ষাতাত্ত্বিক দিশৰ পৰা তিব্বত-বৰ্মীয় আৰু নৃতাত্ত্বিক দিশৰ পৰা মংগোলীয়, অসমৰ ভূমিপুত্ৰ কাৰবিসকলক অসমৰ প্ৰাচীন ইতিহাসে ‘মিকিৰ’ নামেৰে ধৰি ৰাখিছে৷ সেয়ে হ’লেও, ‘মিকিৰ’ শব্দটো দৰাচলতে কাৰবি ভাষাৰ শব্দ নহয়৷

এয়া অনা-মিকিৰ, বিশেষকৈ অসমীয়াভাষী লোকে দিয়া নাম৷ অতীজত পৰ্বতে-পাহাৰে বগাই ভ্ৰমি ফুৰা আৰু চিকাৰ কৰি পেট প্ৰৱৰ্তোৱা কাৰবি পুৰুষসকলক অসমৰ আন অধিবাসীসকলে ‘মিকিৰ’ বুলিছিল৷

ছাৰ চাৰ্লছ জে. লায়েল আৰু এডৱাৰ্ড ষ্টেকৰ দ্বাৰা সম্পাদিত ‘The Mikirs’ (1908) গ্ৰন্থত কোৱা হৈছে… ‘The name Mikir is given to the race by the Assamese, its origin is unknown.’ সত্যেন্দ্ৰনাথ বৰকটকীৰ ‘Tribes of Assam’ (1969) গ্ৰন্থয়ো একে কথাকে সমৰ্থন কৰে… ‘Mikir is a name given to the tribe by the Assamese.’

‘মিকিৰ’ শব্দটোৰ উৎপত্তি সম্পৰ্কে নানা ধৰণৰ মত আছে৷ অসমৰ অন্যতম আদিবাসীৰ অপৰিহাৰ্য লোক-সমষ্টি কাৰবিসকলৰ লোক-সাহিত্য অতি চহকী৷ কিংবদন্তিৰ প্ৰাচুৰ্য ইয়াৰ এটা লক্ষ্যণীয় দিশ৷

কাৰবি কিংবদন্তিয়ে কয়… ‘পৌৰাণিক কালত কাৰবি ঐশ্বৰিক মানৱ বা আদি-ৰজা ছত ৰেচ’ৰ স্বৰ্গাৰোহণৰ পিছত থিৰেং ৱাংৰেঙে নগা পাহাৰৰ পৰা নামি আহি ডিমাপুৰৰ সমীপত ৰাজ্য স্থাপন কৰিছিল৷

সেই ৰাজ্যৰ ৰাজকুমাৰী মেক্রিক নগা ৰাজকুমাৰলৈ বিয়া দিয়া হৈছিল৷ মেক্রি নামটো নগাসকলে শুদ্ধকৈ উচ্চাৰণ কৰিব নোৱাৰি ‘মিকিৰ’ বুলিছিল৷ সেই দিন ধৰি ‘মিকিৰ’ শব্দটো প্ৰচলিত হৈছে৷

কাৰবিসকল অগ্নি-উপাসক৷ আদিম অৱস্থাৰ পৰা কাৰবি জনসমাজত জুই (মে) আৰু পানী (লাং)ৰ ব্যৱহাৰ হৈ আহিছে৷ জনশ্ৰুতি অনুযায়ী, অতীত কালত অজ্ঞাত কাৰবি পুৰুষ এজনে নিজৰ ঘৰৰ ভিতৰতে একুৰা জুই ধৰিছিল৷

জ্বলন্ত অৱস্থাতে জুইকুৰা এৰি থৈ বাহিৰলৈ অহাত পত্নীয়ে তেওঁক সুধিলে… ‘মে আকাৰ চংহয় বি কাংকক?’ অৰ্থাৎ, জ্বলি থকা জুইকুৰা নুনুমুৱাকৈ কিয় এৰি আহিছা? Me aa-kar chonghoi bi kangkok? এই বাক্যাংশ কোনো ইংৰাজ লোকৰ দ্বাৰা হ্ৰাসকৰণৰ ফলস্বৰূপে ‘Mikir’ শব্দটো সৃষ্টি হৈছে৷

কাৰবি ভাষা আৰু কলা-সংস্কৃতিৰ কেন্দ্ৰস্থল বুলি পৰিগণিত পশ্চিম কাৰবি আংলঙৰ ৰংখাং অঞ্চলত প্ৰচলিত জন-প্ৰবাদ অনুসাৰে, ৰাজ-আজ্ঞা পালন কৰি ভৈয়ামৰ পৰা এজন লোক এবাৰ এখন কাৰবি গাঁৱলৈ গৈছিল৷

ঠাণ্ডা দিনৰ বাবে কাৰবি মানুহ কেইজনমানে কাঠ খৰিৰ আঙঠাৰ চৌপাশে চক্রাকাৰে বহি জুই পুৱাই আছিল৷ তেওঁলোকক উদ্দেশ্য কৰি ভৈয়ামৰ বাসিন্দাজনে প্ৰশ্ন কৰিলে… ‘আপোনালোক কি জাতিৰ মানুহ?’

কথা বুজি নোপোৱাত কাৰবি মানুহকেইজনে ক’লে… ‘মে আক্রি’ অৰ্থাৎ, জুইৰ আঙঠা৷ ভৈয়ামৰ লোকজনে বুজিলে যে তেওঁলোকে মে আক্রি জাতিৰ মানুহ৷ ‘মে’ আৰু ‘আক্রি’শব্দ দুটাই কালক্রমত মুখ বাগৰি ‘মিকিৰ’ ৰূপ ল’লে৷

কোনো কোনোৰ মতে, এদিন এজন কাৰবি লোক এজনৰ পোহনীয়া মেকুৰীটো হেৰাল৷ মেকুৰীৰ সন্ধানত মানুহজন গৈ বহু দূৰ পালে৷ আচহুৱা মানুহ দেখা পাই ভৈয়ামৰ লোকে সুধিলে… ‘আপুনি কি মানুহ? ক’ৰ পৰা আহিছে?’

ভাষাৰ আমিল হোৱা হেতুকে কাৰবি লোকজনে একো কথা বুজি নাপালে৷ নিজৰ মাতৃভাষাৰে তেওঁ ক’লে… ‘মেং কিৰি’, অৰ্থাৎ, মেকুৰী বিচাৰিছোঁ৷ ভৈয়ামৰ মানুহেও তেওঁলোকৰ ভাষা বুজিব নোৱাৰিলে৷ ভাবিলে, মেং কিৰি জাতিৰ লোক বুলি৷ ‘মেং’ আৰু ‘কিৰি’ শব্দযুগল অপভ্ৰংশ হৈ প্ৰথমে মেকিৰি আৰু পিছলৈ ‘মিকিৰ’ হ’ল৷

কোনো কোনোৱে আকৌ কাৰবি লোকজনে মেকুৰী নহয়, যঁতৰহে বিচাৰি গৈছিল বুলি কয়৷ তেওঁলোকৰ মতে, ভৈয়ামৰ মানুহে সোধা প্ৰশ্নৰ উত্তৰত মানুহজনে ‘মী কিৰি’ অৰ্থাৎ, যঁতৰ বিচাৰিছোঁ বুলি কৈছিল৷ ‘মী’, ‘কিৰি’ শব্দসমষ্টি মুখ বাগৰি গৈ ‘মিকিৰ’ হৈছে৷

অসমীয়া বুৰঞ্জী সাহিত্যত এক আপুৰুগীয়া অৱদান ‘আসাম বুৰঞ্জী’(১৯৭২)ত গুণাভিৰাম বৰুৱাই লিখিছে… মিকিৰ শব্দটো মৰ্কট বা শাখামৃগ শব্দৰ অপভ্ৰংশ মাত্ৰ৷

বুৰঞ্জীবিদ ৰাজমোহন নাথে ‘মিকিৰ’ শব্দটোৰ সন্দৰ্ভত উল্লেখ কৰিছে… ‘The word Mikir may have originated from Mi kiri, meaning hill people.’

অধ্যাপক ৰংবং তেৰাঙে ‘সমন্বয় প্ৰৱাহ’ (১৯৮৯) পুথিত কৈছে… ‘মিকিৰ’ শব্দটো তিব্বত-বৰ্মীয় আৰু আৰ্য-সংস্কৃত ভাষাৰ দ্বাৰা সংমিশ্ৰিত ৰূপত জাতিটোৰ নাম আৰু ভাষাটোৰ পৰিচয়াত্মক শব্দ হিচাপে সৃষ্টি হৈছে৷

কাৰবি ভাষা-সংস্কৃতিৰ গৱেষক যজ্ঞোৰাম গগৈৰ মতে জুম পদ্ধতিৰ কৃষি-কৰ্মত অভ্যস্ত কাৰবিসকলে খেতিৰ উপযোগী ভূমিৰ অনুসন্ধানত একে ঠাইতে স্থায়ীভাৱে বসতি নকৰি সঘনাই বাসস্থান সলাই ফুৰাৰ কাৰণে অনা-মিকিৰসকলে তেওঁলোকক ‘মিকিৰ’ বুলিবলৈ লয়৷ তেতিয়াই পৰা এই শব্দটোৰ প্ৰচলন হৈছে ৷

‘মিকিৰ’ শব্দৰ ব্যুৎপত্তি সম্বন্ধে প্ৰাপ্ত তথ্যসমূহৰ পৰা এই বিষয়ত নিশ্চিত হ’ব পৰা যায় যে এই শব্দটোৰ ধাৰক আৰু বাহক অনা-মিকিৰ লোক৷ বিপৰীতে, মিকিৰসকলে নিজকে ‘আৰলেং’ বুলি কৈহে গৌৰৱ কৰে৷ ‘আৰলেং’ শব্দৰ আভিধানিক অৰ্থ পাহাৰৰ এঢলীয়া অংশ৷ পৰ্বতৰ দাঁতি-কাষৰীয়া হেলনীয়া অঞ্চলত বাস কৰাটো কাৰবিসকলৰ অন্যতম জাতীয় বৈশিষ্ট্য৷

তেনে স্থানত বসতি কৰা কাৰবি লোকসকলে নিজকে ‘আৰলেং’ অৰ্থাৎ পাহাৰৰ এঢলীয়া অংশৰ বাসিন্দা বুলি কয়৷ পোনপটীয়া অৰ্থত ‘আৰলেং’ শব্দই কাৰবি মানুহ বুজায়৷ ইয়াৰ অৰ্থৰ পৰিসৰ সীমিত৷ ‘মনিত’ শব্দৰেহে বহল অৰ্থত মানুহক বুজোৱা হয়৷ ছাৰ চাৰ্লছ জে. লায়েল আৰু এডৱাৰ্ড ষ্টেকৰ ‘The Mikirs’ গ্ৰন্থৰ মতেও ‘Arleng’ means properly only a Mikir man; not a man in general, who would be called ‘monit’ or ‘munit’. ‘আৰলেং’ আত্মপৰিচয়েৰে গৰ্ব অনুভৱ কৰা ‘মিকিৰ’সকলে বিংশ শতিকাৰ সপ্তম দশকৰ মধ্যভাগৰ পৰা বহিঃজগতক ‘কাৰবি আখেই’ (কাৰবি জাতি) বা কাৰবি নামেৰে চিনাকি দি আহিছে৷ ‘কাৰবি’ শব্দটোৰ উৎপত্তি সম্বন্ধেও বিভিন্ন প্ৰকাৰৰ অভিমত আছে৷

‘আসাম বুৰঞ্জী’ৰ পাতত আছে… ‘আমাৰ মানুহে মিকীৰক মিকীৰ বোলে ৷ সিহঁতে আপুনি ‘কাৰ্বে” বুলি কয়৷ ‘কাৰ্বে” শব্দ সংস্কৃত ক্রব্য (মাংস) আৰু ক্রব্যাদ (মাংসাশী) শব্দৰ অপভ্ৰংশ বুলি অনুমান হয়৷

কাৰবি কৃষ্টিৰ বুৰঞ্জীস্বৰূপ লোকগীতসমূহ কাৰবি জাতীয় সাহিত্যৰ এক অমূল্য সম্পদ৷ সৃষ্টিৰ বৰ্ণনাৰে সমৃদ্ধ ‘কাৰবি কেপ্লাং” (কাৰবিৰ উৎপত্তি) লোক-গীতত অনামী কবিয়ে কৈ যোৱা মতে, বিশ্বব্ৰহ্মাণ্ড সৃষ্টি কৰাৰ পিছত ব্ৰহ্মাই নিজে নিজৰ তেজ-মঙহৰ অংশৰে মানুহ সৃষ্টি কৰিলে৷ জীৱশ্ৰেষ্ঠ এই মানৱ জাতিৰ নাম দিলে ‘কাৰবি’৷

‘কাৰবি’ৰ অৰ্থাৎ জীৱবিলাকৰ ভিতৰত পৱিত্ৰ আৰু সৰ্বোত্তম জীৱ, মানুহ৷ মিকিৰসকলৰ প্ৰধান উপাস্য ত্ৰিদেৱ-দেৱ-দেৱী হেম্ফু, মুক্রাং আৰু ৰাছিংজা৷ প্ৰচলিত জন-প্ৰবাদ অনুসৰি জীৱ সৃষ্টিৰ অৰ্থে মূল দেৱতা হেম্ফুৰ নিৰ্দেশ পালন কৰি মুক্রাং আৰু ৰাছিংজাই ক্রমে তেৰাং আৰু ইংতি ফৈদ গ্ৰহণ কৰি বিবাহ-পাশত আবদ্ধ হ’ল৷

সময়ত তেওঁলোকৰ সতি-সন্ততিও জন্ম হ’ল৷ লোক-বিশ্বাস অনুসৰি, হেম্ফু হ’ল সকলোতকৈ ডাঙৰ, মুক্রাং আৰু ৰাছিংজা হেম্ফুতকৈ সৰু৷ মুক্রাং আৰু ৰাছিংজাৰ সতি-সন্ততিসমূহ (ছ’) আটাইতকৈ সৰু (আকিবি)৷ তেওঁলোকক ‘কাৰবি’ বোলা হয়৷ ‘ছ’ আকিবি’ৰ পৰা ‘কাৰবি’ৰ উৎপত্তি হোৱা বুলি এচাম লোকে মত পোষণ কৰে৷

আন এক প্ৰবাদ অনুসাৰে, ছংছাৰ ৰেচ’ (সংসাৰৰ ৰজা)ৰ ৱে থেকাৰ নামে এজনী কন্যা আাছিল৷ পিতৃৰ নিৰ্দেশ মানি দেৱ-দেৱীসকলৰ প্ৰত্যেকে তেওঁলোকক সন্তুষ্ট কৰিবৰ বাবে পালন কৰিব লগা পূজা-বিধিবোৰ ৱে থেকাৰক শিকাই দিলে৷

ৱে থেকাৰ প্ৰমুখ্যে তেওঁৰ বংশধসকলে একে পদ্ধতি অনুসৰণ কৰি দেৱ-দেৱীক আৰাধনা কৰাৰ পৰম্পৰা ৰক্ষা কৰি (বি) আহিছে৷ এই বংশধৰ সকলেই ‘কাৰবি’৷ ৱে থেকাৰ + বি > কাৰ + বি > কাৰবি৷

খাদ্যোপযোগী দ্ৰব্য গ্ৰহণৰ প্ৰাক-মুহূৰ্তত খাদ্যবস্তুৰ একাংশ পূজ্যপাদ দেৱতাৰ উদ্দেশ্যে উচৰ্গা বা অপৰ্ণ কৰাটো মিকিৰ সমাজত প্ৰচলিত এটা ৰীতি৷ এই প্ৰথাক ‘থেকাৰ কিবি’ বোলা হয়৷ মিকিৰসকলে নিজকে এনে ধৰণে কয়… ইলিকে থেকাৰ কিবি আছ’,/থেকাৰ কেবাত আছ’;/চিতু কেচ আছ’ কালি,/হানজৰ কেচ’ আছ’ কালি;/ছুৱা আছ’ কালি,/ছুতি আছ’ কালি, অৰ্থাৎ, আমি হৈছোঁ ঈশ্বৰৰ নামত উচৰ্গা কৰা সন্তান৷

পৰিৱৰ্তনৰ ধামখুমীয়াত ‘থেকাৰ’ৰ ‘থ’ আৰু ‘কিবি’ৰ ‘কি’ বিলুপ্তি হৈ থেকাৰ কিবি নীতিত বিশ্বাসী জনগোষ্ঠীটো ‘কাৰবি’ নামেৰে জনাজাত হ’ল৷ থেকাৰ + কিবি > কাৰ + বি > কাৰবি৷

এচামৰ মতে গাঁৱৰ ৰাইজ (মেকাৰ)এ থেকাৰ পদ্ধতিটো ৰক্ষা কৰি (বি) থকা বাবে থেকাৰ ৰক্ষা কৰা জাতি হিচাপে গঞাসকল সমূহীয়াভাৱে ‘কাৰবি’ বুলি পৰিচিত হ’ল৷ মেকাৰ + বি > কাৰ + বি > কাৰবি৷

আৱিষ্কাৰৰ ক্ষণ ধৰি জুইৰ সৈতে মানৱৰ সম্পৰ্ক অতিশয় ঘনিষ্ঠ৷ জুইশলা উদ্ভাৱন হোৱাৰ পূৰ্বে মানুহে জ্বলা জুই নুনুমাইছিল, নিৰন্তৰ জ্বলন্ত অৱস্থাতে ৰাখিছিল৷ মিকিৰ মানুহেও এই উপায় অৱলম্বন কৰিছিল৷

জুইৰ প্ৰতি গভীৰ শ্ৰদ্ধাৰ ভাব তেওঁলোকৰ অন্যতম জাতীয় বৈশিষ্ট্য৷ অগ্নিপূজক মিকিৰসকলে বৰঘৰ (কুত)ৰ মজিয়াত থকা জুহালত অনিৰ্বাপিতভাৱে জুই একুৰা ধৰি ৰাখিছিল৷ ‘মে আকাৰ বি’ অৰ্থাৎ, জুই জ্বলাই ৰখা কাৰ্য কৰা বাবে জাতিটোক ‘মে আকাৰ বি’ জাতি বুলি জনা গৈছিল৷ ‘ম’ আৰু ‘আকাৰ’ সমাৰ্থ কাৰণে কালক্ৰমত ‘মে’ লুপ্ত হ’ল৷

‘আ’ৰ উচ্চাৰণ কোমল হেতুকে ‘আ’ বিভক্তিও এটা সময়ত লোপ পালে৷ ‘কাৰ’ আৰু ‘বি’ সংযুক্ত হৈ ‘কাৰবি’ হ’ল৷ মে আকাৰ বি > মেকাৰ কিবি > কাৰ + বি > কাৰবি৷ এয়া হ’ল লোকশ্ৰুতি৷

খেনোৰ মতে এই জুই চ’ৰাঘৰ (হংফাৰলা)ত জ্বলাই ৰখা জুই, খেনোৰ মতে এয়া জুমতলীৰ জুই৷ আদিতে কাৰবিসকলে নিজকে ‘ছুমফি’ বুলিও কৈছিল৷ ছুমফি সাধাৰণ অৰ্থত আৰলেং৷

ইতিহাসৰ মতে, উত্তৰ ভাৰতত শান্তিৰে বসবাস কৰা অনাৰ্য জাতিক দ্ৰাবিড়সকলে দক্ষিণ ভাৰতলৈ খেদি পঠোৱাত সেই জাতিৰ লোকসকলে অনেক ঠাই ঘূৰি ফুৰি শেষত কাবেৰী নদীৰ পাৰত ৰাজ্য স্থাপন কৰিছিল আৰু নানা অপায়-অমংগলে দেখা দিয়াত পিছত উত্তৰ ভাৰতলৈ পুনৰ গুচি আহে৷

কাবেৰীপৰীয়া এই জাতিক উত্তৰ ভাৰতৰ অন্যান্য লোকসকলে কাবেৰীবাসী বুলি ক’বলৈ ধৰে৷ কাবেৰী নদীক মিকিৰসকলে ‘কাবিৰী লাংৰই’ বুলিছিল৷ ‘কাবিৰী’ শব্দৰ পৰা ‘কাৰবি’ শব্দটোৰ উৎপত্তি বুলি এচাম লোকে মত আগ বঢ়ায়৷

প্ৰখ্যাত বুৰঞ্জীবিদ আৰু সু-সাহিত্যিক ডক্টৰ সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা সম্পাদিত ‘দেওধাই অসম বুৰঞ্জী’ (১৯৩৩)ত অন্তৰ্ভুক্ত থেংকুৰছিং ইংতিৰ ‘মিকিৰৰ আদিকথা’ শীৰ্ষক প্ৰবন্ধত লিখকে উল্লেখ কৰা মতে, মিকিৰৰ ৰজা বৃছুকৈদাৰ তিনিজন পুত্ৰ আছিল৷

জ্যেষ্ঠ পুত্ৰ পাৰক আৰু কনিষ্ঠ পুত্ৰ চ’মাং কাৰোৰে সৈতে নিমিলাৰ বাবে মাজু পুতেকক কাৰবি বা আৰলেং বুলিছিল৷ তেওঁ পতা ৰাজ্যৰ প্ৰজাসকলকো বোলা হৈছিল ‘কাৰবি’৷

ৰংবং তেৰাঙে তেখেতৰ দ্বাৰা সংকলিত কাৰবি-ইংৰাজী-অসমীয়া অভিধান ‘কাৰবি লামতাচাম’(১৯৭৪)ত ‘কাৰবি’ শব্দটো মিকিৰ শব্দৰ প্ৰতিৰূপ বুলি উল্লেখ কৰিছে৷

এচাম গৱেষক পণ্ডিতৰ মন্তব্য… ‘কাৰ’ শব্দৰ অৰ্থ পোহৰ, ‘বি’ শব্দৰ অৰ্থ কৰ্ম; যি কৰ্মই যি জাতিক যুগ-যুগান্তৰ ধৰি পোহৰৰ বিকাশ সাধন কৰি সজীৱ কৰি ৰাখিছে আৰু ভৱিষ্যতেও ৰাখিব সেই ধৰ্ম বা জাতিৰ নামেই ‘কাৰবি’৷

‘কাৰবি’ শব্দৰ উৎপত্তিৰ সৈতে সম্পৰ্কযুক্ত তথ্যৰাজি ফঁহিয়াই চালে দৃঢ়ভাৱে প্ৰতীয়মান হ’ব পাৰি যে এই শব্দ অনা-মিকিৰ উদ্ভূত শব্দ নহয়, বৰং মিকিৰসকলৰ স্বপ্ৰদত্ত নাম৷ ভাষাৰ দিশৰ পৰা মন কৰিলে দেখা যায়, কাৰবি ভাষাৰ শব্দসমূহ এক অক্ষৰ বিশিষ্ট, সমাক্ষৰ বিলুপ্তি ৰীতি এই ভাষাৰ এক লক্ষ্যণীয় বিশেষত্ব৷

‘কাৰবি’ শব্দটোৰ গঠনৰ ক্ষেত্ৰত তেনে ৰীতি প্ৰযোজ্য হৈছে৷ আনহাতে, ‘কাৰবি’ নামটোৰ সৈতে কিৰাত গোষ্ঠীয় কাৰবি জাতিৰ বুৰঞ্জী, ধৰ্ম, দৰ্শন, সাহিত্য, সংস্কৃতি, সমাজ আদি বিভিন্ন দিশ নীৰৱে সাঙোৰ খাই আছে৷

গৱেষকৰ সিদ্ধান্ত মতে, ‘কাৰবি’ শব্দৰ অৰ্থ হ’ল অসমান, ওখোৰা-মোখোৰা, অমিল৷ ‘কাৰবি’ শব্দৰ পৰাই ‘অসম’ নামটো হোৱা বুলি তেখেতসকলৰ ধাৰণা৷ প্ৰসংগক্রমে, কলাগুৰু বিষুপ্ৰসাদ ৰাভাই কাৰবিসকলক ‘অসম আৱিষ্কৰ্তা কলম্বাছ’ বুলি কৈ গৈছে৷

(‘আমাৰ অসম’ কাকতত ২৫মাৰ্চ ২০০৩ তাৰিখে প্ৰকাশিত৷ abdussazid.blogspot.inত উপলব্ধ)

কাৰবিসকলৰ পৰম্পৰাগত সাংস্কৃতিক আচৰণৰ বহিঃপ্ৰকাশ … ‘ছক কেৰয়’ উৎসৱৰ ‘হাচা কেকান’
(কাৰবি অধ্যয়ন-2)

সমাজ-জীৱনক আনন্দময় ৰসেৰে সৰ্বদা জীপাল কৰি ৰখাই লোক-উৎসৱ উদযাপনৰ ঘাই উদ্দেশ্য৷ জীৱন পৰিক্রমাত মানৱ সন্তানে প্ৰতিটো পদক্ষেপতে ব্যয় কৰা কঠোৰ শ্ৰমৰ বিনিময় স্বৰূপে ঋতুচক্রৰ কোনো নিৰ্দিষ্ট সময়ে বহন কৰি আনে নিৰ্ভেজাল আনন্দৰ সঁফুৰা৷ সমজুৱাভাৱে পালিত এনে হাঁহি-আনন্দ-উপভোগৰ মাধ্যমেৰেই জাতীয় পৰম্পৰা, লোক-সংস্কৃতি আদি জীয়াই ৰখা হয়৷

সেয়েহে যুগ-যুগান্তৰ ধৰি জন-সমাজত উৎসাহ-উদ্দীপনা আৰু পাৰস্পৰিক সহযোগিতা তথা বিনিময়ৰ মাজেৰে লোক-উৎসৱসমূহ আয়োজিত হৈ আহিছে৷ উৎসৱসমূহ সময়ানুসাৰে আৰু প্ৰচলিত নিয়মানুসাৰে পালন কৰাটো সমাজ-ধৰ্ম ৰক্ষাৰে প্ৰচেষ্টা৷

প্ৰত্যেক বছৰৰ কোনোবা নহয় কোনোবা সময়ত লোক-জীৱনে অবিৰত কৰ্মৰ পৰা সাময়িক অব্যাহতি লৈ পুৰুষানুক্রমে প্ৰচলন হৈ অহা লোক নৃত্য-গীত-বাদ্যৰ সমাহাৰত আনন্দোৎসৱৰ আয়োজন কৰে৷

তাৎপৰ্যপূৰ্ণ আৰু মূলতঃ ঋতুকালীন এই বিনোদনধৰ্মী উৎসৱ-পাৰ্বণবোৰ প্ৰধানকৈ প্ৰকৃতিৰ সৈতে জড়িত৷ কৃষিয়ে ইয়াৰ মূল ভেটি, উৰ্বৰা বিশ্বাসেই ইয়াৰ পটভূমি৷

অসমৰ অন্যতম পাৰ্বত্য জনগোষ্ঠী কাৰবিসকলৰ জাতীয় উৎসৱ, শাৰদীয় উৎসৱ অথবা বসন্ত উৎসৱ হিচাপে কোনো নিৰ্ধাৰিত উৎসৱ নাই বুলি কোৱা হয় যদিও ‘হাচা কেকান’ নামক উৎসৱটিক খেতি-পথাৰৰ সৈতে সম্পৰ্ক থকা বিহুৰ সমধৰ্মী বা সমগোত্ৰীয় সামাজিক সমাৰোহ ৰূপে গণ্য কৰা হয়৷

প্ৰকৃতাৰ্থত হাচা কেকান হৈছে এই জনগোষ্ঠীটোৰ কৃষি উৎসৱ বিষয়ক উল্লেখযোগ্য ‘কেকান’ অৰ্থাৎ নৃত্য৷ স্বকীয় বৈশিষ্ট্যপূৰ্ণ এই নৃত্যক কৃষি-নৃত্য নাইবা শস্য কঢ়িওৱা নাচো বুলিব পাৰি৷

কাৰবিসকল প্ৰাচীন কালৰে পৰাই কৃষিজীৱী৷ ধান খেতি তেওঁলোকৰ সাতাম পুৰুষীয়া কৰ্ম৷ জুম পদ্ধতিৰে তেওঁলোকে খেতি-বাতি কৰিছিল৷ আনহাতে মাটিৰ উৰ্বৰতা বৃদ্ধিৰ বাবে সাৰ-জাবৰ প্ৰয়োগ কৰাৰ নিয়ম নাছিল৷

সঘনাই কৃষি-ক্ষেত্ৰ পৰিৱৰ্তন কৰি থকা হৈছিল৷ এঢলীয়া পাহাৰৰ হাবি-বন কাটি, জুই জ্বলাই দি, ছাইবোৰ মাটিৰ সৈতে মিহলাই তাতে ধানৰ বীজ সিঁচিছিল৷ কৃষিক কেন্দ্ৰ কৰিয়ে গঢ়ি উঠিছিল কাৰবি লোকৰ কৰ্ম-জীৱন৷ লখিমী অৰ্থাৎ ধানৰ উৎপত্তি আৰু কাৰবি সমাজত ধান খেতিৰ প্ৰথা কেনেদৰে প্ৰৱৰ্তন হ’ল লোক-গীত ‘লখি কেপ্লাঙ’ত সেই বিষয়ে পোৱা যায়, এনেকৈ…
কুকি চিন দাইপ’ (পেন)

টেৰণ ৰংছ’প’

চাৰনাম চেপিনত’

ৰি কাথি ৰেচ’

কল’ল’ ছি দ’

লাং কুলাং ছি দ’

কুলেং আৰিছ’

চুপি পাম ৰুংফ’

দন্দিৱাৰ ছাৰপ’

ল মাথুম দামফ’

তিম পেন ইম আৰল’

নাদং তাবেঅ’

জ’ আৰনি চকল’

ৰুণ ৰুণ ছি ল’প’…

গীতাংশত কৈছে যে কুকি-চীন ভাষা পৰিয়ালৰ মানুহ আৰু কাৰবিৰ উপৰি পুৰুষ টেৰণ ৰংছ’প’ই একেলগে আলোচনা কৰি লখিমী ক’ত আছে বিচাৰিলে আৰু এটা জুৰিৰ পাৰত থকা বুলি গম পালে৷

সেই গছৰ গুটি খাই জীৱন-ধাৰণ কৰিব পাৰিব বুলি জানিলে৷ তেতিয়া দন্দিৱাৰ ছাৰপ’ই শুভ-দিন চাই লগত বহুতো লোক লৈ গৈ লখিমীক আদৰি আনিলে৷ উৎসৱৰ আয়োজন কৰি তাৰ নাম দিলে ‘ছক কেৰয়’৷

কাৰবি ভাষাত ‘ছক’ মানে ধান, ‘কেৰয়’ মানে কঢ়িওৱা৷ এনেকৈয়ে লখিমী উৎসৱৰ প্ৰচলন হ’ল আৰু আজিও ন-ধানৰ বতৰত ন-খোৱা উৎসৱ কাৰবি সমাজত চলি আছে৷ শীতকালৰ প্ৰাৰম্ভতে আঘোণ-পুহ মাহত দূৰৈৰ পাহাৰৰ বুকুত অৱস্থিত জুমতলীত উৎপাদিত শস্য চপাই ‘মান্দু’ (পথাৰত সজা সৰু পঁজা ঘৰ)ৰ সন্মুখত থকা ‘জিমতিম’ (উৎপাদিত শস্যাদি জমা কৰা চোতাল)ত গোটোৱা হয়৷

মুঠি মুঠি কৰি একে ঠাই কৰা শস্যৰ দ’মবোৰৰ পৰা পুহ-মাঘ মাহত গুটি সৰুৱাৰ পিছত ‘মানতুং’ (কাপোৰেৰে বন্ধা দীঘলীয়া বস্তা)ত ভৰাই ঘৰলৈ কঢ়িয়াই অনা হয়৷ গুটি ধানখিনি ‘হাচি’ (ডুলি, দোণ আদি)ত থোৱা হয়৷ ইয়াৰ পিছত কৃষি-কৰ্ম অঁতাই-পিতাই ৰাইজ একগোট হৈ থলুৱা পৰিৱেশত মংগল-বাদ্য বজাই উল্লাসেৰে উদ্দেশ্যধৰ্মী নৃত্য-গীতপূৰ্ণ উৎসৱ পালন কৰে৷ হাচিক উদ্দেশ্য কৰিয়ে এই আনন্দ উৎসৱ আয়োজিত হয় বাবে ‘হাচি’ শব্দৰ পৰাই ‘হাচা’ শব্দৰ উৎপত্তি হোৱা বুলি কোনো কোনোৱে ক’ব খোজে৷

প্ৰচলিত নিয়ম অনুযায়ী এনে উৎসৱত এজন ‘লুঞ্চে’ (গায়ক)ৰ পৰিচালনাত দুই বা ততোধিক গায়ক-গায়িকাই এজন এজনকৈ গীত পৰিৱেশন কৰে৷ ডেকা-গাভৰুসকলে সেই গীত-বাদ্যৰ ছেৱে ছেৱে নৃত্যত অৱতীৰ্ণ হয়৷ হাচা নৃত্য সাধাৰণতে নিশাৰ ভাগত আৰম্ভ হৈ পুৱতি নিশা পৰ্যন্ত বিৰামহীনভাৱে চলে৷ লখিমী আইৰ গুণ-গানেৰে দুপৰ নিশা নৃত্য কৰি কৰি ক্লান্ত হৈ পৰা ডেকাসকলে গৃহস্থক উদ্দেশ্য কৰি গীত গায়, এনেকৈ…

হিংচং ৱ’ছক তেলিৰাং

কেকান আহান চ’ল’ নাং

হাচা কান পাংখাং কেৰতাং

ক্লিমছ’ জাননন কান আহান, তাং…

গীতৰ ভাবাৰ্থ হৈছে : নিশা দুপৰ হ’ল৷ সপ্তৰ্ষিমণ্ডল মূৰৰ ওপৰ পালেহি৷ গোটেই ৰাতিটো আমোদ-প্ৰমোদ কৰি কটাব নোৱাৰি৷ গতিকে ৰাইজক খুৱাই-বুৱাই বিদায় দিয়ক৷

ৰং-ৰহইচ আৰু খোৱা-বোৱাই হাচা কেকান উৎসৱৰ মূল উপভোগ্য৷ পথাৰৰ লখিমীক আদৰিবলৈ কাৰবিসকলে ছক কেৰয় গীত গায়, হাচা নাচ নাচে, নতুন ধানৰ পানীয় প্ৰস্তুত কৰি দেৱতাক অৰ্পণ কৰে, আলহীক খুৱায়, নিজেও খায়৷

সমজুৱা নৃত্য-গীতৰ সমান্তৰালভাৱে অন্য দিশত ৰন্ধা-বঢ়াৰ কাৰ্যও চলি থাকে৷ যুৱক-যুৱতীসকলে নিজেই ইয়াত অগ্ৰণী ভূমিকা লয়৷ নাচ-গানৰ অন্তত অনুষ্ঠানত সহযোগ কৰোঁতা সমূহ ৰাইজে সমভিব্যাহাৰে আহাৰ গ্ৰহণ কৰে৷ ‘ত’মান’ (দীঘলীয়াকৈ দুফাল কৰি কাটি শুকুৱাই লোৱা মাছ), ভাত আৰু ‘হৰলাং’ (স্বজাতীয় পানীয়) এনে ভোজৰ প্ৰধান উপকৰণ৷

আনহাতে উৎসৱত বাধ্যতামূলকভাৱে লাওপানীৰ ব্যৱহাৰ কৰাটো এটা জনজাতীয় বৈশিষ্ট্য৷ হাচা কেকানত কোনো ধৰণৰ বলি-বিধানৰ প্ৰথা নাই৷ কৃষিভিত্তিক এই সাংস্কৃতিক পাৰ্বণ অঞ্চলভেদে জুন মাহত শস্যৰ বীজ ছটিওৱাৰ সময়তো পালিত হ’ব পাৰে৷ ধান লক্ষ্মী দেৱীৰ অৱদান বুলি হিন্দু সমাজত প্ৰচলিত ধাৰণাক কাৰবিসকলেও অন্তঃকৰণেৰে বিশ্বাস কৰে৷

হাচা কেকানৰ নৃত্য-গীতবোৰত ‘পী লুখিমী’ (লক্ষ্মী দেৱী)ৰ হকে কাৰবি কৃষক সম্প্ৰদায়ে কৰা সংগ্ৰামৰ ইতিহাসৰ বৰ্ণনাত্মক প্ৰতিফলন দেখা পোৱা যায়৷ পথাৰৰ লখিমীৰ প্ৰতি জাতিটোৰ শ্ৰদ্ধা আৰু মৰমৰ ভাব গীতসমূহত সন্নিবিষ্ট হৈ থাকে৷ তদুপৰি এই লখিমী চপোৱা উৎসৱত পৰিৱেশিত লোক-গীতবিলাকত প্ৰতিভাত হয় কাৰবি লোক-মানসৰ আধ্যাত্মিক উৎকৰ্ষতাৰ পূৰ্ণাংগ চিত্ৰৰূপো৷

হাচা কেকান উৎসৱে কাৰবি জনগোষ্ঠীটোক মানসিক তথা সামাজিক বন্ধনেৰে সুদৃঢ় কৰি ৰখাৰ উমান পোৱা যায়৷ এনেকৈয়ে ছক কেৰয় বা লখিমী আদৰা গীত-নাচসমূহৰ জৰিয়তে অসমৰ প্ৰাচীন জনগোষ্ঠী তথা প্ৰকৃতিৰ সন্তান ‘আৰলেং’সকলে লোক-সংস্কৃতিৰ স্বকীয়তা আৰু বিশিষ্টতা ৰক্ষা কৰি আহিছে৷ কৃষিক কেন্দ্ৰ কৰিয়ে গঢ় লৈ উঠিছে বাৰেৰহণীয়া জাতীয় সংস্কৃতি৷ সেই ফালৰ পৰা শস্য চপোৱা, কঢ়িওৱা প্ৰক্রিয়াৰ সৈতে ওতপ্ৰোতভাৱে সম্পৃক্ত ছক কেৰয় উৎসৱৰ বৰ্ণাঢ্য নৃত্য হাচা কেকানক কাৰবি জনগোষ্ঠীৰ পৰম্পৰাগত সাংস্কৃতিক আচৰণৰ বহিঃপ্ৰকাশ বুলিব পাৰি৷

লেখক: আব্দুল চাজিদ

উৎস: সাহিত্য.অৰ্গ