভাৱ বৰ্ণনা কৰা হৈছে।

বিভিন্ন মাহৰ প্ৰাকৃতিক পৰিৱৰ্তন আৰু সৌন্দৰ্যই ঘৰত আৱদ্ধ হৈ থকা বিৰহিণী নাৰীৰ অন্তৰত কেনে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে তাৰ সুন্দৰ চিত্ৰ বাৰমাহী গীতত পোৱা যায়। বাৰমাহী বৰ্ণনাৰ প্ৰয়োগ মধ্যযুগীয় বঙালী আৰু হিন্দী প্ৰণয় কাব্যত বৰ বেছিকৈ দেখা যায়।

সকলো আখ্যানমূলক জনগীতৰ ৰচনাকাৰ একে নহ’লেও আৰু কথা-বাৰ্তাৰ তাৰতম্য থাকিলেও ৰচনা পদ্ধতি আৰু বাক্য বিন্যাসৰ ক্ষেত্ৰত সকলোৰে ঐক্য লক্ষ্য কৰা যায়। মানৱ জীৱনৰ আদিম ভাৱ আৰু প্ৰবৃত্তিসমূহৰ পৰিস্ফুৰণ সকলো গীতত ৰূপায়িত হৈছে।

দুঃসাহসিক ঘটনা, অদ্ভুত সাহস, বীৰত্ব বেদনা, প্ৰেম-প্ৰীতি, ঘৃণা, পুতৌ, সতীত্ব আদি সকলোকেইটা গীতৰেই উপাদান। প্ৰায়বোৰ গীতেই ত্ৰিপদী ছন্দত ৰচিত। তৃতীয় চৰণৰ লগত ষষ্ঠ চৰণৰ শেষৰ ধ্বনি মিল থাকে। যেনেঃ

“কাঠৰ পখীঘোঁৰাত উৰি ফুলকোঁৱৰে

মাৰি যায় চাবুকৰ চাট।

আকাশে পাতালে উৰাৱত কৰিলে

আলাসত কৰিলে বাট।।”

কাহিনীগীতৰ আন এটা মন কৰিবলগীয়া বিশেষত্ব হ’ল পংক্তি, পদাংশ বা চৰণৰ পৌণঃপোনিকতা বা মাজে মাজে পুনৰুক্তি।

বৰফুকনৰ গীত, ফুলকোঁৱৰৰ গীত, জনাগাভৰুৰ গীত আদি প্ৰায়বোৰ কাহিনী গীততে এই বৈশিষ্ট্য লক্ষ্য কৰা যায়। বৰফুকনৰ গীত আৰু ফুলকোঁৱৰৰ গীতৰ তলৰ নিদৰ্শন দুটাই তাৰ আভাস দাঙি ধৰিব।

(১)
জৰাৰ কোমল জীম

পিতালৈ বাতৰি কেনেকৈ দিম?

(২)
জৰাৰ কোমল জীম

বগী বগী ছোৱালীবোৰ তহঁতক দিম। (বৰফুকনৰ গীত)

(১)

পোৱলী হাতীৰে শুৰ

বুঢ়ীমাকৰ গুৰিতে বহি ফুলকোঁৱৰে

তললৈ কৰিলে মূৰ।

(২)

পোৱলী হাতীৰে শুৰ

সেই কথা শুনি কাচন কুঁৱৰীয়ে

তললৈ কৰিলে মূৰ। (ফুলকোঁৱৰৰ গীত)

লোকগীতৰ আৰ্হিত ৰমন্যাসযুগৰ দুই এজন কবিয়েও এনে ধৰণৰ মালিতা ৰচনা কৰিছিল। বেজবৰুৱাৰ ‘ধনবৰ আৰু ৰতনী’ আৰু আনন্দ চন্দ্ৰ আগৰৱালাৰ ‘পানেসই’ এনে ধৰণৰ গীত। বেজবৰুৱাৰ ‘ধনবৰ আৰু ৰতনী’ত ধনবৰ আৰু ৰতনী নামৰ এহাল যুৱক-যুৱতীৰ বিলাপ প্ৰকাশ পাইছে।

ধনবৰে ৰতনীক ভাল পাইছিল আৰু ৰতনীৰ বিৰহত ধনবৰে এদিন নৈত জঁপিয়াই আত্মহত্যা কৰে। কবিতাটোৰ মাজত নিভাঁজ অসমীয়া শব্দ চয়ন আৰু সংগীতালেখ্যৰে পাঠকৰ শোকানুভূতি উদ্ৰেক কৰি সহানুভূতি আদায় কৰিব পাৰিছে।

লেখক: অঞ্জল বৰা

উৎস: সাহিত্য.অৰ্গ