দৈৱকীৰ বিলাপ দিহা- অ’ এ, কান্দে দৈৱকী আই কন্যাকে সাৱটি ধৰি অ কান্দে দৈৱকী আই কংসৰ আগে পৰি। পদ- কোপে কাম্পে কংসৰাই সমাকে ৰাক্ষস পাই দেখি ভয় ভৈলন্ত দৈৱকী। হৃদি কম্প গৈলা লৰি কংসৰ আগত পৰি কান্দিলন্ত শোকে মক-মকি।। দান্তে তৃণ তুলি ধৰি অনেক কৰুণ্য কৰি মাগন্ত সুন্দৰী জীউ দান। একে স্ত্ৰী জাতি মই আৰু তোৰ ভগ্নী নাই কোন সতে দাদা লৈৰি প্ৰাণ।। দিয়া দাদা কন্যা দান, এ দাদা চৰণত ধৰোঁ মাৰিছা ছয় পুত্ৰৰ সন্তাপ পাহৰোঁ। দিয়া দাদা কন্যা দান এ। মাৰিলি অনেক পোক কন্যাখানি দিয়া মোক হেন্ৰা মই সন্তাপ পাহৰোঁ। একে আছোঁ দগ্ধ হুই দুনাই নজ্বলাবি জুই দাদা তোৰ চৰণত ধৰোঁ। কনিষ্ঠা ভগিনী মই সন্তাপত পৰোঁ জঁই পৰিত্ৰাণ কৰা মোক জানি। নাৰাখিবি কু-খিয়াতি মাগিছোঁ আঞ্চোল পাতি দিয়া যান্ত পচা জীও খানি কান্দে দৈৱকী আই অ’ হৰি কংসৰ মুখক চাই। কন্যাখিনি মোৰ নামাৰিবি দাদা তই মোৰ চেনেহৰ ভাই।। এক এক কৰি ছয় পুত্ৰ মাৰিলি ই বেলি জন্মিলা জী। সসাগৰা মহী জিতিলি বাহু বলে ইনো তোক কৰিব কি? অ হে মোৰ দাদা ঐ অ দাদা কিনো তোৰ নিদাৰুণ চিত কিয় মোক কৰাহা বঞ্চিত ছয় পুত্ৰ দিছো তোক কন্যাখিনি দিয়া মোক অ দাদা তাকে চাই জুৰাওঁ কিঞ্চিত।। সৰুৰ পৰা ডাঙৰ হলোঁ তোৰে মুখৰ খাই। মহাৰঙ্গে বিয়া দিলা যোগ্য দৰা চাই।। অতি চেনেহৰ মই ভগিনী সাদৰি। কোন সতে দাদা মোক থৈছা বন্দী কৰি।। বন্দী কৰি থৈছা মোৰ তাতো নাই দুখ। একে একে দেখিলোঁ মই ছয় পুত্ৰ মুখ।। একে একে সবাকো মাৰিলি আফিলাই। চাই থাকোঁ আগতে মোৰ বুকু ফাটি যায়।। কোন দোষে মাৰা দাদা কন্যাখিনি মোৰ অ দাদা শোকে মোৰ হিয়া ফাটি যায়। ছয় পুত্ৰ মাৰি নিলি দাদা মোৰ ঐ অ দাদা থাকোঁ মই কাৰ মুখ চাই এ।। দশ মাস গৰ্ভ ভৰক বহিছোঁ গলতে জিঞ্জিৰী লৈ এক এক কৰি ছয় পুত্ৰ মাৰিলি এ দাদা কোলে লই নাপালোঁ মই এ। অ দাদা এৰি যা এৰি যা পচা জীউখানি মাগিছোঁ আঞ্চোল পাতি অ দাদা ছয় পুত্ৰ মাৰিলি হাতে ছুই নাপালোঁ চক্ষুই চাই নাপালোঁ মুখ এ অ দাদা কোলাভৰি বাচাক লবা মই, নাপালোঁ এয়ে মোৰ মনৰে দুখ এ। অ দাদা ধুৱাই লৈ নেপালোঁ খুৱাই মই নাপালোঁ পিয়াই মই, নেপালোঁ স্তনহে। অ দাদা মুখ চাই বাচাক মই চুমা খাই নাপালোঁ ই যে আকুল কৰে মন হে।। এই বুলি বৰ নাৰী কন্যাক সাৱটি ধৰি কান্দিয়া আচন্ত দীৰ্ঘ ৰাৱে। ক্ৰোধে অতি কংসৰাই দশৰথ কামুৰি যায় দৈৱকীৰ চক্ষু পকাই চাৱে।। হায়ৰে পাপিষ্ঠাচাৰী কুলক্ষণী কুলাঙ্কাৰী কত তই বুজাহ আমাক। এই বুলি ভৰ্সন্তে আজুৰি কোলাত লন্তে দুৰাচাৰে আনিলা কন্যাক।। এক হাতে মুষ্টি ধৰি দুই চৰণত ধৰি আফালিলা শিলত নিষ্ফলে। হাতৰ এৰায়া তাৰ ধৰি ৰুপ চমৎকাৰ গৈলা দেৱী গগন মণ্ডলে।। অনুজ্জলে নৱ-সূৰ্য্য আঠ অস্ত্ৰ আঠ ভুজ দিব্য অলঙ্কাৰে জ্যোতি চৰে। অসংখ্যাত বিদ্যাধাৰী যেবে নৃত্য গীত কৰি স্তুতি কৰে চাৰণ কিন্নৰে। আকাশৰ পৰা মাতে যোগমায়া কংসৰ আগে শুনাই এ পাছে যোগমায়া হাসিয়া বোলয় শুনৰে কংস নিস্ফল। আমাক মাৰিয়া পাইৰি কেনে ফল যাইবি পাপী ৰসাতল।। যি টাইত সি ঠাইত উপজিছে গৈয়া তোৰ পূৰ্ব্বে প্ৰাণ বৈৰি। দুখুনি দৈৱকীক বৃথা হিংসা কৰা অধোগতি যাইবি মৰি।। টোপনিৰ-গীত টোপনি টোপনি ঐ আৰে টোপনি টোপনিৰ কলৰ তলত ঘৰ, আমাৰে ঘৰকে নাহিবি টোপনি শাহু আইৰ উঠিছে জ্বৰ। হেৰ টোপনি হালিয়া জালিয়া পৰে গা- হে’ৰ টোপনি হালিয়া জালিয়া পৰে গা। ধান মুঠি বানিলোঁ চাউল মুঠি কাঢ়িলোঁ মাইথেৰ ঘৰক যাওঁ বুলি শাহু ভাই খাইটি যাবকে নিদিলে ভাইৰে মূৰ খাওঁ বুলি। হেৰ টোপনি হেৰ টোপনি টোপনিৰ কলৰ তলত ঘৰ, আমাৰে ঘৰকে নাহিবি টোপনি শাহু আইৰ উঠিছে জ্বৰ। কাহানি চিনিম মই সূতাৰে চেউনি কাহানি চিনিম মই মাল, হাতৰ খঁৰা পাঁজি হাততে পৰি ৰ’ল টোপনি হ’ল মহা কাল। দেৱৰটো মৰি যক ননদটো ওলাই য’ক বুঢ়া শহুৰটোকো খাক বাঘে ভকতৰ বচনে দুই ঠেঙৰ বালি ল’ই স্বামীটো মৰি যা’ক আগে। মৰোকে বা চৰোকে শহুৰৰ পুতেক আমি মাছে ভাতে খাম, আই বোপাই তেহনা ভালে ভালে থাকক আমি ধেমেনা ঘৰকে যাম। আইয়ো মাৰিলা বোপাইয়ো মাৰিলা পিৰা জোৰাই ঘোমালো বাজে, হুৰুকা বতাহে পাই কুলা নিলে উৰুৱাই চাউল খালে বামুণৰ ছাগে। টোপনি টোপনি ঐ আৰে টোপনি টোপনিৰ কলৰ তলত ঘৰ, আমাৰে ঘৰকে নাহিবি টোপনি শাহু আইৰে উঠিছে জ্বৰ। অসম চৰকাৰৰ “জন-শিক্ষা” ত প্ৰকাশিত। এই গীতটি স্বৰ্গীয় আইতা অগোপ্ৰিয়া কলিতাৰ মুখত শুনি সংগ্ৰহ কৰিছিলোঁ। তেওঁৰ মৃত্যুৰ সময়ত বয়স প্ৰায় ৬৫ বছৰ মান হৈছিল। ৰাধা বাৰমাহী দিহা- কি ৰাধে কান্দে হৰি এ পদ- অহে কৃষ্ণ, বহাগৰ মাহতে ৰাধে দেউতাৰ গৰ্জ্জনি দেউতাৰ গৰ্জ্জনি শুনি মৎসে দেই উজনি। সেই মৎস্যে উজন দেই বছৰে এবাৰ, মই অভাগিনী ৰাধেৰ নাহি পটন্তৰ। অহে কৃষ্ণ- জেঠতে মাহতে ৰাধে জেঠুৱাৰে খৰ বনৰে হৰিণা পশু সিয়ো চাপে ঘৰ। বনৰে হৰিণা পশু চাপি লোৱে ঘৰ। যাকে মই আপোন বুলো সিয়ো হোৱে পৰ। অহে কৃষ্ণ- আহাৰৰ মাহতে ৰাধে আহাৰন্ত ৰাতি সুবৰ্ণ পালঙ্গে ৰাধেৰ নাহিলে ঘুমুটি। সুবৰ্ণে পালঙ্গে ৰাধেৰ নুজুৰায় গাৱ যতে আছে কৃষ্ণ কোঁৱৰ তৈকে লাগি যাব। অহে কৃষ্ণ- শাওণৰ মাহতে ৰাধে ৰোৱনৰে দিন মাৱে বাপেৰ ঘৰে ৰাধে থাক কত দিন। মাৱে বাপেৰ ঘৰে ৰাধেৰ নুজুৰাৱে গাৱ কৃষ্ণ প্ৰভুক স্বামী পাইছা পখালিবি পাৱ। অহে ৰাধে- ভাদৰে মাহতে ৰাধে ভৈদা বৰি খৰ নদী শুকাল নালা শুকাল পৰিল বালিচৰ, কৰা ৰাৱৈ, কাইমে ৰাৱৈ, ৰাৱৈ ৰাজ হাঁহ হেলাতে গোৱাইলি ৰাধে বাৰিষা ছয়মাহ। অহে কৃষ্ণ- আহিনৰ মাহতে ৰাধে দূৰ্গায় বলি খায় হাঁহ দিয়ে জাকে জাকে পাৰৰ সীমা নাই। হাঁহ দিয়ে জাকে জাকে পাৰ দিয়ে বলি য’ৰে পৰা আহিছা দেৱী তাকে যোৱা চলি। অহে কৃষ্ণ- কাতিৰে মাহতে ৰাধে শালি-ধানৰ থোৰ বাৰ মাহৰ তেৰ গীত গাইতে নেপায় ওৰ। বাৰ মাহৰ তেৰ গীত গাওঁৰে বণিয়া, ক্ৰন্দন কৰিছে ৰাধে কৃষ্ণক নাপায়া। অহে কৃষ্ণ- আঘোণৰ মাহতে ৰাধে দ্বিতীয়াৰে জোন ষোল বছৰতে ৰাধে হইল যৌৱন। সোতৰ বছৰতে ৰাধেৰ বয়স দিলা ভাঠি বুঢ়া হৈলা বৃদ্ধ হৈলা তাতে লৈয়া লাঠি। অহে কৃষ্ণ- পুহৰে মাহতে ৰাধে, বৃষ্টে বৰি কুৱা প্ৰাণ নাথে যুৱা নাথে খেলে পাশা জুৱা। পাশা খেলে জুৱা খেলে পাশাত নিদিয়ে ঢাল ইনাই বিনাই কান্দে বিনন্দ গোপাল। অহে কৃষ্ণ- মাঘৰে মাহতে ৰাধে, ধৰমৰে তিথি চিলানকে ওলাল ৰাধে ভাগিনী সহিতি। আগ ভাগে জল ফুল অগৰু চন্দন জলতে নামিয়া ৰাধে জুৰিলা ক্ৰন্দন। অহে কৃষ্ণ- ফাগুণৰ মাহতে ৰাধে দৌলৰ যাতাৰা দৌলৰে ওপৰে থাকে কত মঠ মগৰা। মঠ নহয় মগৰ নহয় তনিছে মহৰি তাৰে তলত পূজা কৰে উত্তম পূজাৰী। অহে কৃষ্ণ- চৈতৰে মাহতে ৰাধা পকি সৰে বেল সেই বেল লৈ প্ৰ্ভু বণিজকে গেল। বণিজকে যায় প্ৰভু কিনো পালা নিধি মই অভাগিনী ৰাধেক চাইতে নেদে বিধি। গোপীৰ বিলাপ দিহা- এ কানাই আইস অ আইস কানাই আইন। আইস আইস প্ৰাণৰ কৃষ্ণই কদম তলে বৈস।। পদ- এ মোহন বংশী ফুকে বায়ে বনমালী। বাঁশী সুৰে মাতে কৃষ্ণই আইস ৰাধা বুলি।। এ ৰাধে বোলে সখী সব শুন কাণ পাতি। কৃষ্ণক আনিবাৰ সবে কৰাহা যুগতি।। এ গোপী বোলে সখী সব নযাও তাৰ কাষে। এইটো মহা দুষ্ট কৃষ্ণ নানা মায়া সাজে।। এ একদিন গিয়াছিল যমুনাৰ তীৰে। আহা সব গোপী বুলি মাতে গেৰিয়ায়ে।। এ নন্দ সুতে কেলি কৰে একোকে নাজানে। কৰে টানা টানি ধৰি গোপীৰ বসনে।। ভাঙনি দিহা- এ কেলি কৰে বৃন্দাবনে মোহন গোপাল। পদ- আমি পঞ্চ গোপী জলত নামিলোঁ তীৰতে বসন থই ছাৱাল দেখিয়া লজ্জা নকৰিলোঁ সি গৈলা বসন লই।। এক আঠু পানীতে মজিয়া বহিলোঁ জাৰে কাম্পে মোৰ হিয়া। কাওঁ-বাওঁ কৰোঁ দাঁতে তৃণ ধৰোঁ বসন পেলাই দিয়া।। লাম্ফ দিয়া কৃষ্ণ কদন্তে চৰিয়া চিঙে কদম্বৰ পাত। কদম্বৰ তলতে বসি পাঞ্চ গোপী কৃষ্ণক কৰিছোঁ তুতি।। এক হস্তে গোপী অঙ্গক ঢাকিয়া আৰু হাতে কৰে যোৰ কদম্বৰ পৰা কৃষ্ণই বোলয় সিও খানি হাত তোল। যাৰ যিবা বস্ত্ৰ লোৱা চিনি চিনি বুলিলোঁ নিশ্চয় কৰি। এই কথা শুনি গৈলা গোপাগণ হাতে কৃতাঞ্জলি কৰি। কহয় মাধৱে এ প্ৰাণ বান্ধৱ শিশু গোবিন্দৰ লীলা। গোপীৰ তুতিত কৃষ্ণ তুষ্ট ভৈলা বসন পেলাই দিলা। উৎসঃ ফণীন্দ্ৰনাথ কলিতা