‘খেতি আৰম্ভ কৰাৰে পৰা ৰুই-তুলি; দাই-চপাই, ধান বহাই শুকুৱাই খুন্দা ভজালৈকে বিভিন্ন আচাৰ-অনুষ্ঠান আৰু সংস্কাৰ অসমীয়া গৃহস্থী এখনে মানে’। (ড° নিৰ্মলপ্ৰভা বৰদলৈ) গোছ ৰোৱা (কামৰূপত গোছা দিয়া), গুচি লোৱা বা ভূঁই ৰোৱা কৃষিৰ প্ৰস্তুতি পৰ্বৰ এটি উৎসৱ। আহু, পৰ্মা অথবা বৰোধানৰ ক্ষেত্ৰত গোছ ৰোৱা উৎসৱ নাপাতে– জেঠ-আহাৰ মাহৰপৰা ৰোৱা বাও অথবা শালি ধানৰ ক্ষেত্ৰতহে ই প্ৰযোজ্য। সোম, বুধ, বৃহস্পতিবাৰ অথবা জ্যোতিষীৰ অনুমোদিত বাৰতহে প্ৰথম গোছ ৰোৱা নিয়ম। পথাৰৰ আলিমূৰত আগলতি কলপাত এখনত ধূপ-দীপ জ্বলাই কচুপুলি আৰু তৰাপুলি একোটাকৈ ৰুই তাত তামোল এযোৰ দি ‘গুৰুত লগাম, গোঁসাইত লগাম, বাৰ ভকতক খুৱাম’ বুলি আই লখিমীক নদন-বদন হ’বলৈ মনে মনে প্ৰাৰ্থনা জনাই গোছ ৰুবলৈ আৰম্ভ কৰে। প্ৰথমে সাত বা পাঁচ গুছি ধান ৰোৱাটো নিয়ম। শুভকাৰ্যৰ স্বাক্ষৰ ৰূপে গোছ ৰোৱাৰ দিনা ঘৰৰ গৰু হালৰ শিঙত তেল ঘঁহি দিয়ে আৰু পথাৰত হালোৱা-ৰোৱনীসকলক জা-জলপান খুৱায়। প্ৰথম গোছ ৰোৱা কাৰ্যৰ গইনা লৈ কোনো কোনো অঞ্চলত একাধিক ৰং-ৰহইচে এঙামুৰি দি উঠিছে। গোছ লোৱা দিনটোত গৃহস্থই সাধাৰণতে মাছ-মাংস নাখায় আৰু লক্ষ্মীদেৱীৰ প্ৰিয় দুধকচু প্ৰভৃতি ব্যৱহাৰ কৰে। লিখক: ড° নাৰায়ণ দাস, অসমীয়া সংস্কৃতিৰ কণিকা।