গোৱালপাৰীয়া লোকজীৱনৰ সৰলতাৰ প্ৰতিটো চিত্ৰ প্ৰতিফলিত হৈছে লোকগীতবোৰত।ধৰ্মীয় সংকীৰ্ণতাৰ পৰা মুক্ত গোৱালপাৰীয়া লোকজীৱন প্ৰকৃততে জীৱনমুখী আৰু সামন্তীয় সংস্কৃতিৰ পৰা মুক্ত লোকায়ত সংস্কৃতি।গোৱালপাৰাত জমিদাৰ কালীন সময়ত যদিও সামন্তীয় শোষণ চলিছিল আৰু লোকসংস্কৃতিক সামন্তৰ ৰাজহাউলীৰ মনোৰঞ্জনৰ আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছিল , তথাপি ইয়াৰ লোকায়ত ৰূপে নিজৰ স্বতন্ত্ৰতা বজাই ৰাখিবলৈ সক্ষম হৈছিল। সামন্ত বুলি ক’লেও প্ৰকৃততে এটা সময়লৈকে জমিদাৰসকলো আছিল জনজাতিয় লোক ব্যৱস্থাৰ ফচল। কাৰণ চিৰস্থায়ী বন্দোবস্থ নীতি প্ৰণয়ন নোহোৱা পৰ্যন্ত ভূমিৰ অধিকাৰ আছিল কেবল জনগণৰ।কাৰণ ভূমিৰ ওপৰত কোনো খাজনা বা কৰ দিব লগা হোৱা নাছিল গোৱালপাৰাৰ ৰায়তে। কৰ আছিল ফলকৰ, জলকৰ, বনকৰ প্ৰভৃতি কৰহে। আহোম-অসমৰ দৰে গোৱালপাৰাতো চিৰস্থায়ী বন্দোবস্তীৰ আগলৈকে পাইক প্ৰথাই আছিল।বিজনীৰ বাহিৰে একমাত্ৰ মেচপাৰা , কৰৈবাৰী আৰু কালোমালোপাৰাই আছিল প্ৰত্যক্ষভাবে মোগ’লৰ কৰতলীয়া। ১৭৮৯ চনত বৃটিছৰ বিৰূদ্ধে সংগ্ৰাম কৰা মেচপাৰা জমিদাৰ ৰণাৰাম চৌধুৰীৰ সংগ্ৰামো সেয়ে বিশুদ্ধভাবে সামন্তৰ ক্ষমতা লাভৰ সংগ্ৰাম নাছিল , আছিল জনগণৰ স্বাধীনতাৰ সংগ্ৰামহে।সেয়ে অৱধাৰিতভাবেই এই সংগ্ৰামত অংশ লৈছিল সাধাৰণ কৃষক, বৰকান্দাজ, কৈৱৰ্ত-জালোৱা ,মাউত-ফান্দী আদিকৰি বৃটিছৰ পৰা নাম কটা যোৱা দেশীয় সৈনিকেও।এইখন সংগ্ৰামৰ ওপৰত বিশেষকৈ ৰণাৰাম চৌধুৰীৰ জীৱনৰ ওপৰত ” ৰূপৰ খাপৰ তৰোৱাল ” নামেৰে এখন উপন্যাস এই অভাজনে লিখি উলিয়াইছিলো আৰু ২০১০ চনত কেমব্ৰীজ ইণ্ডিয়াৰ ভগ্নীপ্ৰকাশন অৰুনোদই প্ৰকাশে প্ৰকাশ কৰি উলিয়াইছিল।উপন্যাসখনত সেইসময়ৰ সমাজ জীৱনৰ ছবি আকিবলৈ যাওঁতে স্বাভাৱিকতেই গোৱালপাৰাৰ লোকসংস্কৃতিয়ে তাত অন্যতম ভূমিকা লৈছিল। এই প্ৰৱন্ধৰ জৰিয়তে আমি উক্ত উপন্যাস খনত উল্লেখিত গোৱালপাৰীয়া লোকসংস্কৃতিৰ দুই এক চিত্ৰ তুলি ধৰিবলৈ চেষ্টা কৰিম। উপন্যাসখনৰ এটা চৰিত্ৰ ফান্দী মঙলু। ধন বিতৰ লোভত মঙলুৱে হাতী ফান্দিবলৈ নাযায়। প্ৰকৃততে হাতী প্ৰেমেই তাক অৰণ্যলৈ লৈ যায়। বনৰীয়া হাতীক বশ কৰি মানুহৰ সমাজলৈ লৈ অহাই তাৰ নিচা। সেয়ে নিজৰ বুলিবলৈ জমিদাৰে হাতীশালৰ কাষতেই কৰ মাফ কৰি দিয়া সৰু ঘৰটোৰ বাহিৰে অন্য একো নাই মঙলুৰ। একমাত্ৰ হাতীৰ কাৰণেই তাৰ সংসাৰখন জহি খহি যায়। সেয়ে হয়তো মদৰ নিচাতেই তাৰ হৃদয়ৰ পৰা ওলাই আহে সেই বিলাপ গীত ,‘ আইও ছাৰিলং বাইও ছাৰিলংছাৰিলং সোনাৰ পুৰীবিয়াও কৰিয়া ছাৰিয়া আসিলংঅল্প বয়সেৰ নাৰী….সখী অ।‘কেতিয়াবা ওৰে নিশা হাতীশলাৰ চাঙ খনতে শুই বিনাই থাকে মঙলুৱে।নিজে ফান্দ লগাই চটাই মেলি পোহপাল দিয়া হাতীবোৰ যেতিয়া জমিদাৰে মোগ’ল ৰাজক দিবলৈ হাতীশালৰ পৰা উলিয়াই দিবলৈ নিৰ্দেশ দিয়ে তেতিয়া বুকু ভাগি যায় মঙলুৰ। সিদিনা টেটুলৈকে জোঙা মদ খাই গোটেই ৰাতি বিনাব, প্ৰলাপ বকিব, বিলাপ কৰি কান্দিব , হাতীবোৰ মোগ’লক দিয়া বাবে জমিদাৰক শপিব, চৈধ্য গোষ্ঠী উদ্ধাৰ কৰিব জমিদাৰৰ। আনৰ কথাটো বাদেই কেতিয়াবা হাতীবোৰেও অতিষ্ঠ হৈ হাতীশালৰ পৰাই শুৰডাল দীঘল কৰি দি মঙলুৰ কাণত ফচফচাই দিয়ে। এবাৰ নে দুবাৰ হাতীশালৰ চাঙৰ পৰা পেলাইও দিছিল হেনো তাক।(পৃ ২৯) লাল হৈছে কুকুৰ শুঙা চিকাৰী। জাতত মুছলমান। কামৰূপৰ পৰা জমিদাৰে লৈ অহা। জমিদাৰ শোভাৰাম চৌধুৰীয়ে লালক বৰমাউত নিযুক্ত কৰিলে। …তেতিয়া ৰণাৰামৰ বয়স তেনেই কম।দুপৰীয়া ৰাজবাৰীৰ কাষৰ আমগছজোপাৰ ছাঁত বহি লৈ লালে কেতিয়াবা ৰণাৰামক সাধু শুনায়। মাত কথাবোৰ খহটা হ’লেও লালৰ মুখত সাধুকথাবোৰ বৰ ৰসলগা গৈ পৰে। নানা কথা, নানা প্ৰশ্ন। প্ৰশ্নৰ যেন শেষ নাই তেতিয়া…।ৰণাৰামক সোধা কিছুমান প্ৰশ্নৰ পাকত কেতিয়াবা নিজেই পাক খাই পৰে লাল। “ ঐ হাতীৰ ঈশ্বৰ কোন জাননে ? “ লালে সোধে।“ কোননো ? “ ৰনাৰামে কৌতুহ’লেৰে সোধে।“ আমাৰ আল্লা।“ বুকুত চপৰিয়াই গৌৰৱ কৰি কয় লালে।“ আল্লা কি লালকা ?” ৰণাৰামে কৌতুহ’লেৰে সোধে।“ আল্লা আল্লাই আকৌ। আল্লা হ’ল হাতীৰ দেৱতা।“ গ’লগলীয়া মাতেৰে লালে উত্তৰ দিয়ে।“ আমাৰ বাসুকাকাৰ মন্দিৰৰ গনেশটোৰ দৰে নেকি ? গনেশৰ মূৰটো হাতীৰ নিচিনা নহয়।“ ৰণাৰামে সোধে।প্ৰশ্ন শুনি লালে মুৰ খজুৱাই খজুৱাই কি জানো ভাবে। এৰা, আল্লা বা দেখিবলৈ কেনেকুৱা। কোনোবাই কোৱা শুনিছিল আল্লা আৰু ঈশ্বৰ হেনো একেজনেই। তাতো লেঠা, হিন্দুৰ ঈশ্বৰচোন এসোপামান , আল্লা এটা হ’ল কেনেকৈ। আৰু আল্লা যদি হাতীৰ দেৱতা , মানুহৰ দেৱতা কোন। কথাবোৰ ভাবি নিজৰ মুৰতেই পাকঘুৰণি খায় লালৰ।সঁচাকৈয়ে ধৰ্মৰ কথাবোৰ যে ইমান পাকলগা। সেয়ে বেছিকৈ নাভাবি পটককৈ কৈ দিয়ে ,” এ হ’বও পাৰে দে , মই কিবা দেখিছোনে।“ …বাপেক শোভাৰাম চৌধুৰীয়ে কৈছিল, এই ফুটুকীয়া হাতীটো হেনো ৰাজবাৰীত ৰাখিব।বৰ নিখুঁট হাতী। সেয়া শুনাৰ পিছত ৰণাৰামে নিজেও গনেশক চটাবলৈ মঙলুহতে গোৱা গীতৰ সুৰত সুৰ মিলাই গাইছিল—“ আল্লা আল্লা বলোৰে ভাই হাই আল্লা ৰচুলকোন মহলেৰ হাতী ৰে ভাই হাই আল্লা ৰচুল।গাৰো মহলেৰ হাতীৰে ভাই হায় আল্লা ৰচুল।কোন ফান্দীৰ ধৰা ৰে ভাই হাই আল্লা ৰচুল।মঙলু ফান্দী ধৰা ৰে ভাই হাই আল্লা ৰচুল।“(পৃঃ ১৭৮) মাঘমহীয়া নৈ খনত পানী বৰ বেছি নাই। ঠায়ে ঠায়ে কৰবাত একঁকাল মানহে হ’ব। নৈখনৰ মাজে মাজে শিল বালি দাং খাই উঠিছে। নৈখনৰ পাৰে পাৰে গৈ বামঠাইখিনিৰে নামি দিলে হাতী চিকাৰীৰ দলটো।আঠটা হাতীয়ে নিমিষতে পাৰ হৈ গ’ল বহল নৈখন। পিছফালে হাতীৰ পিঠিৰ পৰা ভৈশালুৱে দোতাৰা বজাই বজাই গোৱা গীতৰ সুৰ ভাঁহি আহিল। গীদাল ভৈশালুৰ সুৰৰ কাৰুণ্যই বহুসময়লৈ আচ্ছন্ন কৰি ৰাখিলে হাতীচিকাৰীসকলৰ মনবোৰ।“ হস্তীৰ কণ্যা হস্তীৰ কণ্যা বামনেৰ নাৰীও মোৰ হায় হস্তীৰ কণ্যাৰেখানিকো দয়া নাই মাহুতক লাগিয়া ৰে।“আঃ সঁচাকৈয়ে মধুৰ, অতি মধুৰ। সেই কাৰণেই ভৈশালুৱে অতি সহজে বনৰীয়া গুণ্ডা হাতীও চটাব পাৰে। হাতী চিকাৰীৰ বাবে মাথো সাহস আৰু শক্তিশালী বাহু থাকিলেই নহয়, এটা মিঠা সুললিত কণ্ঠৰো আৱশ্যক। সংগীত আৰু বাদ্য বজাব পৰা প্ৰতিভা মাউত-ফান্দীৰ যেন তেজত দৌৰি ফুৰে। …ধামৰ বিলৰ পাৰৰ একাঠু পানীৰ ডোংটোত জাকৈ বাই থকা জাকৈয়া গাভৰু কেইজনীক দেখি গীতৰ সুৰ আৰু দীঘল হৈ আহিল ভৈশালুৰ। চিকাৰলৈ নিব লগা হাতীকেইটাক আজি ধামৰ বিলত গা ধুৱাবলৈ আনিছে ভৈশালুহতে। এনেই সিঁহতৰ আনন্দৰ সীমা নাই তাতে আকৌ কাষতে জাকৈয়া গাভৰু।“ কিৰে ভৈশালু, মন খাইছে নাকি ? কাক গান শুনাবা লাগছি ?” মেৰোৱে উলুখেৰেৰে হাতীটোৰ গা ঘঁহি ঘঁহি ক’লে।“ঐ যে লাল পাটানী পিন্ধা তেলকালা আপীটাক।“ ভৈশালুৱে ৰিং মাৰি ক’লে।“তেলকালা আপী কেনেৰে ? ““কেনে আৰো, মাগুৰ মাছেৰ স্বাদ বেছি নাজানিছ ?” হাপাই হাতী এটাৰ পিঠিত থিয় হৈ ছোৱালীকেইজনীয়ে শুনাকৈ দাঁত নিকটাই হাঁহি হাঁহি ক’লে। জাকৈয়া ছোৱালীকেইজনীয়ে আঁতৰৰ পৰা মিচিক মাচাক হাঁহি থাকিল। কোনোবা এজনীয়ে জিভা উলিয়াই মুখ ভেঙুচাই দেখুৱায়।“ধামৰ বিলেৰ পাৰে পাৰেকিসেৰ বাটুল মাৰোপৰেৰ কামিনীক দেখিজলিয়া কেনে মৰো।“..মেৰোই চিঞঁৰি চিঞঁৰি গীত জুৰে। গীতৰ তালে তালে হাতীটোৰ গা ঘঁহি থাকে সি।অই মেৰো , ভুকি দেখছিছ। কায় কয় পৰেৰ কামিনী। মাথা ধাকৰালেও পাবাৰ নাহইছ। ওইটা মোৰেই কামিনী।, ভৈশালুৱে ঘোচা দেখুৱাই চিঞঁৰি ক’লে ,“হে হে হে হাপায় আনিল তিৰিবোন্দা হইল গিৰি”এইবুলি বিলৰ আথাউনী পানীত পিঠি উলিয়াই ডুবি থকা হাতীকেইটাৰ পিঠিয়ে পিঠিয়ে বান্দৰৰ দৰে জপিয়াই জপিয়াই হাপাই চিঞঁৰি থাকিল অনৰ্গল।ভৈশালুৱে পিন্ধি থকা তিয়নীখন উৰুলৈকে কোচাই লেংটি মাৰি অশ্লীল অংগী-ভংগী কৰি থাকিল। মেৰোৰ মুখত আখৈ ফুটাদি ফুটিল,“তাতেৰ খুটা পুতংৰে , তাতেৰ খুটা পুতংআমাৰ বিয়ানী মাছক যায় ঘৰ বান্ধি থং।দুৱাৰ হেকংৰে দুৱাৰ হেকং হেকংদুৱাৰখানি মিলি চালে আৰো জোঙা দেখং।“ (পৃ ১৪১) …ৰণাৰামৰ পিতৃ শোভাৰাম চৌধুৰীৰ জীৱনৰ অন্তিম ক্ষণ। গীদাল বেনুগোপালৰ গীতৰ আবেশত প্ৰায়েই ডুব যায় ৰাজবাৰীৰ চৌদিশ। প্ৰায় প্ৰতিদিনেই দেহৰীঘৰৰ পৰা ৰৈ ৰৈ ভাঁহি আহে দোতাৰাৰ ঝংকাৰ। বেনুগোপালৰ গীত শুনিয়েই জমিদাৰ শোভাৰাম চৌধুৰীয়ে কিছুসময়ৰ বাবে হ’লেও পাহৰি থাকে শৰীৰ মনৰ যন্ত্ৰনা।“মানৱ দেহাৰ মাটিৰ ভাণ্ডভাঙিলে হৈবে খণ্ডৰে খণ্ডভাঙিলে দেহা যোৰা নিবে না”বেনুগোপালৰ গীতৰ সুৰ লাহে লাহে ঢিলা হৈ আহে,“একবাৰ হৰি বোল মন ৰচনামানৱ দেহাৰ গৈৰৱ কৈৰো না…”এছাটি ফিৰফিৰিয়া শীতল বতাহে কপাই গৈছে দেহৰী ঘৰৰ বৰশৰাইত জ্বলি থকা সন্ধিয়াৰ চাকিগছি। যিদৰে বেনুগোপালৰ দোতাৰাৰ মিহি তাৰবোৰে কঁপি কপিঁ সৃষ্টি কৰিছে এক কৰুণ সুৰৰ গুঞ্জন।জীৱন কি ? নে পোৱা নোপোৱাৰ তুলাচনীতেই হেৰাই যায় জীৱনৰ অপৰিপূৰ্ণ স্বপ্ন ? তৃপ্তি ক’ত জীৱনৰ?নিশা জোনাক নামিছে। এচেৰেঙা জোনৰ পোহৰে দেহৰী ঘৰৰ খোলা দুৱাৰেদি সোমাই আহি উজ্বলাই তুলিছে ভিতৰখন।বাহিৰৰ আমগছজোপাত ক’ৰবাৰ ফেঁচা এটাই নিউ নিউ শব্দ কৰি গহীন আৰু জয়াল কৰি তুলিছে পৰিবেশটো। চৌধুৰণীৰ বুকুখন দুৰু দুৰু কঁপিছে।ফেঁচা টোক খেদিবলৈ বাটলু গুটিৰ চেৰেক চেৰেক শব্দ।বেনুগোপাল এটা গীতকেই গোৱা। ফেঁচা টোৰ অমংগলীয়া মাতটো তল পেলাবলৈকেই যে ঠাকুৰে বেনুক গীত গাবলৈ ক’লে সেয়া বুজোতাই বুজিলে। বেনুগোপালে গীত জুৰিলে,” পংখী উৰিয়া যায়ৰে , তাৰ যোৰ পায়ে নেপুৰবাশী বাজায় গান কৰে সোনাৰায় ঠাকুৰ।”দোতাৰাত হিল্লোলিত হৈ উঠিল সোনাৰায় গীতৰ মূৰ্চ্ছনা।বেনুগোপালৰ গীতৰ সুৰ খৰ হৈ আহিল। সুৰ আৰু দোতাৰাৰ সুমধুৰ মূৰ্চ্ছনাই যেন সচাঁকৈয়ে সলাই পেলালে ইমানপৰে উকমুকাই থকা পৰিবেশটো।..নন্দ কবিৰাজে জোলোঙাৰ পৰা ডাব কটাৰী এখন উলিয়াই সৰিয়হ তেলৰ বাতিটোত ঘুৰাই ঘুৰাই কিবা বিৰিং বাৰাং মন্ত্ৰ মাতি ফুঁ দি থাকিল। লাহে লাহে কটাৰীৰ আগেৰে সৰিয়হ তেল অকনমান তুলি আমপাত এখিলাত সানি চাকি গছাৰ ওপৰত ধৰিলে। আমাপাতত লাগি থকা তেলখিনি চৰচৰকৈ উতলিবলৈ লাগিল। আমপাতখিলা চৌধুৰীৰ ডিঙিৰ পৰা বুকলৈকে বুলাই অস্ফূট স্বৰেৰে মন্ত্ৰ মাতি গ’ল নন্দ কবিৰাজে,“বাসুলী বাসুলী কোন কোন জাতিউপজিল বাসুলী নিশাভাগ ৰাতিউপজিয়া দেশ দেশান্তৰে যায়…শিবে কালীক ঝাৰে হৰ বিষ হৰ বিষ শিবেৰ হুংকাৰেবিষ ভষ্ম হয়া মৰ…।““ পাৰিলে পাটগিৰিৰ হতুৱাই আই বিষহৰিৰ নামত ঠগি এখন দিবা। আইৰ ইচ্ছা হ’লে কৰ্তাবাবু সোনকালেই আৰোগ্য হ’ব।“ নন্দ কবিৰাজে জৰা ফুৰা সামৰি ক’লে।(পৃ৪৯) সময় ৰথৰ চকৰী ঘুৰিল। মাথো নুঘুৰিল মানুহৰ ভাগ্যচক্ৰ। বংগত মোগ’ল শাসনৰ অন্ত পৰি গৈ থাকিল। বংগৰ দেৱানী লাভ কৰিয়েই ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আৰম্ভ কৰিলে তীব্ৰ শোষণ-লুণ্ঠণ।এইবোৰৰ উপৰিও এফালে অনাবৃষ্টি আনফালে গাৰো নকমাৰ আক্ৰমণ লুটপাত আদিয়ে ভুতৰ ওপৰত দানহ পৰাদি মহতীয়াই নিলে মেচপাৰাৰ মানুহৰ ভাগ্য। “…হুদুম দেউৰ পূজাত গাওঁৰ তিৰোতাবোৰে পথাৰত বিৱস্ত্ৰা হৈ নাচিলে, গালে,হুদুম দেউ হুদুমদেউ আমাক ফুটাক পানী দেওঁআমাৰ দেশত নাইৰে পানীজীৱন ধৰি টানা টানি।“মেচপাৰাৰ ৰাজবাৰীৰ দক্ষিণ-পশ্চিম দিশৰ প্ৰতিখন গাওঁৰ সোনালী পথাৰ নিমিষতে নৰাৰ বাকৰিলৈ ৰূপান্তৰ হ’ল। কুহুমবুলীয়া আঘোণৰ পথাৰৰ শস্য কাটি লৈ গ’ল গাৰো আক্ৰমণকাৰীহতে। কিছুমান পথাৰত আকৌ জুই লগাই পুৰি ছাই কৰিলে। গাৰোৰ বিহ লগোৱা কাঁড়ৰ খোঁচত মৰা পৰিল ৰায়তৰ হালোৱা গৰু। গাৰো নকমা আৰু জমিদাৰৰ যুজঁত বিৰিণাৰ দৰে চেপেটা লাগিল মেচপাৰাৰ সাধাৰণ প্ৰজা। কটা যোৱা মানুহৰ সংখ্যা বাঢ়িল।মেচ-কোচবোৰে ঘৰে ঘৰে শৰাধ পাতিলে। ৰাভাবোৰে মৃতকৰ আত্মাৰ সদ্গতিৰ অৰ্থে ফাৰকান্তি পাতি পাতি ভাগৰি পৰিল। প্ৰতিখন শ্মশানত খাম বাদুংদুপ্পা আৰু কাঢ়ানলৰ তালে তালে ভাঁহি আহিল ফাৰকান্তিৰ কৰুণ সুৰ,“মানচেলেংকা আনা আনাহুলুক পুলুক খাৰাচিঙ দাদা ৰিচে টোৱানাংছে ফামানা অ ভাই মানচেলেংকা…।“(পৃ ৫৫) লাহে লাহে গধূলি হৈ আহিছে। দিনটোৰ বাক বিতণ্ডা উত্তেজনা আৰু ৰাজবাৰীৰ ভিতৰৰ চেপা খাই থকা পৰিবেশটোৰ পৰা অকণমান মুকলিলৈ ওলাই আহিল ৰণাৰামে। ৰাজবাৰীৰ প্ৰৱেশদ্বাৰৰ কাষৰ ওখ ঠাইটুকুৰাৰ ওপৰত থিয় হৈ দিগন্তলৈ চালে তেওঁ। পশ্চিম আকাশত বিচ্ছুৰিত হৈ পৰিছে আবেলি বেলিৰ এচেৰেঙা ৰক্তিম আভা। আঁতৰৰ চৰণীয়া পথাৰখনত গৰকীয়াবোৰে গৰু মহ খেদি লৈ ফুৰা চিঞঁৰ বাখৰ আৰু গৰখীয়া গীতৰ চঞ্চল সুৰবোৰ বাঢ়ি আহি থাকিল। বিস্তীৰ্ণ ধাননি পথাৰবোৰ ৰাজবাৰীৰ নিজা খামাৰ। সেই খামাৰবোৰৰ মাজে মাজে গাওঁলৈ যোৱা সৰু সৰু আনিবাটবোৰতেই এসময়ত টলৌ টলৌকৈ ঘুৰি ফুৰিছিল ৰণাৰামে।সঁচাকৈয়ে কিমান যে সৰল আছিল দিনবোৰ। ৰণাৰামৰ মনত পৰিল সৰুতে ৰাভা গাওঁবোৰত সমনীয়াবোৰৰ সৈতে দুটা বিন্ধা থকা লাখৰ বাঁহী বজাই বজাই বাংগীত গাই ফুৰা সেই দিনবোৰৰ কথা।“ বাং বাং অ নলিতাং ওচিচিৰাং অ গুলিকাৰবা চাওৱা কাৰবা ঘৰত অভৈচৰ লাখৰ অ ছলি…।“(পৃ ৮০)আঘোণৰ ধান চপোৱাৰ পিছত গাওঁৰ চেঙেলীয়া লৰাবোৰে দল বান্ধি ঘৰে ঘৰে মাগি ফুৰে। অৰি গীতগাই গাই মাগি পোৱা ধানেৰে এদিন ভোজভাতৰ আয়োজন কৰা হয়। আনন্দ উল্লাসত মতলীয়া হয় চেঙেলীয়া মনবোৰ। কিন্তু আকালৰ দিনত এয়া জানো কেৱল উত্সৱেই হৈ থাকে? দৰিদ্ৰ ভোকাতুৰ মানুহৰ উত্সৱ কত?“ কি হ’ল নাগাৱ কিয় ?” ৰণাৰামে হাঁহি মাৰি ক’লে।ৰণাৰামে ক’বলৈহে পালে , লগে লগে এজনে উচ্চস্বৰে আৰম্ভ কৰিলে,“ বাৰ বাতি তেৰ কামিবছৰে বছৰে খেলাং আমি।অৰি ৰে হাপাং পাংএক কুলা ধান পাং…।“ (পৃ ৮৭)(তাইৰ নাম ৰাণী। ৰাজবাৰীৰ খামাৰত কাম কৰা লোক এজনৰ জীয়েক।এদিন নিচাসক্তহৈ ৰণাৰামে তাই ক সাবটি ধৰি প্ৰেম নিবেদন কৰিছিল। দেখাত ৰূপৱতী। ৰণাৰামৰ সপোন সুন্দৰী। সেই ঘটনাটোৱে ৰাণীৰ বুকুতো প্ৰেমৰ ধুমুহা বোৱাইছিল। ৰাজবাৰীৰ ৰোষত পৰাৰ শংকাত তাই আঁতৰি ফুৰিছিল ৰণাৰামৰ পৰা। )“ আজি নদীৰ পাৰে কাই বাজায় বাশীইপাৰ থাকি বাজায় বাশি ওপাৰ থাকি শুনিআমি নাৰী অ ভাগিনী সাতাৰ নাহি জানি ৰে…”জিঞ্জীৰামৰ পাৰৰ পৰা ভাঁহি আহি থাকিল এটা বিষাদ নাৰী কণ্ঠ। সেই বিষাদ সুৰ যেন কলকল ঢৌবোৰৰ সৈতে মিহলি হৈ কপিঁ কপিঁ বৈ গৈ আছে কোনোবা অজান মুলুকলৈ। তাইৰ বুকুখন যেন শুদা হৈ গৈ আছে ক্ৰমশঃ। “ কি হইল ৰে ৰাণী , কান্দিছ কেনে।“ পানী অনা ঘাটৰ পৰা সিঁহতৰ ভাষাতেই ৰিঙিয়াই মাতিলে তাইৰ বেলা নামৰ সখীয়েকজনীয়ে।“ বেটিৰ অন্তৰত কাৰবাৰ বাদে পীৰিত জাইগছে বুঝি।“ চুটকী জনীয়ে হাঁহি হাঁহি ক’লে। চুটকীৰ ৰগৰ শুনি পানীঘাটত থকা আটাইকেইজনীয়ে আমোদ পাই হাঁহিবলৈ ধৰিলে।(পৃঃ ১১৬) অৱশেষত ৰণাৰাম আৰু ৰাণীৰ মিলন হ’ল।“ ৰাণী , মোৰ সোনজনী…!!!”কপাঁ কপাঁ মাতেৰে ৰাণীৰ ওঁঠৰ ভাঁজত চুমা আকি দিলে ৰমাৰামে। বতাহে কপাঁই যোৱা সৰাপাতৰ দৰে কপিঁ উঠিছে দুয়োৰে শৰীৰ মন। পাহাৰী নিজৰাৰ দৰে ছন্দমধুৰ গুঞ্জন তুলি পুলকিত কৰি তুলিছে প্ৰেম-আবেগৰ অনিৰূদ্ধ গতি। যেন বানে ধুৱাই নি উৰ্বৰা কৰি তুলিব শইচৰ পথাৰ। বাহিৰত তেতিয়া এজাক ধাৰাসাৰ বৰষুণ। বৰদৈচিলাত কপিঁ উঠিছে ৰাণীৰ উৰুখা পঁজা , উৰুখা হৃদয়। বতাহ বৰষুণৰ সৈতে একীভুত হৈ ওচৰৰ ৰাভা গাওঁখনৰ পৰা ভাঁহি আহিছে খামৰ শব্দ আৰু হাচং গীতৰ লয়লাস,গ্ৰিমচোক গ্ৰিমচোক তাতা গিনা চোক্তাক তাকে গ্ৰিমচোক তাতা গিনা চোক্।দায়ো দায়ছোদায়ো দায়ছোআগিৰানী হুই হুইবৰখাৰানী হুই হুইৰাচিকাৰী বাচিকাৰিকোঅ কোঅদায়ো দায়ছো দায়ো দায়ছো …। (পৃঃ ২৪০)।অকল সেয়াই নহয়, ৰণাৰামে সাধাৰণ ৰায়তৰ ছোৱালীক বিয়া কৰাই পত্নীৰ মৰ্যাদা দি অন্তেষপুৰ সুমুৱাইছিল।কিন্তু তথাপিও ৰাজবাৰীৰ অহমিকাই মানি ল’ব পৰা নাছিল ৰণাৰামৰ সেই প্ৰেয়সী ৰাণীক।ৰণাৰামে বহু চেষ্টা কৰিও মাক সুৱণ চৌধুৰাণীক সৈমান কৰিব পৰা নাছিল। কাৰণ সেয়া আছিল মেচপাৰাৰ উত্তৰাধিকাৰৰ প্ৰশ্ন। সেয়ে মাকৰ ইচ্ছাত ৰণাৰামে বিয়া কৰাব লগা হৈছিল কালুমালুপাৰাৰ জমিদাৰ কণ্যাক।সেই জমিদাৰ কণ্যাও আছিল ৰাজবাৰীৰ অহমিকাৰে পূৰ্ণ যাক মানি ল’ব পৰা নাছিল ৰণাৰামে। কাৰণ ৰণাৰাম আছিল বিপ্লৱী। যেতিয়া ৰাণীৰ সন্তান জন্ম হ’ল সেই সন্তানৰ কান্দোনত বুকু ভাঙি পৰিছিল ৰণাৰামৰ।প্ৰতিদিন অন্তেষপুৰৰ সৰু দুচলীয়া ঘৰটোৰ পৰা ৰৈ ৰৈ ভাঁহি আহে কেঁচুৱাটো নিচুকাই থকা ৰাণীৰ নিন্দালী গীতৰ সুৰ। সন্ধিয়া দেহৰী ঘৰৰ পৰা ৰণাৰামে কাণ পাতি শুনে ,আয়ৰে চান্দমামা আয়ঘুম নিয়া আয়দুধ দিম ভাত দিমচাঙেৰ তলত বান্ধি থুইমগাই বিয়াইলে বাচুৰ দিম…।বুকুখন ভাগি যোৱা যেন লাগে ৰণাৰামৰ।(পৃঃ ৩০০) …. দেউৰীয়ে বলি কটা দা লৈ ৰক্তেৰে ৰঞ্জিত কৰি তুলিব মাৰৈ পূজাৰ বলিশাল। মানুহৰ জয়ধ্বনিৰে আকাশ বতাহ ৰজনজনাই যাব। পূজাথলীৰ পৰা ভাঁহি আহিব মাৰৈ পূজাৰ গীত-পদৰ বিষাদময় সুৰ। সেই সুৰ জীৱনৰ সুৰ, ভাগ্যৰ সুৰ….।“ কি হইল কি হইল বাছা বালা লখিন্দৰতোৰ মাৱ কান্দিয়া মৰোং সনেকা সুন্দৰ।সোনাপুৰত থাকোং মুই ফটিকাপুৰত খাং।এই লোকে জানে মই চাম্পালীক যাং।চাম্পালীৰ যত নাৰী কান্দে শাৰী শাৰী।আজিৰ পাৰা মৰি গেইল চাম্পালীৰ অধিকাৰী।“গীতৰ সুৰ যিমানেই গভীৰ হয় সিমানেই চকুবোৰ চকুলোৰে পূৰ হৈ উঠে মানুহবোৰৰ। হয়তো প্ৰতেক্যেই নিজৰ জীৱনটোলৈ এবাৰ ঘুৰি চায়। কোনোবা লখিন্দৰ , কোনোবা বেউলা , কোনোবা আকৌ পুত্ৰহাৰা চান্দসদাগৰ। এইবোৰ যেন গীত নহয়, জীৱনৰ কৰুণ বিননি মেচপাৰাৰ মানুহৰ।(পৃঃ ২৫৬) আমি সাজু আমি সাজু…। সমস্বৰে চিঞঁৰি উঠিল বৰকান্দাজসকল।আবেগত যেন বুকুখন আকৌ এবাৰ ভৰি উঠিল ৰণাৰামৰ। জীৱনৰ আটাইতকৈ ডাঙৰ সপোনটো দিঠক হ’বলৈ আগবাঢ়িছে। যুদ্ধ শিক্ষাৰ শিবিৰৰ দুয়োফালৰ দীঘল জুপুৰিকেইটাৰ বেৰত আউজাই থোৱা বন্দুক কেইটালৈ চাই ৰণাৰামে মনতে ভাবিলে—এখন যুদ্ধৰ বাবে বন্দুক নহয়, সাহস-দৃঢ়তা আৰু আত্মবলিদানৰ মানসিকতাহে মুল প্ৰয়োজনীয় আহিলা। আখৰাক্ষেত্ৰত শাৰী পাতি থকা বৰকান্দাজ সকলৰ দৃঢ় চাৱনিবোৰৰ ফালে বহুসময়লৈ দৃষ্টি থৰ হৈ ৰল ৰণাৰামৰ।আজি ওৱানগালাৰ দ্বিতীয় দিন। গাৰোসকলৰ ভাষাত গাকাত। ৰণাৰাম গৈ পোৱা মাত্ৰকে নকমা চুচুমীয়্ আথে বেথে নি চাঙত বহুৱালে ৰণাৰামক। খস্তিমগ্ৰীৰ নকমা ফাগিৰাও আহিছে ওৱালগালালৈ। চৌদিশে ওৱালগালাৰ সুৰ আৰু গ্ৰাম, বানচি, দামাৰ শব্দই উত্সৱমুখৰ কৰি তুলিছে।নকমাৰ চোতালত গাভৰু ছোৱালীবোৰে ভৰিত ঝাচাৰাং পিন্ধি গীত গাই গাই নাচিছে। গীতৰ তালে তালে এবাৰ ওপৰলৈ এবাৰ তললৈ নামিছে নৃত্যৰত ডেকাবোৰৰ হাতৰ তীক্ষ্ণ মীলাম।“মি-মাখো মিদং ফট্টে ছক বা আম্মা নাম্মাদেখাদী মাল ফান্টেখো জকমা ডঙাদেমৈলাম চিঙ্গি মাৰিখো দেবাজকমা নাম্মাদে…।““ আমাৰ ৰাজাবাবুটু চালাং আছেদে চালাং আছে। আমাৰ ওৱালগালাৰ কাৰণে লোণ কাঢ়ি আনিছে ফিৰিঙ্গিৰ পৰা।“ নকমা চুচুমীয়ে লোণৰ টোপোলাটো দাঙি চিঞঁৰি চিঞঁৰি কবলৈ ধৰিলে সমজুৱা ৰাইজৰ উদ্দেশ্যি।গাত মদৰ ৰাগী ধৰা মানুহবোৰে উচাহতে ৰমাৰামক আগুৰি ধৰি চালাং চালাং বুলি চিঞঁৰিবলৈ ধৰিলে। চালাং মানে বীৰ।“ হুজুৰ , তোক এই মীলামখান দিলং। চালাঙ হেনা যুজিবি।“ এইবুলি গাৰো পুৰোহিত খামালজনে ওৱালগালাৰ তৰোৱালখন ৰণাৰামৰ হাতত তুলি দিলে।“চালাং” “চালাং” ধ্বনিত মুখৰিত হৈ পৰিল চৌদিশ। ৰণাৰামে দুয়োফালে ধাৰ থকা গাৰো তৰোৱালখন আলফুলে ককালত বান্ধি ললে। ছিঙ্গিমাৰী তৰোৱালখনৰ তীখাৰ শীতল অনুভুতি এটা দেহত যেন প্ৰবাহিত হৈ গ’ল ৰণাৰামৰ। এনেতে নকমাৰ চাঙৰ মুধচেৰে ওৱালগালাৰ ধূপ ধুনাৰ ধোৱা আকাশলৈ উৰি গ’ল।বুঢ়া মেথা সকলৰ বুকুৱেদি যেন প্ৰশান্ত হুমুনিয়াহ এটা বৈ গ’ল। খেতি ভাল হ’ব এইবাৰ-আপোনা আপুনি মানুহবোৰৰ মুখৰ পৰা যেন ওলাই আহিল কথাষাৰ। সকলোৱে কৃতজ্ঞতাৰে শস্যদেৱতা মিছিচালজংৰ নামত মদ উচৰ্গা কৰিলে। (পৃঃ ৩৩২) উপন্যাসখনত উল্লেখিত ঘটনা ১৭৮৯চনৰ আগৰ। সেইসময়ত গোৱালপাৰা বা মেচপাৰা জমীদাৰিৰ সমাজ আৰু জনগাঁঠনি আজিৰ দৰে নাছিল। ৰায়তসকলে প্ৰায়েই কৰৰ ভয়ত বা ঝুম খেতি কৰাৰ তাগিদাত নতুন মাটি বিচাৰি এখন পৰগনাৰ পৰা আনএখন পৰগনালৈ প্ৰব্ৰজিত হৈছিল।অৰ্থাৎ ৰায়ত সকল অস্থায়ী ৰায়তহে আছিল। অনুমান কৰিব পাৰি যে সেইসময়ৰ জনগাঁঠনি এক সংপৃক্ত জনগাঁঠনি আছিল। সেয়ে উল্লেখিত মেচপাৰাৰ আঞ্চলিক ভাষা সংস্কৃতি অন্যান্য অঞ্চলত সিঁচৰিত হৈ পৰা বা অন্য অঞ্চলৰ ভাষা-সুৰ–সংস্কৃতি সেইসময়ত মেচপাৰাতো প্ৰভাৱ পৰা একো অস্বাভাৱিক নহয়। চিৰস্থায়ী বন্দোবস্তীৰ পিছতহে ৰায়তসকল একেঠাইতে থাকিবলৈ বাধ্য হৈ পৰে। আজিৰ গোৱালপাৰাৰ আঞ্চলিক ভাষাৰ সুৰ-সংস্কৃতি এই চিৰস্থায়ী বন্দোবস্তীৱ ফল। উপন্যাসখনত সেইসময়ৰ বেশ ভুষা, খাদ্যাভাস, ঘৰ-দুৱাৰ নিৰ্মান শৈলী আদিৰ উল্লেখ আছে যদিও বাহুল্যৰ ভয়ত উল্লেখ কৰা নহ’ল। লিখক: ৰক্তিম শৰ্মা