গাঁৰোসকলৰ দোচীয়া উৎসৱ গাৰোসকলে বিৱাহ উৎসৱক দোচীয়া বুলি কোৱা। প্রত্যেক সমাজৰ প্ৰতিটো সম্প্ৰদায়ৰ দৰে গাৰো সমাজতো বিয়া পৰম্পৰাগত কিছুমান ৰীতি-নীতিৰে পালন কৰা হয়। গাৰোসকলে বিয়া দুই ধৰণে পালন কৰে। এবিধ হৈছে নোঘ্রম আৰু আনবিধ হৈছে আগাতে। নোঘ্রম বিয়া হৈছে পৰিয়ালৰ উত্তৰাধিকাৰী হিচাপে মনোনীত কন্যা গৰাকীয়ে বিয়া কৰাই দৰাক কইনাৰ ঘৰলৈ লৈ আহি পৰিয়ালৰ সদস্য বুলি গ্ৰহণ কৰে। গাৰো ভাষাত নোঘ্রম মানে উত্তৰাধিকাৰী। আগাতে বিয়া হৈছে- বিয়াৰ পাছত দৰা-কইনাই শহৰ-শাহৰ লগত নাথাকি বেলেগ ঠাইত থাকিও সংসাৰ পাতিব পাৰে। এইধৰণৰ বিয়াত কইনাজনী উত্তৰাধিকাৰী নহয়। গাৰো ভাষাত আগাতে মানে পৰিয়ালৰ উত্তৰাধিকাৰী নোহোৱা আন আন কন্যাসকল। অসমীয়া ব্ৰাহ্মণসকলৰ দৰে গাৰোবিলাকৰো পৰম্পৰাগত ৰীতি অনুসৰি একে গোত্ৰৰ মাজত বিৱাহ নিষিদ্ধ অর্থাৎ দৰা-কইনা দুয়ো দুটা বেলেগ গোত্ৰৰ হ'ব লাগে। নোখুম বিৱাহৰ নোখ্ৰমগৰাকীক শৈশৱ অৱস্থাতে মনোনীত কৰা হয়। এই বিধ বিয়াত সাধাৰণতে নিজ ভাগিনীয়েকক প্ৰথম অগ্রাধিকাৰ দিয়ে। দৰা হিচাপে মনোনীত ল'ৰাজনক গাঁৱৰ ডেকা ল'ৰাৰ হতুৱাই ধৰাই আনি নোখ্ৰমৰ লগত পৰম্পৰাগত প্ৰথাৰে বিয়া পাতি দিয়া হয়। কেতিয়াবা দৰাজন পলাই যায় আৰু তেতিয়া ধৰি লৈ আনে। অৱশ্যে এবাৰো পলাই নগৈ ৰৈ যোৱাজনক টোকোনা বুলি হেয় জ্ঞান কৰে। যদি তিনিবাৰকৈ পলাই যায়, তেনেহ'লে অনিচ্ছুক বুলি গণ্য কৰি বেলেগ পাত্ৰক মনোনীত কৰি বিয়া পতা হয়। বিয়াত খামালে (পুৰোহিত) দুটা কুকুৰা চৰাই আনি দৰা-কইনাৰ পিঠিত চপৰিয়াই দিয়ে আৰু দেৱ-দেৱীৰ উদ্দেশ্যে সুৰ লগাই মন্ত্রপাঠ কৰে। দৰা-কইনাই কুকুৰা দুটাৰ পিঠিত কোবাই কোবাই সেইদিনাৰপৰা বৈৱাহিক জীৱন আৰম্ভ কৰা বুলি মানি লয়। খামালে কুকুৰা দুটাৰ মূৰ ছিঙি সেই তেজ দৰা-কইনাৰ পিঠিত ঘঁহি দিয়ে। অসমীয়া বিয়াৰ দৰে এওঁলোকেও বিয়াত বিয়ানাম লগতে জোৰা নামো গায়। ৰাতিৰ ফালে আত্মীয়-স্বজন, ওচৰ-চবৰীয়া, বন্ধু-বান্ধৱ, শুভাকাঙ্খী সকলক আপ্যায়িত কৰি দোচীয়া উৎসৱ সম্পন্ন কৰে।