যিকোনো আধুনিক ভাৰতীয় আঞ্চলিক ভাষাতে সুদূৰ চতুৰ্দশ শতিকাতে বাল্মিকী ৰামায়ণ অনুবাদ কৰি সৰ্বভাৰতীয় পৰ্যায়ত এক উল্লেখনীয় কৃতিত্বৰ অধিকাৰী হোৱা মাধৱ কন্দলী অসমীয়া কাব্য সাহিত্যৰ আদি বৈষ্ণৱ যুগৰ প্ৰধান কাণ্ডাৰী। তেখেতৰ হাততে অসমীয়া কবিতাৰ প্ৰবাহে এক সুনিৰ্দিষ্ট তথা স্বকীয় গতি লাভ কৰে। সেয়েহে অসমীয়া কাব্য সাহিত্যৰ পৰম্পৰাত মাধৱ কন্দলী আৰু তেওঁৰ ৰামায়ণে সদায় স্মৰণীয় ভূমিকা পালন কৰিছে। এইজনা কবিৰ জীৱন আৰু কৃতিৰ বিষয়ে বিচাৰ কৰিবলৈ গলেও আমি কোনো তথ্যভিত্তিক সঠিক পৰিচয় আজিকোপতি পোৱা নাই। তেখেতে নিজে ৰামায়ণত এৰি যোৱা ভণিতাৰ বাদে বিতং কোনো সমল পোৱা নাযায়। এটি ভণিতাত তেখেতে কৈছে – কবিৰাজ কন্দলীযে আমাকেশে বুলি কয় বিৰচিলা পদে ৰাম কথা। ইয়াৰ পৰা এই কথাও আমি কব পাৰো যে – ‘কবিৰাজ’ উপাধিটো সম্ভৱতঃ সেই সময়ৰ সমাজৰ পৰা লাভ কৰা। আকৌ লংকা কাণ্ডৰ শেষত তেখেতে এনেধৰণৰ ভণিতা কৰিছে – ৰামায়ণ সুপয়াৰ শ্ৰীমহামাণিক্য যে বৰাহ ৰজাৰ অনুৰোধে। এই ভণিতাত উল্লেখ থকা কন্দলীৰ পৃষ্ঠপোষক এই মহামাণিক্যৰ ইতিহাস সঠিককৈ যুগুতাব পাৰিলেই কন্দলীৰ ইতিহাসো জল্ জল্ পট্ পট্ কৈ ওলাই পৰিব। বৰাহী ৰজাৰ শাসনকাল আৰু স্থানৰ সঠিক বিৱৰণে এই ক্ষেত্ৰত প্ৰধান ভূমিকা ল’ব পাৰে যদিও ইয়াক লৈ পণ্ডিতসকলৰ মাজত মতানৈক্য ঘটা দেখা যায়। শংকৰদেৱে উত্তৰাকাণ্ডত দিয়া ভণিতাৰ ‘পূৰ্ব কবি’ উদ্ধৃতিৰ পৰা মহামাণিক্য আৰু মাধৱ কন্দলী উভয়কে সন্দেহাতীতভাৱে চৈধ্য শতিকাৰ যেন অনুমান হয়। কিন্তু আহোমসকলে পৰাভূত কৰা উজনিৰ বৰাহী কছাৰী ৰজাসকলৰ ভিতৰত মহামাণিক্যৰ নামৰ কোনো উল্লেখ নথকালৈ চাই মধ্য অসমৰ ৰজা যেনহে যুক্তি ওলায়। লক্ষণীয় যে মাধৱ কন্দলীৰ ভণিতাযুক্ত ৰামায়ণৰ সাঁচিপতীয়া প্ৰতিলিপিৰ কাণ্ডকেইটা মধ্যঅসম অঞ্চলত পোৱালৈ চাই মধ্য অসম বুলিয়েই ভাবিব পাৰি। কনকলাল বৰুৱাই Early History of Assam – ত মহামাণিক্যক ত্ৰিপুৰাৰ শেষ চতুৰ্দশৰ ৰজা বুলি কৈছে। দেৱেন্দ্ৰনাথ বেজবৰুৱাই আকৌ মহামাণিক্যক নামধাৰী জয়ন্তীয়া ৰজা বুলি কলেও ড০ ডিম্বেশ্বৰ নেওগে যুক্তি খণ্ডন কৰিছে কাৰণ জয়ন্তীয়াসকল ষোড়শ শতিকাতহে ক্ষমতালৈ আহে। বুৰঞ্জীত উল্লেখিত বাণপুৰ আৰু সোণাপুৰ ৰাজ্যৰ প্ৰতিষ্ঠাতা বিক্ৰমাদিত্যৰ পুত্ৰকে মহামাণিক্য বুলি পোৱা যায় কিন্তু বৰাহ বুলি উল্লেখ নাই। বৰাহীসকল হ’ল হিন্দুধৰ্মী কছাৰীসকলৰ এটি ঠাল। হেমচন্দ্ৰ গোস্বামীৰ মতে এই বৰাহী কছাৰীসকলে ব্ৰহ্মপুত্ৰৰ দক্ষিণৰ এক বিস্তৃত এলেকাত ৰাজত্ব কৰিছিল। কছাৰী বুৰঞ্জীত পোৱা এই মহামাণিক্যই কন্দলীৰ পৃষ্ঠপোষক নোহোৱাৰ কোনো যুক্তি নাই। মহামণিফৰ বুলি থকা এইজনৰ নাম মহামাণিক্য হোৱাত হয়তো লিপিকাৰৰ অসাৱধানতাৰ পৰিনাম বুলি ড০ মহেশ্বৰ নেওগে উদ্বেগ প্ৰকাশ কৰিছে। ‘কবিৰাজ কন্দলী’ৰ কন্দলী উপাধি নহৈ তেখেতৰ পাণ্ডিত্যৰ পৰিচয় জ্ঞাপক বিশেষণো হোৱাৰ যুক্তি নোহোৱা নহয়। কাৰণ অনন্ত কন্দলীয়ে কন্দলী উপাধিটো তৰ্ক-বিদ্যাৰ নৈপুণ্যতাৰ বাবে লাভ কৰা বুলি উল্লেখ কৰিছে। আকৌ কন্দলী উপাধিধাৰী লোক অসমত পোৱা যায় বিশেষকৈ মধ্য অসমত। মধ্য অসমৰ নগাঁৱত কন্দলী নামাকৰণেৰে এটা মৌজাও আছে। ইতিহাসৰ ইমানবোৰ গুণা-গঁথা, জল্পনা-কল্পনা, অনিশ্চয়তাৰ মাজত ড০ বাণীকান্ত কাকতিয়ে ভাষাতাত্ত্বিক দৃষ্টিভংগীৰে বিচাৰ কৰি মাধৱ কন্দলী মধ্য অসমৰ আছিল বুলি দৃঢ়ভাৱে কোৱা কথাটোক গুৰুত্ব দি লগতে Assamese Its Formation and Development – ত উল্লেখিত – চতুৰ্দশ শতিকাৰ অসমত মাধৱ কন্দলীৰ ভাষা হয় পশ্চিম, নহয় মধ্য অসমৰ হোৱা বুলি ভবাটো অতি যুক্তিযুক্ত কথা। এনেদৰে ভাষাতাত্ত্বিক দৃষ্টিৰে পোৱা সময়ৰ ধাৰণাটোৱেই কন্দলীৰ কাব্য চৰ্চাৰ ইতিহাসৰ ক্ষেত্ৰত পোৱা এট দৃঢ় খোপনি। অসমৰ জনসমাজত প্ৰচলিত কথ্যভাষাক কাব্য ভাষা হিচাপে প্ৰতিষ্ঠা কৰাত মাধৱ কন্দলীৰ কৃতিত্ব অতুলনীয়। কবিৰ অতুলনীয় কাব্যিক প্ৰতিভাৰ পৰিচয় ৰামায়ণৰ পাতে পাতে পোৱা যায়। কন্দলীৰ কাব্য প্ৰতিভাৰ আলোচনা বেলেগকৈ কৰাৰ প্ৰয়োজনেই নাই কাৰণ অসমীয়া জাতীয় জীৱনৰ অন্যতম পুৰোধা ব্যক্তি তথা সাহিত্য জগতখনো যাক বাদ দি সম্পূৰ্ণ নহয়, সেইজনা ব্যক্তি মহাপুৰুষ শংকৰদেৱে কন্দলীৰ কাব্য প্ৰতিভাক স্বীকৃতি দিছে এইদৰে – “পূৰ্বকবি অপ্ৰমাদী মাধৱ কন্দলী আদি বিৰচিলা পদে ৰাম কথা। হস্তীৰ দেখিয়া লাদ শশা যেন ফাৰে মাৰ্গ মোৰ ভৈল তেহ্নয় অৱস্থা।।” কন্দলীৰ কাব্য প্ৰতিভাৰ ৰহণ, চৰিত্ৰ চিত্ৰণ, প্ৰকৃতি বৰ্ণন, নগৰৰ বৰ্ণনা, স্থানীয় ৰহণ, অলংকাৰ, ৰস, শব্দ প্ৰয়োগ, চৰিত্ৰৰ মুখৰ ভাষা আদিৰ মাজেদি বিয়পি পৰিছে। কবিৰ দক্ষ হাতৰ পৰশত প্ৰতিটো চৰিত্ৰই – লাগে সেয়া ৰামেই হওক বা হনুমানেই হওক, সীতা, কৈকেয়ী, কুঁজী আদি সকলো কবিৰ লোক ব্যৱহাৰে আদৰ্শৰে প্ৰাণ পাই উঠিছে। মূল ‘ৰাম’ চৰিত্ৰটোক আদৰ্শবান ৰূপত দেখুৱাবলৈ গৈ কন্দলীয়ে ৰামক দেৱত্বৰ শাৰীত থোৱা নাই, লগতে অন্যান্য চৰিত্ৰসমূহকো লোক সমাজৰ চিনাকী একো একোটা চৰিত্ৰ হিচাপে উপস্থাপন কৰিছে। এই চৰিত্ৰসমূহৰ মুখত ব্যৱহৃত লোক সমাজৰ ভাষা প্ৰয়োগে তেওঁলোকক আমাৰ একান্তই আপোন কৰি পেলাইছে আৰু ইয়ে কন্দলীৰ কাব্য প্ৰতিভাৰ চানেকি ধৰিবলৈ যথেষ্ট। কন্দলীৰ কাব্য প্ৰতিভাৰ পৰিচয়ৰ স্বকীয়ত্ব লুকাই আছে চৰিত্ৰৰ মনোভাৱ প্ৰকাশত তেখেতৰ দক্ষতাৰ ক্ষেত্ৰত। সীতাৰ মনোভাৱৰ বৰ্ণনাত – কমন অঙ্গত মোক হীন দেখিলাহা। কি কাৰণে প্ৰভূ মোক উপেশিয়া যাহা।। এনেদৰে চৰিত্ৰৰ মনোভাৱ প্ৰকাশক বৰ্ণনাৰ মাজেদি কবিয়ে উপযুক্ত শব্দ সম্ভাৰৰ বিপুল প্ৰয়োগ কৰিছে। ঘৰুৱা চুটি চুটি বাক্যই ব্যক্ত প্ৰসংগক ৰমণীয় কৰিছে এইদৰে – শুষিনী নাগিনী নিকৰুণী সংহাৰিনী। নিৰ্দয়িনী ৰাক্ষসনী বাঘিনী দাৰুনী।। ঘৰুৱা প্ৰকাশভংগীৰ কাৰণে ফকৰা-যোজনা, পটন্তৰেৰে বৰ্ণনীয় বিষয় প্ৰভাৱশালী, প্ৰসাৰৰ লগত খাপ খুৱাই পৰিস্থিতি অনুসৰি আৰু বক্তা-শ্ৰোতাৰ স্তৰ অনুযায়ী লোক-ব্যৱহাৰৰ ভাষা প্ৰয়োগকে কন্দলীয়ে সুষম ৰূপত প্ৰয়োগ কৰিছে। ‘বৃদ্ধৰ তৰুণী ভাৰ্যা’, ‘কৈকেয়ীৰ অষ্টমীৰ ছাগ’ আদিৰ লগতে তেখেতে ব্যৱহাৰ কৰা লোক ভাষাৰ উদাহৰণ হল – ‘বুঢ়া শালিকাৰ যে চক্ষু ভ্ৰৱ কাঢ়া’ এনেধৰণৰ প্ৰতিভাৰ বাবেই শংকৰদেৱে তেওঁক ‘অপ্ৰমাদী’ আখ্যা দিছে। ড০ মহেশ্বৰ নেওগে – ‘কন্দলীৰ লেখাত ৰাংঢালী প্ৰকৃতিৰ পৰিচয় পোৱা যায়’ বুলিছে। পৰিস্থিতি জ্ঞাপক ভাৱব্যঞ্জনাৰ ভাষাৰ প্ৰয়োগৰ ক্ষেত্ৰত কবিৰ প্ৰতিভাৰ পৰিচয় তলত স্পষ্ট – ভাইৰ সন্তাপে ৰাম দশ গুণে চণ্ড। শৰীৰ মাংসক কৰিলা খণ্ড বিখণ্ড।। উপযুক্ত ধ্বনি বিন্যাসৰ দ্বাৰা ইয়াত ৰামৰ প্ৰচণ্ড ক্ৰোধ যিদৰে ব্যঞ্জিত হৈছে, সেইদৰে সুকুমাৰত্বও দেখা যায় – ৰাজহংস দেখা সীতা তোমাৰ গমন। চক্ৰবাক যুগল তোমাৰ দুই তন।। প্ৰকৃতিৰ বৰ্ণনা, নগৰৰ বৰ্ণনা আদিৰ মাজেদিও আমি তেওঁৰ বহুমুখী প্ৰতিভাৰ পৰিচয় পাওঁ – বসন্ত সময়ে কাম ৰজাৰ পয়ান। পুষ্পৰ ধনুত আৰোহিয়া পঞ্চবান।। প্ৰিয়া আৰু প্ৰকৃতিকো একাকাৰ কৰি তুলিছে এইদৰে – জনকৰ জীউ দেখা নদী মন্দাকিনী। তোমাৰ সদৃশ সুশোভিত মধ্যক্ষিণী।। অযোধ্যা নগৰীৰ বৰ্ণনাৰ লগতে ৰাৱণৰ লংকাপুৰীৰো অনুপম ৰূপৰ মনোমোহা বৰ্ণনাৰে পাঠকক মানসিক খোৰাকৰ যোগান ধৰিছে – হাসো হাসো কৰি অযোধ্যা সম্প্ৰতি। নৃত্য গীত বাদ্য যেন দেখি অম্ৰাৱতী।। কন্দলীৰ কাব্য প্ৰতিভাৰ মৌলিকত্ব হ’ল অনুবাদৰ মাজত উপযুক্ত ভাৱে দিয়া স্থানীয় ৰহণ। তেওঁ ইয়াৰ মাজত সমসাময়িক অসমীয়া লোকসমাজক প্ৰতিফলিত কৰি এক সৌষ্ঠৱপূৰ্ণ স্বকীয়তা দান কৰিছে। অসমীয়া লোক-সমাজত বৃদ্ধলোকৰ উপদেশ মানি চলা হয় – মোহোৰ সমান বৃদ্ধ নাহি নিৰন্তৰ। আমি কথা কওঁ শুনা যুৱত কালৰ।। চিত্ৰকূট বনৰ তথা স্বৰ্ণলংকাৰ চৰাই-চিৰিকতি, গছ-গছনিৰ মাজত কবিয়ে অসমৰ চৰাই-চিৰিকতিকে দেখিছে – সুৱৰ্ণৰ হংস লড়ু আলি চক্ৰবাক। সুৱৰ্ণৰ শৰালি উৰয় জাকে জাক।। বিভিন্ন বিধ উপমা, ৰূপক, উৎপ্ৰেক্ষা আদি অলংকাৰৰ প্ৰয়োগৰ লগতে প্ৰায় সকলোবিধ ৰসৰ সোৱাদেই আমি কন্দলীৰ ৰামায়ণত পাওঁ। অলংকাৰ প্ৰয়োগত কবি সিদ্ধহস্ত – দশৰথ সাগৰ তৰং নদী আই। অলপতে শুখাই যাইবি জানিলোহো মই।। এইদৰে স্বকীয় মৌলিকত্বৰে মাধৱ কন্দলীয়ে ৰামায়ণৰ অনুবাদেৰে অসমীয়া ভাষা-সাহিত্যক মহীয়ান কৰি তোলাৰ লগতে নিজকে এগৰাকী অসাধাৰণ প্ৰতিভাধৰ কবি হিচাপেও প্ৰতিষ্ঠা কৰি থৈ গ’ল। কবি কন্দলীৰ কাব্য প্ৰতিভাৰ বিচাৰত তেওঁৰ ভণিতাযুক্ত অন্যখন গ্ৰন্থ ‘দেৱজিত’ৰ কথাও আলোচনা কৰাতো প্ৰয়োজন। ‘দেৱজিত’ত কন্দলীৰ এনেদৰে ভণিতা আছে – মাধৱ কন্দলী ৰচিলন্ত ইটো পদ। তাকে শুনি এৰা সবে দুৰ্ঘোৰ আপদ।। ৰামায়ণৰ তুলনাত ইয়াৰ কাব্যসুলভ গুণ নিম্ন মানৰ হোৱা হেতুকে ইয়াক কন্দলীৰ ৰচনা বুলি মানিবলৈ পণ্ডিতসকল সন্মত নহয়। তথাপি মাধৱ কন্দলীৰ ভণিতা থকালৈ চাই উপযুক্ত তথ্য নোহোৱাকৈ এটা সিদ্ধান্তলৈ অহাটো সমীচীন নহব। দেৱজিত কাব্যত ‘কৃষ্ণ’ৰ বন্দনাকে মুখ্য কৰি কাহিনীভাগ পল্লৱিত ৰামায়ণৰ ৰাম চৰিত্ৰৰ নিচিনাকৈ। কাব্যখনত যুদ্ধৰ বৰ্ণনাৰ লগতে দ্বাৰকাৰ নিৰ্মাণ আৰু বৈভৱৰ বৰ্ণনা চকুত লগা – কৃষ্ণৰ নগৰ জলে হুয়া মহা জৌতি। সাখ্যাতে জলয় যেন ইন্দ্ৰ অম্ৰাৱতী।। সাগৰ মধ্যত কৃষ্ণ পাতিলন্ত গ্ৰাম। সেহিশে কাৰণে ভৈলা দ্বাৰকা জে নাম।। এই কথা ঠিক যে দেৱজিত কাব্যৰ গুণগত মানদণ্ড ৰামায়ণৰ তুলনাত নিম্ন। কন্দলীৰ ৰামায়ণত থকা শব্দ চয়নৰ নিপুণতা, সাংগিতীক লয়, ছন্দ-অলমকাৰৰ প্ৰাঞ্জল প্ৰকাশতা আৰু ৰসৰ গভীৰ ব্যঞ্জনা দেৱজিত কাব্যত নাই। ফলস্বৰূপে ইয়াক লৈ প্ৰশ্ন উঠাটো স্বাভাৱিক। মুঠতে মাধৱ কন্দলীৰ কবি পৰিচয় আৰু কাব্য প্ৰতিভাৰ এটি থূলমূল আভাস দাঙি ধৰাৰ চেষ্টাহে ইয়াত কৰা হ’ল। ভৱিষ্যতে তেখেতৰ ৰামায়ণ আৰু দেৱজিত কাব্যৰ বিষয়ে অধিক গৱেষণাৰ জৰিয়তে আৰু ন ন দিশ উন্মোচিত হোৱাৰ যথেষ্ঠ থল আছে। লিখক: যাদবেন্দ্ৰ বৰা