অঘোণৰ মাহতে কন্যা সংসাৰে নৱান ধান। কতেক খাইতে মধু কতেক পুৰাণ।। যাৰ সঙ্গে প্ৰিয়া আছে ৰান্ধি ভাত খাই। আমাৰ সঙ্গে প্ৰিয়া নাই(থাকিম) পৰৰ মুখ চাই।। আগবাঢ়ি লোৱা কন্যা সাত-সৰি হাৰ। দুই বাহুত তুলি দিম সোণৰ ঝাম্প টাৰ।। কাণ চাই দিম কন্যা হীৰাৰ মদন কড়ি। কঁকাল চাই দিম কন্যা কাঞ্চন পাটৰ শাৰি।। ভৰি চাই দিম কন্যা ভৰিৰে নেপূৰ। কপাল চাই দিম কন্যা সিথাৰ সেন্দুৰ।। পৌষৰ মাসতে কন্যা পুষ্পে অধিকাৰী। স্বামীত ভকতি কৰে ভাগ্যৱতী নাৰী।। ভাগ্যৱতী নাৰী যিটো সাম্ফল জীৱন। স্বামী হেন ধন নাই ই তিনি ভুবন।। মাঘৰ মাসতে কন্যাৰ হৈল চাৰি মাস। তিনি দেশৰ সাউদ আহি লগাইলা মাত।। চাউল দেওঁ পাতিল দেওঁ ৰান্ধি খোৱা ভাত। ভাল ভাল দাসী দেওঁ চুৱা পেলাইবাক। টৌ দেওঁ জান্তি দেওঁ বালুত মাজিয়া। ভোগ ধানৰ চাউল দেওঁ দুখত পথালিয়া। ভাত কঙ্গালী নহওঁ কন্যা ভাত ৰান্ধি খাম। ধনৰ কঙ্গালী নহওঁ কন্যা ধন লৈয়া যাম।। ফালগুনৰ মাসতে কন্যা বসন্তৰে কাল। জাঁই জুতি ফুলে ফুল বেলি তৰুৱাল। জাঁই যুটি ফুটে ফুল তপত নয়ান। জাঁই যুটি ফুলে ফুল খোপাতে ফুলাম।। ফাগুনৰ মাসতে পাই মনে বৰি দুখ। স্বামীৰ কটিত ভুকা কেনে ভকুৱা কুকুৰ।। কুকুৰ ভুকিলেৰে গিৰস্থে পাইব সাৰি। তেখনে বুলিব আমাক পুৰুষ বধা নাৰী।। চৈতৰ মাসতে কন্যা চতুৰ দিশে মন। বিলাওৰে বিলাওৰে কন্যা নৱান যৌৱন।। খাওঁৰে কন্যা কৰ্পূৰ তাম্বুল বাঢ়োক পিৰীতি। গুচাও মনৰ কৈটব মাগিছোঁ সুৰতি।। কি বিলাইবো কি বিলাইবো সাউদৰ নন্দন। কাঠেৰে বান্ধিছোঁ হিয়া নুতোলাইবো মন।। শাগুৰী দুলালী কন্যা স্বামীত পৰাণ। পৰ পুৰুষক দেখোঁ বাপ ভাই সমান।। সাউদ বোলোঁ সদাগৰ বোলোঁ ভাই তোমাকে। ধৰমক চিন্তি তুমি যোৱা ৰাজপথে। বৈসাখৰ মাসতে কন্যা কন্যা পদুমণি।। চন্দনে চিটিকা দিয়া ভূঙ্গাৰৰ পানী। ভৃঙ্গাৰৰ পানী নোহে উত্তম গঙ্গাজল। বাৰী ভৰি আছে আমাৰ ডাব নাৰিকল।। আতালত আছে আমাৰ শুকান নাৰিকল। লাৰিতে চাৰিতে দাসীৰ কঁকাল দুখাল।। গোহাল ভৰি আছে আমাৰ সাত পাঞ্চ গাই। দৈ দুখ ঘৃত মধু ঘিণতে নাখাই।। সাউদ বোলোঁ সদাগৰ বোলোঁ ভাই তোমাকে। ধৰমক চিন্তি তুমি যোৱা ৰাজ পথে। জেঠৰ মাসেতে কন্যা ভৰিয়া উঠে বান। কোন দেশৰ সাউদ তুমি কিবা তোমাৰ নাম।। কোন দেশে থাকা সাউদ কোন দেশে ঘৰ। কি নাম তোমাৰ মাৰ আবুৰ কি নাম বাপৰ।। বাপৰ নাম বিস্মৰণ মাৱৰ নাম ৰায়াল। জীৱ গুৰু দিছে নাম নাম তাৰ গাৱঁৰ।। আষাঢ় মাসতে কন্যা আহৰুৱা ৰাতি। তোমাৰ স্বামী কাটা গৈছে কাঞ্চন পুৰৰ ভাথি।। নাযাইদে কাটা আমাৰ টিকৰ-পতি। আউলিল হয় মাথাৰ চুলি চিঙ্গিল হয় বজ্ৰ মুঠি।। হাতৰ দুই মুঠি শাঁখা ভাঙ্গি হল হয় চুৰ। মোলান পৰিল হয় মোৰ কপালৰ সিন্দুৰ।। শাওণৰ মাসতে কন্যা শাওণীয়া ৰাতি। আজি ৰাতি কন্যা মই ভুঞ্জিবো সুৰতি। আজি ৰাতি মই চোৰ যাকে লগাল পাওঁ।। হাতে গলে বান্ধি তাকে ৰাজ ঘৰে পঠাওঁ। চাৰি ফালে ৰাখি থম পহৰী চাৰিটি। দুৱাৰ মুখতে বান্ধি থম মত্ত গজ হাতী। শিথানে-পৈথানে লগাম ঘৃতৰ পাচ বাতি।। তীক্ষ্ণ খাণ্ডা হাতে ধৰি জাগিম চৌপৰ ৰাতি। দাবৰি মাৰিম কন্যা মত্ত গজ হাতী। থাপ দি নুমাম কন্যা ঘৃতৰ পাঞ্চ ৰাতি। চটকি মাৰিম কন্যা ই পালি প্ৰহৰী।। তীক্ষ্ণ খাণ্ডা ভাঙ্গিম কন্যা মই টিপা মাৰি।। ভাদৰ মাসতে কন্যা মাসৰ পৰিল শেষ। হাসি খেলি বিদায় দিয়া যাওঁ নিজ দেশ।। তুমি হলা ভিন পুৰুষ আমি ভিন নাৰী।] বাপৰ শকতি নাই বিদায় দিতে পাৰি।। আমি ভিন নাৰী সাউদ নাভাবিবি আন। আপোনাৰ দোষে সাউদ হাৰাইবি প্ৰাণ।। বাপ বোলো ভাই বোলো সাউদ তোমাক। ধৰমক চিন্তি তুমি যোৱা ৰাজ পথে।। আহিনৰ মাসতে কন্যা নিৰমল ৰাতি। পৰ পুৰুষ নোহোঁ কন্যা তোৰ টিকৰ পতি।। পৰ পুৰুষ নোহোঁ যদি আপুন ঈশ্বৰে। খানিক ৰহিয়া থাকা ডিঙ্গাৰ উপৰে।। সোণাৰ বাটায় গুৱা-পাণ জাৰি ভৰা পানী। ধীৰে ধীৰে গেল কন্যা বাপৰ বিদ্যমানি।। কাৰ খাইছা গুৱা-পাণ কাক দিছা বিয়া। হুই নুই তোমাৰ জোঁৱাই লওৰে চিনিয়া।। সোণাৰ বাটায় গুৱাপাণ জাৰি ভৰা পানী। ধীৰে ধীৰে আসিল শ্বশুৰ জোঁৱাই বিদ্যমানি।। কোন চহৰে থকা বাপু কোন চহৰে ঘৰ। আইৰ নাম কমলমালা বাপা ধনেশ্বৰ।। শিশু কালত বিয়া কৰাইছো মাণিক সদাগৰ। নানান আড়ম্বৰে আসিছিলোঁ তোমাৰ ঘৰ।। ব্ৰাক্ষ্মণ সজ্জনক আনি জিজ্ঞাস কৰি চাৱা। প্ৰথম কাতি মাসে আমাক দিছা বিয়া।। প্ৰদীপ লগাই কন্যা ঘাটৰ কুলে যাই। স্বামী স্বামী বুলি কন্যা চৰণ ধুৱাই।। চৰণ ধুৱাই কন্যা মাগি লৈয়া বৰ। স্বামীক বেঢ়িয়া নিলা মন্দিৰ ভিতৰ।। কাতিৰ মাসতে কন্যা কাতিয়ান ধানৰ থোৰ। বাৰ মাসৰ তেৰ গীত গাইয়া নাপাও ওৰ।। বাৰ মাসৰ তেৰ গীত লওৰে গণিয়া। ইটো গীত গাইছে কোন জয়ধন বণিয়া। জয়ধন বণিয়া নোহে শ্ৰীধৰৰ বাপ। গাওঁতাৰ মুকুতি হোৱে শুনাৰ খণ্ডে পাপ। লিখকঃ ফণীন্দ্ৰনাথ কলিতা