বণিজ কোঁৱৰৰ গীত

(বৰপেটাত প্ৰচলিত)

নং-১

দিহা- কোন ঠাইৰ পৰা আহিলা ভকত

কোন ঠাইত দিলা পাৱ,

কোন ঠাইত তোমাৰ ঘৰ-বাৰী

কোন ঠাইত বাপ-মাৱ।

পদ- লাতাহী পৰ্ব্বতে থাকোঁ, খাওঁ নদীৰ পানী

আইৰ নাম কেহেশ্বৰী তেওঁৰ পুত্ৰ আমি।।

পিতাৰ নাম মোৰ ধনেশ্বৰ, ধনৰে ঈশ্বৰ।

পিতাৰ ধনে বান্ধিব পাৰে নদীৰে মোচৰ।।

এক ফালে ঢেঁকীশাল এক ফালে গৰু।

বিদেশী কোঁৱৰে তুমি কোন ঠাইত জোৰা চৰু।।

চাউল আনিছোঁ চৰু আনিছো

লগত আনিছোঁ পাটী,

ৰাতি চাৰি ডাঁৰ পৰি থাকোঁ

নেনো মইজাৰে মাটি।

তেল আনিছোঁ, ছাটি আনিছোঁ

লগত আনিছোঁ শিহা,

ৰাতি চাৰি ডাঁৰ পৰি থাকিম

বাটৰ নাপাওঁ দিহা।

চাউল দিওঁ, চৰু দিওঁ বহে খোৱা ভাত।

লাগে যদি দাসী দিওঁ পেলাব চুৱা পাত।।

একে গছৰ খৰি-খুটি একে গছৰ পাত-পানী।

তাকে যদি দিব পাৰা ভোজন কৰোঁ আমি।।

ঘাটৰে চুৰ-চুইৰা মছ বাৰীৰে বেঙেনা।

সেই দি ভোজন কৰে বিদেশী কোঁৱৰে।।

কহয় মাধৱ দাসে কন্যা ভাগ্যৱতী।

জনমে জনমে কইনা অতিথিত।।

সাউদ কোঁৱৰৰ গীত

(নলবাৰী অঞ্চলৰ)

নং-২

দিহা- ওঁহে ৰাম-

কোন ঠাইৰ পৰা আসিলা কোঁৱৰ,

কোন ঠাইত দিলা পাৱ।

পদ- মাগুৰি দেশতে থাকোঁ খাওঁ নদীৰ পানী।

আইৰ নাম লীলামতী, তেওঁৰে পুত্ৰ আমি।।

বাপাৰ নাম ধন সাউদ, ধনৰে ঈশ্বৰ।

বাপাৰ ধনে বান্ধিব পাৰোঁ, নদী ও সাগৰ।।

সাত দিন, সাত ৰাতি খোৱা নাই ভাত।

কিবা কওঁ কিবা নকওঁ গাৱ’ৰে নাই তত।।

চাউল দিওঁ, চৰু দিওঁ ৰান্ধি থোৱা ভাত।

ভাল ভাল দাসী দিম পেলাব চুৱা পাত।

একে গছৰ খুটিয়া খৰি একে গছৰ পাণ।

তাকে যদি দিব পাৰা কৰিব ভোজন।।

ঘাটৰে চুৰ-চুৰি মাছ বাৰীতে বাঙন।

তাকে লই ভোজন কৰা বিদেশী কোঁৱৰ।।

ঘষিবাক দিলা আনি গন্ধ পুষ্প তেল।

গা ধোবাক দিলা আনি শুক্ল বস্ত্ৰ খান।

মুখ চাব দিলে আনি সোণালী দৰ্পণ।।

বসিবাক দিলে আনি গামুৰিৰে পীৰা।

ভুঞ্জিবাক দিলা আনি মালভোক ধানৰ চিৰা।

অন্নি ধানৰ বন্নি পিঠা জহা ধানৰ চিৰা।

সোণৰ বটাৰ তাম্বুল পান ৰুপৰ টেমিৰ চূণ।

এনেই এটি কোঁৱৰ পালে এৰো জাতি কুল।।

মজিয়াতে লগাই থৈছোঁ তেল ভৰা চাকি।

শেতেলিতে পাৰি থৈছোঁ কাইমা ৰঙ্গৰ পাটী।।

এই কাইমা ৰঙৰ পাটীত নাসিলা ঘুমটি।

হাসিতে খেলিতে ইটো পুৱাই গ’ল ৰাতি।।

হাসিতে খেলিতে কুৰুৱাই দিলে ডাক।

য’ৰে পৰা আইছা কোঁৱৰ তৈকে লাগি হাঠ।

লিখকঃ ফণীন্দ্ৰনাথ কলিতা