হেঙাৰ বন্ধা (কইনা ঘৰৰ) হাঙৰ বান্দুং লাটি লুটিআৱা সূতাৰ শক্ত গাঁঠি কুনটা বাপুৰেৰ সাধ্য আছে,কইন্না নিব এই ৰাতি ।। (দৰা ঘৰৰ উত্তৰ)আৰে কলাৰ গাছ উখৰেয়াহাঙৰ দেৰে ছাৰিয়া আমি যাং ৰামক নিয়া, চাইৰ আনা পইচা নেৰেহাঙৰখান তুমাৰ চাৰিয়া দেৰেমনতে নাপাবিৰে বেয়া ।। কইনা ঘৰৰ ছোৱালীয়ে দৰা জোকৱা বৰেৰ গলাত ৰুদ্রেৰ মালা,বৰেৰ মাথাত সাপেৰ ফ’না,এত ৰাতি কেনেৰে,গৰুচ’ৰাৰ বেটাৰে,আমাৰ বালী ভোকে হয়ৰাণ হৈল ৰে,আমাৰ বালী পিয়াশত হয়ৰাণ হৈল ৰে ।।(গৰুচ’ৰা- গৰখিয়া, বালী-কইনা ) ঢুলীয়া জোকৱা দেৰে ঢলুৱা তৰ ঢলত কোব,ঢলুৱাক লাগছেৰে মাইয়াৰ শখ,ওৰে বইনিক লয়া ঢলুৱা….ঢোল কেনে বাজাও নাৰে,ওৰে ভাউজিক লয়া ঢলুৱা….ঢোল কেনে বাজাও নাৰে ।।(বইনি- ভন্টী, ভাউজি- বৌ ) ধেমালি লাউ শাক গৰম গৰমতাও সোৱাদ নালাগে,বৰেৰ ঘৰেৰে আপি গিলাকআদৰে নালাগে । আম ফলে থোকা-থোকাতেতলী ফলে ঝোলা,ওৰে ভাই…. নাকৰিস হাইবৰয় হাউসেৰ বিয়া ।। বিদায় আৰ গুৱা না কাটিলুংবাটা না ভৰাইলুংসন্দাইছুং বাৰীৰে মাজে,আৰ দুই বছৰ ৰাখিবা নাপাইলুংমাওঁৰে বুকেৰে মাজে । সংগ্ৰহ: জয়দীপ চক্ৰৱৰ্তী