অসমৰ বহুল প্ৰচলিত জনশ্ৰুতি আৰু সাধুকথাৰ আলমত সৃষ্টি হোৱা গীত সমূহৰ ভিতৰত কমলা কুঁৱৰীৰ গীত অন্যতম ৷ কৰুণ ৰসাসিক্ত আৰু কাব্যিক সৌন্দৰ্যৰে ভৰা কমলা কুঁৱৰীৰ গীত উৎকৃষ্ট মালিতা ৷ প্ৰবাদ অনুসৰি কমলা কুঁৱৰী আছিল এজন আহোম ৰজাৰ আদৰৰ কুঁৱৰী ৷ এবাৰ ৰাজ্যত ভয়ানক খৰাং হোৱাৰ সময়ত সপোনত দেখা বিধানৰ পৰিনতি স্বৰূপে ৰজাই কমলা কুঁৱৰীক পানীৰ নামত উচৰ্গা কৰে ৷ নিৰ্দিষ্ট দিনত এটা শুকান পুখুৰীত কুঁৱৰীক নমাই দিয়া হয় আৰু তেওঁ নমাৰ লগে লগে ক্ৰমশঃ পুখুৰীটো পানীৰে উপচি পৰে ৷ কিন্তু প্ৰজা তথা ৰাজ্যৰ বাবে নিজৰ জীৱনকো তুচ্চ জ্ঞান কৰা কমলা কুঁৱৰীৰ সেই পানীতেই ডুবি কৰুণ ভাবে মৃত্যু হয় ৷ এই কাহিনীটি গীতৰ ৰূপত এনেদৰে পোৱা যায় - কমলা কুৱৰী মোৰে প্ৰাণেশ্বৰী বেলি যে বহুতে হ'ল, শুনকচোন শুনকচোন স্বৰ্গদেউ ঈশ্বৰে বাহী মুখ ধুবৰে হ'ল ৷ কমলা কুৱঁৰী মোৰে প্ৰাণেশ্বৰী বেলি যে দুপৰে হ'ল, শুনকচোন শুনকচোন স্বৰ্গদেউ ঈশ্বৰে তেল টেঙা ঘঁহিবৰ হ'ল ৷ কমলা কুঁৱৰী মোৰে প্ৰাণেশ্বৰী বেলি ভাটী দিবৰে হ'ল, শুনকচোন শুনকচোন স্বৰ্গদেউ ঈশ্বৰে চুলি মেলাবৰে হ'ল ৷ কমলা কুঁৱৰী মোৰে প্ৰাণেশ্বৰী দোলাত গৈ উঠিবৰ হ'ল, শুনকচোন শুনকচোন স্বৰ্গদেউ ঈশ্বৰে আমাৰো যাবৰে হ'ল ৷ কমলা কুঁৱৰী মোৰে প্ৰাণেশ্বৰী পানীবা কিমানে হ'ল, শুনকচোন শুনকচোন স্বৰ্গদেউ ঈশ্বৰে পানী এ এপতা হ'ল ৷ কমলা কুঁৱৰী মোৰে প্ৰাণেশ্বৰী পানীবা কিমানে হ'ল, শুনকচোন শুনকচোন স্বৰ্গদেউ ঈশ্বৰে পানী এ এগাঁথি হ'ল ৷ কমলা কুঁৱৰী মোৰে প্ৰাণেশ্বৰী পানীবা কিমানে হ'ল, শুনকচোন শুনকচোন স্বৰ্গদেউ ঈশ্বৰে পানী এ এআঁঠু হ'ল ৷ কমলা কুঁৱৰী মোৰ প্ৰাণেশ্বৰী পানীবা কিমানে হ'ল, শুনকচোন শুনকচোন স্বৰ্গদেউ ঈশ্বৰে পানী এ একঁকাল হ'ল ৷ কমলা কুঁৱৰী মোৰে প্ৰাণেশ্বৰী পানীবা কিমানে হ'ল, শুনকচোন শুনকচোন স্বৰ্গদেউ ঈশ্বৰে পানী এ এবুকু হ'ল ৷ কমলা কুঁৱৰী মোৰে প্ৰাণেশ্বৰী পানীবা কিমানে হ'ল, শুনকচোন শুনকচোন স্বৰ্গদেউ ঈশ্বৰে পানী এ এডিঙি হ'ল ৷ কমলা কুঁৱৰী মোৰে প্ৰাণেশ্বৰী পানীবা কিমানে হ'ল, শুনকচোন শুনকচোন স্বৰ্গদেউ ঈশ্বৰে পানী এ এঠুঁতৰি হ'ল ৷ কমলা কুঁৱৰী মোৰে প্ৰাণেশ্বৰী পানীবা কিমানে হ'ল, শুনকচোন শুনকচোন স্বৰ্গদেউ ঈশ্বৰে পানী এ এমুখে হ'ল ৷ জোৰোণ পিন্ধাওতে গোৱা কেইটামান যোৰা নাম ৰামলৈ কি চিঠি, দিলা হে আইদেউ ৰামলৈ কি চিঠি দিলা, সেইনো চিঠি খনি পাই ৰামচন্দ্ৰই জোৰোণ পঠিয়াই দিলা ৷ কলখোৱা বাদুলি ,কিনো আইদেউ আজলী, কেমিকেলৰ নেকলেছডাল, সোণৰ বুলি পিন্ধিলি ৷ হাত চাই নল'লা ,সোণৰ মুঠি খাৰু , ঐ ৰাম ডিঙি চাই নল'লা মণি হে, আইদেউৰ জোখৰে জোঁৱাই চাই নল'লা হৰি মোৰ ঐ বিষয়ত ভোল গৈ তুমি ৷ ওপৰত কুৰুৱাই খালে ৰৌ মাছ তললৈ পেলালে ফিচা হে, জোৰোণত আনিছে এৰিয়া মেখেলা হৰি মোৰ ঐ সমাজত মাতিলে মিছা ৷ শুনোতে শুনিছিলো, দৰাঘৰ বৰ ধনী সাজে পতি ৰৌ মাছ খায় হে, এতিয়া শুনিলো দৰাঘৰ দুখীয়া হৰি মোৰ ঐ নদীতে জুলুকি বায় ৷ জোৰোণত আনিছে পিতলৰ গহনা ওপৰত সোণৰে ৰং হে, অলপ দিন পিছতে ক'লা পৰি যাব হৰি মোৰ ঐ আইদেউৰ উঠিছে খং ৷ কল খাই পেলালা, কলৰে গুটি কলৰে গুটি , কাপোৰযোৰ আনিছে, আইদেউলৈ চুটি ৷ সেইযোৰ কাপোৰ বাৰু কেনেকৈ পিন্ধা, ভিনদেউ আহিলে ওভোটাই দিবা ৷৷ সোণৰ চাকি শলা ৰূপৰে গছা, ব্লাউজটো আনিছে গালৈকে নটা ৷ থৈ দে থৈ দে , দুৱাৰৰ চুকত, দৰাটো আহিলে মাৰিবি বুকত ৷৷ ৰূপৰ চাকি মলা, সোণৰে গছা, চেন্দেলযোৰ আনিছে ভৰিলৈ নটা, থৈ দে থৈ দে, দুৱাৰৰ চুকত , দৰাটো আহিলে মাৰিবি বুকত ৷৷ বাৰীৰ চুকৰে থেকেৰা টেঙা, শাহুৱেক আহিছে মুখখন বেকা ৷ চেনেহৰ বাইদেউ ঐ কি কাম কৰিলা, এইজনী শাহুৰ লগত কেনেকৈ খাবা ? কঠাল পকি আছে, কঠালৰ গছত শাহুৱেক আহিছে, পেটতো শকত ৷ সেইটো পেটত ধৰে, এক নাও ভাত কেনেকৈ বাইদেউ ঐ চলিবা তাক ? উত্স: ঐশ্বর্য অমিতাভ