ধান বনা আৰু শস্য খুন্দা বা পৰিস্কাৰ কৰা কাঠৰ যতন। অসমত অতীজৰে পৰা ঢেঁকীৰ প্ৰচলন হৈ আহিছে। অসমীয়াৰ লগতে অইন বহুতো জাতি জনজাতিৰ লোকেও ঢেঁকী ব্যৱহাৰ কৰা দেখা যায়। অসমৰ বাদেও ইয়াৰ দাঁতি কাষৰীয়া দেশ বাংলাদেশতো ইয়াৰ ব্যাপক প্ৰচলন দেখা যায়। অসমৰ সাহিত্য সংস্কৃতিৰ লগত ঢেঁকী ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছে। ঢেঁকীৰ বিষয়ে অসমীয়া সমাজ জীৱনত প্ৰচলিত ফঁকৰা যোজনা বিধেই হ’ল ‘অচিন কাঠৰ থোৰা নলগাবা’। লক্ষ্মীনাথ বেজবৰুৱাই তেজীমলা সাধুত ঢেঁকীৰ উল্লেখ কৰিছে। অসমত প্ৰচলিত বিহু গীত সমূহতো ঢেঁকীক লৈয়ে অনেক গীত ৰচনা কৰা হৈছে। ঢেঁকীৰ বিভিন্ন অংশক বিভিন্ন নামেৰে জনা যায়। অঞ্চল আৰু জনগোষ্ঠীয় সমাজভেদে এই অংশবিলাকৰ নাম ভিন্ন হোৱা দেখা যায়। প্ৰায় পাঁচ হাত মান দীঘল আয়তাকাৰ কাঠৰ টুকুৰাৰ আগফালে এটা ফুটা কৰি তাত ভাল কাঠৰ দীঘলীয়া টুকুৰা এডাল লগোৱা হয়, যাক ঢেঁকীথোৰা বোলা হয়। এই থোৰা ডাল সাধাৰণতে মজবুত কাঠৰ হ’ব লাগে। থোৰাটোৰ একেবাৰে মূৰত এটা লোহাৰ আঙুঠি সদৃশ এটি টুকুৰা থাকে যাক গুলচ বুলি কোৱা হয়। থোৰাটো যিটো অংশত পেলাই ৰখা হয় তাক খুবলি বা গাঁৰিশলি বোলা হয়। সাধাৰণতে শিল এচটাত গাত খান্দি খুবলি প্ৰস্তুত কৰা হয়। ঢেঁকীৰ একেবাৰে পাছফালৰ যিখিনি অংশ ভৰিৰে ব্যৱহাৰ কৰা হয় সেইখিনি হ’ল ফিছা। সেইখিনিৰ পৰাই অলপ আঁতৰতে এডাল শলাৰে ঢেঁকীৰ ভাৰসাম্য ৰক্ষা কৰা হয় যাক আশল শলা বা মলুৱা বাৰি বুলি কোৱা হয়। এই শলা ডালে ঢেঁকী ধৰি ৰাখিবলৈ ইংৰাজী ইউ (U) আকৃতিৰ খাপ কটা কাঠৰ খুটাত লগাই ৰখা হয়, যাক কঁতৰা বোলা হয়। ইয়াৰ উপৰি মূল ঢেঁকীৰ অংশ নহ'লেও গুৰি কৰি থকা অংশ খিনি খুবলিত ওলোৱা-সোমোৱা কৰিবলৈ এডাল দীঘল মাৰি অকলশৰীয়া ঢেঁকী দিওঁতা জনে ব্যৱহাৰ কৰে, যাক বৰণি মাৰি বোলে। আনহাতে, সান্দহ, চিৰা আদি খুচৰিবলৈ ব্যৱহাৰ কৰা চেপেটা মাৰি ডালক খচ্ৰা বাৰি বোলা হয়। ফিছাৰ সৈতে বন্ধা চালিৰ জৰী ডালক ঢেঁকী জৰী বোলে । ঢেঁকী দিওঁতে হাতেৰে টনা জৰী ডালক সতিনী জৰী বোলা হয়। ঢেঁকী ৰখা ঘৰৰ নাম ঢেঁকীশাল। ঢেঁকী আৰু ঢেঁকীশাল, অসমীয়া সমাজ -জীৱনৰ বিশেষকৈ গাঁৱলীয়া সমাজ-জীৱনৰ এক বিশিষ্ট উপাদান। কিন্তু যন্ত্ৰযুগৰ দ্ৰুত প্ৰগতিৰ বাবে ক্ৰমে ধানকল আৰু বিভিন্ন ধৰণৰ পিহন যন্ত্ৰই ঢেঁকীৰ ঠাই অধিকাৰ কৰি লৈছে। সেয়ে ক্ৰমে নগৰৰ কথা বাদেই, গাঁৱতো ঢেঁকীৰ ব্যৱহাৰ হৈ পৰিছে সেৰেঙা। ঢেঁকী সজাৰ জোখ-মাখ শিলিখা, নাহৰ আদি গছৰ টান কাঠ ঢেঁকী সাজিবৰ বাবে উপযোগী। 1. মূল ঢেঁকীটোৰ দৈৰ্ঘ্য ৭ ফুটৰ পৰা ৯ ফুট। 2. ঢেঁকীটোৰ ভৰি দিয়া অংশৰ পৰা শলখাদালৰ দৈৰ্ঘ্য প্ৰায় ৩ ফুট। 3. শলখাডাল কঁটৰাটোৰ বা কস্তুৰাটোৰ মাজেদি সোমাই আহে (শলখাডাল ধৰি ৰখা সামগ্ৰী) । সেই শলখাডালৰ দৈৰ্ঘ্য ১৯/২০ ইঞ্চি। শলখাডালক আখলশলা বুলিও কোৱা হয়। 4. শলখাডাল ধৰি ৰখা কঁটৰাটো কাঠৰ বা ভলুকা বাঁহৰ হ'লে ভাল। 5. ঢেঁকীটোৰ মুৰৰ অংশৰ ফালৰপৰা থোৰাটোলৈ দূৰত্ব প্ৰায় ২৬ ইঞ্চি। 6. থোৰাটোৰ দৈৰ্ঘ্য প্ৰায় ২ ফুট। 7. থোৰাটোৰ খুবলিত সোমোৱা মুৰটোত এটা লোৰ মেৰ দিয়া হয়। তাক গুল বা খামা বুলি কোৱা হয় । গুলৰ ব্যাস প্ৰায় ৪ বা ৫ ইঞ্চি। 8. গুলটোৰে য'ত ধান খুণ্ডে তাক খুবলি বুলি কোৱা হয়। ই গাৰিশালিটোত থকা এটা সৰু গাঁত। তাত ঢেঁকীথোৰাৰ মুৰটো প্ৰায় ছয় ইঞ্চি মান সোমায়। খুবলিটো শাল, কঁঠাল বা আজাৰ কাঠেৰে সজা হয়। বিতোপন দাস