হুঁচৰি এ চ’ত আমি যে ওমলো য’ত দেহি ঐ দুবৰি নগজে ত’ত।। ঋতুৰাজ বসন্তৰ দেওঁলগা পয়োভৰ প্ৰকৃতিৰ অনুপম সৌন্দৰ্যই কঢ়িয়াই আনে অসমীয়া জাতিয় জীৱন প্ৰতিষ্ঠাৰ সোণৰ ভোগজৰাহেন ব’হাগৰ বিহুটি। উৰুঙা পচোৱাই শীতৰ শেতেলীত নিদ্ৰামগ্ন প্ৰকৃতিক জগাই তোলাৰ লগে লগে আঁহতৰ ফেৰেঙণিত কুলি-কেতেকী-সখিয়তীয়ে আপোনভোলা সুৰেৰে যোজনা গাই বসন্ত-বহাগীৰ আগমন সূচায়। আমে-কঠালে মিচিকিয়া হাঁহিৰে নাহৰ, তগৰ, কপৌ, ভাটৌ, পলাশ, মদাৰক জোকায়। ৰ্ং-বিৰঙৰ অন্তৰপৰশা কোমল কুঁহিপাতে আমাৰ দেহতো তোলে এক অজান পুলক। মৰম কৰিবৰ মন যায়। তোক মৰম কৰিবৰ মন যায়।। (বিহু) নেওঁঠনী যঁতৰৰ কেৰ্কেৰনীৰ সুৰৰ মূৰ্ছনা, গৰকাৰ দপ্দপনি, মাকোঁ-দোৰপতিৰ খিতখিতনিত উঘা-চেৰেকীয়ে যোৰপাতি নাচে। বিহুৰ পয়োভৰত হুঁচৰিৰ সৃষতি ৰহস্য উদঘাটন কৰি আমি পালোঁ ঈশ্বৰৰ সন্ধান— “ব্ৰহ্মাই সৰজা নামৰে কঁঠীয়া বিষ্ণুৱে সৰজা নাম। দায়-দোষ লাগিলে সৰ্বদোষ ক্ষমিব হুঁচৰি গীতকে গাম।।” অসমীয়া সমাজৰ সমন্বয়ৰ সাঁকো হুঁচৰিয়ে ব’হাগৰ সাত বিহু প্ৰাণবন্ত কৰে। স্মৰণাতীত কালৰে পৰা অসমীয়া সমাজত বিহুৰ সময়ত বিহুৱান দিয়া, মান সতকাৰ কৰা, জা-জলপান খুওৱা আদি ৰীতি-নীতি পৰম্পৰাগতভাৱে চলি আহিছে—বৰ নামঘৰৰ বুঢ়া গছৰ তলতে ডেকা আদহীয়া মানুহ এটি দুটিকৈ গোট খাই নামঘৰৰ চোঁতালতে হৰিধ্বনি কৰি আশীৰ্বাদ দিয়ে—জয়ৰাম বোলা। জয় হৰি বোলা। ‘ভাল বোলে, চ’ত গৈ ব’হাগ সোমাইছে। লাও দিবৰ হেদালি, জিকা দিবৰ জেং, বছৰেকৰ দোমাহীত ফুৰিবৰ নিয়ম। আজি হেন বাৰে ডেকা ডুমা মিলি এষাৰি আশীৰ্বাদ দিবৰ দিহা কৰিছে। ইয়াকে কৰোতে অনেকখিনি বঢ়া-টুটা, দোষাদোষ ঘটিব পাৰে, সেইখিনি মৰিষণ কৰিব আৰু নতুন বছৰটি বিঘিনি শূন্য কৰি শইচ্ মইচ লক্ষ্মী সবাকো বৃদ্ধি কৰিব। অ’ হৰি অ’ ৰাম, হৰি সন্তোষৰ অৰ্থে হৰি বোল’ গৃহস্থৰ চোতালৰ মূৰত থিয় দিয়েই সকলোৱে হৰি ধ্বনি দিয়ে— পূবে ভঁৰাল-হৈছে পশ্চিমে গৰাল-হৈছে উত্তৰে-চৰু-হৈছে দক্ষিণে-গৰু-হৈছে চাঙে-লোক-হৈছে পুখুৰীত মাছ-হৈছে বাৰীত তামোল-হৈছে বাৰীত তমোল-পাণ-হৈছে। গৃহস্থৰ কুশলৰ অৰ্থে- দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী। কেতেকী মলেমলাই ঐ গোৱিন্দাই ৰাম। মণি কোঁৱৰৰ গীতৰ পৰা পদ- শ্ংখদেও ৰজাৰে পুতেক মণিকোঁৱৰ খেলাত খতি-খনে নাই, এবেলা দোলাতে এবেলা ঘোঁৰাতে এবেলা কেলি খেলায়… হুঁচৰিৰ ভাষা সৰল-ভাব কোমল-ছন্দ সাৱলীল-সুৰ মনোলভা— নিলাজী এ চ’ত আছিলি য’ত যাগৈ নিলাজী থাকগে ত’ত লুৰাই ল সাপৰ কলপ বিহু থৈ আহোঁগৈ কাকৰ তলত। ঘোষা: গোবিন্দ কৃষ্ণাই ৰাম নাৰায়ণ হৰি এ জয় পদ: প্ৰথমে প্ৰণামো ব্ৰহ্মৰুপি সনাতন সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ।। শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ ঘোষাৰ পদেৰে পৰিমাৰ্জিত কৰি হাবিয়ে-বননিয়ে বনবনাই ফুৰা বিহুনাম, বনঘোষাসমূহক ৰাইওজৰ চোতাললৈ অনা হ’ল- ‘শ্ংকৰ এ আমাৰ নিজ গুৰু দৈৱকীনন্দন দেৱ এ’ অতীত কালৰ হুঁচৰি ৰাজ আলিয়েদি ঘুৰি ফুৰাৰ নিৰ্দশন পোৱা যায়। ঘৰৰ গৃহস্থই সপৰিয়ালে ওলাই শৰাইত বিহুৱান আৰু মাননি দি আশিৰ্বাদ লৈছিল। আহোম স্বৰ্গদেউ সকলৰ, ডা-ডাঙৰীয়াসকলৰ ইচ্ছানুযায়ী চোতালে চোতালে হুঁচৰি গোৱাৰ প্ৰথা প্ৰৱৰ্তন কৰাৰ লগে লগেই হুঁচৰি আহি চোতাল পোৱাৰ কথা অনুমান কৰিব পাৰোঁ— লহৰী খেলা আৰম্ভ হয়: ঘুৰণীয়াকৈ মেৰপাতি কঁকালত ধৰধৰিকৈ গোৱা হুঁচৰিক লহৰী খেলা বোলা হয়। হাতৰে চাপৰি আহক টানে কৰি ভৰিৰ গিৰিপনি লহ ঐ লহৰীয়া ঢোলৰ ছেৱে ছেৱে ছন্দ মিলাই খোজটি পেলোৱা, চোতালত গামোচা পাৰি লোৱা, বিহুৱাৰ মূৰত তেলপানীদিয়া, মৰলিয়া বন ছটিওৱা আদি প্ৰচলিত নিয়মসমূহে হুঁচৰিৰ মানদণ্ড ৰক্ষা কৰি আহিছে। ঘোষাপদৰ লগত কছাৰী ছেও, মিচিং ছেও, ধেমেলীয়া ছেও, দুমনী ছেও, খৰা ছেও আদি চাপৰসমূহ ঢোলত বজোৱা হয়। প্ৰচলিত প্ৰথা অনুসৰি হুঁচৰিত গাভৰুৰ স্থান নাই। নাহৰৰ গীতৰ পৰা পদ: আইনো আই নাহৰে মাতিলে বুঢ়ীমাকৰ মুখলৈ চাই। বুঢ়ীমাকে বুলিলে নাহৰ চেনামুৱা চৰুতো পঁইতা নাই।। জোঙালি: স্বৰ্গদেও ওলালে বৰচ’ৰাৰ মুখলৈ দুলিয়াই পাতিলে দোলা, কাণত জিলিকিলে মকৰ কুণ্ডলে গাত গোমচেঙৰ চোলা।। দীঘলীয়া ঢোলৰ ছেৱে ছেৱে বতৰৰ গীত: চাগে চেলাবৰে ডবুৱা কটাৰী ম’হে চেলাবৰে মিট, গাঁৱৰ বুঢ়ামেথা দায়-দোষ এৰিবা গাই যাওঁ বতৰৰ গীত। বতৰৰ গীতত নাচনী, ঢুলীয়া, পেঁপা, গগনা, বিহুৱান, শৰাই, হাঁচতি আদিয়ে আগস্থান পায়। হুঁচৰি নামৰ অনন্ত গৃহস্থই শৰাইত মাননি, বিহুৱান,তামো-পাণ, আনি হাতেৰে চোতালখন মোহাৰি কলপাত এচিটা দি শৰই ঢাকনিৰে শৰাইখন আগবঢ়াই দি আঁঠু লয়। ৰাইজ বহে- জেষ্ঠ্যজনে আশীৰ্বাদ এজোলোকা দিয়াৰ আগতে কোনো কোনো ঠাইত হুঁচৰি দলক চিৰা-পিৰ্ঠা-সান্দহেৰে চাহ-জলপান খুৱায়। আশীৰ্বাদ: “ভাল বোলে, লাও দিবৰ হেদালি, জিকা দিবৰ জেং, বছৰেকৰ দোমাহীত ফুৰিবৰ নিয়ম। ৰাইজ বোলে ৰজা, জ্ঞাতি বোলে গংগা, ভকত বোলে ঈশ্বৰ, তিনি সম্বন্ধ ঘটাইছে। তিনি সম্বন্ধ সেৱা ধৰিবৰ সামৰ্থ্য নাই। এখনি শৰাই, তাতে এভাগি গুৱা, এখনি বস্ত্ৰ, দুটাকৈ ৰুপ ইয়াকে মিছা দি সঁচা মগা হৈছে। গৃহস্থক কুশলে-কল্যাণে ৰাখি মনোবাঞ্চা পূৰণ কৰিব লাগে। জয় ৰাম বোলা। জয় হৰি বোলা” আশীৰ্বাদ দিয়াৰ আগে আগে হুঁচৰি দলৰ সন্মুখত শৰাইখন আগবঢ়াওঁতে মোটা অৰিহণা আদায় কৰিবলৈ বিহুৱা ডেকাই গায়- ১) কেলৈ সাঁচিলা জপাৰ বৰে কাপোৰ কেলৈ সাঁচিলা ধন। জপাৰ বৰেকাপোৰ জপাতে থাকিব হাড়তো গজিব বন। ২) লাফমাৰি আনকগৈ ঢাপৰ পুলি তামোল মৈতাদি আনকগৈ পাণ। ভিতৰলৈ যাওঁকগৈ শৰাইখন আনকগৈ ৰাইজক ধৰকহি মান।। এই বিহুগীত বনঘোষা অসমীয়াৰ জাতীয় ঐতিহ্য-মাটিৰে গোন্ধেৰে সিক্ত। হুঁচৰি বাই ঐ দলৌ চৰাই ৰুপ চাৰি টকা তামোল শৰাই।। আমি যে আহিছোঁ হুঁচৰি গায় তামোল থোকা, পাণগুছি, ৰুপৰ শৰাই।। হুঁচৰিৰ সাজপাৰ: ধৰা-বন্ধা নিয়মৰ মাজতে ৰখা হয় বিহুৱৰ পোছাকসমূহ। ধূতি, পাঞ্জাৱী, (দলৰ মূৰব্বীজনৰ)ডেকাসকলৰ মুগাৰ বা কঁপাহী চুৰিয়া পিঠিত ক’লা চিল্কৰ ফিটা বন্ধা কুৰতা জাতীয় চোলা(মুগা কাপোৰেৰে বুকুফালি বুটামৰ সলনি জৰী বন্ধা) ৰঙা সূতাৰে বোৱা টঙালি, দুহাতৰ সৰু গাঁঠিত গুটিফুল বা ৰঙা গোলাপ ফুল জিলিকি থকা হাঁচতি বান্ধি লয়। মূৰত ৰঙা শেল দিয়া ফুলাম গামোচা বা টঙালি(ৰণজ্ঞা ফুল) বাওঁফালে গাঁঠিৰে বন্ধা। গৰুৰ ছালেৰে ছোৱাই লোৱা কঠাল কাঠৰ ঢোল, কলিদৈ ম’হৰ শিঙৰ পেঁপাৰ লহৰ, ৰাম ধন-গগণা(বাঁহেৰে নিৰ্মিত)মাটিৰে সুতুলিৰ সুৰে ছন্দে হুঁচৰি জোৱাৰ জেউতি চৰায়। অতীজত হুঁচৰি গাই গোটোৱা ধনেৰে পোনপ্ৰথমেই নিমখ কিনি গঞা ৰাইজৰ ঘৰে ঘৰে বিলাই দিয়াৰ নিয়ম আছিল। (নিমখ দান কৰিলে পূণ্য অৰ্জন কৰাৰ কথা সাতোলা ককাদেউতাই কৈছিল)। আজিকালি হুঁচৰি সন্মিলিত ধনেৰে বৰসবাহ, ভাওনা আদিপতাৰ ব্যৱস্থা কৰা হয়। নিত্যনতুন সমল স্ংগৃহিত বোঁৱতী নদীখনৰ দৰেই বিহু স্ংস্কৃতিয়েও ঠাই ভেদে ৰুপৰ সাল-সলনি কৰি সময়ৰ বুলনিত বাগৰি আহিছে। শিৱসাগৰ, ডিব্ৰুগড়, ধেমাজি আৰু লক্ষীমপুৰ জিলাত টাই-আহোমসকলে টাই’লিট’ বিলাকৰ পৰা ঘোষা গায়। তাহানিৰ দিনত প্ৰথমতে ৰজাঘৰত, তাৰ পাছত ডা-ডাঙৰীয়াৰ ঘৰত আৰু তাৰ পাছতহে প্ৰজা ঘৰত হুঁচৰি গোৱাৰ পৰম্পৰা আছিল। আজি কালি অসমৰ চহৰে-নগৰে, গাঁৱে-ভূঞে এই ঐতিহ্য- পৰম্পৰাৰেই পথ অনুসৰণ কৰি হুঁচৰি/বিহুনাম/বিহুনাচক মঞ্চৰ পাদ-প্ৰদীপৰ সন্মুখলৈ আদৰি আনি জাতি-ধৰ্ম ভাষা নিৰ্বিশেষে ৰঙতে ৰঙীয়াল হৈ জাতিৰ ঐক্যবোধৰ চেতনা প্ৰকট কৰিছে। বিহু হুঁচৰি গাই উপাৰ্জন কৰা ধনসমূহ সমূহীয়া বিদ্যালয়, পুথিভৰাল আদিত দান বৰঙণি দিয়াৰ ব্যৱস্থা কৰি ল’লে হুঁচৰিৰ প্ৰকৃত মূল্যায়ন কৰাৰ দিশটি অধিক প্ৰকট হোৱা যেন লাগিব। কাৰণ ‘হু’ মানে চিঞৰ, ‘চ’ মানে আশীৰ্বাদ আৰু ‘ৰি’ মানে উৰুলিকৃত। মঞ্চৰ হুঁচৰিজোৰা: আগৰ দিনত হুঁচৰিত গাভৰু নাচনীৰ স্ংযোজন নাচনী হিচাপে বিহুত নাচিবলৈ দিয়া নাছিল।পুৰুষে নাচি-বাগি বিভিন্ন ধৰণেৰে দৰ্শকক আমোদ যোগাইছিল। কালক্ৰমত হুঁচৰিক মোহনীয় কৰিবৰ কাৰণে ধুনীয়া ডেকা-ল’ৰাহঁতক তিৰোতাৰ বেষভূষণ পিন্ধাই বিহুত নাচনী কৰাৰ দিহা কৰা হয়। আজিকালি অৱশ্যে গাভৰুহতক বিহুত নাচিবলৈ অনুমতি প্ৰদান কৰাৰ বাবে নাচনী সাজি নাচিব পাৰে। সেয়েহে, আজিকালি হুঁচৰিত ৬/৭ জনী গাভৰু শিকাই মেলি বিহুত নাচিবৰ বাবে লগত লৈ ফুৰে। গাভৰুহঁতেও বিহুৰ বতৰত উতনুৱা হৈ মুগাৰ সাজ, ৰঙা ব্লাউজ ৰিহা বা চাদৰ কঁকালত হাঁচতি-চাবি বান্ধি বিহুলৈ ওলাই আহে জেতুকাবুলীয়া হাত, কলডিলিয়া খোপা, ওঁঠত বৰ্হমথুৰি, কপালত যোৰফোঁট মাৰি, খোপাত আগলি বাঁহৰে লাহৰী গগণা খোপাত গুজি কপৌফুলৰে কৰবী শুৱনি কৰি, গামখাৰু, মুথি খাৰু, ঢোলবিৰি, জোনবিৰি মটৰ মালা পিন্ধি। বিহুৱা ডেকাই যোজনা গ্গাই নাচনীক হুঁচৰিলৈ আহ্বান জনায়— যোজনা: গড়গঞা নাচনী মৰাণৰ নাচনী নাচনী ক’লৈনো গ’ল। নাচনী গৈছিল মাছ মাৰিবলৈ আহোঁতে গধুলি হ’ল। জাত: আহাচোন নাচনী হাত মেলি মেলি নাচাচোন নাচনী কঁকাল ভাঙি ভাঙি ঢোলৰে চাপৰত আহিবা কাষলৈ। পেঁপাৰে লহৰত নাচিবা লাহেকৈ ঐ ঐ বিহুৱা ৰৈ আছে তোমাক চাবলৈ। জাতৰ শেষত ঢুলীয়াই চাপৰ মাৰিলে পেঁপা, বাঁহী, গগণা, সুতলী আদিৰ ছেৱত নাচনীক নচুৱাব। প্ৰতিটো বাদ্য বজোৱাৰ পাছত একোটা জাত অথবা যোজনা দি বিহুখনৰ মান অক্ষুণ্ণ ৰখা হয়। ঢোলৰ দীঘলীয়া চাপৰত নাচনীক নচুৱাই হুঁচৰি বিহু সামৰা হয়। নাচনী ভিতৰলি সোমাই যোৱাৰ পিছত বিহুৱা পেঁপুৱে, নাচনীসকলোৱে মনৰ উলাহেৰে নাচি-বাগি মঞ্চৰ ভিতৰলৈ সোমাই যায়। “স্বৰ্গদেউ আনিলে চুতীয়া কাড়ী ঐ বুকু বহল বহল চাই এঠেঙা ভিৰায়ে মাৰে শৰধনু হেদামত সৰকি যায়।” (বি: দ্ৰ:--মধ্য যুগৰ কুৰি শতিকাৰ তৃতীয় দশকলৈ গাভৰুৰ সাজপাৰ আছিল-ঘৰতে বোৱা মুগাৰ তিতাকৰীয়া মেখেলা আৰু চৰাইনখীয়া কেছ বছা অথবা বুলৱা কেছ বছা ৰিহা। ডবুৱা মোৰৰ আঁচুলীয়া ৰিহাও ব্যৱহৃত হৈছিল। বিহুৱতী গাভৰুৰ চোলাৰ ব্যৱহাৰ আগতেই নাছিলেই। বৃটিছ যুগতহে জেকেট, চোলা, ব্লাউজৰ ব্যৱহাৰ চলিল। মধ্যযুগত হাত আটিলকৈ পিন্ধা ৰিহাখনেই চোলাৰ কাম কৰিছিল। বিহুৱতীৰ দৰে বিহুৱা ডেকাৰ সাজপাৰতো অলপ চাকচিক্য আছিল। পুৰণি কালত ডেকাই মুগা বা কঁপাহী চুৰীয়া, মূৰত ম’ৰানেজীয়া ফুলৰ বা গুটি ফুলৰ গামোচাৰে নাচনী পাগ মাৰিছিল। ডিঙিত ন বিহুৱান বা ৰাঙলী গামোচা, কঁকালত জৰথীয়া টঙালি, গাত ফতৌচোলা, বুকুচোলা পিন্ধাৰ কথা জনা যায়। পিছলৈ দীঘল হাতৰ কঁকাললৈকে পৰা ‘ঢৌকন’ চোলা আৰু ক’লা কাপোৰত বগা আঁক দিয়া, পিঠিফালে কেৱল শোভাৰ কাৰণে বহুত বুটম লগোৱা ‘নাচনী কুৰতা’ বা নাচনী চোলাৰ বহু আৰু ব্যাপক প্ৰচলন আছিল। নাচনী গাভৰুৱে হাতত ৰুপৰ গোটাখাৰু, পতীয়া খাৰু বা মুঠি খাৰু পিন্ধিছিল। ডিঙিত কোটমণিৰে থোক চিলাই, সোণ পোৱাল মণি, বনিয়াই গোটা মাদলি, গেজেৰা, জোনবিৰি আদি পিন্ধিছিল। লেখক অঞ্জলি মহন্ত ৰায়চৌধুৰী, বিশ্বৰ সন্ধান