“কন্যা বাৰমাহী” গীতটি নলবাৰী অঞ্চলত প্ৰচলিত। প্ৰসন্ন চন্দ্ৰ বৰুৱাৰ “মিহলি বৰগীত” নামৰ পুথিত প্ৰকাশিত। আমাৰ প্ৰকাশিত বাৰমাহীৰ লগত তুলনামূলক আলোচনাৰ কাৰণে তুলি দিয়া হ’ল। কন্যা বাৰমাহী গীত দিহা- কোন ঠাইৰ পৰা আইলা কোঁৱৰ কোন ঠাই দিলা পাৱ। কোন ঠাই তোমাৰ বাপা ভাই ঐ তোমাৰ কিবা নাউ।। পদ- কাতিৰে মাহতে শান্তি নিৰ্মল ৰাতি। আজি নিশা সপোনতে দেখিলোঁ যুৱতী।। লয়োৰে কৰপূৰ তামোল দৰ্শয় পিৰিতি। এৰিয়ো কপত মায়া ভূঞ্জৰে সুৰতি।। কন্যা বোলে নাখাওঁ তোৰ কৰপূৰ তামোল। পাথৰে ৰান্ধিয়া চিত ৰাখিছোঁ আমাৰ।। আমিও ধৰিয়া আছো স্বামীৰ তপ ভং। ভুঞ্জা গৈয়া অন্য নাৰী এৰা আমাৰ সং।। শাশুৰীৰ দুখৰ ধন সি স্বামীৰ পৰাণ। পৰৰ পুৰুষ দেখো আমি বাপৰে সমান।। এই কথা শুনি সাউদৰ হৰষিত মন। ঘাটে ঘাটে নৌকা ৰাখি দিলা নিদৰ্শন।। আঘোণৰ মাহতে শান্তি হেমন্তৰে ধ্বনি। তিতা না মধুৰ মিঠা লয়োৰে আপুনি। গাৱঁতে তুলিয়া দিম আগুন পাটৰ শাৰী। দুই কাণে দিম তোক সোণাৰ মদন কৰি।। গলত পিন্ধাই দিম তোক গজমতি হাৰ। দুই বাহুই দিম তোক সোণাৰ জাবতাৰ।। দশ আঙ্গুলি পিন্ধাম তোক দশ অলঙ্কাৰ। লক্ষ টকাৰ যাদু দিম তোক কেশ বান্ধিবাৰ।। কন্যাই বোলে নেওঁচি ফেলাম তোৰ অষ্ট অলংকাৰ। মই শান্তি লীলামতীক নুবুলিবি আৰ।। যদি আৰু বাৰ বোলা সাউদৰে কোঁৱৰ। লঘু হৰি সাউদৰ কোঁৱৰ হৰাবো পৰাণ।। পুহৰে মাহতে শান্তি পুষ্প অন্ধকাৰ। তোমাৰ সাউদ ওলাই গ’ল লঙ্কাৰে নগৰ।। শয়ন মন্দিৰ বাটে মজি গৈলা মন। মদন ভেটিয়া যুৱত ৰাখা কি কাৰণ।। বিলাওতো যৌৱন কন্যা আমাক কৰা দান। বৃদ্ধ কালে দুইৰো থাকোক সুত পণ।। মাঘৰে মাহতে শান্তি পৰিল চাৰি মাহ। তই হেন শান্তি কন্যাৰ নপাইলো আশ।। আমিতো সাউদৰ কোঁৱৰ নুহি কাৰো দাস। যাৰ সঙ্গে মাৰো কন্যা পাথৰ হুয়া পৰে।। তোৰ নিজ পতি লৈয়া কোনবাই খেলি কৰে। ফাগুণৰ মাহতে শান্তি মই বোলো তোমাকে।। তোহোৰ লয়নু যুৱক বিলউ আমাকে। তোহোৰ লয়নু যুৱক কৃপণৰে ধন। নিতে নিতে ধৰে ভাটী নধৰে উজান।। সাউদে বোলে শুনা কন্যা আমাৰ বচন। নিশ্চয় জানিবা আজি মোহাল চুৰ হম। আজি ৰাতি নিশা ভাগে মন্দিৰে সোমাম।। ভাঙিম তোমাৰ শান্তি-ধৰ্ম্ম পুষ্প ধৰিম বলে। দুই বাহু ভাঙিয়া কন্যা তুলি লম কোলে।। কন্যা বোলে শেতেলীতে থম লয়নু যৌৱন। চাৰি পাশে বহাই থম প্ৰহৰী চাৰি জন।। দুৱাৰ মুখে থম মই গজ মত্ত হস্তী। দশ আঙ্গুলে লগাই থম দশ খৰ বাটি।। পৰুৱা কাচানে কাচিম নসহিৰো বলে। সজাগে বহিয়া থাকিম মন্দিৰ ভিতৰে।। অন্য নাৰী নোহো মই বেভোলে থাকিবো। হাতে খাৰৰ মাথাই পাগে ৰজনী পুহাইৰো।। সাউদে বোলে শঙ্খো কাটিম ইপালি প্ৰহৰী। মোচৰি মাৰিম কন্যা গজ-মত্ত হস্তী।। খপ দিয়া নুমাম কন্যা দশ খৰ বাটি। ভাঙিম তোমাৰ শান্তি ধৰ্ম্ম ৰাখিম খিয়াতি।। চৈতৰ মাহতে শান্তি তাৰা মুকলিলা। জীয়া জন্তুৰ মুকলিলা ঐ লক্ষ কমলা।। সকল ফুলে মুকলিলা কেতেকী বিলাস। বশ্য কালৰ স্বামী কন্যা নাহিলে তোমাৰ।। কন্যা বোলে সবে ফুল মুকলিলা ঐ বঙ্গ মালতী। ভোমৰা ৰুপে খেলি কৰে প্ৰাণৰ নিজ পতি।। বৈহাগৰ মাহতে শান্তি ভুঞ্জ পদোমণি। চম্পাৰ পাকৰি দিম তোক ফুলনি বিচনি।। আৰু দিম তোক ধন সোণ অমৃতৰ ফল। উত্তম সান্দাহ দিম তোক ই ডাব নাৰিকল।। কন্যা বোলে ই ডাব নাৰিকল আছে কিবা নাই। গোহালিতে খিৰাই আছে যোল্লশত গাই। ঘিনে মোৰ বান্দী চেৰী পদুলি নাসাৰে।। দিনে মালা মাইলেনী যোগাৱে আমাৰে।। কি কৰিম ধন সোণ অমৃতৰ ফল। পৰি পৰি আছে মোৰ ই ডাব নাৰিকল। জেঠৰ মাহতে শান্তি নাগেশ্বৰৰ পাত। আকাশৰ চন্দ্ৰ দেখি বামনে মেলে হাত।। হাত মেলাহ বামন ঠাকুৰ হাত নাযায় দূৰ। হস্তিনীৰ পাছত ভুকে ঢেকুৰা কুকুৰ।। আহাৰৰ মাহতে শান্তি নিকলিলা ৰাতি। তোমাৰ সাউদ মৰি গৈছে কাঞনীয়াৰ ভাঠি। কাঞনীয়াৰ ভাঠি আনি পেলাইলো টানিয়া। শগুনে শিয়ালে খাইছে বেঢ়িয়া বেঢ়িয়া।। কন্যা বোলে যদি মৰা গেল হই কাঞনীয়াৰ ভাঠি। আউল হল হুই মাথাৰ কেশ হল হই নানান গতি।। যদি মোৰ হইয়াছে স্বামী গদাধৰ। বশ্য কালৰ স্বামী মোৰ আহিবো একবাৰ।। শাওঁণৰ মাহতে শান্তি বাৰিষা গম্ভীৰে। আজি নিশা ৰাত্ৰি কন্যা যৌৱন কৰিম চোৰে।। কন্যা বোলে এনাই দেখা নাই সাউদৰ কোঁৱৰ। মায়েই তোমাৰ দোচাৰালি বাপিয়ে গোৱাল।। মায়েই তোমাৰ দোচাৰালি বাপিয়ে গোৱাল।। মায়েই তোমাৰ দোচাৰালি বাপিয়ে গোৱাল।। যিবা গুৰুই দিছে নাম অজ্ঞান বৰবৰ।। হাল বাৱে হালুৱাই মধ্যে দিয়া আলি। শিষ্য জাতি বেয়া হলি গুৰুই খাই গালি। ভাদৰে মাহতে শান্তি ৰবি ভৈলা শেষ। বিদায় দিয়া শান্তি কন্যা যাওঁ আপোন দেশ। কন্যা বোলে তুমিতো লক্ষৰ পুৰুষ আমি হীন নাৰী। বাপৰ শকতি কিবা বিদায় দিব পাৰি।। সাউদ বোলো বাপা বোলো মই বোলো তোমাকে। ধৰম সহিতে গুণ কবহ আমাকে।। আহিনৰ মাহতে শান্তি আহিল সদাগৰ। শান্তিৰ শান্তি ধৰ্ম্ম তোৰ বুজিলোঁ বিস্তৰ।। আগবাঢ়ি লওৰে কন্যা সাত খাৰি হাত। তোৰ নিজ পতি স্বামী আহিলো তোমাৰ।। লৰ মাৰে শান্তি কন্যা নাবান্ধে মাথাৰ কেশ। শাগুৰীৰ আগে গৈয়া হৈলা পৰবেশ।। শাগুৰী নোবোলে আই চৰণে ধৰো তোৰ। টিকৰ স্বামী ঘাটে আছি চিনাই দিয়া মোৰ।। লৰ মাৰে শাগুৰী নাবান্ধে মাথাৰ কেশ। ডিঙাৰ আগত যাই হৈলা পৰবেশ।। কোন ঠাইৰ ৰাজ্যৰ সদাগৰ কোন ঠাই দিলা পাৱ। কোন ঠাই তোমাৰ ঘৰ-বাৰী কোন ঠাই বাপ-মাৱ।। সাউদে বোলে গাওঁৰ নাম নিতে-পাৰা বাপ লঙ্কেশ্বৰ। আইৰ নাম হীৰামতী মোৰ নাম জয়ধৰ।। হৈতো হৈতো আই তোৰ টিকৰে স্বামী। ভিঙ্গিৰাতে জল আনি ধুৱাও চৰণ খানি।। নুধুৱাও চৰণ আই নাচাওঁ তাৰ মুখ। বাৰাও মাহে তেৰ দিনে মোক দিছে দুখ।। ইটো ৰাজ্যৰ ব্ৰাক্ষ্মণ ঠাকুৰ আনাগৈ মাতিয়া। টিকৰ স্বামী ঘাটে আছে কন্যাৰ অদজ বিয়া। ইৰো ঘাটে বিৰো ঘাটে ভিঙ্গিৰাতে নিলা পানী। ভিঙ্গিৰাতে জল নিয়া ধুৱাই চৰণ খানি।। ভেটিয়া স্তুতিয়া কন্যা বহিল ডাইন হাতে। আকাশৰ চন্দ্ৰ জ্বলে সি স্বামীৰ সহিতে।। বাৰাও মাহত তেৰাও গীত বছৰে বলে আম। ইটো গীত বৰ্ণাইছে কোনে ৰাজা শ্ৰী ৰাম।। ৰাজা শ্ৰী ৰাম নুই জগতৰে বাপ। গাওঁতাৰ হোৱে পুণ্য শুনাৰ খণ্ডে পাপ। সীতা বাৰমাহী গীত দিহা- বাপু তুমি কোৱা গই ৰামৰ আগত। বৰি দুঃখ পাওঁ মই নিবিড় বনত।। পদ- বৈহাগৰ মাহতে বাপু নিচিলা হৰিয়া। ইন্দ্ৰই দিলা পুষ্পমালা ব্ৰ্ক্ষ্মাৰ লাগিয়া।। জেঠৰ মাহতে বাপু ছিলো তৰু তলে। মই সীতা নিদ্ৰা গৈলোঁ লক্ষ্মণ উৰুতে।। আহাৰৰ মাহতে বাপু পকি সৰে আম। সেই বেলা বলোঁ আসি ঋষিৰ আশ্ৰম।। শাওণ মাহতে বাপু জলে অৱতাৰ। এৰে পৰা ৰাম স্বামীক কৰিছোঁ কাতৰ।। ভাদৰে মাহতে বাপু পালঙে নাই ফুল। মই অভাগিনী নাৰী নাই জাতি কুল।। আহিনৰ মাহতে বাপু গৈলা আগবাঢ়ি। সাগৰত সেতু বান্ধি আনিলা উদ্ধাৰি।। কাতিৰে মাহতে বাপু অতি দুঃখ পাই। মই অভাগিনী নাৰী নাই বাপ ভাই। আঘোণৰ মাহতে বাপু শালিৰে বতৰ। পুনৰপি ৰাম স্বামীক কৰিছোঁ কাতৰ। পুহৰে মাহতে বাপু অতি বৰ শীত। মই অভাগিনী নাৰীৰ নাই ঠান থিত।। মাঘৰে মাহতে বাপু ধৰমৰে তিথি। বনবাস দিলা মোৰে গৰ্ভৰ সহিতি।। ফাগুণৰ মাহতে বাপু ফাকুৱা খেলায়। মই অভাগিনী নাৰী নাই বাপ ভাই।। চৈতৰ মাহতে বাপু চৈতালীক গাই। বনবাস দিলা মোক প্ৰাণৰ লখাই।। পূবে বাৱে ঢাক ঢোল পশ্চিমে বাই বাশী। ইটো গীতৰ নাম থৈছে সীতা বাৰমাহী।। লিখকঃ ফণীন্দ্ৰ্নাথ কলিতা