অসমৰ বনৌষধি পূৰ্বৰপৰা অসমৰ ভূমিত বিভিন্ন ৰোগ নিৰাময়ৰ বাবে বিভিন্ন ধৰণৰ বন ঔষধৰ ব্যৱহাৰ হৈ আহিছে। ঋগ্বেদৰ দশম মণ্ডলত বিভিন্ন উদ্ভিদৰ ৰোগ নিবাৰণী ক্ষমতাৰ উল্লেখ পোৱা যায়। অথর্ব বেদতো ভালেসংখ্যক ৰোগ নিৰাময়কাৰী গছ-গছনিৰ নাম আছে। বনৌষধিসমূহৰ পাত, কাণ্ড, ছাল, ফল, বীজ আৰু শিপাৰপৰা ঔষধ প্ৰস্তুত কৰা হয়। অসমৰ পৰ্বত-ভৈয়ামত সহজ লভ্য কিছুসংখ্যক বনৌষধিৰ নাম তলত উল্লেখ কৰা হৈছে—অর্জুন গছ, অযোৱান, অশোক বন, আকণ গছ, আকাশ বীৰ, আদা, আম, আমলখী, উৰিয়াম, এড়াগছ, কণা শিমলু, কণিবিহ, কর্দৈ, কপাহ, কাউৰিমণি, কাল মেঘ, কুঁজি থেকেৰা, কেঞাবন, কেহৰাজ, গঠিয়ন, গুৱামৰী, গুলঞ্চ, ঘৃতকুমাৰী, চজিনা, চতিয়না গছ, চন্দন গছ, চাউল ধোৱা, ছালকুঁৱৰী, ছাইকাছ, ছেংমৰা, জৰাটেঙা, জয়ন্তী ফুল, জবা ফুল, জামু, জিলমিল শাক, জীৰা, টেঙেচি শাক, ডালিম, তৰাগছ, তৰুৱা কদম, তিতা ভেকুৰি, তিতা বাহক, তুলসী, তেঁতেলী, তেজমুই, দালচেনি, ধতুৰা, নৰসিংহ, নগাটেঙা, নয়নতৰা, নল, নহৰু, নিলাজীবন, নেফাফু, জমৰ লাখুটি, পচতীয়া, পদিনা, পদুম, পলাশ, পহুশোকোটা, পনৌনৌৱা, দোপৰ টেঙা, পাণৰ পিপলি, , বক ফুল, বকুল, পনৰুনুৱা, দ্ৰোণবন, বচ, বনকচু, বন নহৰু, বন তুলসী, বন জালুক, বৰসোণ, বৰিয়াল, বৰ থেকেৰা, বাঘেচোৰা, বান্দৰ কেকোৱা, বান্দৰ দেৱা, বাহকা, ব্রাহ্মী, বিয়নি ধৰা, বিহলঙনী, বেল, বেলপৰা, ভাতঘিলা, ভীম কল, ভূংগৰাজ, ভেদাই লতা, ভেটেতিতা, ভোট এড়া, ভোট বেঙেনা, ভোমোৰা, মছন্দৰী, মদাৰ, মণিছাল, মহানিম, মানিমুনি, মাটিকাদুৰী, মেদেলুৱা, মুকুতা মঞ্জৰী, মোঠা, যম লাখুটি, লতাকস্তুৰী, লেটা গুটি, শিমলু, শিলিখা, শেৱালি, শুকনি লতা, সর্পগন্ধাসৰিয়হ, সিজু, সোণাৰু, হাৰজোৰা লতা, হালধি, হাতী খুতৰা, হেঙুলীয়া শাক, হেলঞ্চি, গোলনেমু আদি। কেইবাদিনো একেৰাহে জ্বৰ হৈ থাকিলে পেটত ঘাঁ লাগে বুলি কোৱা হয়। তেতিয়া গাৱলীয়া কবিৰাজে দিয়া নিমুনীয়া বনৌষধ তিনি/চাৰিপালি খালে জ্বৰো ভাল হয় লগতে নিমুনীয়াও ভাল হয়। প্ৰস্বাৱ জ্বলা-পোৰা কৰা, মহিলাৰ মাহেকীয়া হ’লে তলপেট বিষোৱা, বগাস্ৰাব যোৱা, কিডনীত পাথৰ হ’লে, দীৰ্ঘদিন ধৰি সন্তান জন্ম ন’হলে আদি বিভিন্ন ৰোগত বনৌষধ খোৱা অসমীয়া মানুহৰ অভ্যাস। হাড় ফাটিলে হাড়জোৰা লতা কেইবাদিনো ফটা হাড় ডোখৰত বান্ধি থৈ ফটা হাড় জোৰা লগোৱা হয়। নাকৰ চাইনাছ হ’লে নাকত দৈনিক তিনি-চাৰি টোপাল দ্ৰোণবনৰ পাত পিছি ৰস লগাতে উপশম পোৱা যায় বুলি কোৱা হয়। পেট ঢিলা হ’লে মচন্দৰী বনৰ পাত চাটনি কৰি বা পাতত দি খালে ভাল হয়। জম লাখুটিৰ শিপা পিচি খালে কিডনীৰ পাথৰ ভাল হয় বুলি অসমীয়া জন সমাজত প্ৰচলিত। ওপৰত উল্লেখ কৰা গছ-বনবোৰ বিভিন্ন ৰোগত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়।