নৃতাত্ত্বিক ভাৱে মংগোলীয় প্ৰজাতিৰ চিংফৌ সকলৰ আদি বাসস্থান তিব্বতৰ কোনো এক অচিন মালভূমিত আছিল বুলি কোনো কোনোৱে বিশ্বাস কৰে। পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে বিশ্বৰ বিভিন্ন প্ৰান্তত বিয়পি পৰে. E.A. Gail ৰ মতে চিংফৌ সকলৰ আদি বাসস্থান চিন্দুইন নদী আৰু পাটকাই পৰ্বতৰ মাজৰ অংশ। খ্ৰীষ্টপূৰ্ব প্ৰায় ৮০০ ৰ পৰা ৭০০ চনৰ ভিতৰত মংগোলীয়াৰ পৰা প্ৰব্ৰজন হৈ আহি তীব্বতৰ পামিৰ মালভূমিত কেইবাশ বছৰ ধৰি বাস কৰে। দ্বাদশ শতিকাৰ শেষ দশক আৰু ত্ৰয়োদশ শতিকাৰ প্ৰথম দশকৰ কাল ছোৱাত চিংফৌ জনগোষ্ঠীৰ এচাম লোক হিমালয় পৰ্বত অতিক্ৰম কৰি উত্তৰ-পূব সীমান্তইদি তিব্বতৰ চাম্পো নদীয়েদি ভটিয়াই ব্ৰহ্মপুত্ৰ হৈ সৌমাৰৰ উত্তৰ-পূব খণ্ডত অৰ্থাৎ অসমৰ উজনি খণ্ডত প্ৰৱেশ কৰে। তেওঁলোকে বৰ্তমান উজনি অসমৰ তিনিচুকীয়া জিলাত প্ৰধানকৈ বাস কৰা পৰিলক্ষিত হয়। অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচলতো চিংফৌ জনগোষ্ঠীয় বহু সংখ্যক লোকে বাস কৰি আহিছে। এই চিংফৌ সকল ম্যানমাৰ, থাইলেণ্ড, চীন, লাওচ আদি পৃথিৱীৰ বিভিন্ন অংশত ব্যাপ্ত হৈ আছে। অসম তথা উত্তৰ-পূৰ্ৱাঞ্চলত প্ৰৱেশ কৰা চিংফৌ দলটিৰ সমসাময়িকভাৱে এই দেশ সমূহলৈও প্ৰব্ৰজন হৈছিল বুলি ভবাৰ যথষ্ট থল আছে। চিংফৌ সকলে বৌদ্ধ ধৰ্মী জনগোষ্ঠী। উজনি অসমৰ টাই বৌদ্ধ ধৰ্মী জনগোষ্ঠী কেইটিৰ দৰে চিংফৌ সকলেও বছৰৰ বিভিন্ন ঋতুত ধৰ্মীয় ৰীতি অনুযায়ী বিভিন্ন উৎসৱ অনুষ্ঠান পালন কৰে। তেওঁলোকৰ মাজত প্ৰচলিত বসন্তকালীন লোক উয়্সৱ পয় ছাংকেনৰ উদ্যাপন ৰীতি অসমৰ অন্যান্য বৌদ্ধ ধৰ্মী জনগোষ্ঠী কেইটিৰ দৰে একেই। বৌদ্ধ পূৰ্ণিমাৰ সৈতে সংগতি ৰাখি তেওঁলোকে পয় নৌন হৌক পালন কৰে। পবিত্ৰ বৰ্ষা বাসৰ আৰম্ভ কৰা হয় পয় খাওৱা উৎসৱেৰে। বৰ্ষা ব্ৰত পালন কৰা ব্যক্তি সকলে এই উৎসৱ উদ্যাপনৰ দিনৰ পৰা তিনি মাহ ধৰি পৰম্পৰাগত নিয়মেৰে বিভিন্ন ব্ৰতাচাৰ পালন কৰে। বৰ্ষাবাস চলি থকাৰ মাজতে ভাদ মাহৰ পূৰ্ণিমা তিথিত বিভিন্ন খাদ্য দ্ৰব্য বৌদ্ধ বিহাৰত দান কৰা হয়। খাদ্য দ্ৰব্য দান কৰাৰ এই পবিত্ৰ উৎসৱটিক চা-লে বোলা হয়। এই উৎসৱৰ পোন্ধৰ দিনৰ পিচত তেওঁলোকে মে-পি উৎসৱ পালন কৰে। পয় অকৱা উৎসৱেৰে তিনিমহীয়া বৰ্ষাব্ৰতৰ সমাপ্তি ঘটোৱা হয়। তেওঁলোকে পয় মৌ হেইং উৎসৱত ভগৱানলৈ এহেজাৰ পাহ পদুম ফুল আগবঢ়াই বৌদ্ধ ধৰ্মৰ ৰীতিৰে কান্ত কৰে। তেওঁলোকৰ সমাজত বৌদ্ধ ভিক্ষু সকলক যথেষ্ট সন্মানৰ চকুৰে চোৱা হয়। চিংফৌ সকলে প্ৰতি বছৰ ফেব্ৰুৱাৰী মাহৰ ১৪ তাৰিখে তেওঁলোকৰ জাতীয় উৎসৱ স্বপংয়’ঙ মানাও পয় উদ্যাপন কৰে। উৎসৱৰ বাবে কোনো এডোখৰ নিৰ্দিষ্ট স্থান নিৰ্বাচন কৰি অসম আৰু অৰুণাচল প্ৰদেশৰ চিংফৌ লোক সকল একত্ৰিত হৈ তেওঁলোকৰ এই জাতীয় উৎসৱটি পৰম্পৰাগত ৰীতিৰে উলহ-মালহেৰে পালন কৰে। স্বপংয়’ঙ হ’ল চিংফৌ সকলৰ আদিপুৰুষ। তেওঁলোকৰ মাজত প্ৰাপ্ত লোক কাহিনীৰ মতে এই স্বপংয়’ঙ আছিল টিংলিয়ঙৰ দেউতাক। স্বপংয়’ঙৰ পুত্ৰই দেউতাক আৰু বিশ্বৰ সৃষ্টিকৰ্তা ‘মাঠুম মাঠা’ৰ পৰা আশীৰ্বাদ প্ৰাপ্তিৰ বাবে এটি উৎসৱৰ আয়োজন কৰিছিল। কালক্ৰমত এই উৎসৱটিয়েই স্বপংয়’ঙ মানাও পয় নামে জনাজাত হয়। চিংফৌ ভাষাত ‘মানাও’ শব্দৰ অৰ্থ নৃত্য আৰু পয় মানে উৎসৱ। চিংফৌ সকলৰ আদি পুৰুষ স্বপংয়’ঙক স্মৰণ কৰি উদ্যাপন কৰিবৰ বাবে নিৰ্বাচন কৰা ঠাই ডোখৰ বৃত্তাকাৰে সজাই তোলা হয়। এই বৃত্তাকাৰ ক্ষেত্ৰখনৰ সোঁমাজত কেইবাডালো দণ্ড সমষ্টিৰে ‘স্বাদুং’ প্ৰতিষ্ঠা কৰা হয়। এই স্বাদুঙৰ মাজভাগত ‘দুংৱি’ আৰু ‘দুংলা’ প্ৰতিষ্ঠা কৰা হয়। ই পুৰুষ আৰু প্ৰকৃতিৰ প্ৰতীক। দুংৱি আৰু দুংলা শীৰ্ষাংশত বেলি আৰু জোনৰ চিত্ৰ অংকিত কৰা হয়। চিংফৌ সকলৰ লোক বিশ্বাস মতে জোন আৰু বেলিৰ সৃষ্টিৰ পাচতহে পৃথিৱীত জীৱ-জন্ত, ফল-ফুল, গছ-বিৰিখ আদিৰ সৃষ্টি হৈছিল। স্বাদুঙৰ গাত পথালিকৈ এটি ধনেশ পখীৰ প্ৰতীক সংলগ্ন কৰা হয়। ইয়াৰ অন্তৰালতো এটি লোক কাহিনী পোৱা যায়। অতীজতে পীকুলে অৰণ্যত সৃষ্টি হোৱা ফল-মূল খাই সৃষ্টিকৰ্তাৰ গুণ-গৰিমা কৰি নৃত্য-গীতেৰে অৰণ্যত এক উৎসৱ মুখৰ পৰিৱেশ সৃষ্টি কৰে। পখীবোৰৰ সেই উৎসৱৰ নেতৃত্বত আছিল ধনেশ পখী। পক্ষীকুলৰ এই নৃত্য-গীত সমূহ ‘মাংদিয়াও’ নামৰ এক মানৱ সন্তানে লুকাই লুকাই প্ৰত্যক্ষ কৰে। তেঁৱেই পক্ষীকুলৰ পৰা শিকি অহা নৃত্যশৈলী চিংফৌ সকলক শিকাই দিয়ে। ধনেশ পখীয়ে অৰণ্যৰ নৃত্য উৎসৱত নেতৃত্ব বহন কৰাৰ কাহিনীটিৰ স্মৰণত স্বাদুঙৰ গাত ধনেশ চৰাইৰ প্ৰতীক সংলগ্ন কৰা হয়। এই স্মৃতিৰ সোঁৱৰণতে আজিও স্বপংয়’ঙ মানাও পয়ত নৃত্য পৰিচালনা কৰা ব্যক্তি কেইজনে মূৰত ধনেশ চৰাইৰ ঠোঁট লগোৱা শিৰস্ত্ৰা পৰিধান কৰে। স্বাদুঙৰ গাত অংকিত ৰং-বিৰঙৰ চানেকী সমূহ একো একোটা নৃত্যৰ শৈলী বুলি চিংফৌ সকলে ক’ব খোজে। উৎসৱ স্থলীত স্বাদুঙৰ মুখামুখিকৈ চিংফৌ সকলৰ পৰম্পৰাগত কাৰুকাৰ্যৰে এই গৃহটি সজাই তোলা হয়। এই গৃহটি উৎসৱৰ সময়ত অতিথি আপ্যায়ন, জিৰণী ঘৰ আৰু বহু ক্ষেত্ৰত ৰং-ৰহইচৰ থলী হিচাপেও পৰিগণিত হয়। স্বপংয়’ঙ মানাও পায় প্ৰকৃততে চিংফৌ সকলৰ পৰম্পৰাগত নৃত্য উৎসৱ। নৃত্য-গীতৰ মাগেদি সৃষ্টিকৰ্তা ‘মাঠুম মাঠা’ আৰু আদি পুৰুষ স্বপংয়’ঙক তুষ্ট কৰি তেওঁলোকৰ কৃপাদৃষ্টি লাভ কৰা সম্ভৱ বুলি চিংফৌ সকলে বিশ্বাস কৰে। উৎসৱৰ দিনা পৰম্পৰাগত পোছাকেৰে চিংফৌ পুৰুষ-মহিলা সকলে দুটা দলত বিভক্ত হৈ শাৰীবদ্ধ ভাৱে নৃত্যৰ বাবে সাজু হয়। নৃত্যত ভাগ লোৱা পুৰুষ সকলে ‘বাকা’ (পৰম্পৰাগত লূঙী), ‘ফুম্বাম’ (পাগুৰি) আৰু ‘প্লং’ (চোলা) পৰিধান কৰে। নৃত্যৰ নেতৃত্ব বহন কৰা মুখিয়াল কেইজনে ‘য়ামপ্লং’ (এবিধ ৰাজকীয় চোলা) পৰিধান কৰে। মূৰত তেওঁলোকে ধনেশ চৰাইৰ ঠোঁট আৰু ম’ৰা চৰাইৰ পাখি লগোৱা শিৰস্ত্ৰা পৰিধান কৰে। তেওঁলোকে হাতত ‘নাপ’ আৰু কান্ধত ‘ম্ফইং’ (মোনা) ওলমাই লয়। নৃত্যত ভাগ লোৱা সহিলা সকলে ‘খাখুখ্ৰিং’ আৰু ‘মানম’খ্ৰিং’ দুয়োবিধ পোছাক পৰিধান কৰে। তেওঁলোকে ‘বুকাং’ (পৰম্পৰাগত ফুলাম মেখেলা), ‘নুৱাত’ (ৰিহা), আৰু ‘চিংকেট’ (পেটী) ব্যৱহাৰ কৰে। হাত চুটি চোলাৰ উপৰি চিংফৌ মহিলা সকলে নৃত্য উৎসৱত ৰুপৰ মণিযুক্ত সুদৃশ্য ‘কুম্ফংপ্লং’ পৰিধান কৰে। হাতত তেওঁলোকে ৰুমাল অথবা ৰঙীন ফুলাম বিচনী লৈ নৃত্যৰ বাবে সাজু হয়। গীত-বাদ্য আৰম্ভ হোৱাৰ লগে লগে নৃত্য কৰ্তা পুৰুষ সকলে হাতৰ তৰোৱাল খন ওপৰমূৱাকৈ ধৰি এক বিশেষ ভংগিমাৰে জোকাৰি নৃত্য কৰি কৰি আগ বাঢ়ে। মহিলা সকলে দুহাতেৰে ৰুমাল অথবা ৰঙীন বিচনী নচুৱাই নৃত্য কৰে। নৃত্যৰ গুৰি ধৰোতা পুৰুষ কেইজনক অনুসৰণ কৰি পুৰুষ-মহিলা সকলে স্বাদুঙৰ চপিপাশে বৃত্তাকাৰে নৃত্য কৰে। হেজাৰ হেজাৰ নৰ-নাৰীৰ সমন্বিত নৃত্য-গীতে চৌপাশৰ পৰিবশটো উৎসৱমুখৰ কৰি তোলে। সকলোৱে এক অনাবিল আনন্দত আত্মহাৰা হৈ নৃত্যৰ মাজত যেন নিজকে হেৰুৱাই পেলায়। উল্লেখযোগ্য যে চিংফৌ সকলৰ মাজত কেইবাবিধো লোক নৃত্যৰ প্ৰচলন আছে। কোনো লোকৰ মৃত্যু হ’লে তেওঁলোকে মনৰ শোক কাতি কৰি থৈ মৃতকক চি মানাও নৃত্যৰে অন্তিম বিদায় জনায়। চিংফৌ সমাজত কোনো লোকৰ অজস্ৰ ধন-সম্পত্তি হ’লে তেওঁ আনন্দতে উৎসৱ পাতে। সেই উৎসৱত তেওঁলোকে চ্যুৎত মানাও নৃত্য পৰিবেশন কৰি সেই সৌভাগ্যৰ গৰাকি জনক শলাগে। বহু দিনৰ মূৰত অন্তৰংগ বন্ধু-বান্ধৱ লগ পালে আনন্দত তেওঁলোকে কোমৰাল মানাও নৃত্য কৰে। অতিথি অদৰিবৰ বাবে তেওঁলোকে ডুম মানাও নামৰ এটা নৃত্য পৰিবশন কৰে। তেনেদৰে অতিথিক আনুষ্ঠানিক ভাৱে বিদায় জনাবলৈ তেওঁলোকে কোমৰান মানাও নৰৰুত্য কৰে। চিংফৌ সকলে জু মানাও নৃত্যৰ যোগেদি দেৱতাক উপাসনা কৰে। চিংফৌ সকল অতীজত যুদ্ধ প্ৰিয় জাতি আছিল। সেই স্মৃতিৰেই আজিও তেওঁলোকে পাদাং মানাও নৃত্য পৰিবেশন কৰে। তেওঁলোকে খেতি চপোৱাৰ পিচত ন-খোৱা উৎসৱ পালন কৰি থংকা মানাও নৃত্য পৰিবেশন কৰে। চিংফৌ সকলৰ লোক নৃত্যত প্ৰধানকৈ বাউ (বৰ কাঁহ), চিং (বৰঢোল) আৰু পি (বাঁহী) বাদ্যযন্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হয়। তেওঁলোকৰ মাজত বিভিন্ন বিধ লোকগীতৰো প্ৰচলন থকা দেখা যায়। ইয়াৰ ভিতৰত চিয়গ’ই গীত, মামুথ, চয়বা, খায়ং, নিংকিন আদি অন্যতম। চিংগ’ই গীত সমূহক ডেকা-গাভৰুৰ প্ৰেমগীত হিচাপে অভিহিত কৰিব পাৰি। এই গীত সমূহৰ মাজত কোনো বুক্তি, প্ৰণয়, বিৰহ, প্ৰকৃতি আদিৰ সহজ-সৰল বৰ্ণনা থাকে। উৰালত ধান বনাৰ সময়ত চিংফৌ মহিলাই নিজৰ প্ৰৰত্যহিক জীৱনটোক লৈয়ে আপোন মনে গীত গায়। এই গীতক মামুথ ছয়ৱা বোলা হয়। এইবিধ গীত শ্ৰমগীত শ্ৰেণীৰ ভিতৰুৱা। চিংফৌ নাৱৰীয়াই নোপিয়েদি নাওঁ বাই যাওঁতে এবিধ গীত পৰিবেশণ কৰে। এই গীতক তেওঁলোকে খায়ং নিংকিন বোলে। চিংফৌ মহিলা সকলে পৰিধান কৰা সাজপাৰক প্ৰধানকৈ ‘খাখুখ্ৰি’ আৰু ‘মানমৌখ্ৰিং’ এই দুটা ভাগত ভগাব পাৰি। সমত বাস কৰা চিংফৌ মহিলা সকলে এবিধ ৰঙীন মেখেলা পিন্ধে। এই মেখেলা খনক তেওঁলোকে ‘বুকাং’ বোলে। গাত তেওঁলোকে ‘প্লং’ (চোলা) পৰিধান কৰে। বুকুত তেওঁলোকে নুংৱাত (মেথনি) মাৰে। এই নুংৱাত খন পাঁচ হাত দীঘল আৰু এহাত বহল। তেওঁলোকে কঁকালত মৰা ৰঙীন পেটীডালক ‘চিংকেত’ বোলে। গাভৰু সকলে কঁকালত চিংকেত নামাৰে। চিংফৌ মহিলা সকলে ৰুপৰ মণিযুক্ত এবিধ পৰম্পৰাগত ক’লা চোলা পৰিধান কৰে। এই চোলাক তেওঁলোকে ‘কুম্ফংপ্লং’ বোলে। বিবাহিতা মহিলা সকলে চাদৰ খনৰ (বাপাই) দুই মূৰ কান্ধত পেলাই লয়। আনহাতে গাভৰু ছোৱালীয়ে চাদৰৰ এটা আগ সোঁফালৰ পৰা নি বাওঁ কান্ধত পেলায় লোৱা ৰনিয়ম। চিংফৌ পুৰুষ সকলে কঁকালত এবিধ ৰঙীণ সূতাৰে নিৰ্মিত বস্ত্ৰ পৰিধান কৰে এই বস্ত্ৰক তেওঁলোকে বাকা (লুঙী) বোলে। ‘বাকা’ খন ক’লা, সেউজীয়া অথবা নীলা সূতা সমন্বয়ত তৈয়াৰ কৰা হয়। ডাঠ মটীয়া ৰঙৰ ব্যৱহাৰ চিংফৌ সকলৰ বাকাৰ এটা প্ৰধান বৈশিষ্ট্য। তেওঁলোকে গাত প্লং (চোলা) পিন্ধে আৰু মূৰত ৰঙীণ সূতাৰে বোৱা ‘ফুম্বাম’ (পাগুৰি) মাৰে। চিংফৌ সমাজত সম্ভ্ৰান্ত পুৰুষে পৰিধান কৰা ৰাজকীয় চোলাক ‘য়াম প্লং’ বোলে। তেওঁলোকে কান্ধত এখন ‘নাপ’ (তৰোৱাল) আৰু এটা ফুলাম ‘ম্ফই’ (পৰম্পৰাগত মোনা) আৰি লয়। চিংফৌ সমাজত মহিলা সকলে হাতত সোণ অথবা ৰুপেৰে নিৰ্মিত বিভিন্ন শৈলীৰ ‘লুখন’ (খাৰু) পৰিধান কৰে। এই লুখন সমূহৰ ভিতৰত ‘খচমৰা লুখন’ অন্যতম। আঙুলিত তেওঁলোকে বিভিন্ন ধৰণৰ ‘লাকচ’প’ (আঙুঠি) পৰিধান কৰে। চিংফৌ মহিলা সকলে ডিঙিত পৰম্পৰাগত মণি ‘কীচি; পৰিধান কৰে। তেওঁলোকে কাণত বিভিন্ন আকাৰৰ লুকান (কেৰু) আৰু জাংফাই পৰিধান কৰে। চিংফৌ মহিলাই খোপা বান্ধিবৰ বাবে ব্যৱহাৰ কৰা ৰুপৰ চেইন ডালক জ-দাং বোলে। চিংফৌ সকলে বুমু আৰু পুংখু নামৰ দুটি চৰু আকৃতিৰ যতনত চেৱাদি কেঁচা কৌপাতেৰে মেৰাই এবিধ টোপোলা ভাত প্ৰস্তুত কৰে। এই খাদ্য বিধক তেওঁলোকে ‘চাত মাকাই’ বোলে। চিংফৌ সমাজত প্ৰচলিত পৰম্পৰাগত খাদ্য সমূহত তেল আৰু বজৰুৱা মা-মছলাৰ প্ৰয়োগ কৰা নহয়। তেওঁলোকে মাছ মাংস পুৰি, খৰিকাত দি, ভাপত সিজাই অথবা পাতত দি খাইহে অধিক তৃপ্তি পায়। চিংফৌ সকলে জলকীয়া, বানজি, মাচাংপাত আদি মিহলাই মাংস চুঙাত দি সিজায়। এই পদ্ধতিক তেওঁলোকে চু’পুং বোলে। চিংফৌ সকলে শাক ৰিচি, কুৱামুক, ডিকচি না-ই আদি নানা বনৰীয়া শাক ব্যৱহাৰ কৰে। তেওঁলোকে কাঠফুলাক এবিধ উপাদেয় খাদ্য হিচাপে গ্ৰহণ কৰে টাই ফাকে সকলৰ দৰে চিংফৌ সমাজতো টেঙা মাছৰ আঞ্জা (ঙা চান চিখি) খোৱাৰ প্ৰথা আছে। চিংফৌ সকলে লাইপাত কেইদিনমান চুঙাত ৰাখি টেঙা কৰা প্ৰক্ৰিয়াক ‘চিংখাংমিখি’ বোলে। চিংফৌ সমাজত মাছ-মাংস জুইত শুকুৱাই সংৰক্ষণ কৰাৰ পম্ম্পৰা প্ৰচলিত। এনেদৰে ৰখা শুকৰি মাছৰ সৈতে তেওঁলোকে মিখিচি (খৰিচা টেঙা) অথবা মিখিচুম্বান (শুকান খৰিচা) দি আংজা ৰান্ধে। চিংফৌ সকলে মছলা হিচাপে মচাংপাত, বানজি, বানখৌবান, নাটাংবান আদি গছা পাত ব্যৱহাৰ কৰে। বিশেষকৈ তেওঁলোকৰ মাজত মাচাংপাত আৰু ইয়াৰ গুটিৰ চাহিদা লেখত ল’বলগীয়া। চিংফৌ সকলে উৰিয়াম পাত, কচু, মানখৌবান, মাচাংগুটি আদিৰ সৈতে পৰম্পৰাগত পদ্ধতিৰে এবিধ মাছৰ আঞ্জা ৰান্ধে। এই ব্যঞ্জন প্ৰস্তুত কৰিবলৈ ডাঙৰ কাইথুমত সংগৃহীত উৰিয়াম গছৰ পাতখিনি ভালদৰে খুন্দি লোৱা হয়। মাছৰ বাকলি আৰু কাঁইট খিনি আঁতৰাই জলকীয়া, মাচাংপাত, বানখৌবান আদিৰ লগত মিহিকৈ ঠাহি দিয়া হয়। কোনো কোনো অঞ্চলত এনেদৰে ঠহাৰ আগতে মাছখিনি জুইত কিছু সময় পুৰি লোৱা হয়। মাছখিনি ঠাহি থাঁকোতে এক নিৰ্দিষ্ট পৰিমাণে লোণ-পানী দি থকা হয়। এনেদৰে প্ৰস্তুত কৰা মাছ খিনিৰ লগত কচু বা আলু পিটিকা, খুন্দি থোৱা উৰিয়াম পাতৰ মিশ্ৰণ খিনি মিহলাই এই ব্যঞ্জন তৈয়াৰ কৰা হয়। চিংফৌ সকলে পৰম্পৰাগত পদ্ধতিৰে প্ৰস্তুত কৰা পানীয় ফালাপ (চাহ)ৰ সোৱাদ অতুলনীয়। ফালাপে শৰীৰৰ ক্লান্তি দূৰ কৰাৰ লগতে শৰীৰ নীৰোগী কৰি ৰখাটো সহায় কৰে। তেওঁলোকৰ কাজত লাওপানী আৰ্থাৎ ‘চাপুপ’ৰ ব্যৱহাৰো মন কৰিবলগীয়া। প্ৰাকৃতিক ভাৱে উৎপন্ন হোৱা চাহ গছৰ কুঁহি অংশ সংগ্ৰহ কৰি চিংফৌ সকলে জুইৰ ওপৰত একোটা বৃহৎ পাত্ৰত এটা নিৰ্দিষ্ট উত্তাপত উতলায়। এনেদৰে উতলোৱা কেঁচা চাহপাত সমূহ তেওঁলোকৰ পৰম্পৰাগত জুই চাঙত মেলি শুকুওৱাৰ ব্যৱস্থা কৰে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে এক বিশেষ পদ্ধতিৰে বাঁহৰ চুঙাত পাত সমূহ খুন্দি খুন্দি সুমুৱাই পুনৰ জুইৰ চাঙৰ ওপৰত তুলি সংৰক্ষণৰ ব্যৱস্থা কৰে। চিংফৌ সকলৰ পৰম্পৰাগত ফালাপ প্ৰস্তুত কৰা প্ৰক্ৰিয়াটো দেখাত অতি সহজ যেন লাগিলেও বাস্তৱিকতে ইয়াৰ বাবে প্ৰচুৰ অভিজ্ঞতাৰ প্ৰয়োজন। উপযুক্ত কুমলীয়া পাত নিৰ্বাচন, কেঁচা চাহপাত উপযুক্ত উত্তাপত উতলোৱাৰ নিৰ্দিষ্ট সময়, সিজোৱা কেঁচা চাহপাত খিনি শুকুওৱাৰ প্ৰণালী আদি প্ৰতিটো দিশৰে জ্ঞান থাকিলেহে উন্নত মানৰ সুস্বাদু ফালাপ প্ৰস্তুত কৰিব পাৰি। আনহাতে চুঙাত সুমুৱাই এই ফালাপ সমূহ ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰা পদ্ধতিৰ বিষয়ে সম্যক জ্ঞান নাথাকিলে প্ৰস্তুত কৰা নতুন ফালাপ সমূহ ভেঁকুৰৰ দ্বাৰা আক্ৰান্ত হৈ নষ্ট হোৱাৰ পূৰ্ণ আশংকা থাকে। পৰম্পৰাগত পদ্ধতিৰে প্ৰস্তুত কৰা এনে ফালাপ উপযুক্ত সংৰক্ষণৰ দ্বাৰা কেইবা বছৰলৈও ভালে ৰাখিব পৰা পদ্ধতি প্ৰায় প্ৰতি জন চিংফৌ লোকেই পৰম্পৰাগত ভাৱে আয়ত্ত কৰি লয়। এনেদৰে চুঙাত সংৰক্ষণ কৰা ফালাপ সমূহ শুকুৱাই লদা পতাৰ পাচত এই লদাটোৰ পৰা প্ৰয়োজন মতে এক নিৰ্দিষ্ট পৰিমাণে ভাঙি পানীত উতলাই তেওঁলোকে পান কৰিবৰ বাবে পৰম্পৰাগত পানীয় ফালাপ প্ৰস্তুত কৰে। বৰ্তমান উজনি অসমৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা অঞ্চলৰ অন্তৰ্গত উলুপত প্ৰাকৃতিকভাৱে উৎপন্ন হোৱা যথেষ্ট সংখ্যক বনৰীয়া চাহ গছ পোৱা যায়। একোজন মুনিহে দুহাতেৰে আঁকোৱালি নোপোৱা, গা-গছত শেলুৱৈ ধৰা এই চাহ গছ সমূহৰ বয়স ৩০০-৪০০ বছৰ বা তাতোধিক বুলি সহজেই অনুমান কৰিব পাৰি। গছ সমূহ ২০-৩০ ফুট পৰ্যন্ত ওখ। এই গছ সমূহৰ পৰা উৎপন্ন হোৱা বীজৰ পৰা উক্ত অঞ্চলটিত ভালে সংখ্যক নতুন চাহ গছ গজি উঠাও পৰিলক্ষিত হৈছে। শিক্ষা-দীক্ষা, ব্যৱসায়-বাণিজ্য, চাকৰি-বাকৰি আদি সকলো দিশৰ পৰা চিংফৌ লোক সকল বহু দূৰ আগুৱাই গৈছে। বিশ্বায়নৰ প্ৰভাৱত পৰি আধুনিকতাক আঁকোৱালি ল’লেও স্বকীয় কৃষ্টি-সংকৃষ্টি, ভাষা-ধৰ্মক আজিও তেওঁলোকে জীয়াই ৰাখিবলৈ সক্ষম হৈছে। পৰম্পৰাগত পদ্ধতিৰে আটক ধুনীয়াকৈ সাজি উলিওৱা চাংঘৰ সমূহৰ সৌন্দৰ্য অতুলনীয়। এই চাংঘৰ সমূহৰ চাল খন টকৌ পাতেৰে নিমজকৈ চাই লোৱাটো চিংফৌ সংস্কৃতিৰ এটি প্ৰধান বৈশিষ্ট্য। এই সাংস্কৃতিক সমল সমূহেৰে আজিও অসমত বৰ্চঢ্য ৰুপত উজলি আছে চিংফৌ সকল। চিংফৌ সকলে নিজৰ কৃষ্টি-সংস্কৃতি অটুট ৰাখি বিশ্ব দৰবাৰলৈ আগুৱাই যাওক- আমি ইয়াকে কামনা কৰিলো। লেখক: চন্দ্ৰ কমল চেতিয়া