অসমত সংগীত বিদ্যাৰ চৰ্চা দীৰ্ঘদিনীয়া। শাস্ত্ৰীয় আৰু লোকসংগীতত ব্যৱহাৰ হোৱা বিভিন্ন বাদ্যযন্ত্ৰক ভাৰতীয় সংগীত শাস্ত্ৰৰ ভেঁটিত অনবদ্য বা লয়যন্ত্ৰ (= ঢোল আদি), তত বা তাঁৰৰ যন্ত্ৰ (= বীণা), সুষিৰ বা বতাহেৰে সুৰৰ সৃষ্টি কৰা যন্ত্ৰ (= বাঁহী) আৰু ঘন বা দুটা বস্তু সংঘাত কৰি বজোৱা যন্ত্ৰ (= তাল) এই চাৰিটা ভাগত ভগাব পাৰি। তেজপুৰৰ কোলপাৰ্কত সজাই থোৱা এচটা শিলৰ ভাস্কৰ্যত পেঁপা, ঢোল, বাঁহী আৰু বীণাৰ অৱস্থিতি মন কৰিবলগীয়া। কামাখ্যাৰ বেণুগোপালৰ বাঁহীটো সুন্দৰ। ভাস্কৰবৰ্মাৰ নিধনপুৰ তাম্ৰশাসনত ‘পঞ্চ মহাশব্দ’ কৰাৰ উল্লেখ আছে। এই পঞ্চশব্দ বুলিলে হয় শিঙা, তন্মট(নাগেৰা), শংখ, ভেৰী আৰু জয়ঘণ্টা, নহয় শংখ, মৃদংগ, পাখোৱাজ, দুন্দুভি আৰু ঢোলক নহ’লেবা শংখ, মৃদংগ, মুৰজধ্বনি, দুমদুম দুন্দুভি আৰু ঢোলক বুজায়। কালিকা পুৰাণ আৰু যোগিনীতন্ত্ৰত তুৰ্য, মৃদংগ, পটহ, বীণা, বেণু, ভেৰী, শংখ আদি বাদ্যযন্ত্ৰৰ বহুল প্ৰয়োগ চকুত লগা। প্ৰাক্ শংকৰী যুগৰ কবি মাধৱ কন্দলীৰ লেখাত কৰতাল, কাহাল/কাহালি, কেন্দেৰা, খুমুচি, জিজিৰি, ঝাঝৰ, টোকাৰী, ডগৰ, ঢোল, তবলা, দণ্ডি, দোতাৰা, দোশৰী, বাঁহী, বীণা, বীৰঢাক, ভেমচি, ভেৰী, মৰ্দল, মোহৰী, ৰামতাল, ৰুদ্ৰ বিপঞ্চী, ৰেমচি আদিৰ নাম পোৱা যায়। (লংকাকাণ্ড আৰু কিষ্কিন্ধ্যা কাণ্ড)। হৰিবৰ বিপ্ৰৰ বব্ৰুবাহনৰ যুদ্ধতো একেখিনি বাদ্যযন্ত্ৰৰ নামেই উল্লিখিত হৈছে। শংকৰী যুগৰ বাদ্য যন্ত্ৰৰ ভিতৰত খুটিতাল, খমক, খোল, পাতিতাল, ভোৰতাল আৰু মৃদংগ প্ৰধান। এই যুগত সাৰেং দাৰৰো চল্তি হয়। আহোম আৰু কোচ নৃপতি সকলৰ ৰাজ্যলৈ ঢুলুকী, তবল, পাখোৱাজ আৰু বৰাবৰ আমদানি ঘটে। ৰাজসভাত স্থান পোৱাৰ পিছত ঢোলোক আৰু পাখোৱাজে সত্ৰৰ চাৰিবেৰলৈকেও সম্প্ৰসাৰিত হয়। কোচ নৃপতি বিশ্বসিংহৰ অভিষেক উপলক্ষে যিবোৰ বাদ্য বজোৱা হৈছিল, যিবোৰৰ ভিতৰত অম্ভৰু(নে ডম্বৰু?), উপাংগ(বাঁহৰ কৰতাল), কৰতাল, কবিলাস, খঞ্জৰিকা(খঞ্জৰী), খোল, গোগোনা(গগনা), গোমুখ, ঘণ্টা,, জমফ, জগজমপ বা ডবা, জয়কালি(ৰণভেৰী), ঝিমিৰিকা, ঝিলি, ঝোঞ্জৰা, টোকাৰী, ডগৰ, ঢাক, ঢোল, তবল, ডুৰী, দুন্দুভি, দোচাৰি, দোতৰা, ধোমাচি, নাগাৰা, বৰকাংস, বাঁহী, বীৰকালি(যুদ্ধত বজোৱা ডাঙৰ পেঁপা), ভেৰী, মচুৱাই, মন্দিৰা, মুৰুলী, মৃদংগ, মোহৰী, ৰবাব, ৰামতাল, ৰামবেনা, ৰামশিঙা, ৰুদ্ৰক, সাৰিন্দা আৰু সিংহবান প্ৰধান। কোচ ৰাজ্যত শাহনাই বা শানাই বাদ্যৰো ব্যৱহাৰ হয়। অসমৰ ঢোল দুবিধ – জয়ঢোল আৰু পাতিঢোল। বিয়া বাৰুত জয়ঢোলৰ প্ৰয়োগ অধিক। মংগলদৈৰ ফালে ঢোপাঢোলৰ ব্যৱহাৰ আছে। সত্ৰসমূহত দুবিধ খোল চলে – জৰা কলীয়া আৰু চিতলমুখী। বড়োসকলে ব্যৱহাৰ কৰা বাঁহীবোৰ দীঘল। নাম চিফুং। অসমৰ শিঙা কেইবাবিধো। যেনে – ৰামশিঙা, ৰণশিঙা, খংশিঙা আদি। বিহুত ব্যৱহাৰ কৰা ম’হৰ শিঙৰ পেঁপা আৰু গগনাই সমগ্ৰ ভাৰতবৰ্ষতে চমক লগাইছে। অসমৰ বাদ্যযন্ত্ৰৰ ভালেখিনি পূজা-পাৰ্বনত ব্যৱহাৰ কৰা হয়। লিখক: ড° নাৰায়ন দাস, অসমীয়া সংস্কৃতিৰ কণিকা