বিভিন্ন জাতি – জনজাতি সমলেৰে সমৃদ্ধ অসমৰ বাদ্য – যন্ত্ৰৰ ইতিহাস পুৰণি আৰু বৰ্ণাঢ্য। লিপি, ফলি আৰু পুৰণি পুথিৰ উল্লেখ তথা প্ৰাচীন মূৰ্তি আৰু চিত্ৰৰ পৰাও অতীত অসমৰ পৰম্পৰাগত বাদ্য – যন্ত্ৰৰ বিষয়ে ধাৰণা কৰিব পাৰি। প্ৰাচীন মূৰ্তিৰ হাতত যিবোৰ বাদ্য – যন্ত্ৰ পোৱা যায় তাৰ ভিতৰত বীণা, কালি, ঢোল আৰু ডম্বৰুৱেই প্ৰধান। পুথিচিত্ৰ সমূহতো শিঙা, শংখ, বাঁহী, খোল, তাল আদি বজোৱা পুৰুষ – মহিলাৰ বিভিন্ন ভংগিৰ দৃশ্য দেখা যায়।

পুৰণি পুথিত আমি বাদ্য – যন্ত্ৰৰ এক দীঘলীয়া তালিকা পাওঁ। অৱশ্যে বহু ক্ষেত্ৰতে এইবোৰ কাব্যিক পৰম্পৰা জনিত বুলি কোৱাৰ অৱকাশ আছে। মাধৱ কন্দলীৰ ৰামায়ণত আমি পাওঁ :

বীৰ ঢাক ঢোল বাজে তবল ডগৰ দণ্ডি

শৱদ শুনিয়া কোলাহল।

ভেমচা, ক্ষৈমপ্প চয় ঝমাৰ ৰেমচি বাজে

ৰামতাল আৰু কৰতাল।।

টোকাৰি কেন্দৰা ৰুদ্ৰ বিপন্বত দোতৰা বাজে

বীণা বাঁশি পোশাৰি মোহাৰি।

জিজিৰা কাহালি শিংগা ভেৰি ডাকে নিৰন্তৰ

ভুৱনকো গৈলা পুৰি ।।

ওঠৰ শতাব্দীৰ দৰং ৰাজবংশাৱলীতো বাদ্য – যন্ত্ৰৰ এক বিশদ তালিকা পোৱা যায়।

শংখ, ঘণ্টা ঢাক – ঢোল শিংগা কালি ভেৰি।

জয় কালি ৰাম বেণা বজাৱে মহৰি।।

খোল কৰতাল বাৱে নাগৰা মৃদংগ।

দোতৰা সাৰিন্দা বাঁশী ৰবাব উপাংগ।।

ৰামতাল ৰাম বীণা বাৱে বৰ কাংস।

সপ্ত স্বৰা কলন্দাৰ বজাৱে অসংখ্য।।

এনেদৰে আমি অসমৰ চিত্ৰ – ভাস্কৰ্য্য আৰু পুথি – পাঁজিত বিবিধ বাদ্য – যন্ত্ৰৰ কথা পাঁও। এইবোৰৰ কিছুমান আজি অপ্ৰচলিত আৰু আন কিছুমান অজ্ঞাত বা অপৰিচিত। বেণা, সাৰিণ্ডা (চাৰিন্দা), টোকাৰী, দোতাৰা, গোগোনা (গগনা) টকা, বৰকাংস (বৰকাঁহ) আদি অসমৰ থলুৱা বাদ্য। শৰদ (সাৰোদ?) স্বৰমণ্ডল, ৰবাব আদিৰ স্থান আজিৰ অসমত প্ৰায় নাই বুলিলেও অতীজত যে ইয়াৰ ব্যৱহাৰ ভালদৰে আছিল তাক ক’ব পাৰি। বিশেষকৈ ৰবাৰৰ ব্যৱহাৰ বৰগীতত আছিল বুলি গুৰুচৰিতে সাক্ষ্য দিয়ে। ঢোল, খোল, শংখ, ঘণ্টা, কৰতাল, ঢাক, দগৰ, নাগৰা, বাঁহী, কালি, শিঙা আদি বহু বাদ্য – যন্ত্ৰা আজিও অসমত বহুল ভাৱে প্ৰচলিত। চৈধ্য শতিকাত ‘তৰল’ৰব উল্লেখলৈ চাই তবলাৰ ব্যৱহাৰ অসমতে হৈছিল বুলি ভবাৰ থল আছে।

অসমত বৰ্তমান প্ৰচলিত থলুৱা বাদ্য – যন্ত্ৰ সমূহৰ তত (তাঁৰৰ যন্ত্ৰ বা বাদ্য), সুষিৰ (ফু দি বজোৱা বাদ্য), আনদ্ধ (ছামৰাৰে ছাই লোৱা যন্ত্ৰ) আৰু ঘন (সাধাৰণতে ধাতুৰে নিৰ্মিত তাল ৰখা যন্ত্ৰ) সংগীত শাস্ত্ৰত বৰ্ণোৱা এই চাৰি শ্ৰেণীত শ্ৰেণীবদ্ধ কৰি আলোচনা কৰিব পাৰি।

তত বাদ্য : অসমৰ বিভিন্ন অঞ্চলত প্ৰচলিত তাঁৰৰ যন্ত্ৰৰ ভিতৰত দোতৰাই আটাইতকৈ জনপ্ৰিয়। নামনি অঞ্চলত লোকগীত প্ৰায়েই দোতাৰা বজোৱা হয়। উজনি অসমত এই যন্ত্ৰৰ নাম টোকাৰী। এই বাদ্যত চাৰিডাল তাঁৰ থাকে। ইয়াৰে মাজৰ দুডালে সুৰ ৰক্ষা কৰে আৰু বাকী দুডালে উচ্চ আৰু নিম্ন স্বৰ উৎপাদন কৰে।

বীণা বা বেণ হ’ল তাঁৰৰ ৰেপি বজোৱা বাদ্য – যন্ত্ৰ। বৰ্তমান গোৱালপাৰা অঞ্চলৰ বাহিৰে অসমৰ অন্য ঠাইত ইয়াৰ ব্যৱহাৰ সততে দেখা নাযায়। ‘কুশান গান’ অনুষ্ঠানৰ ই এক আৱশ্যকীয় বাদ্য।

চাৰিণ্ডাও ৰেপ দি বজোৱা বাদ্য – যন্ত্ৰ। ইয়াৰ ব্যৱহাৰ বিশেষকৈ বড়ো জনজাতিৰ মাজত বেছি। তেওঁলোকে ইয়াক ‘চেৰ্জা’ বোলে। লাওটোকাৰী বা একতাৰ লাওৰ খোলা লগত এডাল তাঁৰ বান্ধি এটা আঙুলিৰ মাত উলিওৱা এই বাদ্য – যন্ত্ৰৰ গঠন অতি সৰল। ব’ৰাগী জাতীয় গায়কে এনে বাদ্য বজোৱা দেখা যায়।

খমক গোপীযন্ত্ৰ এটা এমুখীয়া ঢোলৰ আকৃতিৰ এমূৰে খোলা বস্তুৰ মাজেৰে দোল ভৰোৱা এবিধ যন্ত্ৰ। এহাতেৰে ঢোল জাতীয় বস্তুটো কাষলতিৰ তলত চেপি ধৰি এখন হাতেৰে দোল ডাল টানি লৈ আনখন হাতেৰে বজোৱা হয়।

সুষিৰ বাদ্য : অসমত প্ৰচলিত এই শ্ৰেণীৰ যন্ত্ৰৰ ভিতৰত বাঁহী, পেঁপা, শিঙা, কালি বা ছানাই আৰু শংখই প্ৰধান। বাঁহী শাস্ত্ৰীয় আৰু লোক সংগীত উভয় ক্ষেত্ৰতে ব্যৱহাৰ হয়।

পেঁপা, শিঙা ফু দি বজোৱা বাদ্যৰ ভিতৰত অসমৰ থলুৱা আটাইঅতকৈ জনপ্ৰিয় আৰু নিজস্ব বৈশিষ্ট্য পূৰ্ণ বাদ্য। খাগৰি বা নলেৰে মূল যন্ত্ৰটো সাজি তাত ম’হৰ শিং বা আন নলী লগাই পেঁপা তৈয়াৰ কৰা হয়। বিহু গীতত পেঁপাৰ স্থান অতি গুৰুত্ব পূৰ্ণ। শিঙাত পেঁপাৰ এটা সংস্কৰণ, সংগীত সৃষ্টি কৰাৰ উপৰি ধৰ্মীয় আৰু সামাজিক ক্ৰিয়া আচৰণৰ অংগ হিচাপেও শিঙা জাতীয় বাদ্যৰ ব্যৱহাৰ হয়। শিঙা কেইবা প্ৰকাৰৰো আছে, যেনে : ‘খনশিঙা, ৰামশিঙা আৰু ৰণশিঙা। মিচিং সকলে ‘পেম্পা’ নামৰ এবিধ বাদ্য ব্যৱহাৰ কৰে।

কালি বা চানাইৰ ধ্বনি সৃষ্টিৰ পদ্দহতি বহু খিনি পেঁপাৰ দৰেই। কিন্ত পেঁপাৰ তুলনাত কালিৰ সংগীত উৎপাদন – যোগ্যতা অধিক। গোৱালপাৰা অঞ্চলত ইয়াৰ ব্যৱহাৰ কিছু ব্যাপক আৰু ইয়াত তোলা সুৰো প্ৰাণস্পৰ্শী। গঠন – পদ্ধতি আৰু সুৰ সঞ্চাৰলৈ লক্ষ্য কৰি বৰ্তমান ভাৰতৰ প্ৰসিদ্ধ বাদ্য – যন্ত্ৰ চাহনাই কালিৰে উন্নত সংস্কৰণ বুলিব পাৰি।

প্ৰচীন কালৰে পৰাই অধিক জনপ্ৰিয়তা অৰ্জন কৰা সুষিৰ বাদ্য হৈছে বাঁহী। কৃষ্ণৰ লগত যুক্ত হোৱাৰ বাবে বৈষ্ণৱ সাহিত্য আৰু লোকগীতত বাঁহীৰ (বংশী, মুৰুলী, ৰেণু) উল্লেখ আছে। বাঁহীৰ ব্যৱহাৰত জনজাতি সকল অধিক আগবঢ়া। বড়োৰ চিফুং’, ৰাভাৰ ‘ব্ৰাংছি’, ‘লাখৰ ব্ৰাংছিং’ ডিমাচা সকলৰ ‘চুফিন’, মিচিং সকলৰ ‘কুৰুলি’, ‘পুলি’ আদি নানা প্ৰকাৰৰ বাঁহীৰ প্ৰচলন আছে। বাঁহেৰে নিৰ্মিত এইবিধ বাদ্য – যন্ত্ৰ অসমীয়া জনজীৱনৰ অতি ঘৰুৱা। মুখ বাঁশী বা ‘বম বাঁশী’ গোৱালপাৰা অঞ্চলত প্ৰচলিত বিশেষ এক ধৰণৰ বাঁহী। বিশেষকৈ মনসা পূজাৰ লগত জড়িত অনুষ্ঠানত ব্যৱহাৰ হোৱা এইবিধ বাঁহীত এমূৰে এটা খলপা লগোৱা থাকে, য’ত ফু দিলে কিছু বতাহ বৈ যায় আৰু সাপ বাজিকৰ লাও লগোৱা বাঁহীৰ নিচিনাকৈ ছিগি নোযোৱা সুৰ তোলে।

আনদ্ধ বাদ্য : অসমৰ থলুৱা বাদ্যৰ ভিতৰত এই শ্ৰেণীৰ সংখ্যা আৰু গুৰুত্ব আটাইতকৈ বেছি। প্ৰতিটো জনজাতীয় গোষ্ঠীৰে নিজৰ নিজৰ বিশেষ এক বা একাধিক আনদ্ধ যন্ত্ৰ আছে।

ঢোল হ’ল আনদ্ধ বাদ্যৰ ভিতৰত অধিক জনপ্ৰিয়। বিহুগীত আৰু নৃত্যৰ অনুষংগ হিচাপে বিহু ঢোলৰ ছেও অপৰিহাৰ্য্য। ঢোলৰ ছেৱৰ আৰু ধ্বনি – বৈচিত্ৰ্যই চমক লগাই দিব পাৰে। নামনি অসমত ঢুলীয়া আৰু ভাৱৰীয়াৰ দলে সৰুৰে পৰা আৰম্ভ কৰি বিৰাটাকাৰ বিভিন্ন ঢোল বজায়। ডাঙৰ ঢোল একোটাৰ দীঘ তিনি – চাৰি হাত আৰু বেৰ ডেৰ – দুই হাত হয়। জয়ঢোল আকাৰত অলপ সৰু, ইয়াক দেওধানী নৃত্যৰ লগত ঢুলীয়াই নিজেও নাচি নাচি বিচিত্ৰ ছন্দত বজায়। ঢেপাঢোল মঙলদৈ অঞ্চলত প্ৰচলিত। ছালৰ মাজত পানী ভৰাই লৈ বজোৱা এইবিধ ঢোলৰ মাত গুৰু – গম্ভীৰ।

কৰকা, তাৰচা আদি নামৰ বাদ্য – যন্ত্ৰ নামনিত বিশেষকৈ বিয়া – সবাহত ডগুলীয়াৰ দলত বজোৱা হয়। চেপেটা আকৃতিৰ এফালে দুডাল মাৰিৰে কোবাই বজোৱা এইবিধ ঢোল জাতীয় বাদ্যত সংগীত সৃষ্টি চিত্তাকৰ্ষক।

সৰু এপিঠীয়া ঢোলৰ দৰে এমূৰে খোলা আৰু আনমূৰে ছামৰা লগোৱা বাদ্য হ’ল দগৰ। ইয়াক এহাতে ধৰি আনহাতে বজোৱা হয়। কামৰুপী লোকগীতত ইয়াৰ ব্যৱহাৰ ব্যাপক ইয়াক খঞ্জৰিও বোলা হয়। ঢাক গোৱালপাৰা অঞ্চলত অধিক প্ৰচলিত। এই অঞ্চলৰ কাল – চণ্ডীৰ নাচ, কাতি – পূজাৰ নাচ আদিত এই বাদ্যৰ ব্যৱহাৰ হয়। আন এবিধ আনদ্ধ বাদ্য নাগৰা মূলতে পশ্চিমৰ পৰা আহৰিত যদিও বৰ্তমান ই আমাৰ থলুৱা জীৱনত সোমাই পৰিছে। নামত নাগৰাৰ ব্যৱহাৰ অতি ব্যাপক। কামৰুপত ডাঙৰ নাগৰাৰ ছেৱৰ বৈচিত্ৰ্য অনুপম।

অসমৰ ভক্তি আন্দোলনৰ এটা অতি গুৰুত্ব পূৰ্ণ বাদ্য হ’ল খোল। লোক পৰ্য্যায়ৰ সংগীত আৰু নাট্যানুষ্ঠানত খোলৰ ব্যৱহাৰ আছে। খোল আৰু মৃদংগ একে জাতীয় বাদ্য। অৱশ্যে দুয়োটাৰে মাজত পাৰ্থক্য আছে। মৃদংগ মাটিৰে নিৰ্মিত (মৃৎ + অংগ = মৃদংগ) মাটিৰে নিৰ্মিত খোলো আছে। দিহিং আৰু সত্ৰ সমূহত মৃদংগৰ ব্যৱহাৰ হয়। দবাও অসমীয়া সমাজত প্ৰধানকৈ নামঘৰ ব্যৱহাৰ হয়।

জনজাতি সমাজত আনদ্ধ বাদ্যৰ প্ৰচলন অতি ব্যাপক। বড়ো সকলৰ ‘খাম’, ৰাভা সকলৰ ‘হেম’ আৰু ‘খাম’, ডিমাচা সকলৰ ‘খ্ৰাম’, মিচিং সকলৰ ‘দুমদুম’, কাৰ্বি সকলৰ ‘চেংবুৰুপ’ (খালৈৰ আকৃতিৰ সৰু আকাৰৰ ঢোল), তিৱা সকলৰ ‘খ্ৰামবাৰ’ (বৰঢোল), পিচু খ্ৰাম (পাতি ঢোল) আদি উল্লেখনীয় বাদ্য – যন্ত্ৰ।

ঘন - বাদ্য : তাল ৰক্ষা কৰিবলৈ এই বাদ্যৰ ব্যৱহাৰ কৰা হয়। ঘন বাদ্যৰ ভিতৰত অসমত প্ৰচলিত হয় আৰু সৰু – ডাঙৰ বিবিধ তাল। ‘ৰামতাল’ আৰু ‘কৰতাল’ বাঁহেৰে নিৰ্মিত, বাঁহৰ টকাও ঘন বাদ্যৰে অন্তৰ্গত। ধাতুৰে তৈয়াৰী প্ৰধান ঘন বাদ্য হ’ল : তাল, কাঁহ আৰু ঘণ্টা।

তাল কেইবা প্ৰকাৰৰো : সৰু তালক পাতিতাল, খুটিতাল, মন্দিৰা, খঞ্জৰি বা খঞ্জৰিকা বোলে : ভোৰতাল, ভোটতাল আদি ডাঙৰ তাল। বৰগীতৰ লগত বজোৱা তালক পাতিতাল বা খেৰেঙী তাল বোলে, ই সৰু আৰু পাতল। ওজাপালিয়ে খুটি – তাল ব্যৱহাৰ কৰে।

কাঁহ, ঘণ্টা আদি বাদ্য – যন্ত্ৰ হ’লেও সংগীতৰ অনুষংগ হিচাপে অসমত এইবোৰৰ ব্যৱহাৰ কম। কাঁহ সাধাৰণতে দুবিধ : সৰু কাঁহ আৰু বৰ কাঁহ। ঘণ্টাও এবিধ বাদ্য – যন্ত্ৰ, সৰু ঘণ্টাক আমি টিলিঙা বোলো। কঁকালত বন্ধা সৰু সৰু ঘণ্টাক ‘কিংকিনী’ আৰু ভৰিত বন্ধাওৰক ‘জুনুকা’ বোলে। জুনুকাৰ উন্নত ৰুপ নূপুৰ আৰু পাজোপ।

এইবোৰ উপৰি আন কিছুমান বাদ্য আছে যিবোৰ এই চাৰিওটা শ্ৰেণীৰ কোনোটোতে থিৰাংকৈ শ্ৰেণীভূক্ত কৰিব নোৱাৰি। গগনা, বেণু বা ৰেপনি আদি এনে বাদ্য। গগনা বজাওঁতে যেনেকৈ মুখৰ বতাহে কাম কৰে তেনেদৰে হাতেৰেও লৰাই থাকিব লাগে। সেয়ে ইয়াক বিশেষ এক শ্ৰেণীৰ অন্তৰ্ভূক্ত কৰিব নোৱাৰি গগনাৰ ব্যৱহাৰ অতি ব্যাপক। জনজাতি সমাজতো ইয়াৰ সমাদৰ আছে, না ভিন্ন হ’লেও ই একে বাৰ্তা বহন কৰে। গগনাক প্ৰণয় বিনিময়ৰ চিন হিচাপে ব্যৱহাৰ কৰা হয়। বড়ো সকলে গগনাক কয় : ‘গংগোনা’, ৰাভা সকলে ‘গমেনা’, মিচিং সকলে ‘গুংগ’।

অসমৰ বাৰে – ৰহণীয়া কৃষ্টি আৰু জন – জাতিৰ মাজত এনে কিছুমান বাদ্য – যন্ত্ৰৰ ব্যৱহাৰ আছে যিবোৰ অতি উচ্চখাপৰ, বিশেষকৈ বাঁহেৰে নিৰ্মিত বাদ্যৰ ক্ষেত্ৰত অসমে নিশ্চয়কৈ গৌৰৱ কৰিব পাৰে। নানান বাঁহী, গগনাৰ লগতে বড়ো সকলৰ ‘বিঙি’, ৰাভা সকলৰ ‘বাদুংদুপ্পা’, ডিমাচাৰ ‘কাংৰা ডোবাং’ মিচিঙৰ ‘দুম্পাক’ আদি নিজা বৈশিষ্ট্যযুক্ত আৰু বৈচিত্ৰ্য পূৰ্ণ বাদ্য। অসমৰ বাদ্য – যন্ত্ৰৰ বিশিষ্টতাত জনজাতি সমাজৰ বৰঙণি অতি বেছি। বড়ো, ৰাভা, মিচিং সকলোৰে কৃষ্টি – সংস্কৃতিৰ দৰে বাদ্য – যন্ত্ৰ সমূহো আমাৰ সম্পদ। বৰ্তমান নিৰ্দিষ্ট কৰি দেখুৱাব নোৱাৰিলেও এইটো অনস্বীকাৰ্য্য যে জাতি – জনজাতিৰ বাদ্য – যন্ত্ৰৰ সামূহিক উপাদানেৰে অসমৰ বাদ্য – যন্ত্ৰৰ ইতিহাস গঢ়ি উঠিছে। অসমৰ থলুৱা বাদ্য – যন্ত্ৰৰ এক বিশিষ্টতা আছে আৰু আছে বিস্তাৰৰ উন্নত সম্ভাৱনা।

লেখক : দেৱপ্ৰতীম হাজৰিকা(লোক – সংস্কৃতিৰ সঁফুৰা)