নানা জাতি-জনগোষ্ঠীৰ মিলনভূমি অসম। বিশাল বৰলুইতক সৰু-বৰ উপনৈয়ে জিপাল কৰি ৰখাৰ দৰে, লুইতৰ অস্তিত্বক চিৰ জ্যোতিষ্মান কৰি ৰখাৰ দৰে জাতি-জনগোষ্ঠাৰ বৰ্ণিল কৃষ্টি-সংস্কৃতিয়ে গঢ়ি তুলিছে অসমীয়া জাতিৰ কৃষ্টি-সংস্কৃতি।

জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ সংমিশ্ৰণত গঢ় লৈ উঠিছে জাতিটোৰ সকলো। অসমীয়া জাতি গঠনত ৰাজ্যখনৰ অন্যতম সমৃদ্ধিশালী জনগোষ্ঠী কোচ ৰাজবংশীসকলৰো মূল্যৱান অৱদান আছে। উদীয়মান নিবন্ধকাৰ চক্ৰধৰ ৰায়ে তাৰেই সন্ধানত আগবঢ়াই এই তথ্যপূৰ্ণ লিখাটো।)

বৃহত্তৰ অসমীয়া জাতি তথা জাতিটোৰ ভাষা-সংস্কৃতি, সাহিত্য আদিৰ গঠন, বিকাশ, প্ৰসাৰত ৰাজ্যখনৰ অন্যান্য জনগোষ্ঠীসমূহৰ দৰে কোচ ৰাজবংশীসকলোৰো আছে গুৰুত্বপূৰ্ণ অৱদান। অপৰিসীম অৰিহণা।

বিশেষকে পশ্চিম অসমত বসবাস কৰা ৰাজবংশীসকলৰ লোক-সংস্কৃতিৰ ভঁৰাল ইমানেই সমৃদ্ধিশালী যে সৰু পৰিসৰৰ প্ৰৱন্ধ এটাত সেই বিষয়ে আলোচনা কৰি শেষ কৰিব নোৱাৰি। তথাপিও কিছু বুটলি আনি আলোচনা কৰিবলৈ যত্ন কৰিলোঁ—

বিষুৱা -

বিষুৱা হৈছে কোচ ৰাজবংশীৰ জাতীয় উৎসৱ। চ’ত মাহৰ সংক্ৰান্তিৰ পৰা এই উৎসৱ আৰম্ভ হয় আৰু ছয় ব’হাগলৈ চলে। সম্পূৰ্ণ সাতদিন ধৰি চলা বাবেই ইয়াৰ আন এটা নাম হ’ল সাত বিষুৱা।

চ’তৰ সংক্ৰান্তিৰ দিনা গৃহস্থই পুৱাতে উঠি মুখ-হাত নোধোৱাকৈ আগদিনাই আনি থোৱা বেতৰ পাত, বিষকুটুলিৰ পাত(বিহলঙনি),কাতুৰিৰ ফুল, দীঘলতিৰ পাত, কানসিচাৰ পাত (দ্ৰোণ), বিষঢেঁকীয়া, ভেটমালিৰ পাত আৰু ফুল আদি একেলগ কৰি প্ৰত্যেকটো ঘৰৰ মাৰলত, পদূলিত, নঙলামুখত, তাঁতশালত গুজি দিয়া হয়।

ইয়াৰ লগে লগে ঘৰৰ গৰুক লাউ, বেঙেনাৰ মালা পিন্ধাই নৈ, বিল, পুখুৰী আদিত নমাই দীঘলতিৰ পাতেৰে কোবাই কোবাই গা ধুৱাই গৰখীয়াই এইদৰে গীত গায়:-

লাউ খা বাইগন খা

বছৰে বছৰে বাঢ়িয়া যা

বাপ বৰো মাৱ বৰো

তুই হইছ মোটা তাজো।

ঠিক সেইদৰে এই বিষুৱাতে কোচ ৰাজবংশী সমাজত সাতশাকী অৰ্থাৎ সাতবিধ শাক একেলগে ৰান্ধি খোৱাৰ নিয়ম আছে।

ইয়াৰ বাবে মহিলাসকলে সমূহীয়াভাৱে ওচৰৰ পাহাৰ বা হাবিত শাক তুলিবলৈ যায় আৰু কুলাঢাকি (মাটিপিচা), ঢেঁকীয়া, বেতৰ গাজ, জঙা, তিনপাতিয়া, নিমপাত,আমৰ মল, পুণ্ডীৰ গাজ, দেৱীটোকন, ডিংডিঙাৰ আগ আদি তুলি আনে।

লোকবিশ্বাস মতে সাতশাক ৰান্ধি খালে বছৰটোৰ বাবে ৰোগৰ বিজাণু, বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ পোৱা যায়। এনেদৰেই উলাহ-মালহেৰে কোচ ৰাজবংশী সমাজত জাতীয় উৎসৱ বিষুৱা পালন কৰা হয়।

হুদুম দেওৰ পূজা -

হুদুম দেওৰ পূজা কোচ ৰাজবংশী সমাজৰ আন এক লোককৃষ্টি। যেতিয়া খৰাং হয় পথাৰে চিৰাল ফাঁট দিয়ে তেতিয়া বৰষুণ কামনা কৰি মহিলাসকলে সেই পূজাৰ আয়োজন কৰে। হুদুম পূজা মহিলাসকলৰ, পুৰুষসকলৰ অংশগ্ৰহণ নিষেধ।

এই পূজাৰ বাবে এটা হুদুম চৰাই বা কল গছৰ পুলি অনা হয়। আঁউসীৰ নিশা পথাৰৰ মাজত বা নৈৰ পাৰত এডাল খুঁটিত বান্ধি মহিলাসকলে সম্পূৰ্ণ বিবস্ত্ৰ হৈ খুঁটিৰ চাৰিওফালে ঘুৰি ঘুৰি গোটেই নিশা নৃত্য গীত কৰে।

নিশাৰ আন্ধাৰৰ নৃত্য-গীতসমূহ যৌনগন্ধী আৰু এনে নৃত্য গীতেৰে হুদুম দেওৰ প্ৰতীক হুদুম চৰাই বা কলগছৰ পুলিৰ ওচৰত প্ৰকৃতিৰ উৰ্ব্বৰা শক্তি তথা বৰষুণ কামনা কৰি কৰা এই অনুষ্ঠানত প্ৰজননৰ ভাবনা প্ৰকাশিত হয়। লোকবিশ্বাস অনুসৰি হুদুম দেও সন্তুষ্ট হ’লে পৃথিৱীত ধাৰাষাৰে বৰষুণ হয়।

পূজাৰ একাংশ গীত এনেধৰণৰ-

হুদুম দেও হুদুম দেও

আমাক ফটিক পানী দেও

আমাৰ দেশত নাই পানী

জীৱন লয়া টানা-টানি।

হুদুম দেও হুদুম দেও

এক চলকা পানী দেও

ছুৱায় আছি নাই পানী

ছুৱায় ছুতি বাৰা বানি।

কালা মেঘ ধলা মেঘ মেঘ সোদৰ ভাই

একঝাক পানী দেও গাও ধুবা চাই

কালা মেঘ ধলা মেঘ ডাকেয়া আন ঝৰি

আন্ধাৰ কৰিয়া দেওয়া আইসে দাবাৰি।

বাঁশ পূজা -

বাঁশ পূজা হ’ল কোচ ৰাজবংশীসকলৰ আন এক বৈশিষ্ট্যপূৰ্ণ লোক উৎসৱ। এই উৎসৱ চ’ত মাহৰ মদন চতুদৰ্শী তিথিৰ দিনা পতা হয়। বাঁশ পূজাত মদন আৰু গোপালৰ প্ৰতীকৰূপে তিনিডাল বাঁহ চাফ চিকুণ কৰি প্ৰথমডালত বগা কাপোৰ আৰু দ্বিতীয় ডালত ৰঙা কাপোৰ মেৰিয়াই, বাঁহ দুডালৰ আগলিত দুটা চোঁৱাৰ বান্ধি ওচৰা-ওচৰিকৈ পোতা হয়।

আনহাতে, তৃতীয়টো ডালত জাকৈ,খালৈ আৰু এখন অৰ্ধভগ্ন নাঙল ওলমাই অলপ আঁতৰত পোতা হয়। ৰঙা কাপোৰ আৰু বগা কাপোৰ মেৰিওৱা বাঁহ দুডালক যথাক্ৰমে প্ৰকৃতি আৰু পুৰুষ হিচাপে গণ্য কৰা হয়।

বাঁহকেইডালৰ গুৰিত তিনি দিনধৰি পূজা তথা বিভিন্ন ধৰণৰ প্ৰসাদ আগবঢ়োৱা হয়। তাৰ উপৰিও ডেকা-বুঢ়া সকলোৱে বিভিন্ন বাদ্য-যন্ত্ৰ বজাই নৃত্য-গীত কৰি বাঁহ দেৱতাক সন্তষ্ট কৰিবলৈ যত্ন কৰে।

তিনি দিনধৰি চলা পূজাৰ পিছত চতুৰ্থ দিনা ভাসানী পূজা অৰ্থাৎ পূজাৰ সকলোবোৰ বস্তু বিসৰ্জন দিয়া হয়।

সিদিনা নদীত বাঁহ তিনিডাল বিসৰ্জন দি কলগছৰ ভেল সাজি কৰি তাত এযোৰ পাৰ চৰাই আৰু এটা পঠা ছাগলী নৈত উটুৱাই দিয়া হয়। লোকবিশ্বাস অনুসৰি এনেদৰে ভেল এৰি দিলে বছৰটোৰ কাৰণেই বেমাৰ-আজাৰ, অপায়-অমংগল দূৰ হয়।

কাৰ্তিকা পূজা -

কাৰ্তিকা পূজা বা কাতিকা পূজা কোচ ৰাজবংশী সকলৰ অন্যতম লোক উৎসৱ। এই উৎসৱ কাতি মাহত অনুষ্ঠিত হয়। কাৰ্তিকা পূজাও মহিলাসকলৰ পূজা আৰু পূজাত পুৰুষৰ প্ৰৱেশ নিষেধ।

আদবয়সীয়া মহিলাসকলে এই পূজা বিভিন্ন নিয়মেৰে অনুষ্ঠিত কৰে। মহিলাসকলে কাৰ্তিক দেৱতাৰ মূৰ্তি স্থাপন কৰে আৰু নিয়মানুসাৰে পূজা-অৰ্চনা কৰে। এই পূজা মূলতঃ সন্তান নথকা তিৰোতাই সন্তান প্ৰাৰ্থনা কৰি সেৱা আগবঢ়ায়, যদিও শস্য, সুপাত্ৰ লাভ কৰাৰ বাবেও পূজা কৰা হয়।

এই পূজা গোটেই ৰাতি চলে আৰু পূজাত গোৱা গীতসমূহৰ বেছিভাগ যৌনধৰ্মী তথা নৃত্যৰ অংগী-ভংগীতো অশ্লীলতা প্ৰকাশ পায়।

লোকবিশ্বাস অনুসৰি শিৱৰ পুত্ৰ কাৰ্তিকে অবিবাহিতা আছিল, সেই কাৰণে সন্তান নোহোৱা তিৰোতাবোৰে সন্তান কামনা কৰি কাৰ্তিকৰ ওচৰত পূজা আগবঢ়ায়। কাৰ্তিকে পূজাত সন্তুষ্ট হৈ মনোবাঞ্ছা পূৰণ কৰে।

কিছুমান গীত অতি ৰসাল, তেনে এফাকি গীত এনে ধৰণৰ-

কাতিকা কান্দে কাতিকা কান্দে

হাতে ধনু লয়া।

অ’ কাতিকা এইবাৰো নাহইল তোৰ বিয়া,

এইবাৰ উঠিব ডেঙৰা অমুকক দিয়া,

কাতিকা কান্দে কাতিকা কান্দে

হাতে ধনু লয়া,

আৰ বাৰ তোৰ বিয়া হ’ব

চ’টো বইনক দিয়া

অ’ কাতিকা এইবাৰো নাহইল তোৰ বিয়া।

সোণাৰায় পূজা-সোণাৰায় পূজা বা বাঘ পূজা কোচ ৰাজবংশী সমাজত দীৰ্ঘদিন ধৰি পালন হৈ অহা পৰম্পৰাগত লোক উৎসৱ।

কথিত আছে যে পূৰ্বতে হাবি-জংগল যেতিয়া বেছি আছিল তেতিয়া বাঘবোৰে হাবিৰ পৰা ওলাই আহি গৰু-ম’হৰ লগতে মানুহৰো বিস্তাৰ ক্ষতি কৰিছিল আৰু এনে বিপদৰ পৰা হাত সাৰিবলৈয়ে মানুহে বাঘ পূজা বা সোণাৰায় পূজা কৰিছিল। সোণাৰায় হ’ল বাঘৰ ভয়ত সৃষ্টি হোৱা দেৱতা, ই বৈদিক দেৱতা নহয়।

এই পূজা পুহ মাহৰ সংক্ৰান্তিৰ দিনৰ পৰাই আৰম্ভ হয় আৰু গোটেই পুহ মাহতো সোণাৰায়ৰ প্ৰতীক ডোৰ এডাল লগত লৈ ঘৰে ঘৰে মাগি ফুৰে আৰু শেষত কোনো এক মুকলি ঠাইত এজন অভিজ্ঞ ব্যক্তিৰ দ্ধাৰা পূজা কৰা হয়।

বৰ্তমান সময়ত এই পূজাৰ নিদেৰ্শন হিচাবে বঙাইগাঁওৰ বাঘেশ্বৰী মন্দিৰলৈ আঙুলিয়াব পাৰি। সোণৰায় পূজাৰ গীত এনে ধৰণৰ-

দাদা বলোৰাম হে হাসিয়া কাথা কয়

দুঃশাসনী বাঘ লয়া নামিল সোণাৰায়,

বাঘ নামিলৰে অৰে চিতিয়া-পাখেৰা

ভোৰ বিহানে নামিল বাঘ মানুষ কামেৰা।

সত্য ঠাকুৰ সোণাৰায় গাইৰস্তক দে তুই বৰ

ধানে ধানে বাঢ়ক গিৰি চন্দ্ৰ দিবাকৰ

গোইলে বাঢ়ুক গৰু গাই,গোলাত বাঢ়ুক ধান

সমাজে দৰবাৰে বাঢ়ুক বাটা ভৰা পান।

গোইলে বাঢ়ুক গৰু গাই,জাঙালে বাঢ়ুক লাউ

গিৰিঘৰেৰ শক্তি দুচমন বাঘে ধৰিয়া খায়।

গাৰ্জা পূজা-গাৰ্জা পূজা মূলতঃ গাঁওৰ ৰাইজে সমূহীয়াভাৱে পালন কৰে। এই পূজাত বিভিন্ন দেৱ-দেৱীক একেলগে পূজা কৰা হয়।

এই পূজা আকৌ দুই প্ৰকাৰৰ গো-পূজা আৰু ভাসানি পূজা ক্ৰমে আঘোণ আৰু জেঠ মাহত পতা হয়। এই পূজাত বিশেষকৈ ৰাইজৰ অপায়-অমংগল আৰু বেমাৰ আজাৰ আদি নাশ কৰিবলৈ পতা হয়।

আগ আনা -

আগ আনা কোচ ৰাজবংশী সমাজৰ কৃষিৰ লগত জড়িত থকা উৎসৱ। এই আগ আনাৰ পৰাই পথাৰৰ সোণগুটি ঘৰলৈ অনাৰ পৰ্ব আৰম্ভ হয়। এই উৎসৱ আঘোণ মাহৰ ভাল দিন-বাৰ এটা চাই পতা হয়।

এই পূজাৰ দিনা গৃহস্থই ঘৰখন সাৰি-মটি শুদ্ধ কৰাৰ পিছত এটা পাত্ৰত পূজাৰ বাবে বিভিন্ন সামগ্ৰী যেনে তামোল-পাণ, চাউলৰ গুৰি, সেন্দূৰ, থুৰি কলৰ পাত, কাঁচি আদি সামগ্ৰী পথাৰলৈ লৈ যোৱা হয়।

পথাৰলৈ গৈ পোৱাৰ পিছতে লৈ যোৱা বস্তুসমূহ কিছু নীতি-নিয়ম মাজেৰে আগবঢ়োৱা হয়। তাৰ পিছতে কলৰ পাতেৰে তিনিগছী ধান মেৰিয়াই কাঁচিৰে কাটি পাত্ৰত তুলি ঘৰলৈ নিয়া হয়।

আচলতে এই পূজা হ’ল পথাৰৰ পৰা লখিমীক ঘৰলৈ অনা, সেয়েহে পথাৰৰ পৰা আহি ঘৰ সোমায়েই ঘৰৰ দুৱাৰখন বন্ধ কৰি দিয়া হয়, লোকবিশ্বাস অনুসৰি বন্ধ নকৰিলে লখিমী আই ঘৰৰ পৰা ওলাই যায়।

তাৰ উপৰি এই পূজা কৰিবলৈ যাওতে বা আহতে বাটত কাৰো লগত কথা পাতিব নাপায় বা পিচফালে ঘূৰি চোৱাও নিষেধ। নহ’লে লখিমী আইয়ে খং কৰে বুলি জন বিশ্বাস এটা আছে।

লাখোল ঠাকুৰ -

লাখোল ঠাকুৰ পূজা কোচ ৰাজবংশী সমাজৰ আন এক উল্লেখনীয়া লোক কৃষ্টি। লাখোল ঠাকুৰ হ’ল গৰখীয়াসকলৰ ৰজা।

এই উৎসৱ মূলতঃ ঘৰৰ গাইজনীৰ পোৱালি জাগিলে আয়োজন কৰা হয়। নৱজাত পোৱালিটোৱে মাকৰ প্ৰথম দুগ্ধপান কৰাৰ পিচত গৃহস্হই গাখীৰ খীৰাই সেইখিনি পগাই ‘ফেচু’ নামৰ এবিধ খাদ্য প্ৰস্তুত কৰে। ফেচু আকৌ আন ধৰণেৰেও প্ৰস্তুত কৰা হয়।

চূঙাত ভৰাই। গৃহস্থই সন্ধিয়াৰ ভাগত এই ফেচু প্ৰসাদখিনি চোতালত থকা হৰি মন্দিৰত লাখোল ঠাকুৰলৈ আগবঢ়ায়। লোকবিশ্বাস অনুসৰি সেই পূজা নকৰিলে যদি কেতিয়াবা এৰাল চিঙি গাই হেৰায়, তেতিয়া লাখোল ৰজাই গাইজনীক লকুৱাই ৰাখে।

গৃহস্থই বিচাৰি হাহাকাৰ কৰিব লগা হয়। সেয়েহে লাখোল ঠাকুৰক সন্তষ্ট কৰিবলৈ সেই পূজা কৰা হয়।

এই পূজাত জন্ম হোৱা পোৱালিটোক যাতে কোনো হিংস্ৰ জীৱ-জন্তুয়ে অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে শিয়াল ঠাকুৰলৈ এভাগ প্ৰসাদ আগবঢ়োৱা হয়।

ইয়াৰ বাহিৰেও বুঢ়া-বুঢ়ী ফেলা, পাহাৰ পূজা, আখা পূজা, কঢ়া-কঢ়ি পূজা, কুশান নৃত্য, ভাৱাইগীত, নয়ানশ্বৰী গীত, নৱান্ন, গোৱালিনী নৃত্য, বাশী পুৰাণ, কাতি গাছা, ধুৱানি, ৰাখাল ভাত আদিয়েও কোচ ৰাজবংশীৰ সংস্কৃতিৰ ভঁৰাল চহকী কৰি ৰখাৰ লগতে সেই সম্পদৰাজিয়ে জাতিটোৰ সংস্কৃতিৰ বৰপেৰাটোত ভিন্নতা প্ৰদান কৰিছে।

উৎস :- সাহিত্য উট অৰ্গ