টাই আহোমসকলে অতীজৰে পৰা মে-ডাম-মে-ফী পালন কৰি আহিছে । মে মানে পূজা ,ডাম মানে উপৰিপুৰুষ আৰু ফী মানে দেৱতা অৰ্থাৎ মে-ডাম-মে-ফী মানে স্বৰ্গৰ দেৱতা আৰু উপৰিপুৰুষসকলৰ পূজা অৰ্চনা কৰা । মে-ডাম-মে-ফীৰ উপৰিও আহোমসকলে উমফা পূজা,ৰিক-খান-মুং-খান আদি পূজাও পালন কৰে । অসমত এই পূজা চুকাফাই ৰাজত্ব কৰাৰ দিনৰে পৰা পালন কৰি অহা হৈছে । আজিকালি এই পূজাই সাৰ্বজনীন ৰূপ লাভ কৰিছে, প্ৰতিবছৰে ৩১জানুৱাৰীৰ দিনা আহোমসকলে বৰ ধুম-ধামেৰে পালন কৰি আহিছে । আহোমসকলৰ প্ৰধান উপাস্য দেৱতা হ'ল লেংডন অৰ্থাৎ স্বৰ্গৰ অধিপতি ইন্দ্ৰ ।তেখেতৰ দুই নাতি খুনলুঙ আৰু খুনলাইয়ে পৃথিৱীলৈ সোণৰ জখলাৰে নামি আহিছিল পৃথিৱীত ৰাজ্য স্থাপন কৰিবলৈ । আহোঁতে জ্ঞানৰ দেৱী জাচিংফাই তেওঁলোকক পৰামৰ্শ দি কৈছিল ,''পৃথিৱীৰ মুংকাং ৰাজ্যত থাকি সদায় উপৰিপুৰুষক পূজা-অৰ্চনা কৰিবা ,তেতিয়াহে দেশত শান্তি হ'ব ,প্ৰগতি হ'ব,উন্নতি হ'ব আৰু সকলোৱে মিলিজুলি বাস কৰিব পাৰিবা '' তেতিয়াৰেপৰা মে-ডাম-মে-ফী পালন কৰি অহা হৈছে । মে-ডাম-মে-ফী পূজাত আঠজন দেৱতাৰ বাবে আঠখন শৰাই পতা হয়।বুৰঞ্জীমতে চুকাফাৰ নামতো নিম্নস্থানত আৰু এখন শৰাই পতা হয় । টাই আহোমসকলৰ মাজত বিশ্বাস আছে যে মৃত্যুৰ পাছত উপৰিপুৰুষসকল প্ৰথমে ডাম (মৃতক),তাৰপিছতহে ডাম-ফী(দেৱতা)হৈ যায় ।তাৰপিছত মৃতকসকলে স্বৰ্গত বাস কৰিবলৈ লয় আৰু পৃথিৱীত বাস কৰা নাতি পৰিনাতিসকলৰ অভিভাৱকত্ব গ্ৰহণ কৰে । আহোমসকলে আত্মাৰ পুনৰ্জন্ম বিশ্বাস নকৰে । মে-ডাম-মে-ফী ত স্মৰণ কৰা দেৱতাসকল হ'ল (১)খাওখাম বা জল আৰু শইচৰ অধিপতি (২)আই লেংদিন বা স্থলাধিপতি (৩) ফা-নুৰু লেংদন বা স্বৰ্গৰ অধিপতি (৪) চিতলাম চাম বা লেংদনৰ সাতজন পুত্ৰক একেলগে সাঙুৰি (৫) মুট কুম টাই কুম বা চন্দ্ৰ সূৰ্যৰ অধিপতি (৬) জা চিং ফা বা বিদ্যাৰ অধিপতি (৭) জান চাই হুং বা অনন্তৰ অধিপতি (৮) ৰা খিন আৰু বা খিন দুয়োকে একেলগে সাঙুৰি(এওঁলোক সময় নিৰূপনকাৰী অধিপতি) (৯) চুকাফাকে ধৰি তেৰ পুৰুষৰ আগৰ ডাম-ফীসকল ৷ মে-ডাম-মে-ফীত দেৱতাসকললৈ আগবঢ়োৱা প্ৰতিখন শৰাইৰে নৈবেদ্যবোৰ বেলেগ বেলেগ । ধৰ্মীয় কামবোৰ সম্পাদন কৰে দেওধাই ,বাইলুং আৰু মোহন পুৰোহিতসকলে ।এই অনুষ্ঠান টো উদযাপন কৰাৰ বাবে প্ৰথমে খেৰ বাঁহেৰে আঠকোণীয়া পূজাগৃহ সাজি লোৱা হয় । তাতেই স্থাপন কৰি লোৱা হয় টাই আহোমৰ পৱিত্ৰ ধৰ্মপুথি পাক-পেন-কাকা ৷ অসম বুৰঞ্জী সমূহত মে-ডাম-মে-ফীৰ বিষয়ে বিশেষ উল্লেখ নাই যদিও আহোম বুৰঞ্জী সমূহত আছে । চুকাফাই অসমলৈ অহাৰ পথত ঈৰাৱতী নৈ পাৰ হৈয়েই মে-ডাম-মে-ফী পাতিছিল ।তাৰপিছত নতুন ৰাজ্য স্থাপনৰ উদ্দেশ্যে সুশাসন প্ৰৱৰ্তন কৰিবলৈ নামৰূপত বুঢ়ী দিহিঙৰ পাৰত ,ৰাজধানী পাতিবলৈ চৰাইদেউত পাতিছিল । আজিকালি এই অনুষ্ঠান টো নিৰ্দষ্টকৈ ৩১ জানুৱাৰীতে পতা হয় যদিও অতীতত আঘোণৰ পৰা চ'ত মাহলৈকে পালিত হৈছিল। এইখিনিতে আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা, বৃহৎ অসমীয়া জাতি গঢ়োঁতা চাওলুং চুকাফাৰ শৈশৱ তথা অসমলৈ আগমন সম্পৰ্কে আলোচনা কৰাৰ থল আছে । খুনলুঙ -খুনলাইয়ে মুংৰিমুংৰাম নামেৰে এখন ৰাজ্য পাতি বাস কৰিবলৈ ধৰিলে । কিন্তু বেছিদিন মিলা-প্ৰীতিৰে থাকিব নোৱাৰি দুয়ো বেলেগে বেলেগে ৰাজ্য পাতি থাকিল । খুনলুঙে তেওঁৰ সাতজন পুত্ৰক সাতখন ৰাজ্যৰ ৰজা পাতিলে ।খুনলাইয়ে মুঙৰিমুংৰামতে শাসন কৰি এদিন স্বৰগী হ'ল। তেওঁৰ পুত্ৰ তাৰপিছত ৰজা হ'ল,তেওঁ অপুত্ৰক হোৱাত খুনলুঙৰ বংশৰ নাতি এজনক আনি ৰজা পাতিলেহি । এনেকৈ ইজনৰ পিছত সিজন ৰজা হৈ ৰাজ্যৰ বিস্তাৰ হ'বলৈ ধৰিলে । এইটো বংশৰ ৰজা অপুত্ৰক হ'লে সিটো বংশৰ পৰা ৰাজকোঁৱৰ মাতি আনি ৰজা পাতি সমিলমিলেৰে চলি আছিল । চুকাফাৰ পিতৃৰ নাম আছিল ফুং ছাং খাং । কোনো কোনো কিতাপত ফুত্যাংখাং বুলিও পোৱা যায় । মাতৃৰ নাম আছিল নাং মুং ব্লক খাম । পিতৃ ৰাজকাৰ্যত ব্যস্ত থকাৰ কাৰণে মাতৃ আছিল নিজৰ মাতৃগৃহত ।তাতেই অৰ্থাৎ এনায়েকৰ ঘৰতেই চুকাফাৰ জন্ম হৈছিল ১১৮৯ খ্ৰীষ্টাব্দত । তাতেই তেওঁ ১৯ বছৰীয়া হৈছিল ।মাকৰ ককায়েক পা মেং পুং আছিল মুং মাও লুঙ ৰাজ্যৰ ৰজা ।নিচায়েকক চুকাফাই ৰাজকাৰ্যত সহায় কৰি দিছিল ।নিচায়েক অপুত্ৰক হোৱাবাবে চুকাফাকে ৰজা পতাৰ কথা আছিল । কিন্তু তাৰ পিছতেই তেওঁৰ এটা পুত্ৰ সন্তান জন্ম হয় ,নাম থলে চুখানফা । নিজৰ অধিকাৰ হেৰাই যোৱাত প্ৰথমে চুকাফাৰ অন্তৰ শোকে-দুখে দগ্দ্ধ হৈ পৰিছিল ,কৰ্তব্যজ্ঞান হেৰুৱাই বিদ্ৰোহ কৰাৰ কথাও ভাৱিছিল ।কিন্তু চুকাফা আছিল চিন্তাশীল ব্যক্তি ,ভাইৰ সতে যুদ্ধ নকৰি তেওঁ পিতৃৰ ওচৰলৈ গুচি যায় ।পিতৃ ফুং ছাং খাঙে নিজৰ ৰাজ্যখন তিনিপুত্ৰৰ মাজত ভগাই দিয়ে । তাইপ নামেৰে ৰাজ্য পাতি বৰপুত্ৰ চুজতফাক,তাইপঙ নামৰ ৰাজ্যত দ্বিতীয় পুত্ৰ চুখামফাক আৰু মুংমিতকুপকিংনাও ৰাজ্যত সৰুপুত্ৰ চুকাফাক শাসনভাৰ দিয়ে । ২৩ বছৰ বয়সত ৰজা হৈ তেওঁ চুকাফা নাম লয়,পূৰ্বৰ নাম আছিল খুন তাই তাও । ১২২০ খ্ৰীষ্টাব্দত চুকাফাৰ নিচায়েকৰ পুতেক চুখানফাই নিচেই কম বয়সতে ৰজা হৈয়েই ৰাজ্য বহলোৱাৰ সিদ্ধান্ত লৈ তাইপ,তাইপং আৰু মুংমিতকুপকিংনাও খনো নিজৰ অধীনলৈ আনিবলৈ অনুৰোধ জনালে । অনুৰোধ ৰক্ষা নকৰাত চুখানফাই চুকাফাক চুবুৰীয়া য়ুনলুং ৰাজ্য আক্ৰমণত সহায় কৰিবলৈ ক'লে । য়ুনলুঙ ৰাজ্যখন তেওঁলোকৰ বংশৰ বাসিন্দাৰেই ভৰি থকা ।চুকাফা আছিল সদায়েই নিজৰ বঙহৰ অপকাৰ কৰাৰ বিৰোধী ।মুংমাওলুঙৰ ৰজা হ'বলৈ নাপাই চুকাফাই অপমানিত বোধ কৰিয়েই আছিল ,তাৰোপৰি সেই দেশৰ ৰজা নিজৰেই ভাই চুখানফাই জ্ঞাতি ভাইৰ বিৰুদ্ধে যুঁজ দিবলৈ কোৱাত তেওঁৰ অপমানৰ তীব্ৰতা অধিক হ'ল।ইফালে চুখানফাইও তেওঁৰ আদেশ অমান্য কৰাত অপমান পালে ।কাৰণ জন্মত তথা জ্ঞানত ডাঙৰ হ'লেও সমন্ধত চুকাফা আছিল তেওঁতকৈ সৰু ।আহোমসকলৰ সমন্ধটোহে ডাঙৰ । তথাপিতো তেওঁ পুনৰ অনুৰোধ কৰি চাইও ফল নধৰাত পাত্ৰমন্ত্ৰীসকলেৰে আলোচনা কৰি চুকাফাক বন্দী কৰিবলৈকে ঠিক কৰিলে ।এই খবৰ পাই চুকাফাৰ এনায়েকে চুকাফাক ৰাজ্য এৰি দূৰলৈ পলাই যাবলৈ ক'লে । তেওঁৰ বাবে যে দুয়ো সমান ,এজন পো-নাতি,আনজন জী-নাতি । তেনেকৈয়ে সেই ৰাজ্য এৰি থৈ নিজৰ পৰিয়ালবৰ্গ তথা সহস্ৰাধিক অনুগামী আৰু হাতী-ঘোঁৰা ,জীৱ-জন্তু লগত লৈ দক্ষিণৰ দিশে আগুৱাই গৈ অসম বৰ্মাদেশৰ সীমাত থকা পাটকাই পৰ্বত পালেহি ।পাটকাই পৰ্বতৰ আশে-পাশে থকা নগা জনগোষ্ঠীসমূহৰ লগত যুঁজ-বাগৰ কৰি থাকোতেই তেৰবছৰ কাল পাৰ হ'ল। তাৰপিছত সেই ঠাই এৰি নামৰূপ পালেহি ।নামৰূপৰ পৰা টিপাম,টিপামৰ পৰা জলণ্ডাৰ ।১২৩৬ চনত অভয়পুৰ পাই তাত কেইবছৰমান থাকে ।তাত বানপানী হোৱাত ব্ৰহ্মপুত্ৰইদি ভটিয়াই গৈ উত্তৰপাৰৰ হাবুং অঞ্চল পাই চাৰিবছৰমান খেতি-বাতি কৰি থাকে । তাতো বানপানী হোৱাত ব্ৰহ্মপুত্ৰইদি উজাই গৈ দিখৌমুখ,চণ্টক ,শিমলুগুৰী আদি ঠাইত এবছৰ দুবছৰকৈ থাকি থাকি ১২৫৩ খ্ৰীষ্টাব্দত চৰাইদেউত স্থায়ী ৰাজধানী পাতে । ইয়াৰ আগতে যিবোৰ ঠাইত থাকি গৈছিল নিজৰ অধীনত ৰাখি গৈছিল । লগত অহা মানুহবোৰ গণনা কৰি তিনিকুৰি কম পোৱাত বেজাৰ পাই চুকাফাই পণ্ডিতক ''যি মৰে যাক পাওঁ বাটত'' সকলো লিখি থবলৈ ক'লে । এনেকৈয়ে আহোম সমাজত বংশাৱলী লিখা প্ৰথা চলিবলৈ ধৰিলে । চৰাইদেউত ৰাজধানী পাতি চুকাফাই সেই অঞ্চলৰ বৰাহী আৰু মৰাণসকলৰ লগতো সমন্ধ স্থাপন কৰিলে বিয়া-বাৰু ,একেলগে খোৱা-বোৱাৰ যোগেৰে ।উপযুক্তসকলক দায়িত্বশীল প্ৰশাসনীয় কাম-কাজতো নিয়োগ কৰিছিল । থলুৱা লোকসকলে আহোমসকলক ভাল পাই কৈছিল,''ইহঁত দেউ মানুহ ,ইহঁতৰ সমান কোনো নাই,ইহঁত অসম মানুহ।'' এনেকৈ কোৱা-কুই কৰাৰ ফলতে অসম নাম খ্যাত হ'ল আৰু ৰজা-প্ৰজা সকলোকে অসম বুলিবলৈ ধৰিলে ।অসমৰ ''স''টো আহোমসকলৰ মুখত ''হ'' উচ্চাৰণ হৈ তেওঁলোকে ও নিজকে আহোম বুলিবলৈ ল'লে । এইদৰেই চুকাফাই সাতৰাজ মাৰি একৰাজ প্ৰতিষ্ঠা কৰি স্থানীয় ভাষা সংস্কৃতি গ্ৰহণ কৰি এক অসমীয়া জাতি আৰু এখন বৃহত্তৰ অসম গঢ়ি তুলিছিল । চল্লিশ বছৰ ৰাজত্ব কৰি ১২৬৮ খ্ৰীষ্টাব্দত চুকাফা স্বৰ্গী হয় । অসম চৰকাৰে ২ ডিচেম্বৰ দিনটো অসম দিৱস বা চুকাফা দিৱস হিচাপে পালন কৰি বীৰ ৰজাজনৰ প্ৰতি উচিত সন্মান প্ৰদৰ্শন কৰিছে । লেখিকা: মিনুৰেখা গগৈ (মহীৰূহ)