ব'হাগ বিহুৰ লগত জড়িত লোকবিশ্বাস: বিহু অসমৰ ঋতুকালীন কৃষি উৎসৱ। চ'ত আৰু ব’হাগৰ সংক্ৰান্তিৰ দিনাৰ পৰা ব’হাগ বিহু আৰম্ভ হয়। সেইদিনটোক ব'হাগৰ উৰুকা বুলি কোৱা হয়। এই বিহুত ৰং-ৰহইচ বেছি হয় বাবে ইয়াক ৰঙালী বিহু বুলিও কোৱা হয়। উৰুকাৰ দিনা গৰু বিহু পালন কৰা হয়। হিন্দু ধৰ্মত গৰুক গো-মাতা হিচাপে জ্ঞান কৰা হয়। সেই দিনাখন ৰাতিপুৱাই গৰুৰ গাত মাহ-হালধি তেল সানি নদীৰ পাৰত গৰুৰ গালৈ চাত মাৰি গৰুক গা ধুওৱা হয়। কেইবাবিধো পাছলি সৰু সৰুকৈ কাটি বাঁহৰ শলাত ছাত প্ৰস্তুত কৰা হয়। সন্ধ্যা সময়ত গৰু ঘৰলৈ ঘূৰি আহিলে গৰুৰ ডিঙিত নতুন পঘা আঁৰি দি দীঘলতি, মাখিয়তী পাতেৰে গৰুৰ গাত কোবোৱা হয়। ইয়াৰ অন্তৰালত উৰ্বৰা শক্তি জড়িত হৈ আছে বুলি বিশ্বাস কৰা হয়। ছাত গধূলি পদুলিৰপৰা গোহালিলৈকে শুকান ধান খেৰ, তঁহ, দীঘলতি, মাখিয়তি পাত আদি জ্বলাই ধোঁৱাময় কৰি তোলা হয়। এই ধোঁৱাই গোহালিৰ মহ-ডাঁহ আঁতবোৱাৰ উপৰি অপদেৱতাক খেদি পঠায় বুলি সহজ-সৰল চহালোকে বিশ্বাস কৰি আহিছে। ঠাই বিশেষে সাপ আদিৰপৰা ঘৰচীয়া জীৱ-জন্তুক ৰক্ষা কৰিবলৈ সেইদিনা গোহালিৰ চাৰিওকাষে নহৰু বটা পানীও ছটিওৱা হয়। গোটেই বছৰটোৰ বাবে গৰু-ছাগলীক ক্ষেত্র দেৱতাই যাতে লম্ভিব নোৱাৰে সেই বিশ্বাসতে গৰু বিহুৰ দিনাখন গৰু-ছাগলীৰ ডিঙিত বগা, ৰঙা সুতা মেৰিয়াই দিয়া হয়। অঞ্চল অনুযায়ী গৰু বিহুৰ দিনাখন গৰুক বিচনীৰ বিচ দিয়াৰ পাছতহে মানুহে বিচনীৰ বা লয় আৰু এনে কৰিলে গোটেই বছৰটো শৰীৰ জুৰ পৰি থাকে বুলি বিশ্বাস কৰা হয় বিহুৰ প্ৰথমদিনা কিছুমানলোকে মাহ-হালধিৰে গা ধোৱাৰ উপৰি বছৰটোত যাতে নিৰোগী হৈ থাকিব পাৰে সেই বিশ্বাসতে ৰাশি অনুযায়ী চেনি, নিমখ, মৌ, গাখীৰ আদি খায়। 'বিহুত বিহো অমৃত হয়' বুলি এষাৰ কথা আছে। সেয়েই হয়তো কোনো কোনো অঞ্চলত স্বাস্থ্য ভালে থাকিবৰ বাবে গধূলি শোকোতা তিতা, কল-পচলা, টেঙা আদিও খায়। কিছুমানে ৰাতিপুৱা টোপনিৰ পৰা উঠিয়ে মহানিমপাত আৰু মচুৰ দালি চোবাই খায়। এনে কৰিলে বছৰটোত সাপে খোঁটাৰ ভয় নাই বুলি বিশ্বাস কৰে। অঞ্চল বিশেষে গৰু বিহু, মানুহ বিহু বা সাতবিহুৰ যি কোনো এদিনত এশ এবিধ শাক খোৱাৰ নিয়ম আছে। এই বিহুত এশবিধ বন শাক বুটলি ভাজি খোৱাৰ নিয়ম আছে। এশ এবিধ শাকৰ যি ব্যঞ্জন তৈয়াৰী কৰা হয় সেয়া ৰোগৰ মহৌষধ। 'সাত বিহুৰ শাক শুকতি দেহাত দেই বল' বুলি বিশ্বাস কৰি এশ এবিধ নহ'লেও সাতবিধ বা নবিধ শাক তোলে। আকৌ গৰুক ছাট মাৰি ঘুৰি অহা পাছলিখিনিৰে মিহলি আঞ্জা ৰন্ধা হয়। এনে খাদ্য খালে ছালৰ বেমাৰ আজাৰ নহয় বুলি বিশ্বাস কৰা হয়।গৰু বিহুত আমৰলিৰ টোপ খালে সু-স্বাস্থ্যৰ অধিকাৰী হয় বুলি জন বিশ্বাস আছে। আমৰলি পৰুৱা টোপ। চ’ত-ব’হাগ মাহত এইবিধ পৰুৱাৰ বাহত যথেষ্ট কণী থাকে৷ অসমীয়া জাতিৰ নতুন বর্ষক আদৰাৰ সময়ত কিছু নীতি-নিয়মৰ উপৰিও আমৰলি পৰুৱাৰ টোপ খোৱাটো পৰম্পৰাগতভাৱেই চলি আহিছে। ব’হাগ বিহুৰ সময়ত অসমৰ জনবিশ্বাস অনুসৰি, গৰু বিহুৰ দিনাখন আমৰলি পৰুৱা খালে বছৰটোলৈ মানুহে সু-স্বাস্থ্য পোৱাৰ ওপৰিও সৰু আইকে ধৰি অন্যান্য ৰোগৰ প্ৰতিৰোধ ক্ষমতা লাভ কৰাৰ লগতে এই আমৰলি পৰুৱাৰ আঞ্জা খালে নাকৰ এঁৱাৰোগ নিৰ্মূল হয় বুলি কোৱা যায়। ঠাই বিশেষে গৰু বিহু বা মানুহ বিহুৰ দিনাখন ধুমুহা বৰষুণৰপৰা হাত সাৰিবলৈ শিৱক সন্তুষ্টি কৰি নাহৰৰ পাতত মঙ্গলসূচক বচন লিখি ঘৰৰ ছালৰ পানীপচাত খোঁচি থোৱা হয়- দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ বাত বৃষ্টি হৰং দেৱ মহাদেৱ নমস্তুতে।। অসমীয়া মানুহৰ মনত শিৱ কৃষি দেৱতা। সেয়েই হয়তো প্রথম বিহুৰ দিনাই ৰাতিপুৱা কামৰূপৰ কোনো কোনো অঞ্চলত বাঁহৰ আগ আৰু ভাং-ধতুৰাৰ গছ খেতি-পথাৰত পুতি থয়। জনবিশ্বাস মতে এনেদৰে শিৱৰ প্ৰিয় ভাং-ধতুৰাৰ গছ পতি শিৱক সন্তুষ্ট কৰিলে খেতি ভাল হয়। পহিলা ব'হাগ বা মানুহ বিহুৰ দিনা গা ধুই গোসাঁইক সেৱা কৰি বিহুৱান লয় আৰু পাছত সৰুৱে মান্যজনক সেৱা-সৎকাৰ কৰি আশীৰ্বাদ লয় যাতে আগন্তুক বর্ষটো ভালে ভালে যাব পাৰে। 'অতিকৈ চেনেহৰ ব'হাগৰ বিহুটি' অহাৰ আগতেই অর্থাৎ চ'ত মাহ গাত ত'ত নাইকিয়া হয়। কিয়নো বিহুৰ পাছত ব'বলৈ থোৱা কোনো কাপোৰ বা বিহুৱাম বিহু সোমোৱাৰ লগে লগেই অসমীয়া জীয়াৰী-বোৱাৰীৰ 'চেনেহৰ বিহুৱান'খনি বৈ-কাটিবলৈ কোনো পুৰুষক দিয়া নহয়। বিশ্বাস 'বিহুচেৰা' বস্ত্ৰ পৰিধান কৰিলে লওঁতাৰ মৃত্যু কাষ চাপি আহে। অঞ্চল বিশেষে বিহুৰ সাতদিন পুৰুষে গাত তেল নলয়, সাতদিনৰ খোৱা পিঠা-পনা, লাৰু আদি থাকিলেও বিহুচেৰাৰ দিনা পেলাই দিয়া হয়। যদি ব'হাগ বিহুৰ মাহটো মলমাহ পৰে তেতিয়া নিজৰ অশুভ হ'ব বুলি বিশ্বাস কৰি কোনো নতুন কাপোৰ বা বিহুৱান গ্ৰহণ কৰা নহয়। ব'হাগ বিহু ৰং-ধেমালিৰ উৎসৱ। বিহু-বলিয়া ডেকা-গাভৰুৱে সেয়েই ব'হাগ বিহুত নানান খেল-ধেমালি কৰা দেখা যায়। তাৰ ভিতৰত কড়িখেল উল্লেখযোগ্য। কড়ি প্ৰজননৰ প্ৰতীক। কড়িখেলত যদি কোনো পুৰুষৰ কড়ি ফুটে তেন্তে সেই পুৰুষৰ ভাগ্যোদয় হয় আৰু জিকিলে অবিৱাহিতজনৰ বিৱাহৰ যোগ মিলে বুলি কোনো কোনোরে বিশ্বাস কৰে। ব'হাগ বিহুৰ সময়ত হুঁচৰি গোৱা লোকৰ আশীৰ্বাদ ল'লে স্বর্গত স্থান পায় বুলি বিশ্বাস কৰে। সেয়েহে অনাখৰী কবিয়ে গায়- গৰু বিহু দিনাখন- ল'বা আশীর্বাদ তেহে পাবা বৈকুণ্ঠত থান